আজি গোৱাৰ পানাজীত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)-ৰ সমান্তৰালকৈ আয়োজিত এক সংবাদমেলত কানাড়া কাহিনী চিত্ৰ ‘ৰুবি-কিউব’-ৰ দলটোৱে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰে। এই বাৰ্তালাপত প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক পি শেষাদ্ৰি আৰু মুখ্য অভিনেত্ৰী বৈনিধি জগদীশে অংশগ্ৰহণ কৰে।
চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰতি থকা নিজৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি পি শেষাদ্ৰিয়ে কয় যে তেওঁ নিজে কাহিনী বিচাৰি নুফুৰে, বৰঞ্চ কাহিনীবোৰক নিজৰ ওচৰলৈ আহিবলৈ দিয়ে। তেওঁ বুজাই দিয়ে যে যেতিয়া কোনো এটা কাহিনীয়ে তেওঁৰ মন চুই যায় আৰু তাক পৰ্দালৈ অনাৰ বাবে ভিতৰৰ পৰা তাগিদা অনুভৱ কৰে, তেতিয়াহে তেওঁ ছবি নিৰ্মাণ কৰে। ‘ৰুবি-কিউব’-ক নিজৰ ১৩ সংখ্যক পূৰ্ণদৈৰ্ঘ্যৰ ছবি হিচাপে উল্লেখ কৰি তেওঁ কয় যে এই ছবিখনৰ আখ্যান বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত আৰু ইয়াত ভাৰতীয় পৰিয়াল ব্যৱস্থাৰ জটিলতা তথা ইয়াৰ মাজত সম্পৰ্কবোৰ কেনেদৰে সলনি হয়, সেই দিশটো তুলি ধৰা হৈছে।
পৰিচালকগৰাকীয়ে কয় যে ছবিখনে ইয়াৰ চৰিত্ৰসমূহৰ জীৱনৰ মাজেৰে কেইবাটাও মানৱীয় সমস্যা আৰু প্ৰত্যাহ্বানৰ দিশ অন্বেষণ কৰিছে। জীৱনটোক এটা ৰুবিক্ছ কিউবৰ সৈতে তুলনা কৰি তেওঁ কয় যে যেনেকৈ এই সাঁথৰটোত বিভিন্ন ৰং আৰু সংমিশ্ৰণ থাকে, তেনেকৈ মানুহৰ জীৱনতো বিভিন্ন ৰং আৰু দিশ থাকে। তেওঁ গুৰুত্ব আৰোপ কৰে যে তেওঁৰ ছবিসমূহৰ উদ্দেশ্য সদায় কোনো নিৰ্দিষ্ট বাৰ্তা দিয়া নহয়, বৰঞ্চ দৰ্শকৰ সৈতে এক আৱেগিক সংযোগ স্থাপন কৰাহে। তেওঁ উল্লেখ কৰে যে ইফিয়ে ছবিসমূহক অধিক দৰ্শকৰ ওচৰলৈ লৈ যোৱা, পৰিচিতি লাভ কৰা আৰু চিনেমাপ্ৰেমীসকলৰ পৰা অৰ্থপূৰ্ণ সঁহাৰি পোৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰে।
মুখ্য অভিনেত্ৰী বৈনিধি জগদীশে নিজৰ চৰিত্ৰটোৰ আৱেগিক স্তৰসমূহ আৰু ছবিখনৰ মূল বিষয়বস্তুৰ বিষয়ে বক্তব্য ৰাখে, যিটো এগৰাকী কন্যাই নিজৰ পিতৃ-মাতৃৰ ঘৰলৈ উভতি অহা আৰু লাহে লাহে পিতৃ-মাতৃৰ মাজৰ সম্পৰ্কৰ গতিশীলতা প্ৰত্যক্ষ কৰাৰ ওপৰত কেন্দ্ৰীভূত। তেওঁ কয় যে ছবিখনে সমসাময়িক পাৰিবাৰিক বাস্তৱতাক প্ৰতিফলিত কৰিছে, য’ত মানুহে পৰিৱৰ্তিত সম্পৰ্ক, আশা-আকাংক্ষা আৰু আৱেগিক প্ৰত্যাহ্বানসমূহৰ মাজেৰে আগবাঢ়ি যাওঁতে প্ৰায়ে ভিন্ন জীৱন যাপন কৰে। ছবিখনৰ বৰ্ণনা দি তেওঁ কয় যে ইয়াৰ কাহিনীটো অতি সূক্ষ্ম আৰু সংযত, য’ত নাটকীয়তাৰ পৰিৱৰ্তে দৈনন্দিন জীৱনৰ মানৱীয় অভিজ্ঞতাসমূহৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে।
এখন পাহাৰীয়া চহৰত কটোৱা এক চমু অৱসৰ বিনোদনৰ পটভূমিত নিৰ্মিত ‘ৰুবি-কিউবে’ এটা পৰিয়ালৰ তিনিটা প্ৰজন্মক একেখন চালিৰ তললৈ লৈ আনে। ছবিখনৰ কাহিনী এগৰাকী মনোবিজ্ঞানী ৰোহিনীক কেন্দ্ৰ কৰি আগবাঢ়িছে, যিয়ে নিজৰ বৈবাহিক জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা কন্যা চিত্ৰাৰ উদ্যোগত পূৰ্বৰ স্বামী মূৰ্তিৰ সৈতে পুনৰ একত্ৰিত হয়। পৰিয়ালটোৱে একেলগে সময় কটোৱাৰ লগে লগে পুৰণি অসমাধিত আৱেগ, পূৰ্বৰ সম্পৰ্ক আৰু দায়িত্ববোধৰ প্ৰশ্নবোৰ লাহে লাহে উন্মোচিত হ’বলৈ ধৰে।
ইফি ২০২৬-ত অনুষ্ঠিত এই বাৰ্তালাপে দৰ্শক আৰু সংবাদ মাধ্যমক ‘ৰুবি-কিউব’-ৰ আঁৰৰ সৃজনশীল দৃষ্টিভংগী আৰু ইয়াত অন্বেষণ কৰা সমসাময়িক পাৰিবাৰিক সম্পৰ্কসমূহৰ বিষয়ে এক স্পষ্ট ধাৰণা প্ৰদান কৰে। মহোৎসৱত ছবিখনৰ প্ৰদৰ্শনে সীমান্তৰ পৰিধি অতিক্ৰম কৰি বৈচিত্ৰ্যময় চলচ্চিত্ৰীয় কণ্ঠস্বৰ আৰু কাহিনী কোৱাৰ পৰম্পৰাক উদযাপন কৰা ইফিৰ উদ্দেশ্যক অধিক সমৃদ্ধ কৰিছে।
সংবাদমেলখন আঁত ধৰে শ্ৰী অনিমেশ ৱাজেই।
সম্পূৰ্ণ সংবাদমেলখন ইয়াত চাওক:


ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
PIB IFFI Team I Rajith/ Supriya/ Smita / Darshana | IFFI 57 - 065