পোষ্ট কৰা হৈছে:
20 NOV 2026 1:53PM by PIB Guwahati
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ভাৰতীয় বাণিজ্য প্ৰসাৰ সংস্থা (আইটিপিঅ’)-ৰ উদ্যোগত নতুন দিল্লীৰ ভাৰত মণ্ডপমত ১৪ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰ, ২০২৬ লৈ আয়োজিত ৪৫ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা (আইআইটিএফ) ২০২৬-ৰ স্বাস্থ্য পেভিলিয়নত জনসাধাৰণৰ উৎসাহজনক অংশগ্ৰহণ প্ৰত্যক্ষ কৰিছে। প্ৰথম পাঁচ দিনত (১৪ – ১৮ নৱেম্বৰ, ২০২৬) এই পেভিলিয়নটোত ১২,১৮৯ খনতকৈও অধিক বিপণী দৰ্শন নথিভুক্ত কৰা হৈছে, যিয়ে স্বাস্থ্যসন্মত সজাগতা, প্ৰতিৰোধমূলক স্বাস্থ্য পৰীক্ষা আৰু চৰকাৰৰ বিভিন্ন স্বাস্থ্যসেৱা পদক্ষেপসমূহৰ তথ্যৰ প্ৰতি জনসাধাৰণৰ প্ৰবল আগ্ৰহকে প্ৰতিফলিত কৰিছে।
কেন্দ্ৰীয় স্বাস্থ্য সচিব শ্ৰীমতী পুণ্য সলিলা শ্ৰীবাস্তৱৰ উপস্থিতিত নিটি আয়োগৰ সদস্য ড° এম. শ্ৰীনিবাসে ২০২৬ চনৰ ১৪ নৱেম্বৰত এই স্বাস্থ্য পেভিলিয়নটো উদ্বোধন কৰে। ‘যুৱ ভাৰত, সুস্থ ভাৰত’ শীৰ্ষক বিষয়বস্তুৰে সজাই তোলা এই পেভিলিয়নটো ৰাজহুৱা অংশগ্ৰহণ, স্বাস্থ্য শিক্ষা আৰু চৰকাৰী স্বাস্থ্যসেৱা কাৰ্যসূচী তথা সেৱাসমূহৰ তথ্য প্ৰচাৰৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে পৰিগণিত হৈছে। শিশু, যুৱক-যুৱতী, পৰিয়ালবৰ্গ আৰু সমাজৰ আন আন শ্ৰেণীৰ লোককে ধৰি দৰ্শনাৰ্থীসকলে পেভিলিয়নটোত আয়োজিত বিভিন্ন কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে।
আকৰ্ষণীয় কাৰ্যকলাপ আৰু সাংস্কৃতিক অনুষ্ঠানেৰে স্বাস্থ্য সজাগতাৰ প্ৰসাৰ
চলিত জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে ‘টিবি মুক্ত ভাৰত অভিযান’ৰ অধীনত বাটৰ নাট (নুক্কড় নাটক) প্ৰদৰ্শন কৰাৰ লগতে পতংগবাহিত ৰোগ আৰু ফাইলেৰিয়াছিছ সম্পৰ্কীয় সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই পৰিৱেশনসমূহৰ লক্ষ্য হৈছে দৰ্শনাৰ্থীসকলক যক্ষ্মা ৰোগ, ইয়াৰ লক্ষণ, সংক্ৰমণৰ মাধ্যম, প্ৰতিৰোধ, আগতীয়া ৰোগ নিৰ্ণয় আৰু সময়মতে চিকিৎসা গ্ৰহণৰ বিষয়ে সজাগ কৰি তোলা।
উদ্ভাৱনীমূলক আৰু আকৰ্ষণীয় উপস্থাপনৰ জৰিয়তে গুৰুত্বপূৰ্ণ স্বাস্থ্য বাৰ্তা প্ৰেৰণ কৰিবলৈ যাদু প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। চিকিৎসকৰ আলোচনা-চক্ৰ আৰু স্বাস্থ্য সজাগতা অধিৱেশনসমূহে দৰ্শনাৰ্থীসকলক চিকিৎসা বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় কৰা, সাধাৰণ স্বাস্থ্যজনিত সমস্যাসমূহ বুজি পোৱা আৰু প্ৰতিৰোধমূলক ব্যৱস্থা তথা সুস্থ জীৱনশৈলীৰ অভ্যাসৰ বিষয়ে পৰামৰ্শ গ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰিছে।
পোনপটীয়া কাৰ্ডিঅ’পালমোনাৰী ৰিছাচিটেছন (চিপিআৰ) প্ৰদৰ্শন, আকৰ্ষণীয় কুইজ আৰু মঞ্চত অনুষ্ঠিত আন আন কাৰ্যকলাপসমূহে দৰ্শনাৰ্থীসকলক অত্যাৱশ্যকীয় স্বাস্থ্য অভ্যাস, জৰুৰীকালীন সঁহাৰিৰ কৌশল আৰু ৰোগ প্ৰতিৰোধৰ বিষয়ে অধিক পৰিচিত কৰি তুলিছে। এই কাৰ্যকলাপসমূহে পেভিলিয়নটোক এক আকৰ্ষণীয় শিক্ষণ ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিছে, য’ত তথ্য, প্ৰদৰ্শন আৰু ৰাইজৰ অংশগ্ৰহণৰ মাধ্যমেৰে স্বাস্থ্য সজাগতাৰ প্ৰসাৰ ঘটোৱা হৈছে।
বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, চিকিৎসা পৰামৰ্শ আৰু কাউঞ্চেলিং সেৱা
ভাৰত মণ্ডপমৰ তলৰ মহলাৰ ৪(জি) নং হলত ৯৮৯ বৰ্গ মিটাৰ এলেকাজুৰি বিস্তৃত হৈ থকা এই স্বাস্থ্য পেভিলিয়নটোৱে ২৪ টা ৰাষ্ট্ৰীয় স্বাস্থ্য কাৰ্যসূচী, কাৰ্যসূচী বিভাগ আৰু অংশগ্ৰহণকাৰী সংস্থাক প্ৰতিনিধিত্ব কৰা ৩৯ খন বিপণীক একত্ৰিত কৰিছে।
দৰ্শনাৰ্থীসকলক বিনামূলীয়াকৈ বিভিন্ন স্বাস্থ্যসেৱা, প্ৰাথমিক স্বাস্থ্য পৰীক্ষা, চিকিৎসা পৰামৰ্শ, কাউঞ্চেলিং আৰু তথ্যৰ সুবিধা প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত বিএমআই মূল্যায়ন, ৰক্ত শৰ্কৰা পৰীক্ষা, ৰক্তচাপ জোখা, নিয়মীয়া চকু পৰীক্ষা, মুখগহ্বৰৰ স্বাস্থ্য পৰীক্ষা, শ্ৰৱণ শক্তিৰ মূল্যায়ন আৰু ৰক্ত গ্ৰুপিং সেৱা অন্তৰ্ভুক্ত হৈ আছে।
এই পেভিলিয়নটোৱে মাতৃ আৰু শিশুৰ স্বাস্থ্যসেৱা, টিকাকৰণ, ইউ-উইন ডিজিটেল টিকাকৰণ প্লেটফৰ্ম আৰু ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ অধীনস্থ সেৱাসমূহৰ বিষয়েও তথ্য আগবঢ়াইছে। দৰ্শনাৰ্থীসকলে এইচআইভি/এইডছ, যৌন সংক্ৰামক ৰোগ, যক্ষ্মা, পতংগবাহিত ৰোগ, ভাইৰেল হেপাটাইটিছ, কুষ্ঠৰোগ আৰু অন্যান্য জনস্বাস্থ্যজনিত সমস্যাসমূহৰ ওপৰত সজাগতা আৰু কাউঞ্চেলিঙৰ সুবিধা লাভ কৰিব পাৰে।
চৰকাৰী স্বাস্থ্যসেৱাসমূহৰ উপলব্ধতা আৰু সুবিধাসমূহৰ বিষয়ে দৰ্শনাৰ্থীসকলক পৰিচিত কৰাবলৈ ই-সঞ্জীৱনী টেলি-পৰামৰ্শ সেৱা, আয়ুষ্মান ভাৰত ডিজিটেল মিছন (এবিডিএম) আৰু আয়ুষ্মান ভাৰত–প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (এবি পিএম-জেএৱাই)-কে ধৰি ডিজিটেল স্বাস্থ্যসেৱা পদক্ষেপসমূহো ইয়াত প্ৰদৰ্শন কৰা হৈছে।
চকু আৰু দৃষ্টিশক্তিৰ যত্ন, শ্ৰৱণ শক্তি, দন্ত স্বাস্থ্য আৰু অংগদান সজাগতা সম্পৰ্কীয় বিশেষ সেৱাসমূহৰ লগতে টেলি-মানসৰ তথ্যকে ধৰি মানসিক স্বাস্থ্য সজাগতা আৰু কাউঞ্চেলিং সেৱাও প্ৰদান কৰা হৈছে। ইয়াৰ উপৰি, দৰ্শনাৰ্থীসকলে পুষ্টি, শাৰীৰিক কাৰ্যকলাপ, ধঁপাত বৰ্জন, খাদ্য সুৰক্ষা আৰু অন্যান্য সুস্থ জীৱনশৈলীৰ অভ্যাসৰ বিষয়েও পৰামৰ্শ লাভ কৰিছে।
অংশগ্ৰহণকাৰী সংস্থা আৰু কাৰ্যসূচী বিভাগসমূহৰ প্ৰতিনিধিসকলে দৰ্শনাৰ্থীসকলৰ সৈতে পোনপটীয়া মত বিনিময়ৰ সুবিধা কৰি দিছে, যাৰ ফলত তেওঁলোকে বিভিন্ন চৰকাৰী পদক্ষেপৰ অধীনত উপলব্ধ স্বাস্থ্যসেৱা, সা-সুবিধা আৰু সহায়কাৰী ব্যৱস্থাসমূহৰ বিষয়ে বুজি পোৱাত সহায় হৈছে।
বিশেষ শিশু মণ্ডলে খেল-ধেমালিৰ মাধ্যমেৰে সুস্থ অভ্যাস গঢ়াত উৎসাহ যোগাইছে
শিশুসকলক পৰম্পৰাগত খেল-ধেমালি আৰু মনোৰঞ্জনমূলক কাৰ্যকলাপত অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰিবলৈ এক বিশেষ শিশু মণ্ডল স্থাপন কৰা হৈছে। স্ক্ৰীণ-মুক্ত ব্যস্ততাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই মণ্ডলটোৱে শাৰীৰিক কাৰ্যকলাপ, সামাজিক আদান-প্ৰদান আৰু খেলৰ জৰিয়তে শিক্ষণত উৎসাহ যোগাইছে। পেভিলিয়ন দৰ্শন কৰিবলৈ অহা পৰিয়ালসমূহক এক আকৰ্ষণীয় আৰু আনন্দদায়ক অভিজ্ঞতা প্ৰদান কৰাৰ লগতে শিশুসকলক সুস্থ অভ্যাসৰ গুৰুত্বৰ বিষয়ে পৰিচিত কৰোৱাই এই পদক্ষেপৰ মূল লক্ষ্য।
২০২৬ চনৰ ২৭ নৱেম্বৰত সামৰণি পৰিবলগীয়া আইআইটিএফ ২০২৬-ৰ সমগ্ৰ সময়ছোৱাত এই স্বাস্থ্য পেভিলিয়নত বিভিন্ন আকৰ্ষণীয় কাৰ্যকলাপ, স্বাস্থ্য পৰীক্ষাৰ সুবিধা, সজাগতা অধিৱেশন আৰু জনসম্পৰ্কমূলক কাৰ্যসূচী অব্যাহত থাকিব।
SR/MM
HFW/MoHFW’s Health Pavilion at IITF 2026/20th Noveber2026/2