স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

১৭২ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ স্বাস্থ্যসেৱা আৰু প্ৰতিষ্ঠানিক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উছৰ্গা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাৰ; পুডুচেৰীত ‘জিপমাৰ’ৰ ১৫সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ

কৰ্কট ৰোগৰ চিকিৎসা, হৃদৰোগৰ সেৱা, গৱেষণা, ৰোগ নিৰ্ণয় আৰু সুলভ ঔষধৰ ক্ষেত্ৰত ‘জিপমাৰ’ৰ সামৰ্থ্য বৃদ্ধিত নতুন পদক্ষেপসমূহে বিশেষ ভূমিকা পালন কৰিব

জিপমাৰত উছৰ্গা কৰা সাতটা পদক্ষেপৰ ভিতৰত কাৰ্ডিয়াক কেথলেব কমপ্লেক্স, ট্ৰুবীম লিনিয়াৰ এক্সিলেৰেটৰ আৰু গৱেষণা, উদ্ভাৱন তথা উদ্যমিতাৰ কেন্দ্ৰ অন্যতম

ডক্টৰেট, ছুপাৰ-স্পেচিয়েলিটী, স্নাতকোত্তৰ, স্নাতক, নাৰ্ছিং আৰু সহযোগী স্বাস্থ্যসেৱা পাঠ্যক্ৰমৰ মুঠ ৮১৬গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান; ৮৮টা শিতানত পদক আৰু এনডাউমেণ্ট পুৰস্কাৰ প্ৰদান

পেছাদাৰী শিক্ষা হ’ল বিশেষাধিকাৰ আৰু সামাজিক দায়িত্ব: উত্তীৰ্ণ চিকিৎসকসকলক সমাজৰ প্ৰতি দায়বদ্ধতা পালন কৰিবলৈ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ

২০২৯ চনৰ ভিতৰত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত আৰু ৭৫ হাজাৰ আসন বৃদ্ধি কৰা হ’ব :জিপমাৰত চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত পৰৱৰ্তী পদক্ষেপৰ কথা ঘোষণা জে পি নাড্ডাৰ

পোষ্ট কৰা হৈছে: 21 NOV 2026 4:18PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা ৰসায়ন আৰু সাৰ দপ্তৰৰ মন্ত্ৰী জগৎ প্ৰকাশ নাড্ডাই ২০২৬ চনৰ ২১ নৱেম্বৰত পুডুচেৰীৰ জৱাহৰলাল ইনষ্টিটিউট অৱ পোষ্ট গ্ৰেজুৱেট মেডিকেল এডুকেচন এণ্ড ৰিছাৰ্চ (জিপমাৰ)ত স্বাস্থ্যসেৱা, গৱেষণা আৰু শিক্ষাৰ্থী কল্যাণৰ সৈতে জড়িত সাতটা পদক্ষেপ ৰাষ্ট্ৰৰ নামত উছৰ্গা কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় গুৰুত্বসম্পন্ন প্ৰতিষ্ঠানখনৰ ১৫সংখ্যক সমাৱৰ্তন অনুষ্ঠানতো তেওঁ অংশগ্ৰহণ কৰে। অনুষ্ঠানত উত্তীৰ্ণ শিক্ষাৰ্থীসকলক ডিগ্ৰী প্ৰদান কৰাৰ লগতে সমাৱৰ্তন ভাষণ দিয়ে আৰু ৮৮টা শিতানত পদক তথা এনডাউমেণ্ট পুৰস্কাৰ প্ৰদান কৰে।

 

‘জিপমাৰ’ত মুঠ ১৭২.২৭ কোটি টকা ব্যয়সাপেক্ষে সাতটা সুবিধা উছৰ্গা কৰাটো গুণগত স্বাস্থ্যসেৱাৰ পৰিসৰ বৃদ্ধিৰ লগতে চিকিৎসা শিক্ষা, গৱেষণা আৰু ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে ‘জিপমাৰ’ৰ ভূমিকা অধিক শক্তিশালী কৰাৰ দিশত এটা উল্লেখযোগ্য পদক্ষেপ। উছৰ্গা কৰা সুবিধাসমূহ হ’ল—

 

গৱেষণা, উদ্ভাৱন আৰু উদ্যমিতা কেন্দ্ৰ (৩০.২৮ কোটি টকা): জিন’মিক্স, প্ৰটিঅ’মিক্স আৰু মেটাব’ল’মিক্সৰ উন্নত সুবিধাৰ লগতে ফ্ল’ চাইট’মেট্ৰি, কোষৰ কালচাৰ, কনফ’কেল মাইক্ৰ’স্ক’পি আৰু উন্নত ইমেজিঙৰ ব্যৱস্থাৰে ‘জিপমাৰ’ৰ বহুমুখী গৱেষণা ব্যৱস্থা শক্তিশালী কৰাই ইয়াৰ লক্ষ্য। এই কেন্দ্ৰই সহযোগিতামূলক জৈৱ-চিকিৎসা গৱেষণাক উৎসাহিত কৰাৰ লগতে বৈজ্ঞানিক আৱিষ্কাৰসমূহক উন্নত ৰোগীসেৱালৈ ৰূপান্তৰিত কৰাত সহায় কৰিব।

 

ধন্বন্তৰি হাউছ (৪২.২৬ কোটি টকা): সাত মহলীয়া অট্টালিকাটোত ৪০০খন বিচনাযুক্ত ছাত্ৰাবাসৰ ব্যৱস্থা কৰা হৈছে। ইয়াত ২০০টা দুজনীয়া কোঠা, শীত-তাপ নিয়ন্ত্ৰিত আহাৰ গ্ৰহণৰ কক্ষ, পঢ়া কোঠা, যাত্ৰীবাহী লিফ্ট, সৌৰশক্তিচালিত পানী গৰম কৰাৰ ব্যৱস্থা আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে প্ৰয়োজনীয় সুবিধা আছে।

 

য়ানমৰ মাল্টি-স্পেচিয়েলিটী কনছাল্টিং ইউনিটত ৬৪-শ্লাইচ চি টি স্কেনাৰ (৪.৭৩ কোটি টকা): য়ানম আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰোগীসকলক উন্নত মানৰ ৰোগ নিৰ্ণয়মূলক ইমেজিং সেৱা প্ৰদানৰ উদ্দেশ্যে এই ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত দূৰৱৰ্তী স্বাস্থ্যসেৱা কেন্দ্ৰলৈ ৰোগী প্ৰেৰণৰ প্ৰয়োজনীয়তা হ্ৰাস পাব।

 

ভেৰিয়ান ট্ৰুবীম হাই-এনাৰ্জী লিনিয়াৰ এক্সিলেৰেটৰ (২৬ কোটি টকা): আঞ্চলিক কৰ্কট ৰোগ কেন্দ্ৰত স্থাপন কৰা এই যন্ত্ৰটোৰ জৰিয়তে আই এম আৰ টি, ভি এম এ টি, ষ্টিৰিঅ’টেকটিক ৰেডিঅ’ছাৰ্জাৰী আৰু ষ্টিৰিঅ’টেকটিক বডী ৰেডিঅ’থেৰাপীকে ধৰি উন্নত ৰেডিঅ’থেৰাপী পদ্ধতিৰে চিকিৎসা সম্ভৱ হ’ব। ইয়াৰ জৰিয়তে চাৰিওফালৰ সুস্থ কলাসমূহ সুৰক্ষিত ৰাখি নিৰ্দিষ্ট স্থানত নিখুঁতভাৱে চিকিৎসা কৰিব পৰা যাব। এই যন্ত্ৰটোৰ জৰিয়তে দৈনিক প্ৰায় ৭০গৰাকী ৰোগীক চিকিৎসা প্ৰদানৰ সুবিধা আছে।

 

উন্নত ৪ডি চি টি ছিমুলেটৰ (৯ কোটি টকা): আঞ্চলিক কৰ্কট ৰোগ কেন্দ্ৰত স্থাপন কৰা এই যন্ত্ৰটোৱে টিউমাৰৰ সঠিক অৱস্থান নিৰ্ণয়, শ্বাস-প্ৰশ্বাসৰ ফলত হোৱা গতিবিধিৰ মূল্যায়ন আৰু নিখুঁত ৰেডিঅ’থেৰাপী পৰিকল্পনাত সহায় কৰিব। ইয়াক ট্ৰুবীম ব্যৱস্থাৰ সৈতে সংলগ্ন কৰা হৈছে। কৰ্কট ৰোগৰ চিকিৎসাৰ এই দুয়োটা সুবিধা স্থাপনৰ ক্ষেত্ৰত মুঠ ৩৫ কোটি টকা ব্যয় কৰা হৈছে।

 

অত্যাধুনিক কাৰ্ডিয়াক কেথেটাৰাইজেশ্যন লেবৰেটৰী কমপ্লেক্স (প্ৰায় ৬০ কোটি টকা):  ইয়াত বাইপ্লেন আৰু ছিংগল-প্লেন কেথ লেব, ১৬খন বিচনাযুক্ত পোষ্ট-কেথ কাৰ্ডিয়াক ক্ৰিটিকেল কেয়াৰ ইউনিট আৰু এটা সুকীয়া ৰেডিয়েল ছুইট অন্তৰ্ভুক্ত কৰা হৈছে। পূৰ্বৰ ৮খন বিচনাৰ পৰিৱৰ্তে ক্ৰিটিকেল কেয়াৰ ইউনিটৰ বিচনাৰ সংখ্যা ১৬লৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত শিশু আৰু প্ৰাপ্তবয়স্ক উভয়ৰে জটিল হৃদৰোগৰ চিকিৎসা অধিক উন্নত হ’ব।

 

তিনিখন অমৃত ফাৰ্মাচী: ছুপাৰ স্পেচিয়েলিটী ব্লক, এছ এছ বি এনেক্স ব্লক আৰু আঞ্চলিক কৰ্কট ৰোগ কেন্দ্ৰৰ এনেক্স ব্লকত এই ফাৰ্মাচীকেইখন স্থাপন কৰা হৈছে। ইয়াত ৫০ শতাংশ পৰ্যন্ত ৰেহাই মূল্যত ঔষধ, অস্ত্ৰোপচাৰৰ সামগ্ৰী আৰু ইমপ্লাণ্টৰ ব্যৱস্থা থাকিব। ইয়াৰ ফলত ৰোগীসকলৰ গাঁঠিৰ ধনৰ পৰা হোৱা চিকিৎসা ব্যয় হ্ৰাস পাব।

 

এই অনুষ্ঠানত ভাষণ দি শ্ৰী নাড্ডাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতবৰ্ষ বিকশিত ভাৰতৰ দিশে দৃঢ়তাৰে আগবাঢ়িছে। এখন উন্নত ভাৰত গঢ়িবলৈ হ’লে দেশখন স্বাস্থ্যৱান হোৱাটোও অত্যন্ত প্ৰয়োজনীয় বুলি তেওঁ উল্লেখ কৰে। প্ৰতিগৰাকী নাগৰিকৰ বাবে স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণ, শক্তিশালী জনস্বাস্থ্য আন্তঃগাঁথনি আৰু গুণগত তথা সুলভ চিকিৎসা সেৱা নিশ্চিত কৰাৰ জৰিয়তে সাৰ্বজনীন স্বাস্থ্য সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ কয়। অধিক দীৰ্ঘস্থায়ী, সৰ্বাংগীণ আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ সৈতে মুখামুখি হ'ব পৰাকৈ সামৰ্থ্য থকা স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে চৰকাৰে কাম কৰি আছে বুলি তেওঁ উল্লেখ কৰে। এই লক্ষ্য পূৰণৰ বাবে দেশৰ আগশাৰীৰ চৰকাৰী স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহক ক্ৰমাগতভাৱে শক্তিশালী কৰি থকা হৈছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়।

 

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে নতুনকৈ উচৰ্গিত এই সুবিধাসমূহ জনসাধাৰণৰ স্বাস্থ্য আৰু ভৱিষ্যতৰ প্ৰতি কৰা বিনিয়োগ। উন্নত জৈৱ-চিকিৎসা গৱেষণা আৰু উদ্ভাৱন, শিক্ষাৰ আন্তঃগাঁথনি, আধুনিক ৰোগ নিৰ্ণয় ব্যৱস্থা, কৰ্কট ৰোগৰ নিখুঁত চিকিৎসা, হৃদৰোগৰ সেৱা আৰু ঔষধৰ সহজলভ্যতা বৃদ্ধিৰ ক্ষেত্ৰত এই পদক্ষেপসমূহে বিশেষ ভূমিকা পালন কৰিব। গৱেষণা, উদ্ভাৱন আৰু উদ্যমিতা কেন্দ্ৰটোৱে গৱেষণাৰ পৰিৱেশ শক্তিশালী কৰাৰ লগতে বৈজ্ঞানিক আৱিষ্কাৰসমূহক ব্যৱহাৰিক স্বাস্থ্যসেৱালৈ ৰূপান্তৰ কৰাত বিশেষ সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে।

 

ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰি তেওঁ ছেদাৰাপেটত বহু-অংগ সংৰোপণ কেন্দ্ৰ আৰু এটা সুকীয়া ট্ৰমা কেয়াৰ এণ্ড ৰিহেবিলিটেচন চেণ্টাৰ স্থাপনৰ ক্ষেত্ৰত ‘জিপমাৰ’ৰ পৰিকল্পনাক আদৰণি জনায়। এই প্ৰস্তাৱিত কেন্দ্ৰসমূহে অঞ্চলটোত অতি বিশেষজ্ঞ চিকিৎসা সেৱাৰ সুবিধাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন কৰিব, বঞ্চিত শ্ৰেণীৰ লোকৰ মাজলৈ উন্নত চিকিৎসা সেৱাক সম্প্ৰসাৰিত কৰিব আৰু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহৰ ওপৰত পৰা বোজা হ্ৰাস কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। আয়ুষ্মান ভাৰতকে ধৰি বিভিন্ন চৰকাৰী স্বাস্থ্য আঁচনিৰ জৰিয়তে দৰিদ্ৰ আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ বাবে গুণগত আৰু উন্নত চিকিৎসা সেৱা সুলভ কৰি ৰখাৰ ক্ষেত্ৰত ‘জিপমাৰ’ৰ ভূমিকাক শ্ৰী নাড্ডাই প্ৰশংসা কৰে। হাজাৰ হাজাৰ পৰিয়ালৰ বাবে প্ৰতিষ্ঠানখন আশা, মৰ্যাদা আৰু আৰ্থিক সুৰক্ষাৰ  উৎস বুলি তেওঁ মত প্ৰকাশ কৰে। ৰোগী সেৱা, শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত অধিক উচ্চ মান প্ৰতিষ্ঠা  কৰিবলৈ ‘জিপমাৰ’ৰ সৈতে জড়িত সকলোকে তেওঁ আহ্বান জনায়।

 

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰতিষ্ঠানখনৰ ‘বনক্কম জিপমাৰ’ শীৰ্ষক আলোচনীখনৰ বিকশিত ভাৰত ২০৪৭ বিষয়ক বিশেষ সংখ্যাটোও উন্মোচন কৰে। তেওঁ বিশিষ্ট ব্যক্তিসকল আৰু ‘জিপমাৰ’ৰ বিষয়ববীয়াসকলৰ সৈতে মত বিনিময়ো কৰে।

 

ইয়াৰ পাছতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকী সমাৱৰ্তন অনুষ্ঠানত উপস্থিত হয়। অনুষ্ঠানত তেওঁ শিক্ষাৰ্থীসকলক ডিগ্ৰী প্ৰদান কৰাৰ লগতে পুৰস্কাৰসমূহ বিতৰণ কৰে আৰু সমাৱৰ্তন ভাষণ দিয়ে।

 

সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে উত্তীৰ্ণ শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলক অভিনন্দন জনায়। তেওঁ এই অনুষ্ঠানক শিক্ষাৰ পৰা নেতৃত্বৰ দায়িত্বলৈ উত্তৰণৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে অভিহিত কৰে। চিকিৎসা শিক্ষা, গৱেষণা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় গুৰুত্বসম্পন্ন প্ৰতিষ্ঠান হিচাপে ‘জিপমাৰ’ৰ গৌৰৱোজ্জ্বল ঐতিহ্যৰো তেওঁ শলাগ লয়। অংগদান আৰু অংগ সংৰোপণৰ ক্ষেত্ৰত প্ৰতিষ্ঠানখনৰ সাফল্য, ৰবটিক অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা আৰু জটিল কৰ্কট ৰোগৰ চিকিৎসাত থকা বিশেষ দক্ষতাৰ কথাও তেওঁ উল্লেখ কৰে। ২০২৫-২৬ বৰ্ষত প্ৰতিষ্ঠানখনত ৪৬ হাজাৰ ৮১৫টাতকৈও অধিক অস্ত্ৰোপচাৰ সম্পন্ন হোৱা বুলি তেওঁ জানিবলৈ দিয়ে।

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চিকিৎসা শিক্ষা আৰু স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত দেশখনে লাভ কৰা পৰিৱৰ্তনশীল অগ্ৰগতিৰ কথা উল্লেখ কৰি শ্ৰী নাড্ডাই ভাৰতৰ চিকিৎসা শিক্ষাৰ আন্তঃগাঁথনিৰ ব্যাপক সম্প্ৰসাৰণৰ বিষয়ত আলোকপাত কৰে। তেওঁ কয় যে দেশত সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ৰ সংখ্যা ৬ৰ পৰা ২৩লৈ, চিকিৎসা মহাবিদ্যালয় ৩৮৭খনৰ পৰা ৮৬৩খনলৈ আৰু এম বি বি এছৰ আসনৰ সংখ্যা ৫১ হাজাৰৰ পৰা ১.৪৩ লাখলৈ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ২০২৯ চনৰ ভিতৰত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত আৰু ৭৫ হাজাৰ চিকিৎসা শিক্ষাৰ আসন বৃদ্ধি কৰাৰ বাবে চৰকাৰে কাম কৰি আছে বুলিও তেওঁ জানিবলৈ দিয়ে। এই ক্ষেত্ৰত গুণগত মান অক্ষুণ্ণ ৰখাৰ লগতে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ আসনৰ মাজত ভাৰসাম্য বৰ্তাই ৰখাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে বুলি তেওঁ কয়।

 

প্ৰতিৰোধমূলক আৰু প্ৰাথমিক স্বাস্থ্যসেৱাৰ পৰা আৰম্ভ কৰি মাধ্যমিক আৰু তৃতীয় পৰ্যায়ৰ চিকিৎসা সেৱালৈকে সমগ্ৰ স্বাস্থ্য ব্যৱস্থাটো শক্তিশালী কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও তেওঁ উল্লেখ কৰে। এইক্ষেত্ৰত আয়ুষ্মান আৰোগ্য মন্দিৰ, প্ৰধানমন্ত্ৰী-আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান, আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ দৰে আঁচনিসমূহৰ ভূমিকাত তেওঁ আলোকপাত কৰে। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এই আঁচনিৰ অধীনত ১৩ কোটিৰো অধিক চিকিৎসালয়ত ভৰ্তিৰ সুবিধা প্ৰদান কৰা হৈছে আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে বহন কৰিবলগীয়া ব্যয় ৬৪ শতাংশৰ পৰা ৪২ শতাংশলৈ হ্ৰাস কৰাত ই সহায় কৰিছে। সুলভ, ব্যয়সাধ্য আৰু গুণগত স্বাস্থ্য সেৱাৰ গুৰুত্বৰ কথা দোহাৰি তেওঁ যুৱ চিকিৎসকসকলক ই-প্ৰেছক্ৰিপচন আৰু ডিজিটেল স্বাস্থ্য তথ্যকে ধৰি ডিজিটেল স্বাস্থ্যসেৱা ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু দেশৰ স্বাস্থ্য ব্যৱস্থা শক্তিশালী কৰাত অৰিহণা যোগাবলৈ আহ্বান জনায়।

 

শ্ৰী নাড্ডাই উত্তীৰ্ণ শিক্ষাৰ্থীসকলক তেওঁলোকৰ এই যাত্ৰাত সহায় কৰা ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহৰ প্ৰতি থকা দায়িত্বৰ কথাও উপলব্ধি কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে পেছাদাৰী চিকিৎসা শিক্ষা লাভ কৰাটো এবিধ বিশেষাধিকাৰ আৰু এই সুবিধা সমাজৰ সামূহিক প্ৰচেষ্টা তথা সম্পদৰ জৰিয়তেহে সম্ভৱ হৈছে। শিক্ষাৰ্থীসকলৰ সাফল্য কেৱল তেওঁলোকৰ ব্যক্তিগত কঠোৰ পৰিশ্ৰমৰ ফল নহয়, বৰঞ্চ পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়িত্ৰী, অধ্যাপক-অধ্যাপিকা আৰু প্ৰতিষ্ঠানটোৰ সৈতে জড়িত আন বহু লোকৰ অৱদানৰ ফল বুলিও তেওঁ উল্লেখ কৰে। ভাষণৰ সামৰণিত তেওঁ উত্তীৰ্ণ চিকিৎসকসকলক নিজৰ পেছাগত আৰু সামাজিক দায়িত্ব পালন কৰাৰ লগতে নিষ্ঠা, সহানুভূতি আৰু দায়বদ্ধতাৰে ৰোগী তথা সমাজৰ সেৱা কৰিবলৈ আৰু সমাজৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়।

 

পুডুচেৰীৰ উপ-ৰাজ্যপাল কে কৈলাশনাথনে ‘জিপমাৰ’ক পুডুচেৰীৰ গৌৰৱ আৰু চিকিৎসা শিক্ষা তথা স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত উৎকৰ্ষৰ আলোকস্তম্ভ বুলি অভিহিত কৰে। পুডুচেৰী আৰু চুবুৰীয়া ৰাজ্যসমূহৰ জনস্বাস্থ্য তথা সামূহিক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানখনৰ অৱদানৰ কথাও তেওঁ উল্লেখ কৰে। বিশেষকৈ আয়ুষ্মান ভাৰতকে ধৰি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ জনকল্যাণমূলক আঁচনিসমূহ ৰূপায়ণ আৰু জনসাধাৰণৰ বাবে সুলভ তথা গুণগত স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ ক্ষেত্ৰত ‘জিপমাৰ’ৰ ভূমিকাক তেওঁ প্ৰশংসা কৰে। উত্তীৰ্ণ শিক্ষাৰ্থী আৰু বঁটা বিজয়ীসকলক অভিনন্দন জনাই তেওঁ ৰোগী আৰু সমাজৰ প্ৰতি থকা দায়িত্ব নিষ্ঠাৰে পালন কৰিবলৈ তেওঁলোকক আহ্বান জনায়। পেছাগত জীৱনৰ য’তেই তেওঁলোকে কাম নকৰক কিয়, তাতেই ‘জিপমাৰ’ৰ প্ৰতিনিধি হিচাপে পৰিচিত হ’ব বুলি উল্লেখ কৰি তেওঁ শিক্ষাৰ্থীসকলক নিজৰ জ্ঞান আৰু দক্ষতা বঞ্চিত লোকসকলৰ সেৱাত নিয়োজিত কৰিবলৈ আৰু এখন স্বাস্থ্যৱান তথা শক্তিশালী ভাৰত গঢ়াত অৰিহণা যোগাবলৈ আহ্বান জনায়। শিক্ষাৰ্থীসকলৰ সাফল্য গঢ়ি তোলাত শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ নিষ্ঠা তথা অৱদানৰ কথাও তেওঁ স্বীকাৰ কৰে।

 

সমাৱৰ্তন অনুষ্ঠানত মুঠ ৮১৬গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হয়। ইয়াৰে ৫৯২টা ডিগ্ৰী ডক্টৰেল, চিকিৎসা, দন্ত চিকিৎসা আৰু ছুপাৰ স্পেচিয়েলিটী পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলক প্ৰদান কৰা হয়। আনহাতে, নাৰ্ছিং, জনস্বাস্থ্য আৰু সহযোগী স্বাস্থ্যসেৱা পাঠ্যক্ৰমৰ ২২৪টা ডিগ্ৰী প্ৰদান কৰা হয়। নিজ নিজ বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰি শৈক্ষিক ক্ষেত্ৰত কৃতিত্ব প্ৰদৰ্শন কৰা শিক্ষাৰ্থীসকলক ৮৮টা শিতানত পদক আৰু এনডাউমেণ্ট পুৰস্কাৰ প্ৰদান কৰা হয়।

 

এই সমাৱৰ্তন অনুষ্ঠানে উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ সাফল্য উদযাপনৰ লগতে চিকিৎসা শিক্ষা, গৱেষণা আৰু ৰোগীসেৱাৰ ক্ষেত্ৰত উৎকৰ্ষ সাধনৰ প্ৰতি ‘জিপমাৰ’ৰ দায়বদ্ধতাক পুনৰ প্ৰতিপন্ন কৰে।

 

‘জিপমাৰ’ৰ অধ্যক্ষ ড০ চিত্ৰা সৰকাৰে সমাৱৰ্তন অনুষ্ঠানত সভাপতিত্ব কৰে। আনহাতে, প্ৰতিষ্ঠানখনৰ সঞ্চালক ড০ বীৰ সিং নেগীয়ে চিকিৎসা শিক্ষা, ৰোগী সেৱা আৰু গৱেষণাৰ ক্ষেত্ৰত ‘জিপমাৰ’ৰ সাফল্যৰ বিষয়ত আলোকপাত কৰি প্ৰতিষ্ঠানখনৰ প্ৰতিবেদন দাখিল কৰে। অনুষ্ঠানত শিক্ষক-শিক্ষয়িত্ৰী, উত্তীৰ্ণ শিক্ষাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে।

 

SR/UD


(ৰিলিজ আই ডি : 2339907) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil