57th International Film Festival of India 2026
20 – 28 Nov 2026

চলচ্চিত্ৰৰ ভাষাৰ পাঠোদ্ধাৰ: আই এফ এফ আই (IFFI) ২০২৬-ৰ পূৰ্বে পিআইবি -এফ টি আই আই (PIB-FTII)-ৰ চলচ্চিত্ৰৰ কলা, কাৰিকৰী দিশ আৰু ব্যাকৰণৰ অন্বেষণমূলক পাঠ্যক্ৰম

পোষ্ট কৰা হৈছে: 19 NOV 2026 7:57PMby PIB Guwahatiৰিলিজ আই ডি : 2338829Views: 3

৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI) ২০২৬ৰ পূৰ্বে প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ (PIB)-এ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়া (FTII)-ৰ সহযোগত  সংবাদ মাধ্যমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিনিধি আৰু গণসংযোগৰ শিক্ষাৰ্থীসকলৰ বাবে  চলচ্চিত্ৰৰ ৰসাস্বাদন বিষয়ক বিশেষ পাঠ্যক্ৰমৰ আয়োজন কৰে। এই পাঠ্যক্ৰমৰ উদ্দেশ্য আছিল অংশগ্ৰহণকাৰীসকলক  শিল্পৰূপ হিচাপে চলচ্চিত্ৰৰ বিষয়ে গভীৰ জ্ঞান আহৰণত  সহায় কৰা। ইয়াৰ জৰিয়তে তেওঁলোকক চলচ্চিত্ৰৰ ভাষা, নান্দনিকতা আৰু সৃষ্টিশীল প্ৰক্ৰিয়াৰ সৈতে পৰিচয় কৰাই দিয়া হয়, যাতে মহোৎসৱ আৰু ইয়াত প্ৰদৰ্শিত চলচ্চিত্ৰসমূহৰ সৈতে তেওঁলোকে অধিক তথ্যসমৃদ্ধ হৈ জড়িত হ’ব পাৰে।

 

উদ্বোধনী সত্ৰত দিয়া ভাষণত প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ (PIB)-ৰ সঞ্চালক প্ৰধান শ্ৰীমতী স্মিতা বৎস শৰ্মাই চলচ্চিত্ৰক মনোৰঞ্জনৰ পৰিসৰৰ উৰ্দ্ধলৈ গৈ  চোৱাৰ লগতে ইয়াৰ ব্যাকৰণ, দৰ্শন আৰু দৃশ্যগত ভাষাক সমাদৰ জনোৱাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। শ্ৰী মহেশ কুমাৰে চলচ্চিত্ৰক স্থান-কাল আৰু প্ৰযুক্তি-উদ্যোগৰ সৈতে সম্পৰ্ক থকা  এক শিল্পৰূপ হিচাপে অভিহিত কৰি ইয়াৰ সাংস্কৃতিক আৰু সামাজিক প্ৰভাৱ গঢ়ি তোলাত দৃশ্যগত কৌশল, প্ৰযুক্তি আৰু সৃষ্টিশীল প্ৰক্ৰিয়াসমূহৰ পাৰস্পৰিক সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

শ্ৰীমতী স্মিতা বৎস শৰ্মাই চলচ্চিত্ৰ সম্পৰ্কীয় সংবাদ পৰিৱেশনত অধিক গভীৰতা আৰু গুণগত মান বৃদ্ধিৰ প্ৰয়োজনৰ কথা উল্লেখ কৰে। তেওঁ সংবাদ মাধ্যমৰ পেছাদাৰীসকলক কেৱল বাতৰিৰ সংখ্যাৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে চলচ্চিত্ৰ নিৰ্মাণৰ কলাত্মক আৰু কাৰিকৰী দিশসমূহৰ প্ৰতিও মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। কাৰ্যসূচীটোত গণসংযোগ বিষয়ৰ শিক্ষাৰ্থীসকলক অন্তৰ্ভুক্ত কৰাৰ গুৰুত্বৰ কথাও তেওঁ দোহাৰে। অংশগ্ৰহণকাৰীসকলক বিভিন্ন সত্ৰ, চলচ্চিত্ৰ প্ৰদৰ্শনী আৰু চলচ্চিত্ৰ নিৰ্মাতা তথা চলচ্চিত্ৰ জগতৰ আন পেছাদাৰীসকলৰ সৈতে মত বিনিময়ৰ সুযোগসমূহৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে।

 

এই পাঠ্যক্ৰমৰ নেতৃত্ব প্ৰদান কৰে   এফ.টি.আই.আই. (FTII)-ৰ অধ্যাপকদ্বয়, স্ক্ৰীণ ষ্টাডিজ এণ্ড ৰিচাৰ্চ বিভাগৰ অধ্যাপক ড° ইন্দ্ৰনীল ভট্টাচাৰ্য আৰু চলচ্চিত্ৰ পৰিচালনা বিভাগৰ সহযোগী অধ্যাপক বৈভৱ অবনাভে পৰিচালনা কৰিছিল।

বক্তৃতা, চলচ্চিত্ৰ প্ৰদৰ্শনী, আলোচনা আৰু বিশ্লেষণাত্মক অনুশীলনৰ সমন্বয়েৰে অনুষ্ঠিত সত্ৰসমূহৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলক চলচ্চিত্ৰৰ চলচ্চিত্ৰৰ প্ৰকাশৰূপ, চলচ্চিত্ৰৰ ইতিহাস আৰু বিশ্ব চলচ্চিত্ৰৰ নিৰ্মাণৰ নান্দনিকতাৰ সৈতে পৰিচয় কৰাই দিয়া হয়। ‘চলচ্চিত্ৰত সময় আৰু স্থান’, ‘এনিমেটেড তথ্যচিত্ৰ’ আৰু ‘গাঁথনিগত বিশ্লেষণ’ আদি বিষয়বস্তুৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। পাঠ্যক্ৰমৰ সামৰণি পৰে চলচ্চিত্ৰ সমালোচনাৰ এক বিশেষ সত্ৰৰে।  ইয়াত অংশগ্ৰহণকাৰীসকলে পাঠ্যক্ৰমৰ সময়ছোৱাত আলোচনা কৰা ধাৰণা আৰু সমালোচনামূলক দৃষ্টিভংগীৰ আধাৰত লাইফলাইন (Lifeline)  চলচ্চিত্ৰখনৰ বিশ্লেষণ কৰে।

 

তেওঁলোকৰ অৱদানৰ স্বীকৃতিস্বৰূপে এফ টি আই আই (FTII)-ৰ অধ্যাপকসকলক গোৱাৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিফলন ঘটাই বিশেষভাৱে প্ৰস্তুত কৰা শিল্পকৰ্মৰে সম্বৰ্ধনা জনোৱা হয়। অংশগ্ৰহণকাৰী সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলক তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী প্ৰভাত কুমাৰ, এফ টি আই আই (FTII)-ৰ উপাচাৰ্য তথা এন এফ ডি চি (NFDC)-ৰ পৰিচালন সঞ্চালক শ্ৰী ধীৰাজ সিং আৰু পি আই বি (PIB)-ৰ সঞ্চালক প্ৰধান শ্ৰীমতী স্মিতা বৎস শৰ্মাই প্ৰমাণপত্ৰ প্ৰদান কৰে।

শৈক্ষিক দৃষ্টিভংগী আৰু চলচ্চিত্ৰৰ সৈতে ব্যৱহাৰিক অংশগ্ৰহণৰ সমন্বয় সাধন কৰি এই পাঠ্যক্ৰমৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলৰ চলচ্চিত্ৰৰ ৰসাস্বাদন আৰু ব্যাখ্যা কৰাৰ দক্ষতা বৃদ্ধিৰ প্ৰয়াস কৰা হয়। ইয়াৰ ফলত ৫৭ সংখ্যক আই এফ এফ আই (IFFI)-ত তেওঁলোকৰ অংশগ্ৰহনত এক তথ্যসমৃদ্ধ সমালোচনামূলক মাত্ৰাৰ  সংযোজন ঘটে ।

* * *

PIB IFFI Team | Rajith Chandran/ Supriya Ghaytadak/ Sriyanka Chatterjee/Robin Singh/Darshana Rane | IFFI 57 - 034


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2338829
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026