ৰেল মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন দিল্লীত ডিজিটেল জীৱন প্ৰমাণপত্ৰ অভিযান ৫.০ৰ অধীনত ভাৰতীয় ৰে'লৱেৰ বৃহৎ শিবিৰৰ আয়োজন

জীৱন প্ৰমাণ এপৰ জৰিয়তে ২৫০ গৰাকী পেঞ্চনাৰে দাখিল কৰে তেওঁলোকৰ জীৱন প্ৰমাণপত্ৰ

পোষ্ট কৰা হৈছে: 20 NOV 2026 1:45PM by PIB Guwahati

ভাৰতীয় ৰে’লৱেই ২০২৬ চনৰ ১৯ নৱেম্বৰত নতুন দিল্লীত ডিজিটেল জীৱন প্ৰমাণপত্ৰ (ডিএলচি) অভিযান ৫.০-ৰ অধীনত এক বৃহৎ শিবিৰৰ আয়োজন কৰে। পেঞ্চনাৰসকলে যাতে জীৱন প্ৰমাণ এপৰ জৰিয়তে মুখমণ্ডলৰ প্ৰমাণীকৰণ ব্যৱহাৰ কৰি সুবিধা অনুযায়ী তেওঁলোকৰ ডিজিটেল জীৱন প্ৰমাণপত্ৰ দাখিল কৰিব পাৰে, তাৰ বাবে উত্তৰ ৰে’লৱেৰ মুখ্য কাৰ্যালয় আৰু দিল্লী সংমণ্ডলে যৌথভাৱে এই শিবিৰটোৰ আয়োজন কৰে।

এই বৃহৎ শিবিৰত ২৫০ গৰাকীতকৈও অধিক পেঞ্চনাৰে অংশগ্ৰহণ কৰে আৰু ডিজিটেল জীৱন প্ৰমাণপত্ৰ দাখিলৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰে। জীৱন প্ৰমাণ এপৰ মাধ্যমেৰে মুখমণ্ডলৰ প্ৰমাণীকৰণ ব্যৱহাৰ কৰি থিতাতে মুঠ ৫৮ খন ডিজিটেল জীৱন প্ৰমাণপত্ৰ সৃষ্টি কৰা হয়।

ডিজিটেল জীৱন প্ৰমাণপত্ৰসমূহ যাতে সুকলমে আৰু সুবিধাজনকভাৱে দাখিল কৰিব পৰা যায়, তাৰ বাবে ৰে’লৱেৰ কৰ্মচাৰী আৰু অংশগ্ৰহণকাৰী বেংকসমূহৰ প্ৰতিনিধিসকলে সমগ্ৰ প্ৰক্ৰিয়াটোত পেঞ্চনাৰসকলক সহায় আগবঢ়ায়। শিবিৰটোত ১২ টা বেংকৰ দলে অংশগ্ৰহণ কৰে। আধাৰ প্ৰমাণীকৰণ আৰু উন্নীতকৰণৰ ক্ষেত্ৰত পেঞ্চনাৰসকলক সহায় কৰিবলৈ ইউআইডিএআই-ৰ বিষয়াসকলো শিবিৰটোত উপস্থিত থাকে। ইয়াৰ উপৰি, এই পদক্ষেপৰ অংশ হিচাপে অংশগ্ৰহণকাৰী পেঞ্চনাৰসকলৰ বাবে এক স্বাস্থ্য শিবিৰৰো আয়োজন কৰা হয়।

এই অনুষ্ঠানত পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগৰ (ডিঅ’পিপিডব্লিউ) সচিব শ্ৰীমতী নিবেদিতা শুক্লা বাৰ্মা, উত্তৰ ৰে’লৱেৰ এজিএম শ্ৰী হৰ্ষ খাৰে, ৰে’লৱে ব’ৰ্ডৰ পিইডি/আইআৰ শ্ৰীমতী ৰেখা যাদৱ, উত্তৰ ৰে’লৱেৰ পিচিপিঅ’ শ্ৰী সুজিত কুমাৰ মিশ্ৰ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

এই বৃহৎ শিবিৰটোৱে ডিজিটেল সেৱাৰ জৰিয়তে পেঞ্চনাৰসকলক সুবিধা প্ৰদান কৰা আৰু অত্যাৱশ্যকীয় পেঞ্চন সম্পৰ্কীয় সা-সুবিধাসমূহৰ সহজ উপলব্ধতা নিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰতীয় ৰে’লৱেৰ নিৰন্তৰ প্ৰচেষ্টাকে প্ৰতিফলিত কৰিছে।

 

Dharmendra Tewari / Dr Nayan Solanki / Vikas Jha/MM


(ৰিলিজ আই ডি : 2339386) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil