ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰপতিক সাক্ষাৎ বুলগেৰিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 20 NOV 2026 9:27PM by PIB Guwahati

বুলগেৰিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মহামান্য শ্ৰীমতী ভেলিছ্লাভা পেট্ৰ’ভা-চামোভাই আজি ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে।

 

বৈদেশিক মন্ত্ৰী পেট্ৰ’ভা-চামোভা আৰু তেওঁৰ প্ৰতিনিধি দলটোক ৰাষ্ট্ৰপতি ভৱনলৈ আদৰণি জনাই ৰাষ্ট্ৰপতিগৰাকীয়ে আস্থা প্ৰকাশ কৰে যে ১৭ বছৰৰ মূৰত বুলগেৰিয়াৰ কোনো বৈদেশিক মন্ত্ৰীৰ প্ৰথমটো ভ্ৰমণে ভাৰত-বুলগেৰিয়াৰ অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰিব।

 

ৰাষ্ট্ৰপতিগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে যে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা, শিক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, মহাকাশ, গতিশীলতা আৰু সাংস্কৃতিক তথা জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ দৰে ক্ষেত্ৰসমূহত ভাৰত আৰু বুলগেৰিয়াৰ মাজত সহযোগিতা নিৰন্তৰভাৱে বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে ভাৰত-ইউৰোপীয় ইউনিয়ন মুক্ত বাণিজ্য চুক্তি কাৰ্যকৰী হোৱাৰ লগে লগে আমাৰ বাণিজ্য, বিনিয়োগ আৰু প্ৰযুক্তিগত সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য নতুন সুযোগৰ সৃষ্টি হৈছে।

 

ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ প্ৰয়োজনীয়তাকে ধৰি বহুপাক্ষিক মঞ্চসমূহত ভাৰতলৈ বুলগেৰিয়াই আগবঢ়োৱা ধাৰাবাহিক সমৰ্থন আৰু ঘনিষ্ঠ সহযোগিতাৰো শলাগ লয়।

*****

 

MJPS/SS/PRK/DB


(ৰিলিজ আই ডি : 2339414) অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , हिन्दी , Bengali , Malayalam