জল শক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

খোৱাপানী আৰু অনাময় বিভাগৰ উদ্যোগত জিলা উপায়ুক্তৰ ১৪সংখ্যক ‘পেয়জল সংবাদ’ সম্পন্ন


জল জীৱন মিছন ২.০-ৰ অধীনত সামূহিক মালিকানা, দক্ষতা বিকাশ, পৰিচালনা আৰু তত্বাৱধান, উৎসৰ বহনক্ষমতা আৰু ২৪x৭ গ্ৰাম্য পানী যোগানৰ ক্ষেত্ৰত হিমাচল প্ৰদেশ, গুজৰাট, অসম আৰু ত্ৰিপুৰাৰ চাৰিখন জিলাই প্ৰদৰ্শন কৰিলে উদ্ভাৱনীমূলক কাৰ্যপন্থা

পোষ্ট কৰা হৈছে: 19 NOV 2026 3:38PM by PIB Guwahati

জল শক্তি মন্ত্ৰালয়ৰ অধীনস্থ খোৱাপানী আৰু অনাময় বিভাগে (ডি ডি ডব্লিউ এছ) আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জিলা উপায়ুক্তসকলৰ পেয়জল সংবাদৰ ১৪সংখ্যক সংস্কৰণৰ অনুষ্ঠিত কৰে। এই কাৰ্যসূচীত জ্যেষ্ঠ বিষয়াসকল, জিলা উপায়ুক্ত/জিলা দণ্ডাধীশসকল আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মিছন সঞ্চালকসকলে অংশগ্ৰহণ কৰে। ইয়াত জল জীৱন মিছন (জে জে এম) ২.০ৰ ৰূপায়ণ ক্ষিপ্ৰতৰ কৰা আৰু উত্তম পদ্ধতিসমূহৰ আদান-প্ৰদানৰ বিষয়ে আলোচনা কৰা হয়।

এই সংবাদৰ সভাপতিত্ব কৰে ৰাষ্ট্ৰীয় জল জীৱন মিছনৰ (এন জে জে এম) অতিৰিক্ত সচিব তথা মিছন সঞ্চালক শ্ৰী কমল কিশোৰ ছোৱানে। খোৱাপানী আৰু অনাময় বিভাগ (ডি ডি ডব্লিউ এছ) আৰু ৰাষ্ট্ৰীয় প্ৰকল্প নিৰীক্ষণ গোটসমূহৰ জ্যেষ্ঠ বিষয়াসকলো অনুষ্ঠানত উপস্থিত থাকে।

আদৰণী ভাষণত ৰাষ্ট্ৰীয় জল জীৱন মিছনৰ অতিৰিক্ত সচিব তথা মিছন সঞ্চালক শ্ৰী কমল কিশোৰ ছোৱানে উল্লেখ কৰে যে জিলা উপায়ুক্তসকলৰ পেয়জল সংবাদ সমগ্ৰ দেশৰ তৃণমূল পৰ্যায়ৰ উদ্ভাৱনীমূলক পদক্ষেপ আৰু জিলা পৰ্যায়ৰ অভিজ্ঞতাসমূহৰ আদান-প্ৰদানৰ গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে পৰিগণিত হৈছে। তেওঁ লগতে গুৰুত্ব আৰোপ কৰে যে এই সংবাদত উপস্থাপন কৰা উত্তম পদ্ধতিসমূহ সংকলন কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কেবিনেট সচিবালয়, নিটি আয়োগ আৰু অন্যান্য সংশ্লিষ্ট মন্ত্ৰালয়কে ধৰি গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহৰ সৈতে আদান-প্ৰদান কৰা হয়, যাতে এই পদ্ধতিসমূহৰ বহুল প্ৰসাৰ আৰু নীতি-নিৰ্ধাৰণৰ ক্ষেত্ৰত অভিজ্ঞতাৰ পৰা শিক্ষা গ্ৰহণ সম্ভৱ হয়।

তেওঁ জিলা উপায়ুক্তসকলক জিলা জল আৰু অনাময় সমিতিসমূহ (ডি ডব্লিউ এছ চি)ৰ নিয়মীয়া মাহেকীয়া বৈঠক অনুষ্ঠিত কৰা, তথ্য-প্ৰমাণভিত্তিক পৰিকল্পনাৰ বাবে সিদ্ধান্ত গ্ৰহণ সহায়ক ব্যৱস্থাৰ (ডি এছ এছ) সক্ৰিয় ব্যৱহাৰ কৰা আৰু জল সেৱা আংকলনৰ সময়ত চিনাক্ত কৰা অভাৱসমূহ জিলা পৰ্যায়ৰ উন্নয়ন পৰিকল্পনাৰ (ডি আই পি) জৰিয়তে পৰ্যালোচনা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়। লগতে, তেওঁ ৰাজ্য আৰু জিলাসমূহক ষষ্ঠদশ বিত্ত আয়োগৰ অধীনত উপলব্ধ সুযোগসমূহৰ সদ্ব্যৱহাৰ কৰিবলৈ, সম্প্ৰদায়ৰ অংশগ্ৰহণ শক্তিশালী কৰিবলৈ আৰু জল জীৱন মিছনৰ অধীনত নিৰ্মাণ কৰা গ্ৰাম্য পানী যোগানৰ আন্তঃগাঁথনিৰ বহনক্ষমতা নিশ্চিত কৰাৰ বাবে চৰকাৰী প্ৰতিষ্ঠান তথা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আই টি আই), গ্ৰাম্য স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান (আৰ এছ ই টি আই) আৰু ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান (এছ আৰ এল এম)ৰ দৰে ব্যৱস্থাৰ জৰিয়তে দক্ষতা বিকাশৰ প্ৰসাৰৰ আহ্বান জনায়।

ৰাষ্ট্ৰীয় জল জীৱন মিছনৰ সঞ্চালক শ্ৰীমতী পূজা ভাটে জল জীৱন মিছন ২.০ৰ অধীনত দক্ষতা বিকাশ সন্দৰ্ভত এক উপস্থাপন আগবঢ়ায়। গ্ৰাম্য খোৱাপানী খণ্ডত সৃষ্টি হ’ব পৰা নিয়োগৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে অধ্যয়নসমূহে পানী যোগান ব্যৱস্থাৰ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ বাবে দক্ষ স্থানীয় কৰ্মশক্তি গঢ়ি তোলাৰ যথেষ্ট সুযোগ থকাৰ কথা প্ৰকাশ কৰিছে। তেওঁ জিলা পৰ্যায়ৰ কাৰিকৰী গোটসমূহৰ সহযোগিতাৰে জল জীৱন মিত্ৰ, বহুমুখী দক্ষতাসম্পন্ন কাৰিকৰী কৰ্মী, ডিপ্ল’মাধাৰী অপাৰেটৰ আৰু তদাৰকী কৰ্মচাৰীসকলক সামৰি প্ৰস্তাৱিত দক্ষতা বিকাশৰ কাঠামোৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰে। লগতে, তেওঁ ‘সুজলম শক্তি’ পদক্ষেপৰ বিষয়েও আলোকপাত কৰে, যাৰ লক্ষ্য হৈছে পানীৰ গুণগত মান নিৰীক্ষণ, সম্প্ৰদায়ৰ অংশগ্ৰহণ বৃদ্ধি আৰু জলসম্পদ তথা পানী যোগানৰ আন্তঃগাঁথনিৰ সুৰক্ষাৰ ক্ষেত্ৰত মহিলাসকলৰ অধিক সক্ৰিয় ভূমিকা নিশ্চিত কৰি তেওঁলোকক সবলীকৰণ কৰা।

খোৱাপানীৰ আন্তঃগাঁথনিৰ দীৰ্ঘম্যাদী বহনক্ষমতা নিশ্চিত কৰাৰ বাবে সুপৰিকল্পিত প্ৰশিক্ষণ কাৰ্যসূচী, চৰকাৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ সৈতে সমন্বয় আৰু ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মচাৰীসকলৰ বাবে পুনৰ প্ৰশিক্ষণৰ ব্যৱস্থাৰ জৰিয়তে স্থানীয় দক্ষতা আৰু সামৰ্থ্য শক্তিশালী কৰাৰ গুৰুত্বৰ ওপৰতো উপস্থাপনটোত বিশেষভাৱে আলোকপাত কৰা হয়।

উপস্থাপনৰ জৰিয়তে জিলাসমূহে আদান-প্ৰদান কৰা উদ্ভাৱনীমূলক উত্তম পদ্ধতিসমূহ

পেয়জল সংবাদৰ সময়ত মুঠ চাৰিখন জিলাই জল জীৱন মিছন ২.০ৰ অধীনত নিজৰ অগ্ৰগতি আৰু ক্ষেত্ৰ পৰ্যায়ত গ্ৰহণ কৰা উত্তম পদ্ধতিসমূহ উপস্থাপন কৰে। এই উপস্থাপনসমূহে আন ৰাজ্যৰ জিলাসমূহকো অধিক উন্নতভাৱে কাম-কাজ আগবঢ়াই নিয়াত সহায় কৰিব। প্ৰতিটো উপস্থাপন সংশ্লিষ্ট জিলাৰ উপায়ুক্ত/জিলা দণ্ডাধীশে আগবঢ়ায়।

  • কাংৰা নগৰ, হিমাচল প্ৰদেশ –উপায়ুক্ত শ্ৰী হেমৰাজ বাইৰৱা: তেওঁ ভৌগোলিকভাৱে প্ৰত্যাহ্বানপূৰ্ণ হিমালয়ান অঞ্চলটোত বহনক্ষম খোৱাপানী সেৱা নিশ্চিত কৰাৰ বাবে জিলাখনে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উপস্থাপন কৰে। তেওঁ জনায় যে জিলাখনে ১০০ শতাংশ সামৰি লোৱাৰ লক্ষ্যত উপনীত হৈছে আৰু ‘হৰ ঘৰ জল’ প্ৰমাণীকৰণৰ ক্ষেত্ৰতো যথেষ্ট অগ্ৰগতি লাভ কৰিছে। বাকী গাঁওসমূহৰ প্ৰমাণীকৰণ প্ৰক্ৰিয়াও অব্যাহত আছে। উপস্থাপনটোত দুৰ্গম ভূখণ্ড, সিঁচৰতি হৈ থকা জনবসতি, বিদ্যুৎ যোগানৰ সীমাবদ্ধতা, পুৰণি বিতৰণ ব্যৱস্থা, বাৰিষাৰ ফলত সৃষ্টি হোৱা ব্যাঘাত আৰু পৰিচালনা তথা ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয়তাৰ দৰে প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোকপাত কৰে। এই প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ কাংৰা জিলাই পুৰণি পানী যোগান আঁচনিসমূহৰ পুনৰুজ্জীৱিতকৰণ আৰু সম্প্ৰসাৰণ, পাম্পিং ব্যৱস্থাৰ শক্তিশালীকৰণ, অতিৰিক্ত পানী সংৰক্ষণ আন্তঃগাঁথনি নিৰ্মাণ আৰু জল উৎসৰ বহনক্ষমতা নিশ্চিত কৰাৰ ব্যৱস্থাসমূহক অগ্ৰাধিকাৰ দিছে। জিলাখনে লগতে বিস্তৃত পানীৰ গুণগত মান নিৰীক্ষণ ব্যৱস্থা আৰু গাঁও জল আৰু অনাময় সমিতিসমূহৰ জৰিয়তে সম্প্ৰদায়ৰ সৈতে সম্পৃক্ততাৰ নিদৰ্শন দাঙি ধৰে। ইয়াৰ ভিতৰত মহিলা সদস্যসকলৰ প্ৰশিক্ষণ আৰু সজাগতা অভিযানো অন্তৰ্ভুক্ত। প্ৰতিৰোধমূলক ৰক্ষণাবেক্ষণ ব্যৱস্থা, অভিযোগ নিষ্পত্তি ব্যৱস্থা আৰু ক্ষেত্ৰ পৰ্যায়ৰ অংশীদাৰসকলৰ নিৰন্তৰ দক্ষতা বিকাশক জিলাখনৰ কৌশলৰ মূল স্তম্ভ হিচাপে বিশেষভাৱে উল্লেখ কৰা হয়।

ৰাষ্ট্ৰীয় জল জীৱন মিছনৰ অতিৰিক্ত সচিব তথা মিছন সঞ্চালকে ব্যৱহাৰকাৰীৰ পৰা সেৱা মাচুল সংগ্ৰহৰ ব্যৱস্থা শক্তিশালী কৰা আৰু জল উৎসৰ দীৰ্ঘম্যাদী বহনক্ষমতা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ পাহাৰীয়া অঞ্চলসমূহত জল উৎসৰ বহনক্ষমতা সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ বাবে উত্তৰাখণ্ডত গ্ৰহণ কৰা সফল আন্তঃবিভাগীয় সমন্বয়ৰ আৰ্হিসমূহ অধ্যয়ন কৰিবলৈ হিমাচল প্ৰদেশক পৰামৰ্শ আগবঢ়ায়। লগতে, পৰিকল্পনা প্ৰস্তুত আৰু পদক্ষেপসমূহৰ নিৰীক্ষণৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ সহায়ক ব্যৱস্থাৰ অধিক ব্যৱহাৰ কৰিবলৈও উৎসাহিত কৰে।

বলছাড়, গুজৰাট – জিলা উপায়ুক্ত শ্ৰী নীতিন ভি সাংৱান: তেওঁৰ উপস্থাপনাত পৰিচালনা আৰু ৰক্ষণাবেক্ষণ, সেৱা মাচুল সংগ্ৰহ আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত গ্ৰহণ কৰা উদ্ভাৱনীমূলক পদক্ষেপসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। তেওঁ উল্লেখ কৰে যে জিলাখনে ১০০ শতাংশ ‘সুজলম ভাৰত’ আই ডি আৰু ‘সুজল গাঁও’ আই ডি সম্পূৰ্ণ কৰিছে। জিলাখনে গাঁও পঞ্চায়ত, আত্মসহায়ক গোট আৰু অপাৰেটৰসকলৰ বাবে কাৰ্যদক্ষতাভিত্তিক উদগনিমূলক ব্যৱস্থাৰ বিষয়ে আলোকপাত কৰে। এই ব্যৱস্থাই ব্যৱহাৰকাৰীৰ পৰা সেৱা মাচুল সংগ্ৰহ যথেষ্ট উন্নত কৰাৰ লগতে গ্ৰাম্য পানী যোগান ব্যৱস্থাৰ বিত্তীয় বহনক্ষমতা শক্তিশালী কৰিছে। বলছাড়ে ভূ-পৃষ্ঠৰ পানীভিত্তিক খোৱাপানী যোগান ব্যৱস্থাৰ প্ৰসাৰৰ ক্ষেত্ৰত লাভ কৰা অভিজ্ঞতাও বৰ্ণনা কৰে, যাৰ ফলত ভূগৰ্ভস্থ জল উৎসৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাইছে। জিলাখনে লগতে দেখুৱায় যে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আই টি আই) আৰু বৃত্তিমূলক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ জৰিয়তে ৰূপায়ণ কৰা লক্ষ্যভিত্তিক প্ৰশিক্ষণ কাৰ্যসূচীয়ে পানী যোগানৰ অপাৰেটৰ, পঞ্চায়ত আৰু সম্প্ৰদায়ভিত্তিক প্ৰতিষ্ঠানসমূহৰ কাৰিকৰী দক্ষতা শক্তিশালী কৰাত কেনেদৰে সহায় কৰিছে। সম্প্ৰদায়ৰ মাজত সজাগতা সৃষ্টি কাৰ্যসূচী, নিয়মীয়া পানীৰ গুণগত মান নিৰীক্ষণ আৰু আন্তঃগাঁথনিৰ মানচিত্ৰ প্ৰস্তুত কৰাৰ উদ্ভাৱনীমূলক পদক্ষেপসমূহৰ বিষয়েও উপস্থাপনত আলোকপাত কৰে।

ৰাষ্ট্ৰীয় জল জীৱন মিছনৰ অতিৰিক্ত সচিব তথা মিছন সঞ্চালকে সেৱা মাচুল সংগ্ৰহ, দক্ষতা বিকাশ আৰু পৰিচালনা তথা ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত গুজৰাটে গ্ৰহণ কৰা উদ্ভাৱনীমূলক পদক্ষেপসমূহৰ শলাগ লয়। তেওঁ গাঁও পৰ্যায়ৰ কৰ্মীসকলৰ বাবে নিৰন্তৰ প্ৰশিক্ষণ আৰু পুনৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ গুৰুত্বত বিশেষভাৱে আলোকপাত কৰে। লগতে, দক্ষতা বিকাশ আৰু সম্প্ৰদায়ভিত্তিক ব্যৱস্থাপনাৰ ক্ষেত্ৰত গুজৰাটৰ পদক্ষেপসমূহৰ বিষয়ে জানিবলৈ আগ্ৰহী আন ৰাজ্যসমূহৰ বাবে অভিজ্ঞতা বিনিময় ভিত্তিক ভ্ৰমণৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যখনক উৎসাহিত কৰে।

  • যোৰহাট, অসম – উপায়ুক্ত শ্ৰী জয় শিৱানী: তেওঁ পানী যোগান আঁচনিসমূহৰ সম্পূৰ্ণ কাৰ্যক্ষমতা নিশ্চিত কৰা, সম্প্ৰদায়ৰ মালিকানা শক্তিশালী কৰা আৰু অসমত ২৪ ঘণ্টাই গ্ৰাম্য পানী যোগান ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত জিলাখনে গ্ৰহণ কৰা অগ্ৰণী পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰে। জিলাখনে ইয়াৰ সুদৃঢ় নিৰীক্ষণ কাঠামো, বিকেন্দ্ৰীকৃত পৰিচালনা আৰু ৰক্ষণাবেক্ষণ ব্যৱস্থা তথা সেৱা মাচুল সংগ্ৰহ উন্নত কৰাৰ বাবে গ্ৰহণ কৰা উদ্ভাৱনীমূলক পদ্ধতিসমূহৰ বিষয়ে অৱগত কৰে। যোৰহাটৰ পানী যোগান আঁচনিসমূহৰ নিয়মীয়া নিৰীক্ষণ, সময়মতে মেৰামতি আৰু পঞ্চায়ত তথা স্থানীয় প্ৰতিষ্ঠানসমূহৰ সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতিৰ কথা প্ৰকাশ কৰে। লগতে, পানী ব্যৱহাৰকাৰী সমিতি, জল মিত্ৰ আৰু জল দূতসকলৰ জৰিয়তে সেৱা মাচুল সংগ্ৰহৰ উদ্ভাৱনীমূলক আৰ্হি আৰু সম্প্ৰদায়ৰ সক্ৰিয় অংশগ্ৰহণৰ নিদৰ্শন দাঙি ধৰে। এই পদক্ষেপসমূহে গ্ৰাম্য পানী যোগান ব্যৱস্থাৰ কাৰ্যক্ষমতা আৰু বিত্তীয় বহনক্ষমতা দুয়োটাৰে উন্নতিত অৰিহণা যোগাইছে। নিৰৱচ্ছিন্ন পানী যোগান ব্যৱস্থালৈ ৰূপান্তৰিত হোৱাৰ পূৰ্বে সম্প্ৰদায়সমূহক প্ৰস্তুত কৰা, স্থানীয় প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰা আৰু পৰ্যায়ক্ৰমে ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত জিলাখনে লাভ কৰা অভিজ্ঞতাও উপস্থাপন কৰে। জিলাখনৰ এই পদক্ষেপে সমগ্ৰ অসমতে ২৪ ঘণ্টীয়া গ্ৰাম্য পানী যোগান ব্যৱস্থাৰ সম্প্ৰসাৰণৰ বাবে মূল্যৱান শিক্ষা প্ৰদান কৰিছে।

ৰাষ্ট্ৰীয় জল জীৱন মিছনৰ অতিৰিক্ত সচিব তথা মিছন সঞ্চালকে অসমত ২৪ ঘণ্টীয়া গ্ৰাম্য পানী যোগান ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰাৰ বাবে যোৰহাটক অভিনন্দন জনায়। লগতে, কাৰ্যক্ষমতা, পৰিচালনা আৰু ৰক্ষণাবেক্ষণ, সেৱা মাচুল সংগ্ৰহ আৰু সম্প্ৰদায়ৰ মালিকানা সম্পৰ্কীয় জিলাখনৰ উত্তম পদ্ধতিসমূহৰ পৰা শিক্ষা গ্ৰহণ কৰি সেইসমূহ আন জিলাতো ৰূপায়ণ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে গাঁও আৰু গাঁও পঞ্চায়তৰ পৰা আৰম্ভ কৰি পৰ্যায়ক্ৰমে সম্পূৰ্ণ সামৰি লোৱাৰ লক্ষ্যত উপনীত হ’বলৈ জিলাখনক উৎসাহিত কৰে।

  • উনকোটি, ত্ৰিপুৰা – জিলা দণ্ডাধীশ তথা আয়ুক্ত শ্ৰীমতী মেঘা জৈন: তেওঁ জন-অংশগ্ৰহণ, জল উৎসৰ বহনক্ষমতা আৰু জনজাতীয় তথা দুৰ্গম অঞ্চলসমূহত খোৱাপানী সেৱা প্ৰদান ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে জিলাখনে গ্ৰহণ কৰা পদক্ষেপসমূহ উপস্থাপন কৰে। তেওঁ পানী সংৰক্ষণ, পানীৰ গুণগত মান নিৰীক্ষণ আৰু আন্তঃগাঁথনিৰ ওপৰত সম্প্ৰদায়ৰ মালিকানা বৃদ্ধিৰ ক্ষেত্ৰত গাঁও পঞ্চায়ত, আত্মসহায়ক গোট, বিদ্যালয়ৰ জল ক্লাব আৰু স্থানীয় সম্প্ৰদায়সমূহৰ সক্ৰিয় অংশগ্ৰহণৰ বিষয়ে আলোকপাত কৰে। জিলাখনে লগতে ভূগৰ্ভস্থ জলৰ পুনৰভৰণ, পুখুৰীৰ পুনৰুজ্জীৱন, ব্যৱহৃত পানী (গ্ৰে ৱাটাৰ) ব্যৱস্থাপনা আৰু বৰষুণৰ পানী সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন বিভাগৰ সমন্বয়ভিত্তিক পদক্ষেপসমূহৰ নিদৰ্শন দাঙি ধৰে। সংশ্লিষ্ট বিভাগসমূহৰ মাজত ঘনিষ্ঠ সমন্বয়ৰ জৰিয়তে দীৰ্ঘম্যাদী জল সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে জল উৎসৰ বহনক্ষমতা সম্পৰ্কীয় ব্যৱস্থাসমূহক খোৱাপানী সেৱা প্ৰদানৰ পদক্ষেপসমূহৰ সৈতে সংযুক্ত কৰা হৈছে। সংবাদৰ সময়ত উপস্থাপন কৰা এটা উল্লেখযোগ্য উদাহৰণ আছিল বিশেষভাৱে দুৰ্বল জনজাতীয় গোট (পি ভি টি জি) হিচাপে স্বীকৃত ৰিয়াং সম্প্ৰদায়ৰ বসতিপ্ৰধান অঞ্চলসমূহৰ বাবে এক উদ্ভাৱনীমূলক ভূ-পৃষ্ঠৰ পানীভিত্তিক খোৱাপানী যোগান আঁচনিৰ বিকাশ। বৈজ্ঞানিক পদ্ধতিৰে জল উৎস চিনাক্তকৰণ, সম্প্ৰদায়ৰ অংশগ্ৰহণ আৰু স্থানীয় পৰিকল্পনা প্ৰক্ৰিয়াৰ জৰিয়তে জিলাখনে এনে এটা অঞ্চলৰ খোৱাপানীৰ সমস্যা সফলতাৰে সমাধান কৰিছে, য’ত কাৰিকৰী দৃষ্টিকোণৰ পৰা ভূগৰ্ভস্থ পানীভিত্তিক সমাধানসমূহ সম্ভৱপৰ নাছিল।

এ এছ এণ্ড এম ডি, এন জে জে এম-এ জল উৎসৰ বহনক্ষমতা, সম্প্ৰদায়ৰ মালিকানা আৰু বিভিন্ন বিভাগৰ মাজত সমন্বয়ৰ ওপৰত জিলাখনে বিশেষ গুৰুত্ব আৰোপ কৰা কাৰ্যৰ শলাগ লয়। তেওঁ বাৰিষাৰ পিছত পানীৰ গুণগত মান পৰীক্ষা কৰাত জোৰ দিয়ে আৰু জনস্বাস্থ্য সুৰক্ষিত কৰাৰ স্বাৰ্থত সকলো ৰাজ্য আৰু জিলাক নিয়মীয়াকৈ পানীৰ গুণগত মান নিৰীক্ষণ ব্যৱস্থা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

জিলা উপায়ুক্তসকলৰ ১৪সংখ্যক পেয়জল সংবাদৰ আলোচনাসমূহে দেখুৱাই যে দেশৰ বিভিন্ন জিলাই খোৱাপানী সেৱা প্ৰদান ব্যৱস্থা শক্তিশালী কৰাৰ বাবে কেনেদৰে উদ্ভাৱনীমূলক আৰু স্থানীয় পৰিস্থিতিৰ সৈতে খাপ খোৱা পদ্ধতি গ্ৰহণ কৰিছে। এই অভিজ্ঞতাসমূহৰ আদান-প্ৰদানে সফল পদক্ষেপসমূহৰ ব্যাপক ৰূপত পুনৰ প্ৰয়োগত সহায় কৰাৰ লগতে সমগ্ৰ ভাৰততে হৰ ঘৰ জলৰ লক্ষ্য আৰু বহনক্ষম গ্ৰাম্য পানী যোগান ব্যৱস্থাৰ দিশত অগ্ৰগতি অধিক ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে।

***

TM/AK/US


(ৰিলিজ আই ডি : 2338838) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: Urdu , Kannada , English , हिन्दी , Gujarati