পোষ্ট কৰা হৈছে:
21 NOV 2026 5:11PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ২০২৬ চনৰ ২২ নৱেম্বৰ, দেওবাৰে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ দৰ্জী খাণ্ডু ৰাজ্যিক সন্মিলন কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া সমবায় সমাৰোহত অংশগ্ৰহণ কৰিব আৰু ৰাজ্যখনৰ কেইবাখনো উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰিব।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘সমবায়ৰ জৰিয়তে সমৃদ্ধি’ৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নেতৃত্বত অনুষ্ঠিত হ’বলগীয়া এই সমাৰোহ সমবায় খণ্ডক শক্তিশালী কৰাৰ লগতে অধিক সবল, আত্মনিৰ্ভৰশীল আৰু সৰ্বাংগীণ কৰি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হ’ব।
এই কাৰ্যসূচীৰ জৰিয়তে সমবায় প্ৰতিষ্ঠানসমূহ শক্তিশালী কৰা, গ্ৰাম্য জীৱিকাৰ সুযোগ সম্প্ৰসাৰণ, মহিলাৰ সবলীকৰণ, বিত্তীয় অন্তৰ্ভুক্তি আৰু ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হ’ব।
উক্ত অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা তথা সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু, অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী চৌনা মেইন, ৰাজ্যখনৰ কৃষিমন্ত্ৰী শ্ৰী গেব্ৰিয়েল ডেনৱাং ৱাংছু আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলেও অংশগ্ৰহণ কৰিব।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে অৰুণাচল প্ৰদেশৰ কেইবাখনো গুৰুত্বপূৰ্ণ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰিব।ইয়াৰ ভিতৰত ১,৫০০ কোটি টকা ব্যয়সাপেক্ষ ‘মিছন শিক্ষিত অৰুণাচল—দ্বিতীয় পৰ্যায়’, ২,০০০ কোটি টকা ব্যয়সাপেক্ষ ‘মুখ্যমন্ত্ৰীৰ সমন্বিত ৰাজ্যিক শক্তি উন্নয়ন কাৰ্যসূচী’ আৰু ২,০০০ কোটি টকা ব্যয়সাপেক্ষ ‘মুখ্যমন্ত্ৰীৰ সমন্বিত ৰাজ্যিক গ্ৰাম্য পথ উন্নয়ন কাৰ্যসূচী’ অন্যতম।
ইয়াৰ উপৰি ৰাজ্যখনৰ ১১খন সীমান্তৱৰ্তী জিলাত ‘ভাইব্ৰেণ্ট ভিলেজেছ’ কাৰ্যসূচীৰ অধীনত ১১০.৯৫ কোটি টকা ব্যয়সাপেক্ষ ১৯৯টা প্ৰকল্পৰো শুভাৰম্ভ কৰা হ’ব।শ্ৰী অমিত শ্বাহে ‘মিছন সুৰক্ষা’ও মুকলি কৰিব।
এই পদক্ষেপসমূহৰ জৰিয়তে শিক্ষা, বিদ্যুৎ আৰু পথ যোগাযোগৰ আন্তঃগাঁথনি শক্তিশালী কৰা, সীমান্তৱৰ্তী অঞ্চলসমূহৰ উন্নয়ন সাধন আৰু সমগ্ৰ ৰাজ্যখনত জনকল্যাণমূলক সা-সুবিধাৰ উন্নতি সাধন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
সমবায় খণ্ডৰ আন্তঃগাঁথনি আৰু বজাৰৰ সৈতে সংযোগ শক্তিশালী কৰাৰ বাবেও কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হ’ব।কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে খাদ্যশস্য সংৰক্ষণ আঁচনিৰ অধীনত ৰাগা লেম্পছত নিৰ্মাণ কৰা খাদ্যশস্য সংৰক্ষণৰ এটা ভঁৰাল দূৰৱৰ্তী ব্যৱস্থাৰে উদ্বোধন কৰিব।
ইয়াৰ ফলত স্থানীয় পৰ্যায়ত খাদ্যশস্য সংৰক্ষণৰ সুবিধা শক্তিশালী হ’ব আৰু সমবায় প্ৰতিষ্ঠানসমূহৰ ভূমিকা অধিক সম্প্ৰসাৰিত হ’ব।
শ্ৰী অমিত শ্বাহে অৰুণাচল প্ৰদেশ ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান (ArSRLM)-ৰ সামগ্ৰীৰ বাবে এটা ই-বাণিজ্যৰ ৱেব পেজো মুকলি কৰিব।
এই পদক্ষেপৰ জৰিয়তে ডিজিটেল মাধ্যমৰ সহায়ত গ্ৰাম্য সামগ্ৰীসমূহৰ বাবে বহল বজাৰ সৃষ্টি হোৱাৰ লগতে মহিলা আত্মসহায়ক গোটসমূহৰ অৰ্থনৈতিক কাৰ্যকলাপ অধিক সম্প্ৰসাৰিত হ’ব বুলি আশা কৰা হৈছে।
এই কাৰ্যসূচীৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ‘অৰুণাচল প্ৰদেশ সমবায় দৃষ্টিভংগী ২০৪৭’ উন্মোচন কৰিব।এই নথিখন ৰাজ্যখনৰ সমবায় আন্দোলনৰ দীৰ্ঘম্যাদী উন্নয়নৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হ’ব।ইয়াৰ লগতে বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য প্ৰদৰ্শন আগবঢ়োৱা সমবায় সমিতিসমূহক শ্ৰী অমিত শ্বাহে সন্মানিত কৰিব।
নামছাই দুগ্ধ সমবায় সমিতিক ‘সমবায় বঁটা’ প্ৰদান কৰা হ’ব।ল'ৱাৰ সোৱণশিৰি মীনপালক সমবায় সমিতিক শ্ৰেষ্ঠ মীন সমবায় সমিতি হিচাপে স্বীকৃতি দিয়া হ’ব।কেমলি লেম্পছক শ্ৰেষ্ঠ হস্ততাঁত, বস্ত্ৰ আৰু শিপিনী সমবায় সমিতি হিচাপে স্বীকৃতি দিয়া হ’ব।আনহাতে জাং লেম্পছক শ্ৰেষ্ঠ প্ৰাথমিক কৃষি ঋণ সমিতি/লেম্পছ হিচাপে স্বীকৃতি প্ৰদান কৰা হ’ব।
সমবায় প্ৰতিষ্ঠানসমূহৰ বিত্তীয় সামৰ্থ্য আৰু কাৰ্যকলাপ সম্প্ৰসাৰণৰ লক্ষ্যৰে এই অনুষ্ঠানত বিভিন্ন সমবায় সমিতিক বিত্তীয় সাহায্য আৰু অন্যান্য সা-সুবিধা প্ৰদান কৰা হ’ব।ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম (NCDC)-এ লাগুন বহুমুখী সমবায় সমিতি লিমিটেডক ঋণ অনুমোদনৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰিব।ভাৰতীয় বীজ সমবায় সমিতি লিমিটেড (BBSSL)-এ শাক-পাচলিৰ বীজৰ ক্ষুদ্ৰ সঁজুলি বিতৰণ কৰিব।
ইয়াৰ উপৰি নাবাৰ্ডে পোমা মৰাপাট, দুগ্ধ আৰু পশুপালন সমবায় সমিতিক এটা ক্ষুদ্ৰ স্বয়ংক্ৰিয় ধন লেনদেন যন্ত্ৰ (মাইক্ৰ’-এটিএম) প্ৰদান কৰিব।আনহাতে, অৰুণাচল প্ৰদেশ ৰাজ্যিক সমবায় শীৰ্ষ বেংক লিমিটেডে ৱাক্ৰো লেম্পছক ঋণ অনুমোদনৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰিব।
মহিলা আত্মসহায়ক গোটসমূহৰ এটা গোট পৰ্যায়ৰ সংঘ (CLF)-ৰ দ্বাৰা গঠন কৰা ‘খামিয়েৰ আনে বহুমুখী সমবায় সমিতি লিমিটেড’কো পঞ্জীয়নৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰা হ’ব।
এই পদক্ষেপসমূহে সমবায় প্ৰতিষ্ঠানসমূহৰ বিত্তীয় সুবিধা লাভৰ সুযোগ, প্ৰতিষ্ঠানিক সক্ষমতা আৰু অৰ্থনৈতিক কাৰ্যকলাপ অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
অনুষ্ঠানৰ আৰম্ভণিতে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে এখন ম’বাইল চিকিৎসা বাহনৰ যাত্ৰাৰ শুভাৰম্ভ কৰাৰ লগতে ‘সৰস মেলা’ উদ্বোধন কৰিব।তেওঁ মেলাত স্থাপন কৰা বিভিন্ন বিপণী পৰিদৰ্শন কৰাৰ লগতে মহিলা আত্মসহায়ক গোট আৰু সমবায় সমিতিসমূহৰ সদস্যাসকলৰ সৈতে মত বিনিময় কৰিব।এই মেলাই স্থানীয় সামগ্ৰী, পৰম্পৰাগত শিল্পকলা, মহিলাৰ নেতৃত্বত গঢ়ি উঠা উদ্যোগ আৰু সমবায় প্ৰতিষ্ঠানসমূহৰ কাৰ্যকলাপ প্ৰদৰ্শনৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰিব।
অৰুণাচল প্ৰদেশত অনুষ্ঠিত হ’বলগীয়া এই সমবায় সমাৰোহে সমবায় ব্যৱস্থাৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰা, স্থানীয় সম্পদৰ উন্নত ব্যৱহাৰ নিশ্চিত কৰা, মহিলাৰ নেতৃত্বত গঢ়ি উঠা উদ্যোগসমূহক উৎসাহিত কৰা আৰু সমবায় প্ৰতিষ্ঠানসমূহক আধুনিক বিত্তীয় তথা ডিজিটেল সা-সুবিধাৰ সৈতে সংযুক্ত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰিব।শিক্ষা, বিদ্যুৎ, পথ যোগাযোগ আৰু সীমান্তৱৰ্তী অঞ্চলৰ উন্নয়নৰ সৈতে জড়িত প্ৰকল্পসমূহৰ শুভাৰম্ভই ৰাজ্যখনৰ সৰ্বাংগীণ তথা সমতাপূৰ্ণ উন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰিব।
***
AK/AP/DM