২০০৭ চনত ১৮খন দেশৰ ২০৪গৰাকী প্ৰতিনিধিৰ এক সাধাৰণ সমাৱেশ হিচাপে আৰম্ভ হোৱা ফিল্ম বজাৰ (Film Bazaar) ২০২৫ চনলৈ ৪০খনতকৈও অধিক দেশৰ ২,৫০০ৰো অধিক প্ৰতিনিধিক আদৰণি জনোৱা এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বাণিজ্যিক মঞ্চৰূপে পৰিগণিত হৈছে। ভাৰতীয় চলচ্চিত্ৰ জগতক বিশ্বৰ চলচ্চিত্ৰ উদ্যোগৰ সৈতে সংযোগ কৰা এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে ই ক্ৰমাৎ বিকশিত হৈছে। ২০ বছৰ সম্পূৰ্ণ কৰাৰ এই বিশেষ ক্ষণত ৱেভছ ফিল্ম বজাৰ (WAVES Film Bazaar)-এ সৃষ্টিশীল সহযোগিতাৰ প্ৰসাৰ, নতুন কাহিনীৰ সন্ধান আৰু ভাৰতীয় চলচ্চিত্ৰৰ বাবে বিশ্বজুৰি নতুন সুযোগৰ দুৱাৰ মুকলি কৰাৰ দুটা দশকৰ যাত্ৰা উদযাপন কৰিছে।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ নেচনেল ফিল্ম ডেভেলপমেণ্ট কৰ্প’ৰেচন (NFDC)-এ ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ৰ অংশ হিচাপে আয়োজন কৰা ৱেভছ ফিল্ম বজাৰ (WAVES Film Bazaar) হৈছে বৃহত্তৰ ৱৰ্ল্ড অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিট (WAVES) পদক্ষেপৰ এক অবিচ্ছেদ্য অংগ। ‘ভাৰতত সৃষ্টি, বিশ্বৰ বাবে সৃষ্টি’ শীৰ্ষক দৃষ্টিভংগীৰে পৰিচালিত এই মঞ্চৰ লক্ষ্য হৈছে সহ-প্ৰযোজনা, বিত্তীয় সহযোগিতা, বিতৰণ আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ জৰিয়তে ভাৰতৰ সৃষ্টিশীল সম্ভাৱনাক বিশ্বজুৰি নতুন সুযোগলৈ ৰূপান্তৰিত কৰা।

ৱেভছ ফিল্ম বজাৰ (WAVES Film Bazaar) -ৰ ২০ সংখ্যক সংস্কৰণৰ উদ্বোধনী অনুষ্ঠান ২০২৬ চনৰ ২০ নৱেম্বৰত তাজ চিডাডে ডি গোৱা হৰাইজনৰ দ্য বলৰুমত অনুষ্ঠিত হ’ব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰে আদৰণি ভাষণ প্ৰদান কৰিব। ইয়াৰ পিছতে সন্মানীয় অতিথি হিচাপে মহোৎসৱৰ সঞ্চালক শ্ৰী আশুতোষ গোৱাৰিকৰে ভাষণ প্ৰদান কৰিব। এন এফ ডি চি (NFDC)-ৰ অধ্যক্ষ শ্ৰী জি কৃষ্ণকুমাৰে উদ্বোধনী ভাষণ প্ৰদান কৰাৰ বিপৰীতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী প্ৰভাত কুমাৰে শলাগৰ শৰাই আগবঢ়াব। এন এফ ডি চি (NFDC)-ৰ পৰিচালন সঞ্চালক শ্ৰী ধীৰাজ সিঙো অনুষ্ঠানত উপস্থিত থাকিব। আনুষ্ঠানিক কাৰ্যসূচীৰ পিছত ফিল্ম বজাৰ (Film Bazaar)-ৰ দলে ৱেভছ ফিল্ম বজাৰ (WAVES Film Bazaar) -ৰ সৈতে পৰিচিত হওক’ শীৰ্ষক এক উপস্থাপন আগবঢ়াব।
কাহিনী আৰু সম্ভাৱনাৰ এক বাণিজ্যিক মঞ্চ
দুটা দশকৰো অধিক সময় ধৰি ফিল্ম বজাৰ (Film Bazaar)-এ নেটৱৰ্কিং অনুষ্ঠানৰ পৰিসৰ অতিক্ৰম কৰি চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক, বিনিয়োগকাৰী, বিতৰক, বিক্ৰী প্ৰতিনিধি আৰু চলচ্চিত্ৰ মহোৎসৱৰ কাৰ্যসূচী নিৰ্ধাৰকসকলক সংযোগ কৰা এক সুসংগঠিত বাণিজ্যিক মঞ্চৰ ৰূপ লৈছে। এনএফডিচি স্ক্ৰীনৰাইটাৰ্ছ লেব, কো-প্ৰডাকশ্যন মাৰ্কেট আৰু ৱৰ্ক-ইন-প্ৰগ্ৰেছ লেব আদি পদক্ষেপৰ জৰিয়তে ইয়াৰ বিভিন্ন কাৰ্যসূচীয়ে নিৰ্মাণৰ বিভিন্ন পৰ্যায়ত থকা চলচ্চিত্ৰসমূহক সহায় আগবঢ়ায়।
তদুপৰি, ভিউইং ৰূম, মাৰ্কেট স্ক্ৰীনিংছ, বিশেষভাৱে আয়োজিত বি টু বি বৈঠক আৰু নলেজ ছিৰিজে নতুন প্ৰকল্পৰ সন্ধান, চলচ্চিত্ৰ উদ্যোগৰ সৈতে সম্পৰ্ক গঢ়ি তোলা আৰু সম্ভাৱ্য সহযোগিতাৰ পথ অধিক সুগম কৰি তোলে।
২০২৫ চনৰ সংস্কৰণটো ৫৬ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ৰ সৈতে সংগতি ৰাখি ২০ৰ পৰা ২৪ নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হৈছিল। এই অনুষ্ঠানত ৪০খনতকৈও অধিক দেশৰ ২,৫০০ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। ইয়াত ৩২০টা প্ৰকল্প প্ৰদৰ্শন কৰা হৈছিল আৰু ২২০ৰো অধিক ক্ৰেতাৰ অংশগ্ৰহণেৰে ১,২০০ৰো অধিক একক ব্যৱসায়িক বৈঠকৰ ব্যৱস্থা কৰা হৈছিল। ব্যৱসায়িক আলোচনা আৰু দৰ-দামৰ মুঠ মূল্য প্ৰায় ১,০৫০ কোটি টকা বুলি নিৰ্ধাৰণ কৰা হৈছিল। অনুষ্ঠানৰ সমান্তৰালভাৱে প্ৰায় ১০০ কোটি টকাৰ বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত হোৱা বুলিও প্ৰকাশ পাইছিল।
ৱেভছ বজাৰ(WAVES Bazaar): বাৰ্ষিক বাণিজ্যিক মঞ্চৰ পৰিসৰ অতিক্ৰম কৰি ভাৰতৰ সৃষ্টিশীল সম্ভাৱনাৰ বিশ্বজুৰি প্ৰসাৰ
ৱেভছ ( WAVES )পদক্ষেপৰ পৰিসৰ বাৰ্ষিক ফিল্ম বজাৰ(Film Bazaar)তে সীমাবদ্ধ নহয়। ২০২৫ চনৰ জানুৱাৰীত আৰম্ভ কৰা ৱেভছ বজাৰ(WAVES Bazaar)-ৰ জৰিয়তে ইয়াক বছৰজুৰি সক্ৰিয় এক আন্তঃৰাষ্ট্ৰীয় বি টু বি মঞ্চলৈ সম্প্ৰসাৰিত কৰা হৈছে। চলচ্চিত্ৰ, দূৰদৰ্শন, অ’ টি টি , এনিমেশ্যন, ভি এফ এক্স , গেমিং, সংগীত আৰু অন্যান্য সৃষ্টিশীল ক্ষেত্ৰক সামৰি লোৱা এই মঞ্চই সৃষ্টিকৰ্তা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক সম্ভাৱ্য ক্ৰেতা আৰু সহযোগীসকলৰ সৈতে সংযোগ কৰে।
২০২৬ চনৰ অক্টোবৰ মাহৰ অগ্ৰগতিৰ টোকা অনুসৰি, ৱেভছ বজাৰ(WAVES Bazaar)ত ১২,৫০০ৰো অধিক সক্ৰিয় ব্যৱহাৰকাৰী আছিল। ইয়াৰ ভিতৰত ৫,০০০ৰো অধিক ক্ৰেতা আৰু প্ৰায় ৬,৫০০ বিক্ৰেতা আছিল। লগতে, ইয়াত ২,৮০০ৰো অধিক সক্ৰিয় প্ৰকল্প আছিল। কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ সহায়ত পৰিচালিত অৰ্থভিত্তিক অনুসন্ধান, উপযুক্ত পক্ষৰ মাজত সংযোগ স্থাপন, ভাৰ্চুৱেল উপস্থাপন আৰু অনলাইন বি টু বি বৈঠকৰ সুবিধাই সৃষ্টিকৰ্তা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক সম্ভাৱ্য অংশীদাৰ চিনাক্ত কৰাত সহায় কৰে। ইয়াৰ ফলত প্ৰত্যক্ষ অনুষ্ঠানসমূহৰ বাহিৰতো চলচ্চিত্ৰ আৰু মনোৰঞ্জন উদ্যোগৰ সৈতে সম্পৰ্ক আৰু সহযোগিতা অব্যাহত ৰখাৰ সুযোগ সৃষ্টি হৈছে।
অষ্ট্ৰেলিয়া, জাপান, দক্ষিণ কোৰিয়া, ইটালী, জাৰ্মানী, কানাডা, ফ্ৰান্স আৰু স্পেইনকে ধৰি বিভিন্ন দেশত আন্তঃৰাষ্ট্ৰীয় পৰিসৰত সম্প্ৰসাৰিত হোৱা ইয়াৰ কাৰ্যকলাপে ভাৰতীয় সৃষ্টিশীল উদ্যোগসমূহৰ বাবে নতুন নতুন সুযোগ মুকলি কৰিছে। গেমছকম(Gamescom), টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ভেনিচ আৰু মিপকম(MIPCOM)কে ধৰি বিশ্বৰ বিভিন্ন উদ্যোগভিত্তিক মঞ্চত অংশগ্ৰহণৰ ফলত আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় হৈছে।
এই পদক্ষেপসমূহে ভাৰতীয় সৃষ্টিশীল প্ৰতিভাক ‘শিল্প-নৈপুণ্যৰ পৰা বাণিজ্যলৈ’ লৈ যোৱাৰ এক বৃহত্তৰ প্ৰচেষ্টাৰ প্ৰতিফলন ঘটাইছে। ইয়াৰ জৰিয়তে সমল সৃষ্টি, বৌদ্ধিক সম্পত্তি আৰু সৃষ্টিশীল উদ্যোগৰ ক্ষেত্ৰত ভাৰতক বিশ্বজনীন কেন্দ্ৰ হিচাপে অধিক শক্তিশালী ৰূপত গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে।
ৱেভছ ফিল্ম বজাৰ (WAVES Film Bazaar)-এ ইয়াৰ যাত্ৰাৰ দুটা দশক সম্পূৰ্ণ কৰাৰ এই ক্ষণতো স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতা, আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ আৰু উদীয়মান সৃষ্টিশীল প্ৰতিভাসমূহৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ, অংশীদাৰিত্ব গঢ়ি তোলা আৰু ভাৰতীয় কাহিনীসমূহ বিশ্বৰ দৰ্শকৰ কাষলৈ লৈ যোৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে নিজৰ ভূমিকা অব্যাহত ৰাখিছে।
* * *
PIB IFFI Team | Rajith Chandran/Supriya Ghaytadak/Lekshmi Priya/Nikhitha A. S./ Darshana Rane | IFFI 57 - 035