আজি অনুষ্ঠিত এখন সংবাদমেলত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (ইফি) ‘ইণ্ডিয়ান পেনোৰামা’ নন-ফীচাৰ চলচ্চিত্ৰ জুৰীয়ে তেওঁলোকৰ কঠোৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ বিষয়ে বিস্তৃত অন্তৰ্দৃষ্টি আগবঢ়ায়, য’ত ভাৰতীয় চলচ্চিত্ৰৰ বৈচিত্ৰ্য, কাহিনী কথনৰ শক্তি আৰু চলচ্চিত্ৰ নিৰ্মাণত প্ৰযুক্তিৰ বিকশিত ভূমিকাৰ ওপৰত আলোকপাত কৰা হয়। এই মত বিনিময় অনুষ্ঠানটোৱে মুঠ ৩৫৮ খন আবেদনৰ মাজৰ পৰা ২০ খন শ্ৰেষ্ঠ ছবি নিৰ্বাচন কৰাৰ আঁৰৰ আলোচনাj এক আভাস দাঙি ধৰে।
এই অধিৱেশনত জুৰীৰ অধ্যক্ষ শ্ৰী হিমাংশু শেখৰ খাটুৱাৰ লগতে জুৰী সদস্যসকল ক্ৰমে শ্ৰীমতী আৰতি পেটেল, শ্ৰী অভিজিৎ অৰবিন্দ দলৱী, শ্ৰীমতী ৰাগিনী সোনা, শ্ৰী শিৱ ছানি, শ্ৰী শংখজিৎ দে আৰু শ্ৰী ধনেশ যাদৱ টি আৰ উপস্থিত থাকে। অনুষ্ঠানটো সঞ্চালনা কৰে প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী মহেশ কুমাৰে।
নিৰ্বাচন প্ৰক্ৰিয়াৰ আঁৰৰ মূল দৰ্শনৰ বিষয়ে উল্লেখ কৰি শ্ৰী হিমাংশু শেখৰ খাটুৱাই গুৰুত্ব আৰোপ কৰে যে চলচ্চিত্ৰৰ জৰিয়তে ভাৰতক ইয়াৰ আটাইতকৈ প্ৰকৃত ৰূপত প্ৰতিনিধিত্ব কৰাই আছিল জুৰীৰ প্ৰথম আৰু প্ৰধান প্ৰচেষ্টা। ইফিৰ মূল বিষয়বস্তু ‘ষ্ট’ৰীজ উইদাউট বৰ্ডাৰ্ছ’ৰ কথা উল্লেখ কৰি তেওঁ কয় যে নিৰ্বাচিত ছবিসমূহে কাহিনী কথনৰ সাৰ্বজনীন চেতনাক প্ৰতিফলিত কৰাৰ লগতে দেশৰ বহুমুখী পৰিচয়, জীৱনৰ বাস্তৱ অভিজ্ঞতা আৰু সাংস্কৃতিক সমৃদ্ধিক ধৰি ৰাখিবলৈ চেষ্টা কৰিছে।
নিৰ্বাচন পদ্ধতিৰ বিষয়ে বহলাই কওঁতে শ্ৰী খাটুৱাই জানিবলৈ দিয়ে যে পৰম্পৰাগত চলচ্চিত্ৰীয় কাঠামো আৰু মূলসুঁতিৰ ধাৰণাৰ পৰিধি ভাঙি জুৰীয়ে কেইবাটাও পৰ্যায়ত অত্যন্ত কঠোৰ মূল্যায়ন চলাইছিল। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সুকীয়া দৃষ্টিভংগী আৰু আকৰ্ষণীয় কাহিনী আগবঢ়োৱা ছবিসমূহ চিনাক্ত কৰাটো এই প্ৰক্ৰিয়াৰ অংশ আছিল। তেওঁ উল্লেখ কৰে যে নিৰ্বাচিত ছবিসমূহে সামূহিকভাৱে ভাৰতৰ বৈচিত্ৰ্যময় ৰীতি-নীতি, পৰম্পৰা আৰু সাংস্কৃতিক পটভূমিক প্ৰতিফলিত কৰে। জুৰীৰ সামগ্ৰিক দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বুজাই দিয়ে যে ছবিসমূহক কেৱল শৈলী বা কাহিনী কথনৰ দৰে বিচ্ছিন্ন উপাদানৰ ভিত্তিত বিচাৰ নকৰি সামগ্ৰিক ৰূপত মূল্যায়ন কৰা হৈছিল।
চলচ্চিত্ৰ নিৰ্মাণত কৃত্ৰিম বুদ্ধিমত্তাৰ (এআই) বৰ্ধিত প্ৰভাৱ সন্দৰ্ভত শ্ৰী খাটুৱাই দৃঢ়তাৰে কয় যে মানুহৰ কল্পনাশক্তি, সংবেদনশীলতা আৰু দৃষ্টিভংগী সদায় অদ্বিতীয় আৰু অপৰিহাৰ্য হৈ থাকিব। এক মূল্যৱান সৃজনশীল সঁজুলি হিচাপে এআইৰ সম্ভাৱনীয়তাক স্বীকাৰ কৰিও তেওঁ মত প্ৰকাশ কৰে যে প্ৰযুক্তিয়ে ইয়াৰ আঁৰৰ মানৱ মনটোক প্ৰতিষ্ঠাপিত কৰাৰ পৰিৱৰ্তে কলাত্মক অভিব্যক্তিৰ পৰিপূৰক হিচাপে কাম কৰি তাক অধিক সমৃদ্ধহে কৰিব লাগে।
নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি জুৰী সদস্য শ্ৰীমতী আৰতি পেটেলে এই নিৰ্বাচন প্ৰক্ৰিয়াটোক একেধাৰে এক বৃহৎ দায়িত্ব আৰু অত্যন্ত আনন্দদায়ক অভিজ্ঞতা বুলি অভিহিত কৰে, বিশেষকৈ দাখিল কৰা ছবিসমূহত প্ৰতিনিধিত্ব কৰা অসাধাৰণ বিষয়বস্তু, ধাৰণা আৰু দৃষ্টিভংগীৰ বিস্তৃত পৰিসৰৰ প্ৰতি লক্ষ্য ৰাখি। তেওঁ কয় যে চলচ্চিত্ৰই ভাষা, ভৌগোলিক আৰু সাংস্কৃতিক সীমা অতিক্ৰম কৰি এক সাৰ্বজনীন ভাষা হিচাপে কাম কৰে, যিয়ে মানুহ আৰু সমাজক অধিক ওচৰ চপাই আনে।
শ্ৰী অভিজিৎ অৰবিন্দ দলৱীয়ে মন্তব্য কৰে যে ছবিসমূহে জুৰীক সমগ্ৰ ভাৰতৰ এক বিস্তৃত আভাস প্ৰদান কৰিছে, য’ত বিভিন্ন সুকীয়া চলচ্চিত্ৰীয় কণ্ঠস্বৰৰ জৰিয়তে দেশৰ বৈচিত্ৰ্যময় সামাজিক বাস্তৱতা আৰু সাংস্কৃতিক চেতনাক বন্দী কৰা হৈছে। দাখিল কৰা ছবিসমূহে দেশৰ চলচ্চিত্ৰ নিৰ্মাণ পৰম্পৰাৰ সমৃদ্ধি আৰু চলচ্চিত্ৰ নিৰ্মাতাসকলে নিজৰ চাৰিওফালৰ পৰিৱেশক ব্যাখ্যা কৰা বিভিন্ন ধৰণসমূহক কেনেদৰে প্ৰতিফলিত কৰিছে সেই বিষয়ে তেওঁ আলোকপাত কৰে।
জুৰীৰ সৈতে জড়িত হোৱাটো এক মূল্যৱান শিক্ষণ অভিজ্ঞতা বুলি বৰ্ণনা কৰি শ্ৰীমতী ৰাগিনী সোনাই মহোৎসৱৰ মূল বিষয়বস্তু ‘ষ্ট’ৰীজ উইদাউট বৰ্ডাৰ্ছ’ৰ প্ৰশংসা কৰে আৰু ইয়াক অতি সুন্দৰ তথা অৰ্থপূৰ্ণ বুলি অভিহিত কৰে। তেওঁ সীমা অতিক্ৰম কৰা আৰু উমৈহতীয়া মানৱীয় অভিজ্ঞতাৰ জৰিয়তে দৰ্শকক সংযোগ কৰা কাহিনীসমূহৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।
শ্ৰী শিৱ ছানিয়ে চলচ্চিত্ৰৰ পৰিৱৰ্তনকাৰী শক্তিৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি কয় যে অৰ্থপূৰ্ণ কাহিনী কথনে কেৱল মনোৰঞ্জনৰ গণ্ডীৰ বাহিৰলৈ গৈ চিন্তাৰ খোৰাক যোগাব পাৰে, দৃষ্টিভংগী গঢ় দিব পাৰে আৰু ইতিবাচক সামাজিক পৰিৱৰ্তনৰ বাবে অনুপ্ৰাণিত কৰিব পাৰে।
এই সংবাদমেলখনে ছবি নিৰ্বাচনৰ ক্ষেত্ৰত জুৰীৰ দৃষ্টিভংগী আৰু ‘ইণ্ডিয়ান পেনোৰামা’ৰ বাবে ছবিসমূহ চিনাক্ত কৰাৰ সময়ত বিবেচনা কৰা দিশসমূহ বুজি পোৱাৰ এক সুযোগ প্ৰদান কৰে। বিভিন্ন অঞ্চল, সংস্কৃতি আৰু জীৱনৰ অভিজ্ঞতাৰ শিপাত প্ৰোথিত কাহিনীসমূহক একত্ৰিত কৰি এই নিৰ্বাচনে ভাৰতীয় চলচ্চিত্ৰৰ সমৃদ্ধি প্ৰদৰ্শন কৰা আৰু ভৌগোলিক তথা সাংস্কৃতিক সীমা অতিক্ৰম কৰি দৰ্শকক সংযোগ কৰাত ‘ইণ্ডিয়ান পেনোৰামা’ৰ ভূমিকাক পুনৰ এবাৰ দৃঢ়তাৰে প্ৰতিপন্ন কৰিছে।
_20261121193112_98e208.jpeg)


ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
PIB IFFI Team | Rajith Chandran/ Supriya Ghaytadak/ Swadhin Shakti Prasad/ Gopika/ Darshana Rane | IFFI 57 - 051