পোষ্ট কৰা হৈছে:
21 NOV 2026 2:23PM by PIB Guwahati
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনে আজি মহাৰাষ্ট্ৰৰ পুণেত অনুষ্ঠিত ছিম্বায়'ছিছ আন্তঃৰাষ্ট্ৰীয় (ডীমড) বিশ্ববিদ্যালয়ৰ ২৩সংখ্যক সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দিয়ে।
ছিম্বায়’ছিছক আন্তঃৰাষ্ট্ৰীয় বুজাবুজি, শৈক্ষিক উৎকৰ্ষ আৰু সামগ্ৰিক শিক্ষাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ প্ৰতীক হিচাপে অভিহিত কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিশ্ববিদ্যালয়খনৰ নামটোৱেই সহাৱস্থান, পাৰস্পৰিক সন্মান আৰু বিভিন্ন সংস্কৃতি তথা ধাৰণাৰ সমন্বয়ৰ জৰিয়তে লাভ কৰা সমৃদ্ধিৰ প্ৰতিফলন ঘটায়। ভাৰতৰ সভ্যতাগত আদৰ্শ ‘বসুধৈৱ কুটুম্বকম’ৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, “বিশ্বই জটিল প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা এনে সময়ত শিক্ষা ভিন ভিন জাতি, সংস্কৃতি আৰু সমাজৰ মাজত সেতু হিচাপে পৰিগণিত হ’ব লাগিব।”
স্নাতকসকলক অভিনন্দন জনাই উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৮৫খন দেশৰ ৩,০০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থী থকা বিশ্ববিদ্যালয়খনৰ প্ৰকৃত বিশ্বজনীন চৰিত্ৰক প্ৰশংসা কৰে। আন্তঃৰাষ্ট্ৰীয় বুজাবুজি বৃদ্ধিত বিশ্ববিদ্যালয়খনৰ ভূমিকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে শিক্ষাই জাতি, সংস্কৃতি আৰু সমাজৰ মাজত সেতু হিচাপে কাম কৰিব লাগে। এয়া হ’ল ‘বসুধৈৱ কুটুম্বকম’ অৰ্থাৎ ‘গোটেই বিশ্ব এটা পৰিয়াল’—ভাৰতৰ এই আদৰ্শৰ প্ৰতিফলন।
আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ছিম্বায়’ছিছৰ সম্প্ৰসাৰণক প্ৰশংসা কৰি তেওঁ উল্লেখ কৰে যে ২০২৪ চনত বিশ্ববিদ্যালয়খনে ডুবাইত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় শাখা চৌহদ স্থাপন কৰে। এনে পদক্ষেপে ভাৰত আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ মাজত শৈক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে বিশ্বৰ উচ্চ শিক্ষা ক্ষেত্ৰত ভাৰতৰ উপস্থিতি বৃদ্ধি কৰিছে বুলি তেওঁ কয়।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে জনোৱা মতে, ২০২৫-২৬ শিক্ষাবৰ্ষত ছিম্বায়'ছিছ বিশ্ববিদ্যালয়ত ৬২,০০০ৰো অধিক শিক্ষাৰ্থী আছিল। ইয়াৰে ২৯,০০০ৰো অধিক আছিল দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মহিলা শিক্ষাৰ্থী। ৮৫খন দেশৰ তিনি হাজাৰৰো অধিক আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীৰ উপস্থিতিয়ে সামগ্ৰিক আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ প্ৰতি বিশ্ববিদ্যালয়খনৰ দৃঢ় দায়বদ্ধতা প্ৰতিফলিত কৰিছে বুলি তেওঁ মত প্ৰকাশ কৰে।
উচ্চ শিক্ষাৰ ক্ষেত্ৰত মহিলাসকলৰ ক্ৰমবৰ্ধমান সফলতাৰ কথা উল্লেখ কৰি তেওঁ কয় যে দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত সমাৱৰ্তন অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰি তেওঁ ধাৰাবাহিকভাৱে লক্ষ্য কৰিছে যে পুৰুষতকৈ অধিক সংখ্যক মহিলাই ডিগ্ৰী আৰু পদক লাভ কৰিছে। “মোৰ দৃষ্টিত এয়া নাৰী শক্তিৰ ক্ৰমবৰ্ধমান সামৰ্থ্যৰ স্পষ্ট নিদৰ্শন। এয়াই প্ৰকৃত নাৰী সবলীকৰণ,” তেওঁ কয়। চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত মহিলাসকলৰ বাবে অধিক সুযোগ সম্প্ৰসাৰণৰ দিশত ছিম্বায়'ছিছ মেডিকেল কলেজ ফৰ উইমেন স্থাপনকো তেওঁ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। বিগত বাৰ বছৰত উচ্চ শিক্ষাৰ ক্ষেত্ৰত হোৱা উল্লেখযোগ্য সম্প্ৰসাৰণৰ কথা উল্লেখ কৰি তেওঁ কয় যে ২০১৪-১৫ বৰ্ষত দেশত ৭৬০খন বিশ্ববিদ্যালয় থকাৰ বিপৰীতে বৰ্তমান এই সংখ্যা ১,৪০০ৰো অধিক হৈছেগৈ। একেদৰে আইআইটিৰ সংখ্যা ১৬ৰ পৰা ২৩লৈ, আইআইএমৰ সংখ্যা ১৩ৰ পৰা ২২লৈ আৰু এইমছৰ সংখ্যা ৮ৰ পৰা ২৩লৈ বৃদ্ধি পাইছে। উচ্চ শিক্ষাত নামভৰ্তি কৰা শিক্ষাৰ্থীৰ সংখ্যাও ২০১৪-১৫ বৰ্ষৰ ৩.৪ কোটিৰ পৰা বৃদ্ধি পাই সম্প্ৰতি ৪.৫ কোটিতকৈও অধিক হৈছে বুলি তেওঁ উল্লেখ কৰে।
দায়িত্বশীল বিশ্ব অংশীদাৰ হিচাপে ভাৰতৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতীয় কাৰিকৰী আৰু অৰ্থনৈতিক সহযোগিতা (আই টি ই চি) কাৰ্যসূচীৰ কথা উল্লেখ কৰে। ১৬০খনতকৈও অধিক অংশীদাৰ দেশৰ পেছাদাৰী ব্যক্তি আৰু বিষয়াসকলে এই কাৰ্যসূচীৰ সুবিধা লাভ কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ২০১৪ চনৰ পৰা গ্ল’বেল ছাউথৰ ৮০,০০০ৰো অধিক পেছাদাৰী ব্যক্তিয়ে আই টি ই চিৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত ৩০,০০০ গৰাকী মহিলা আছে। তেওঁ কয়, “ভাৰতে পাৰস্পৰিক সন্মান আৰু সমতাৰ ভিত্তিত অংশীদাৰ দেশসমূহৰ সৈতে জ্ঞান, দক্ষতা আৰু অভিজ্ঞতা বিনিময় কৰাত দৃঢ় বিশ্বাস কৰে।”
তেওঁ লগতে কয় যে ইউপিআই আৰু ইণ্ডিয়া ষ্টেকৰ দৰে পদক্ষেপে বিশ্বৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, বিত্তীয় অন্তৰ্ভুক্তি আৰু সুশাসনৰ ক্ষেত্ৰত দেশখনৰ ক্ৰমবৰ্ধমান অৱদানৰ পৰিচয় দাঙি ধৰিছে। তাঞ্জানিয়াৰ জাঞ্জিবাৰত স্থাপন কৰা আইআইটি মাদ্ৰাজৰ আন্তঃৰাষ্ট্ৰীয় চৌহদটোও আফ্ৰিকাৰ সৈতে ভাৰতৰ সম্প্ৰসাৰিত শৈক্ষিক আৰু প্ৰযুক্তিগত অংশীদাৰিত্বৰ আন এটা নিদৰ্শন বুলি তেওঁ উল্লেখ কৰে।
২০২৩ চনত ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ কথা স্মৰণ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে জি-২০ৰ স্থায়ী সদস্য হিচাপে আফ্ৰিকান ইউনিয়নৰ অন্তৰ্ভুক্তিক বিশ্বৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত আফ্ৰিকাৰ প্ৰতিনিধিত্ব অধিক শক্তিশালী কৰাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে।
কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল প্ৰযুক্তি, নবীকৰণযোগ্য শক্তি আৰু বৈজ্ঞানিক উদ্ভাৱনৰ ফলত দ্ৰুতগতিত হোৱা প্ৰযুক্তিগত পৰিৱৰ্তনৰ প্ৰসংগত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে স্নাতকসকলক আজীৱন শিক্ষাগ্ৰহণৰ মানসিকতা গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ কয়, “আপোনালোকৰ ডিগ্ৰীসমূহ হৈছে একোটা মূল্যৱান ভেটি, কিন্তু আজীৱন শিক্ষাগ্ৰহণেই হ’ব আপোনালোকৰ আটাইতকৈ ডাঙৰ সম্পদ।”
সততাৰে উৎকৰ্ষ সাধনৰ বাবে শিক্ষাৰ্থীসকলক আহ্বান জনাই তেওঁ কয়, “পেছাগত সফলতা গুৰুত্বপূৰ্ণ, কিন্তু চৰিত্ৰ আৰু নৈতিক আচৰণেহে দীৰ্ঘস্থায়ী সন্মানৰ অধিকাৰী কৰে।” তেওঁ উদ্যমিতা, গৱেষণা, জনসেৱা, উদ্যোগ আৰু সামাজিক উদ্ভাৱনৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগাবলৈ স্নাতকসকলক আহ্বান জনায়।
তেওঁ কয়, “ৰাষ্ট্ৰ নিৰ্মাণ কেৱল চৰকাৰৰ দায়িত্ব নহয়। ই নাগৰিক, শিক্ষানুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু সমাজৰ সামূহিক প্ৰচেষ্টাৰে আগবঢ়াই নিবলগীয়া এটা অভিযান।”
২০২৬ বৰ্ষৰ স্নাতকসকলৰ ওপৰত আস্থা প্ৰকাশ কৰি তেওঁ কয় যে বিকশিত ভাৰত @২০৪৭ৰ যাত্ৰাত যুৱ পেছাদাৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁলোকক ছিম্বায়'ছিছৰ আদৰ্শসমূহ অক্ষুণ্ণ ৰাখি সমাজলৈ অৱদান আগবঢ়োৱাৰ লগতে নিজৰ নিজৰ পৰিয়াল আৰু শিক্ষানুষ্ঠানৰ গৌৰৱ বৃদ্ধি কৰিবলৈ আহ্বান জনায়।
তেওঁ শিক্ষাৰ্থীসকলক ড্ৰাগছৰ পৰা নিলগত থাকিবলৈকো আহ্বান জনায়।
অনুষ্ঠানৰ সময়ত বিশ্ববিদ্যালয়খনৰ আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীসকলে উপ-ৰাষ্ট্ৰপতিগৰাকীক বিভিন্ন দেশৰ পতাকা প্ৰদান কৰে। বিশ্ববিদ্যালয়খনৰ বৈচিত্ৰ্যপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থী সমাজৰ প্ৰতীক হিচাপে এই পদক্ষেপে ৰাষ্ট্ৰসমূহৰ মাজত শান্তি, বন্ধুত্ব আৰু সম্প্ৰীতিৰ বাৰ্তা বহন কৰে।
অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ‘আউটষ্টেণ্ডিং ফৰেন ষ্টুডেণ্ট অৱ দা ইয়েৰ’ শীৰ্ষক অধ্যাপক (ড°) এছ বি মুজুমদাৰ বঁটা আৰু কৃতী শিক্ষাৰ্থীসকলক সোণৰ পদক প্ৰদান কৰে। তেওঁলোকৰ অসাধাৰণ শৈক্ষিক কৃতিত্ব আৰু উৎকৰ্ষৰ স্বীকৃতি স্বৰূপে এই বঁটা আৰু পদক প্ৰদান কৰা হয়।
অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী জিষ্ণু দেৱ বাৰ্মা, মহাৰাষ্ট্ৰ চৰকাৰৰ উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষা মন্ত্ৰী শ্ৰী চন্দ্ৰকান্ত পাটিল, ছিম্বায়'ছিছ আন্তঃৰাষ্ট্ৰীয় (ডীমড) বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° বিদ্যা য়েৰাভডেকাৰ, উপাচাৰ্য ড° ৰামকৃষ্ণন ৰমনকে ধৰি আন বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
PR/ASM/VM/UD