নিজস্ব সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ বাবে সংগ্ৰাম অব্যাহত ৰখা অসমৰ এক পৰম্পৰাগত হস্ততাঁত শিপিনী সমাজৰ পৰা আৰম্ভ কৰি অৰুণাচল প্ৰদেশৰ পাহাৰীয়া অঞ্চলত এগৰাকী শোকবিহ্বল পিতৃৰ মনস্তাত্ত্বিক যাত্ৰালৈকে— উত্তৰ-পূব ভাৰতৰ দুখন চলচ্চিত্ৰই ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)-ত পৰিচয়, সহনশীলতা আৰু মানৱীয় অনুভূতিৰ এক অনন্য ছবি দাঙি ধৰিছে ৷
অসমীয়া তথ্যচিত্ৰ 'ৰেড কাৰ্পেট' ইণ্ডিয়ান পেনোৰামাৰ অ-কাহিনী (নন-ফীচাৰ) শাখাত প্ৰদৰ্শিত হোৱাৰ বিপৰীতে 'উৰুম' ইণ্ডিয়ান পেনোৰামাৰ কাহিনী চিত্ৰ(ফিচাৰ) শাখাত অন্তৰ্ভুক্ত হৈছে।
_20261122163256_e28b23.jpeg)
আজি গোৱাত অনুষ্ঠিত এখন সংবাদমেলত আইমী বৰুৱাৰ পৰিচালিত অসমীয়া তথ্যচিত্ৰ 'ৰেড কাৰ্পেট' আৰু ডুয়ু টাব্যো পৰিচালিত 'উৰুম' সন্দৰ্ভত বিশেষভাবে আলোচনা কৰা হয়। আলোচনাত পৰিচালকদ্বয়ে তেওঁলোকৰ চলচ্চিত্ৰ আৰু চলচ্চিত্ৰ নিৰ্মাণ যাত্ৰাৰ অভিজ্ঞতা ব্যক্ত কৰে।
'ৰেড কাৰ্পেট'-ত অসমৰ কাৰ্বি আংলঙৰ কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত হস্ততাঁত বয়ন ঐতিহ্যৰ কথা দাঙি ধৰা হৈছে, য’ত শতিকাজোৰা পুৰণি এই শিল্পই আধুনিকীকৰণ আৰু পৰিৱৰ্তিত জীৱনশৈলীৰ পৰা সৃষ্টি হোৱা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। তথ্যচিত্ৰখনত ডংকামোকাম গাঁৱৰ এগৰাকী পৰম্পৰাগত শিপিনীৰ কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটলৈ হোৱা অনন্য যাত্ৰাৰ লগতে এখন হাতে বোৱা কাপোৰ কেনেকৈ সাংস্কৃতিক পৰিচয়, গৌৰৱ আৰু আশাৰ প্ৰতীক হৈ পৰে, সেই কাহিনী চিত্ৰায়িত কৰা হৈছে।
ছবিখন সন্দৰ্ভত নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰি বঁটাপ্ৰাপ্ত ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক তথা পিএইচডি গৱেষক পৰিচালক আইমী বৰুৱাই অসমৰ এখন সৰু গাঁৱৰ পৰা এখন পৰম্পৰাগত হাতে বোৱা বস্ত্ৰক কাঁন চলচ্চিত্ৰ মহোৎসৱৰ সন্মানীয় ৰেড কাৰ্পেটলৈ লৈ যোৱা যাত্ৰাৰ বিষয়ে বৰ্ণনা কৰে।

তেওঁ স্থানীয় শিপিনীসকলৰ নিপুণ হাতৰ কাম আৰু তেওঁলোকৰ পৰম্পৰাগত বস্ত্ৰত নিহিত হৈ থকা সাংস্কৃতিক পৰিচয়ৰ ওপৰতো আলোকপাত কৰে। তেওঁ লগতে উল্লেখ কৰে যে এই সাজপাৰৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিয়ে অঞ্চলটোৰ খিলঞ্জীয়া ঐতিহ্যক বিশ্ব দৰবাৰত অধিক উজলাই তুলিছে।
পৰম্পৰাগত বয়ন শিল্প সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ নৱপ্ৰজন্মক নিজৰ ভাষা, সংস্কৃতি আৰু পৰম্পৰাক লৈ গৌৰৱ কৰিবলৈ আৰু এই ঐতিহ্যক আগুৱাই নিবলৈ আহ্বান জনায়।
দ্বিতীয়খন ছবি, ডুয়ু টাব্যো পৰিচালিত 'উৰুম'-ত অৰুণাচল প্ৰদেশৰ দুৰ্গম পাহাৰীয়া অঞ্চলৰ এগৰাকী জনগোষ্ঠীয় পিতৃয়ে নিজৰ কণমানি কন্যাৰ অকাল বিয়োগৰ শোক সহ্য কৰিবলৈ কৰা সংগ্ৰামৰ কাহিনীৰ জৰিয়তে শোক, স্মৃতি আৰু থলুৱা বিশ্বাসৰ বিভিন্ন দিশ অন্বেষণ কৰা হৈছে। অপৰাধবোধ আৰু দুঃস্বপ্নৰে যুঁজি থকা পিতৃগৰাকীয়ে নিজৰ সমাজ জীৱনক প্ৰভাৱিত কৰা অদৃশ্য শক্তি, মানসিক বিপৰ্যয় আৰু লোকচক্ষুৰ আঁৰত থকা সত্যৰ মাজত মানসিক শান্তি বিচাৰি চলোৱা অন্বেষণ ছবিখনত দেখুওৱা হৈছে।

খিলঞ্জীয়া পৰিচয়, স্মৃতি আৰু সামাজিক বাস্তৱতাক লৈ কাম কৰা অৰুণাচল প্ৰদেশৰ স্বতন্ত্ৰ লেখক-পৰিচালক তথা সাংস্কৃতিক কৰ্মী ডুয়ু টাব্যোৱে শৈশৱত অৰুণাচল প্ৰদেশৰ জিৰোত প্ৰত্যক্ষ কৰা এটা ঘটনাৰ কথা স্মৰণ কৰে, য’ত এগৰাকী পিতৃ কন্যাৰ মৃত্যুৰ শোকত ভাগি পৰিছিল। সেই স্মৃতিৱে বহু বছৰ ধৰি তেওঁৰ মনত দকৈ সাঁচ বহুৱাইছিল আৰু অৱশেষত সেয়াই এই ছবিখনৰ আধাৰ হৈ পৰে। তেওঁ কয় যে ছবিখনৰ জৰিয়তে তেওঁ কোনো বিশেষ নৈতিক বাৰ্তা দিয়াতকৈ এগৰাকী শোকাতুৰ পিতৃৰ মানসিক আৰু আৱেগিক অৱস্থাকহে তুলি ধৰিবলৈ চেষ্টা কৰিছে। টাব্যোৱে ইফি কৰ্তৃপক্ষক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে ইফিত তেওঁৰ ছবিখন নিৰ্বাচিত হোৱাটো অৰুণাচল প্ৰদেশৰ উদীয়মান চলচ্চিত্ৰ উদ্যোগটোৰ বাবে এক গুৰুত্বপূৰ্ণ স্বীকৃতি, আৰু ই ৰাজ্যখনৰ অধিক যুৱ চলচ্চিত্ৰ নিৰ্মাতাক নিজৰ কাহিনী ক’বলৈ উৎসাহিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
ভাষা আৰু সংস্কৃতি সংৰক্ষণৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি টাব্যোৱে কয় যে ছবিখনৰ মৌলিকতা অক্ষুণ্ণ ৰাখিবলৈ আৰু ভাষাটোৰ প্ৰচাৰ-প্ৰসাৰ বৃদ্ধি কৰিবলৈ খিলঞ্জীয়া নিচি ভাষাত ছবিখন নিৰ্মাণ কৰাটো এক সচেতন সিদ্ধান্ত আছিল। তেওঁ উল্লেখ কৰে যে নৱপ্ৰজন্ম ক্ৰমান্বয়ে নিজৰ খিলঞ্জীয়া ভাষাৰ পৰা আঁতৰি গৈছে আৰু এই ছবিখনক নিচি জনগোষ্ঠীৰ ভাষিক ঐতিহ্য সংৰক্ষণৰ এক প্ৰচেষ্টা বুলি তেওঁ অভিহিত কৰে।

উত্তৰ-পূব ভাৰতৰ চলচ্চিত্ৰৰ বৰ্ধিত সম্ভাৱনা সন্দৰ্ভত টাব্যোৱে কয় যে এই অঞ্চলটো এতিয়াও চলচ্চিত্ৰৰ এক অনাবিষ্কৃত ক্ষেত্ৰ হৈ আছে, যাৰ বিশ্ববাসীক দিবলগীয়া বহুত কিবাকিবি আছে। তেওঁ এই অঞ্চলটোৰ প্ৰতি মূলসুঁতিৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰযোজনা গোষ্ঠীসমূহৰ বৰ্ধিত আগ্ৰহৰ কথা উল্লেখ কৰি কয় যে মনোৰঞ্জনৰ উপৰি চলচ্চিত্ৰই সামাজিক সজাগতা আৰু পৰিৱৰ্তনৰ এক শক্তিশালী মাধ্যম হিচাপে কাম কৰিব পাৰে। তেওঁ খিলঞ্জীয়া কাহিনী, ভাষা আৰু জীৱনশৈলী নথিভুক্ত কৰাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰি কয় যে এনে প্ৰচেষ্টাই নৱপ্ৰজন্মক নিজৰ শিপাৰ সৈতে পুনৰ সংযোগ স্থাপন কৰাত আৰু নিজৰ সাংস্কৃতিক পৰিচয়ৰ সমৃদ্ধিক উপলব্ধি কৰাত সহায় কৰিব।
এই দুয়োখন ছবিয়ে উত্তৰ-পূব ভাৰতৰ বৈচিত্ৰ্যময় সাংস্কৃতিক অভিজ্ঞতা, থলুৱা পৰম্পৰা আৰু সমসাময়িক বাস্তৱতাক প্ৰতিফলিত কৰি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মঞ্চলৈ দুটা সুকীয়া কাহিনী কঢ়িয়াই আনিছে। ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই ছবি দুখনৰ অন্তৰ্ভুক্তিয়ে চলিত বৰ্ষৰ মহোৎসৱৰ চলচ্চিত্ৰীয় বৈচিত্ৰ্যক অধিক সমৃদ্ধ কৰি তুলিছে।
সংবাদমেলখনৰ আঁত ধৰে শ্ৰীমতী স্মিতা শইকীয়াই।
সম্পূৰ্ণ সংবাদমেলখন ইয়াত চাওক:
ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
PIB IFFI Team | Rajith/ Supriya/ Andrew/ Darshana | IFFI 57 - 061