প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

যুটীয়া বিবৃতি: চতুৰ্থ ভাৰত-জাপান ২+২ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰী পৰ্যায়ৰ বৈঠক

পোষ্ট কৰা হৈছে: 19 NOV 2026 5:23PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ, জাপানৰ বৈদেশিক মন্ত্ৰী শ্ৰী মোটেগি তোছিমিৎছু আৰু জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী কইজুমি শ্বিনজিৰোৱে ২০২৬ চনৰ ১৯ নৱেম্বৰত টকিঅ'ত চতুৰ্থ ভাৰত-জাপান ২+২ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে।

 

মন্ত্ৰীসকলে এক ক্ৰমবৰ্ধমান জটিল আৰু অনিশ্চিত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশত দুয়োখন দেশৰ মাজত বৃদ্ধি পোৱা কৌশলগত অভিসৰণ আৰু বিশ্বাসৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু বৰ্তমানৰ ভূ-ৰাজনৈতিক, অৰ্থনৈতিক আৰু নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত 'ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব'ৰ অধীনত ঘনিষ্ঠ সমন্বয়ৰ গুৰুত্ব দোহাৰে। বিশ্বৰ আগশাৰীৰ গণতান্ত্ৰিক দেশ আৰু প্ৰধান অৰ্থনীতি হিচাপে মন্ত্ৰীসকলে আইনৰ শাসন, ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ নীতিৰ প্ৰতি সন্মান, আৰু ভাবুকি বা বল প্ৰয়োগৰ আশ্ৰয় নোলোৱাকৈ বিবাদৰ শান্তিপূৰ্ণ সমাধানৰ ওপৰত আধাৰিত এক মুক্ত, অবাধ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা বৰ্তাই ৰখা আৰু শক্তিশালী কৰাৰ প্ৰতি থকা তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে। তেওঁলোকে সকলো দেশে একপক্ষীয়ভাৱে স্থিতাৱস্থা সলনি কৰাৰ যিকোনো প্ৰচেষ্টাৰ পৰা বিৰত থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়ে।

মন্ত্ৰীসকলে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ মহাসাগৰৰ উদ্যোগ (আই পি অ’ আই) আৰু ক্ষেত্ৰসমূহৰ মাজত সুৰক্ষা আৰু বিকাশৰ বাবে পাৰস্পৰিক তথা সামগ্ৰিক অগ্ৰগতি (মহাসাগৰ)ৰ মাজৰ সমন্বয় বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে শান্তিপূৰ্ণ, সমৃদ্ধিশালী আৰু স্থিতিস্থাপক ভাৰত প্ৰশান্ত  মহাসাগৰ অঞ্চলত অৰিহণা যোগোৱা শেহতীয়া “মুক্ত আৰু মুকলি ভাৰত প্ৰশান্ত মহসাগৰ অঞ্চল (এফ অ’ আই পি)”ৰ  শলাগ লয় ।

ন্ত্ৰীসকলে ২০২৪ চনত অনুষ্ঠিত হোৱা যোৱা ২+২ বৈঠকৰ পিছৰে পৰা দ্বিপাক্ষিক সহযোগিতাৰ উল্লেখযোগ্য বিকাশত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁলোকে ক্ৰমে ২০২৫ চনৰ আগষ্ট আৰু ২০২৬ চনৰ জুলাইত অনুষ্ঠিত হোৱা ১৫ সংখ্যক আৰু ১৬ সংখ্যক ভাৰত-জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনৰ  পাৰস্পৰিক পৰিপূৰক সম্পৰ্ক গঢ়ি তোলাত প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতা, অৰ্থনৈতিক সুৰক্ষাকে ধৰি অৰ্থনৈতিক অংশীদাৰিত্ব, শক্তি স্থিতিস্থাপকতা, প্ৰযুক্তি আৰু উদ্ভাৱনৰ লগতে জনসাধাৰণৰ মাজত বিনিময় গভীৰ কৰিবলৈ নেতৃত্ব পৰ্যায়ৰ কৌশলগত দিশ নিৰ্দেশনা প্ৰদান কৰা ফলাফলক আদৰণি জনায়। দ্বিপাক্ষিক সহযোগিতা আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে আফ্ৰিকা, এছিয়া আৰু মধ্য প্ৰাচ্য/পশ্চিম এছিয়াৰ দৰে আঞ্চলিক বিষয় আৰু ৰাষ্ট্ৰসংঘৰ সংস্কাৰ, মহাকাশ, সামুদ্ৰিক ক্ষেত্ৰ, জলবায়ু পৰিৱৰ্তন, সন্ত্ৰাসবাদ আৰু আৰ্কটিককে ধৰি বহুপাক্ষিক কাৰ্যসূচীৰ লগতে নীতি পৰিকল্পনাৰ ক্ষেত্ৰত কূটনৈতিক কৰ্তৃপক্ষৰ মাজত দ্বিপাক্ষিক নীতি পৰামৰ্শ আৰু অধিক বৃদ্ধি কৰাত একমত হয়।

মন্ত্ৰীসকলে ২০২৫ চনৰ আগষ্টত অনুষ্ঠিত যোৱা বাৰ্ষিক শীৰ্ষ সন্মিলনত গ্ৰহণ কৰা সুৰক্ষা সহযোগিতাৰ যুটীয়া ঘোষণাৰ সৈতে সংগতি ৰাখি দুয়োখন দেশৰ মাজত বাঢ়ি অহা প্ৰতিৰক্ষা আৰু সুৰক্ষা অংশীদাৰিত্বক আদৰণি জনায়। মন্ত্ৰী মোটেগি আৰু মন্ত্ৰী কোইজুমিয়ে এই অঞ্চল আৰু ইয়াৰ সিপাৰে শান্তি আৰু সুৰক্ষা বজাই ৰাখিবলৈ ভাৰতৰ সৈতে সহযোগিতা বৃদ্ধিত অৰিহণা যোগাব পৰা  জাপানৰ ৰাষ্ট্ৰীয় সুৰক্ষা কৌশল, ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা কৌশল আৰু প্ৰতিৰক্ষা গঠন কাৰ্যসূচী সংশোধনৰ বাবে চলি থকা প্ৰচেষ্টাৰ বিষয়ে ব্যাখ্যা কৰে ।

মন্ত্ৰীসকলে ভাৰত-জাপান বিমান বাহিনীৰ অনুশীলন “বীৰ গাৰ্ডিয়ান ২৬”ৰ সময়ত জাপান বায়ু প্ৰতিৰক্ষা বাহিনী যুঁজাৰু বিমানৰ ভাৰতলৈ প্ৰথমবাৰৰ বাবে ভ্ৰমণৰ লগতে অনুশীলনৰ সৈতে সংগতি ৰাখি বায়ু প্ৰতিৰক্ষা বাহিনীৰ চীফ অৱ ষ্টাফৰ ভাৰত ভ্ৰমণকে ধৰি দুয়োখন বিমান সেৱাৰ দ্বিপাক্ষিক অনুশীলনৰ সম্প্ৰসাৰণ আৰু গভীৰতাত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁলোকে বৰ্ধিত জটিলতা, মানৱবিহীন প্ৰণালীৰ সংহতি আৰু কম সময়ৰ জাননীত দ্বিপাক্ষিক আৰু বহুপাক্ষিক অনুশীলন অনুসৰণৰ জৰিয়তে দ্বিপাক্ষিক অনুশীলনত সহযোগিতা আৰু অধিক গভীৰ কৰাত একমত হয়। তেওঁলোকে ভাৰতত ফায়াৰিং ৰেঞ্জ ব্যৱহাৰৰ দিশত অভিপ্ৰায় পত্ৰ স্বাক্ষৰক আদৰণি জনায়, যাৰ দ্বাৰা জাপান প্ৰতিৰক্ষা বাহিনীয়ে প্ৰথমবাৰৰ বাবে ভাৰতৰ ফায়াৰিং ৰেঞ্জত ভূমিৰ পৰা জাহাজলৈ ক্ষেপণাস্ত্ৰকে ধৰি লাইভ-ফায়াৰ প্ৰশিক্ষণ আদি অনুষ্ঠিত কৰিব। তেওঁলোকে ইয়াক সোনকালে বাস্তৱায়িত কৰাৰ দিশত দুয়োখন দেশৰ প্ৰতিৰক্ষা কৰ্তৃপক্ষৰ মাজত সমন্বয় ত্বৰান্বিত কৰাত একমত হয়।

মন্ত্ৰীসকলে ইউনিক’ৰ্ন  সম্পৰ্কীয় ব্যৱস্থাসমূহৰ সোনকালে প্ৰণয়ন আৰু ২০২৭ চনৰ ফেব্ৰুৱাৰীৰ ভিতৰত ভাৰতৰ দ্বাৰা প্ৰয়োজনীয়তাৰ স্বীকৃতি (এ অ’ এন)ৰ আশা প্ৰকাশ কৰে আৰু “জাপানৰ সৈতে ডিজাইন, ভাৰতত নিৰ্মাণ”ৰ কাঠামোৰ অধীনত প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা আৰু অধিক শক্তিশালী কৰালৈ আগ্ৰহেৰে বাট চোৱাৰ কথা প্ৰকাশ কৰে। তেওঁলোকে ২০২৬ চনৰ অক্টোবৰত টকিঅ'ত অনুষ্ঠিত হোৱা তৃতীয় ভাৰত-জাপান প্ৰতিৰক্ষা উদ্যোগ মঞ্চক আদৰণি জনায়।

শেহতীয়াকৈ স্বাক্ষৰিত সামুদ্ৰিক সুৰক্ষা সহযোগিতাৰ স্মাৰক ব্যৱস্থাক আদৰণি জনাই মন্ত্ৰীসকলে ভাৰতীয় নৌসেনা আৰু জাপান সামুদ্ৰিক আত্মৰক্ষা বাহিনীৰ মাজত তেওঁলোকৰ নিজ নিজ কৌশলগত আৰু কাৰ্যকৰী প্ৰয়োজনীয়তা পূৰণৰ বাবে দৃঢ় ফলাফল লাভ কৰিবলৈ সামুদ্ৰিক আৰু বায়ু ক্ষেত্ৰ সচেতনতা (এম ডি এ), অনুসন্ধান আৰু উদ্ধাৰ (এচ অ আৰ), তথ্য বিনিময় আৰু মানৱীয় সহায় আৰু দুৰ্যোগ সাহায্য (এইচ এ ডি আৰ) ক্ষেত্ৰত সহযোগিতা অন্তৰ্ভুক্ত কৰি দ্ৰুতগতিত আগবাঢ়ি যোৱাত একমত হয় । তেওঁলোকে নিশ্চিত কৰে যে প্ৰতিৰক্ষা কৰ্তৃপক্ষ মাইন প্ৰতিবিধান সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে নৌ জাহাজ নিৰ্মাণ আৰু ডিজাইনত যুটীয়া বিকাশৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁলোকে জাপান উপকূলৰক্ষী বাহিনীয়ে আৰম্ভ  কৰা ৰূপৰেখাৰে ২০২৭ চনৰ ফেব্ৰুৱাৰীত ভাৰতত অনুষ্ঠিত হ'বলগীয়া ৫ম উপকূলৰক্ষী বিশ্ব শীৰ্ষ সন্মিলন (চি জি জি এচ)ৰ লগতে দুয়োখন দেশৰ উপকূলৰক্ষী বাহিনীৰ মাজত বাঢ়ি অহা সহযোগিতাক আদৰণি জনায়।

মন্ত্ৰীসকলে ভাৰত আৰু জাপানৰ বাণিজ্যিক দূতাবাসৰ কৰ্তৃপক্ষৰ মাজত আলোচনা অনুষ্ঠিত কৰাত একমত হয়। এই আলোচনাত বিদেশত তেওঁলোকৰ নিজ নিজ নাগৰিকক সহায় কৰাৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে টেবুলটপ অনুশীলন (টি টি এক্স)কে ধৰি বাণিজ্যিক দূতাবাস সম্পৰ্কীয় বিষয়ৰ বিস্তৃত পৰিসৰৰ বিষয়ে আলোচনা কৰা হ'ব।

মন্ত্ৰীসকলে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সুৰক্ষিত আৰু স্থিতিস্থাপক ডিজিটেল সংযোগ শক্তিশালী কৰাৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে। তেওঁলোকে উদ্যোগ অংশীদাৰিত্বকে ধৰি বিশ্বাসযোগ্য, অতিৰিক্ত আৰু উচ্চ গতিৰ সাগৰৰ তলৰ কেবল নেটৱৰ্ক বিকশিত কৰাত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰাত আৰু গুৰুত্বপূৰ্ণ সাগৰৰ তলৰ যোগাযোগ আন্তঃগাঁথনিৰ সুৰক্ষা, নিৰ্ভৰযোগ্যতা আৰু স্থিতিস্থাপকতা নিশ্চিত কৰাৰ বাবে উত্তম অনুশীলনসমূহ বিনিময় কৰাত একমত হয়।

চাইবাৰ আক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীসকলে এ আই-সক্ষম চাইবাৰ সুৰক্ষা আৰু এ আই প্ৰণালীৰ সুৰক্ষাকে ধৰি গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ ওপৰত বিশেষ গুৰুত্ব সহ চাইবাৰ সুৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত একমত হয় । তেওঁলোকে তেওঁলোকৰ দলসমূহক চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত বৰ্তমানৰ সহযোগিতাৰ স্মাৰক পত্ৰ নবীকৰণ কৰিবলৈ আৰু ভাৰত-জাপান চাইবাৰ আলোচনাৰৰ পৰৱৰ্তী সংস্কৰণ সোনকালে অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে।

মন্ত্ৰীসকলে মহাকাশ পৰিস্থিতি সচেতনতা (এচ এচ এ), সামুদ্ৰিক ক্ষেত্ৰ সচেতনতা (এম ডি এ)ৰ বাবে মহাকাশৰ ব্যৱহাৰ, মহাকাশ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় নিয়ম আৰু নীতিসমূহ আৰু পাৰস্পৰিক স্বাৰ্থৰ অন্যান্য ক্ষেত্ৰকে ধৰি মহাকাশ ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰিত কৰাত একমত হয়। তেওঁলোকে ভাৰত-জাপান মহাকাশ আলোচনাৰ পৰৱৰ্তী সংস্কৰণ সোনকালে অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত একমত হয়।

ভাৰত-জাপান দ্বিপাক্ষিক সহযোগিতা তথা সামুদ্ৰিক আৰু আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা, অৰ্থনৈতিক সমৃদ্ধি আৰু সুৰক্ষা, সামুদ্ৰিক আৰু আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা, জটিল আৰু উদীয়মান প্ৰযুক্তি আৰু মানৱীয় সহায় আৰু জৰুৰীকালীন সঁহাৰিকে ধৰি কোৱাডৰ চাৰিটা অগ্ৰাধিকাৰ ক্ষেত্ৰৰ  মাজৰ সমন্বয়ক স্বীকৃতি দি মন্ত্ৰীসকলে দ্বিপাক্ষিক সহযোগিতাক কোৱাড উদ্যোগসমূহৰ পৰিপূৰক আৰু শক্তিশালী কৰিবলৈ আৰু ইণ্ডো-পেচিফিকৰ অংশীদাৰসকলক বাস্তৱ লাভ প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰাৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব দিয়ে। এই ক্ষেত্ৰত তেওঁলোকে ধাৰাবাহিক কোৱাড বৈদেশিক মন্ত্ৰী বৈঠকৰ লগতে ২০২৬ চনৰ নৱেম্বৰত অনুষ্ঠিত কোৱাড নেতাসকলৰ শীৰ্ষ সন্মিলনক আদৰণি জনায়।

মন্ত্ৰীসকলে আঞ্চলিক স্থিতিস্থাপকতা শক্তিশালী কৰিবলৈ আৰু শান্তি, স্থিৰতা তথা সমৃদ্ধি বৃদ্ধি কৰিবলৈ আছীয়ান সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে সহযোগিতাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। এই প্ৰসংগত তেওঁলোকে এই অক্টোবৰত অনুষ্ঠিত প্ৰথম ভাৰত-জাপান-ফিলিপাইনছ ত্ৰিপাক্ষিক ১.৫ সংলাপৰ লগতে ২০২৬ চনৰ ফেব্ৰুৱাৰীত ভাৰত, জাপান আৰু ইণ্ডোনেছিয়াৰ মাজত অনুষ্ঠিত প্ৰথম ত্ৰিপাক্ষিক নৌ পাচেক্স অনুশীলনক আদৰণি জনায়।

মন্ত্ৰীসকলে অতিৰিক্ত ক্ষমতাৰ সৃষ্টি কৰি গুৰুত্বপূৰ্ণ উদ্যোগসমূহত বিশ্ব যোগান শৃংখল ব্যাহত কৰা স্বেচ্ছাচাৰী ৰপ্তানি নিষেধাজ্ঞাৰ জৰিয়তে আৰু বজাৰ-বহিৰ্ভূত নীতি তথা অনুশীলন অন্তৰ্ভুক্ত কৰি অৰ্থনৈতিক বলপ্ৰয়োগৰ বিষয়ে তেওঁলোকৰ গভীৰ উদ্বেগ পুনৰ ব্যক্ত কৰে। তেওঁলোকে সামূহিক স্থিতিস্থাপকতা ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ন্যায্য প্ৰতিযোগিতামূলক বিশ্ব পৰিৱেশ বজাই ৰখা আৰু সমমনস্ক অংশীদাৰসকলৰ মাজত স্থিতিস্থাপক আৰু নিৰ্ভৰযোগ্য যোগান শৃংখল স্থাপন তথা সুৰক্ষিত কৰাৰ গুৰুত্ব সন্দৰ্ভত একমত হয় ।

এনে মতামতৰ আধাৰত মন্ত্ৰীসকলে ষোড়শ বাৰ্ষিক শীৰ্ষ সন্মিলনত অৰ্থনৈতিক সুৰক্ষা সহযোগিতাৰ যুটীয়া ঘোষণা গ্ৰহণক আদৰণি জনোৱাৰ লগতে অৰ্ধপৰিবাহী, জটিল খনিজ, তথ্য আৰু যোগাযোগ প্ৰযুক্তি, পৰিষ্কাৰ শক্তি আৰু ঔষধকে ধৰি কৌশলগত খণ্ডসমূহত দৃঢ়, প্ৰকল্প-আধাৰিত সহযোগিতা বৃদ্ধি কৰাত একমত হয়। অৰ্থনৈতিক সুৰক্ষা আলোচনাৰ দ্বিতীয় ৰাউণ্ড আৰু প্ৰথম ব্যক্তিগত খণ্ডৰ অৰ্থনৈতিক সুৰক্ষা আলোচনাৰ অধীনত হোৱা অগ্ৰগতিক আদৰণি জনাই তেওঁলোকে স্থিতিস্থাপক আৰু বৈচিত্ৰ্যপূৰ্ণ যোগান শৃংখল শক্তিশালী কৰা তথা কৌশলগত দুৰ্বলতা হ্ৰাস কৰাৰ সুযোগ চিনাক্ত কৰিবলৈ সংশ্লিষ্ট চৰকাৰী সংস্থা, উদ্যোগ আৰু গৱেষণা প্ৰতিষ্ঠানৰ মাজত ঘনিষ্ঠ সম্পৰ্কক উৎসাহিত কৰে। তেওঁলোকে ট্ৰেক ১.৫ সংলাপৰ উদ্বোধনী বৈঠক আৰু অনুসৰণ ব্যৱস্থা সোনকালে অনুষ্ঠিত কৰা সন্দৰ্ভত একমত হয়।

মন্ত্ৰীসকলে নিশ্চিত কৰে যে ভাৰত আৰু জাপান, কৃত্ৰিম বুদ্ধিমত্তা (এ আই)ৰ ক্ষেত্ৰত কৌশলগত গৱেষণা আৰু বিকাশৰ অংশীদাৰ। তেওঁলোকে নেতাসকলৰ শীৰ্ষ সন্মিলন বৈঠকত কৃত্ৰিম বুদ্ধিমত্তা (এ আই)ৰ ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভত ভাৰত-জাপান যুটীয়া বিবৃতি গ্ৰহণক আদৰণি জনায় আৰু “জাপান-ভাৰত এ আই সহযোগিতা উদ্যোগ (জাই)”ৰ অধীনত এ আই পৰিস্থিতিতন্ত্ৰৰ ওপৰত সহযোগিতা আৰু অধিক গভীৰ কৰা সন্দৰ্ভত একমত হয়। তেওঁলোকে দুয়োখন দেশৰ ৰাষ্ট্ৰীয় সামৰ্থ্য বৃদ্ধি কৰিবলৈ সহযোগিতা কৰাৰ কথা নিশ্চিত কৰাৰ লগতে তেওঁলোকৰ কৌশলগত, অৰ্থনৈতিক আৰু সামাজিক অগ্ৰাধিকাৰসমূহ সম্বোধন কৰিবলৈ এ আই পৰিস্থিতিতন্ত্ৰৰ সহ-সৃষ্টি ত্বৰান্বিত কৰাৰ আহ্বান জনায়।

মন্ত্ৰীসকলে সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদকে ধৰি সকলো ৰূপ আৰু প্ৰকাৰৰ সন্ত্ৰাসবাদ তথা হিংসাত্মক চৰমপন্থাক দ্ব্যৰ্থহীনভাৱে আৰু দৃঢ়ভাৱে গৰিহণা দিয়ে আৰু আল কায়দা, আইছিছ/ডায়েছ, লস্কৰ-ই-তৈবা, জৈশ-ই-মহম্মদকে ধৰি ৰাষ্ট্ৰসংঘৰ তালিকাভুক্ত সকলো সন্ত্ৰাসবাদী গোট আৰু সংস্থাৰ বিৰুদ্ধে সমন্বিত পদক্ষেপৰ আহ্বান জনোৱাৰ লগতে সন্ত্ৰাসবাদীৰ নিৰাপদ আশ্ৰয়স্থল উৎখাত কৰাৰ উপৰি সন্ত্ৰাসবাদী বিত্তীয়কৰণৰ চেনেল তথা আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ সৈতে ইয়াৰ সংযোগ নিঃশেষ কৰিবলৈ তথা সন্ত্ৰাসবাদীৰ সীমান্ত পাৰ হোৱা চলাচল বন্ধ কৰিবলৈ দৃঢ় পদক্ষেপ ল'বলৈ আহ্বান জনায়।

মন্ত্ৰীসকলে স্থায়ী আৰু অস্থায়ী উভয় শ্ৰেণীতে সম্প্ৰসাৰণ অন্তৰ্ভুক্ত কৰি ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদ (ইউ এন এচ চি)ৰ সংস্কাৰৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে। এই ক্ষেত্ৰত বৰ্তমানৰ ভূ-ৰাজনৈতিক বাস্তৱতাক ভালদৰে প্ৰতিফলিত কৰাৰ উদ্দেশ্যে অধিকাংশ সদস্য ৰাষ্ট্ৰই সমৰ্থন কৰে। তেওঁলোকে সংস্কাৰ কৰা ইউ এন এচ চিত স্থায়ী আসনৰ বাবে ইজনে সিজনৰ প্ৰাৰ্থিত্বৰ হকে পাৰস্পৰিক সমৰ্থন প্ৰকাশ কৰে। তেওঁলোকে সন্তুষ্টিৰে লক্ষ্য কৰে যে ভাৰত আৰু জাপানে ২০২৮-২৯ আৰু ২০৩৩-৩৪ চনত অস্থায়ী আসনৰ বাবে নিজ নিজ প্ৰাৰ্থিত্বৰ বাবে পাৰস্পৰিক সমৰ্থন নিশ্চিত কৰিছে।

মন্ত্ৰীসকলে ২০২৭ চনত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫ সংখ্যক বাৰ্ষিকীক ভাৰত-জাপান বিনিময়ৰ দিগন্তৰ বছৰ হিচাপে বছৰজুৰি স্মাৰক কাৰ্যসূচীৰে উদযাপন কৰাত একমত হয়। তেওঁলোকে ৭৫ সংখ্যক বাৰ্ষিকীৰ বাবে চৰকাৰী প্ৰতীকৰ ঘোষণাক আদৰণি জনায়। তেওঁলোকে উদযাপনৰ আৰম্ভণি হিচাপে জাপানৰ চানো চহৰত অনুষ্ঠিত ভাৰত-জাপান ক্ৰিকেট খেলকো আদৰণি জনায়। তেওঁলোকে একমত হয় যে এই মাইলৰ খুঁটিয়ে বন্ধুত্ব আৰু পাৰস্পৰিক বুজাবুজি আৰু অধিক শক্তিশালী কৰিবলৈ তথা দুয়োখন দেশৰ জনসাধাৰণৰ মাজত বিনিময় সম্প্ৰসাৰিত কৰিবলৈ এক গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰিব।

মন্ত্ৰীসকলে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সুৰক্ষাৰ বিকাশৰ ওপৰত নিয়মীয়া পৰামৰ্শ অনুষ্ঠিত কৰাৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰাৰ লগতে এই ক্ষেত্ৰত বিনিময় আৰু অধিক শক্তিশালী কৰিবলৈ সন্মত হয়। তেওঁলোকে পৰৱৰ্তী ২+২ মন্ত্ৰী পৰ্যায়ৰ বৈঠক ভাৰতত পাৰস্পৰিকভাৱে সুবিধাজনক তাৰিখত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়।

image.jpeg

image.jpeg

****

SR/Savvy/DD


(ৰিলিজ আই ডি : 2338871) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali , Tamil , Kannada