পোষ্ট কৰা হৈছে:
21 NOV 2026 5:55PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি হৈ থকা নিচাযুক্ত দ্ৰব্যৰ অবৈধ সৰবৰাহ ৰোধ কৰাৰ লক্ষ্যৰে যুটীয়াভাৱে আৰম্ভ কৰা ‘অপাৰেচন মনছুন থান্ডাৰ’ৰ উল্লেখযোগ্য সফলতাৰ বাবে নাৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰো (এনচিবি) আৰু আমেৰিকাৰ ড্ৰাগ এনফৰ্চমেণ্ট এডমিনিষ্ট্ৰেচন (ডিইএ)ক অভিনন্দন জনাইছে।
গৃহমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যম ‘এক্স’ত কৰা এটা পোষ্টত কয়, “আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি হৈ থকা নিচাযুক্ত দ্ৰব্যৰ অবৈধ সৰবৰাহ ৰোধ কৰাৰ লক্ষ্যৰে যুটীয়াভাৱে আৰম্ভ কৰা ‘অপাৰেচন মনছুন থান্ডাৰ’ৰ উল্লেখযোগ্য সফলতাৰ বাবে এনচিবি আৰু আমেৰিকাৰ ডিইএক আন্তৰিক অভিনন্দন জনাইছোঁ। এই অভিযানৰ অধীনত ভাৰত আৰু আমেৰিকাত কৰা গ্ৰেপ্তাৰ তথা জব্দ কৰা নিচাযুক্ত দ্ৰব্যই ড্ৰাগছৰ ভয়াৱহতা ৰোধ কৰাৰ ক্ষেত্ৰত ভাৰত-আমেৰিকাৰ অংশীদাৰিত্বৰ শক্তিকেই প্ৰমাণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত আমি ভাৰতত এক গ্ৰামো নিচাযুক্ত দ্ৰব্য প্ৰৱেশ কৰিবলৈ নিদিয়া আৰু ভাৰতৰ পৰা আন কোনো দেশলৈ যাবলৈ নিদিয়াৰ ক্ষেত্ৰত দৃঢ়প্ৰতিজ্ঞ।”
ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত শ্ৰী ছাৰ্জিঅ’ গ’ৰেও ‘অপাৰেচন মনছুন থান্ডাৰ’ৰ প্ৰশংসা কৰি এনচিবি আৰু আমেৰিকাৰ ডিইএৰ যৌথ সফলতাৰ কথা উল্লেখ কৰে।
মাৰ্কিন ৰাষ্ট্ৰদূতগৰাকীয়ে সামাজিক মাধ্যম ‘এক্স’ত কৰা এটা পোষ্টত কয়, “আমেৰিকা আৰু ভাৰতৰ অংশীদাৰিত্বৰ এক উৎকৃষ্ট নিদৰ্শন! ‘অপাৰেচন মনছুন থান্ডাৰ’ৰ অধীনত ভাৰতৰ নাৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰোৱে আমেৰিকাৰ ড্ৰাগ এনফৰ্চমেণ্ট এডমিনিষ্ট্ৰেচনৰ সৈতে ঘনিষ্ঠ সমন্বয় ৰক্ষা কৰি আমেৰিকাৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকলৈ অবৈধ নিচাযুক্ত দ্ৰব্য যোগান ধৰি অহা এটা আন্তঃৰাষ্ট্ৰীয় সৰবৰাহকাৰী চক্ৰ উৎখাত কৰিছে আৰু ছজন লোকক গ্ৰেপ্তাৰ কৰিছে। এইক্ষেত্ৰত দিয়া নেতৃত্বৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জনাইছোঁ।”
অভিযানৰ উল্লেখযোগ্য সফলতাসমূহঃ
- ভাৰতৰ চাৰিখন চহৰৰ পৰা মুঠ ছজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
- প্ৰায় ৩,০০০টা পাৰ্চেল চিনাক্ত কৰা হৈছে, যিসমূহৰ জৰিয়তে প্ৰায় পাঁচ লাখ টেবলেট আমেৰিকালৈ প্ৰেৰণ কৰা হৈছিল।
- ৫৯,০০০ৰো অধিক মাৰ্কিন লোকৰ সৈতে সম্পৰ্কিত তথ্য আমেৰিকাৰ ডিইএক প্ৰদান কৰা হৈছে।
- আমেৰিকাৰ ডিইএই নিচাযুক্ত দ্ৰব্যৰ দুটা চালান জব্দ কৰিবলৈ সক্ষম হৈছে।
এই অভিযানে ভাৰত আৰু আমেৰিকাৰ আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহৰ মাজত থকা সহযোগিতাৰ শক্তি তথা আন্তঃৰাষ্ট্ৰীয় নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহকাৰী চক্ৰসমূহ উৎখাত কৰাৰ ক্ষেত্ৰত দুয়োখন দেশৰ সংস্থাসমূহৰ দৃঢ় প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।
এই গোচৰৰ তদন্ত অব্যাহত আছে। তদন্তৰ জৰিয়তে এই চক্ৰৰ মূল ষড়যন্ত্ৰকাৰীসকলক চিনাক্ত কৰা, সামগ্ৰী প্ৰেৰণৰ ক্ষেত্ৰত সহায় কৰা মধ্যস্থতাকাৰীসকলৰ সন্ধান উলিওৱা, অবৈধ কাৰ্যকলাপৰ পৰা লাভ কৰা ধনৰ উৎস সন্ধান কৰা আৰু ইয়াৰ সৈতে জড়িত বৃহত্তৰ আন্তঃৰাষ্ট্ৰীয় সংযোগসমূহ নিশ্চিত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে।
****
RK/PR/PS/DM