পোষ্ট কৰা হৈছে:
19 NOV 2026 4:42PM by PIB Guwahati
ভাৰত আৰু মালয়েছিয়াৰ যৌথ সামৰিক অনুশীলন ‘হৰিমাউ শক্তি’ -ৰ ৬ষ্ঠ সংস্কৰণ আজি মালয়েছিয়াৰ ইপোহত আৰম্ভ হৈছে। এই অনুশীলন ১৯ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰ ২০২৬-লৈ অনুষ্ঠিত হ’ব।
দুয়োখন দেশৰ দলত ১২০ গৰাকীকৈ সৈন্য অন্তৰ্ভুক্ত আছে। ‘হৰিমাউ শক্তি’ অনুশীলন হৈছে ভাৰত আৰু মালয়েছিয়াত পৰ্যায়ক্ৰমে অনুষ্ঠিত হোৱা এক দ্বিপাক্ষিক সামৰিক প্ৰশিক্ষণ কাৰ্যসূচী।
এই অনুশীলনৰ মূল উদ্দেশ্য হৈছে ৰাষ্ট্ৰসংঘৰ চনদৰ সপ্তম অধ্যায়ৰ অধীনত উপ-পৰম্পৰাগত অভিযান পৰিচালনাৰ কৰাৰ যুটীয়া অনুশীলন কৰা, য’ত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত সমন্বিত সঁহাৰি প্ৰদানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। আন্তঃকাৰ্যক্ষমতা আৰু অভিযানৰ কাৰ্যকাৰিতা বৃদ্ধিৰ বাবে যৌথ পৰিকল্পনা, কৌশলগত সমন্বয় আৰু উদীয়মান প্ৰযুক্তিৰ ব্যৱহাৰক অন্তৰ্ভুক্ত কৰি অৰণ্য আৰু অৰ্ধ-নগৰীয়া অঞ্চলত সমন্বিত অভিযান চলোৱাৰ ওপৰত এই অনুশীলনে গুৰুত্ব আৰোপ কৰিব।
এই অনুশীলন ক্ৰমবৰ্ধমান পৰ্যায়ত অনুষ্ঠিত হ'ব। পৰস্পৰৰ কাৰ্যকৰী পদ্ধতিৰ সৈতে পৰস্পৰৰ-প্ৰশিক্ষণ আৰু পৰিচিতিৰে আৰম্ভণি হোৱাৰ পাছত যুটীয়া কৌশলগত অনুশীলন অনুষ্ঠিত হ'ব। প্ৰশিক্ষণ কাৰ্যসূচীত যুটীয়া কমাণ্ড পোষ্ট আৰু নিৰীক্ষণ কেন্দ্ৰ স্থাপন, সন্ত্ৰাসবাদ বিৰোধী অভিযান, ঘেৰাও আৰু তালাচী অভিযান তথা যুদ্ধ অভিযান্ত্ৰিক অনুশীলন অন্তৰ্ভুক্ত থাকিব। চোৰাংচোৱাগিৰি আৰু নিৰীক্ষণৰ বাবে মানৱবিহীন বিমান প্ৰণালী (ইউ এ এচ)ৰ সংহত ব্যৱহাৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ লগতে শত্ৰুৰ ড্ৰোন চিনাক্ত কৰি নিষ্ক্ৰিয় কৰিবলৈ কাউণ্টাৰ-মানৱবিহীন বিমান প্ৰণালী (চি-(ইউ এ এচ) সামৰ্থ্যৰ ওপৰতো গুৰুত্ব দিয়া হ'ব।
সমন্বিত স্থল অভিযান, সংহত নিৰীক্ষণ আৰু মানৱবিহীন প্ৰণালীৰ ব্যৱহাৰক সামৰি লোৱা এক অনুকৰণীয় সন্ত্ৰাসবাদ বিৰোধী পৰিস্থিতিৰ সৈতে জড়িত যুটীয়া বৈধকৰণ অনুশীলনৰ জৰিয়তে এই অনুশীলনৰ সামৰণি পৰিব ।
হৰিমাউ শক্তি অনুশীলনে দুয়োখন দেশৰ সেনাবাহিনীকে কৌশল, কৌশল আৰু পদ্ধতিৰ ক্ষেত্ৰত উত্তম অনুশীলন বিনিময় কৰাৰ সুযোগ প্ৰদান কৰাৰ লগতে আন্তঃকাৰ্যক্ষমতা আৰু পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰিব। এই অনুশীলনে ভাৰত আৰু মালয়েছিয়াৰ মাজত প্ৰতিৰক্ষা সহযোগিতা আৰু দ্বিপাক্ষিক সামৰিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ জৰিয়তে আঞ্চলিক শান্তি আৰু স্থিৰতাত অৰিহণা যোগাব।

****
Nishant / Ashish/DD