‘সীমাহীন কাহিনী’ শীৰ্ষক বিষয়বস্তুৰে আয়োজিত বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানত ভাৰত আৰু বিদেশৰ চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী তথা প্ৰতিনিধিসকল একত্ৰিত হ’ব। সংগীত, সাংস্কৃতিক অনুষ্ঠান আৰু চলচ্চিত্ৰৰ বৰ্ণাঢ্য উদযাপনেৰে মুখৰ হৈ পৰিব এই সন্ধিয়া।
৫৭সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI) কাইলৈ, ২০ নৱেম্বৰত আৰম্ভ হ’ব।ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী, প্ৰতিনিধি আৰু চলচ্চিত্ৰপ্ৰেমীসকলক আদৰিবলৈ গোৱা সম্পূৰ্ণৰূপে সাজু হৈছে। নদিনীয়া এই মহোৎসৱে চলচ্চিত্ৰ প্ৰদৰ্শন, সাংস্কৃতিক আদান-প্ৰদান আৰু সৃষ্টিশীল কৰ্মৰ এখন উমৈহতীয়া মঞ্চ হিচাপে বিশ্বৰ চলচ্চিত্ৰ সমাজক একত্ৰিত কৰিব।
‘সীমাহীন কাহিনী’ শীৰ্ষক বিষয়বস্তুৰে আয়োজিত এইবাৰৰ মহোৎসৱত বিভিন্ন দেশ, সংস্কৃতি আৰু চলচ্চিত্ৰ নিৰ্মাণৰ পৰম্পৰাৰ ছবি তথা সৃষ্টিশীল প্ৰতিভাসমূহ একত্ৰিত হ’ব। ইয়াৰ জৰিয়তে চলচ্চিত্ৰৰ সাৰ্বজনীন ভাষাৰ মহত্ত্ব উদযাপন কৰা হ’ব।
গোৱাৰ ড০ শ্যামাপ্ৰসাদ মুখাৰ্জী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত সংগীতানুষ্ঠান, সাংস্কৃতিক পৰিৱেশন আৰু আনুষ্ঠানিক কাৰ্যসূচীৰ আয়োজন কৰা হ’ব। এই অনুষ্ঠানৰ জৰিয়তে নদিনীয়া চলচ্চিত্ৰ মহোৎসৱৰ শুভাৰম্ভ ঘটিব।
অনুষ্ঠানৰ আৰম্ভণিতে পোহৰ আৰু শব্দৰ সমাহাৰেৰে এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে ৰাষ্ট্ৰীয় গীত আৰু ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হ’ব। মহোৎসৱৰ আনুষ্ঠানিক শুভাৰম্ভ উপলক্ষে বন্তি প্ৰজ্বলন আৰু তুলসী গছত পানী দিয়া কাৰ্যসূচীও থাকিব। এই দুয়োটা কাৰ্যসূচীয়ে পোহৰ, জীৱন আৰু নতুন আৰম্ভণিৰ প্ৰতীক হিচাপে তাৎপৰ্য বহন কৰিব।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব কেইবাগৰাকীও বিশিষ্ট ব্যক্তি
উদ্বোধনী অনুষ্ঠানত গোৱাৰ মুখ্যমন্ত্ৰী ড০ প্ৰমোদ সাৱন্ত আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে ভাষণ প্ৰদান কৰিব।
এই অনুষ্ঠানত ভাৰতীয় চলচ্চিত্ৰ জগতৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। তেওঁলোকৰ ভিতৰত আছে সাংসদ ৰবি কিষাণ, চলচ্চিত্ৰ নিৰ্মাতা তথা মহোৎসৱৰ সঞ্চালক আশুতোষ গোৱাৰিকৰ, চলচ্চিত্ৰ নিৰ্মাতা মধুৰ ভাণ্ডাৰকাৰ আৰু আনন্দ এল ৰায়। তদুপৰি ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ জগতৰ আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিব।

ৰিকি কেজৰ ছিম্ফনিক অৰ্কেষ্ট্ৰা
সন্ধিয়াৰ অন্যতম বিশেষ আকৰ্ষণ হ’ব তিনিবাৰকৈ গ্ৰেমী বঁটা বিজয়ী সংগীত পৰিচালক তথা পৰিৱেশকৰ্মী ৰিকি কেজৰ ‘সংগীতৰ মাজেৰে চলচ্চিত্ৰৰ এখন বিশ্ব’ (‘A World of Cinema Through Music’) শীৰ্ষক ছিম্ফনিক অৰ্কেষ্ট্ৰা পৰিৱেশন। এই সংগীতানুষ্ঠানৰ জৰিয়তে বিভিন্ন সংস্কৃতি আৰু কাহিনী কোৱাৰ পৰম্পৰাৰ মাজেৰে এক সংগীতময় যাত্ৰাৰে চলচ্চিত্ৰৰ সাৰ্বজনীন ভাষাক জীৱন্ত ৰূপত তুলি ধৰা হ’ব।
এই সংগীতানুষ্ঠানৰ পিছতে ‘সীমাহীন সংগীত’ শীৰ্ষক আন এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হ’ব। ইয়াত বিভিন্ন দেশৰ সংগীত শিল্পীসকল নিজ নিজ সংগীত পৰম্পৰা, সম্প্ৰীতি আৰু সাংস্কৃতিক আদান-প্ৰদানৰ এক বৰ্ণাঢ্য উদযাপনেৰে একত্ৰিত হ’ব। এই অনুষ্ঠানত মহোৎসৱৰ মূল বিষয়বস্তুৰ প্ৰতিফলন ঘটিব।
আই এফ এফ আই (IFFI)-ৰ সৈতে জড়িত ময়ূৰৰ প্ৰতীকটো ‘ফ্ৰেমৰ সিপাৰে’ শীৰ্ষক এক বিশেষ নৃত্য পৰিৱেশনৰ জৰিয়তে জীৱন্ত ৰূপত তুলি ধৰা হ’ব। নৃত্য আৰু শৈল্পিক অভিব্যক্তিৰ মাজেৰে মহোৎসৱৰ এই স্বকীয় প্ৰতীকটোক এক নতুন ৰূপত উপস্থাপন কৰা হ’ব।
উদ্বোধনী অনুষ্ঠানত ভাৰতীয় পেনোৰামা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখাৰ বিচাৰক মণ্ডলীকো সম্বৰ্ধনা জনোৱা হ’ব। মহোৎসৱৰ প্ৰতিযোগিতামূলক শাখাসমূহৰ বাবে চলচ্চিত্ৰ নিৰ্বাচনৰ গুৰু দায়িত্ব অৰ্পণ কৰা চলচ্চিত্ৰ নিৰ্মাতা আৰু চলচ্চিত্ৰ জগতৰ পেছাদাৰী ব্যক্তিসকলক স্বীকৃতি জনোৱাৰ উদ্দেশ্যে এই সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখাৰ বিচাৰকমণ্ডলী
আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখাৰ বিচাৰক মণ্ডলীৰ নেতৃত্ব দিব চলচ্চিত্ৰ নিৰ্মাতা আনন্দ এল ৰায়ে। এই বিচাৰক মণ্ডলীত বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ জগতৰ কেইবাগৰাকীও বিশিষ্ট পেছাদাৰী ব্যক্তি থাকিব। তেওঁলোকৰ ভিতৰত আছে ছল বেৰুয়েছো পিশ্বন-ৰিভিয়েৰ (আৰ্জেণ্টিনা), বগডান মুৰেছানু (ৰোমানিয়া), মাৰিয়া আলেহান্দ্ৰা ৰ’হাছ (কলম্বিয়া) আৰু ৰাটচাপুম বুনবুনচাচোক (থাইলেণ্ড)। উদ্বোধনী অনুষ্ঠানত বিচাৰক মণ্ডলীৰ সদস্যসকলক সম্বৰ্ধনা জনোৱা হ’ব।
ভাৰতীয় পেনোৰামা শাখাৰ বিচাৰক মণ্ডলী
পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ শাখাৰ বিচাৰক মণ্ডলীৰ নেতৃত্ব দিব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাপ্ৰাপক পৰিচালক মধুৰ ভাণ্ডাৰকাৰে। আনহাতে, অপূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ শাখাৰ বিচাৰক মণ্ডলীৰ নেতৃত্ব দিব চলচ্চিত্ৰ নিৰ্মাতা তথা সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ প্ৰাক্তন সঞ্চালক হিমাংশু শেখৰ খটুৱাই।
ৱেভছ(WAVES) ফিল্ম বজাৰৰ দুটা দশক পূৰ্ণ হোৱা উপলক্ষে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ’ব। ইয়াত ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাসকলক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উদ্যোগৰ সৈতে সংযোগ স্থাপন আৰু সৃষ্টিশীল তথা ব্যৱসায়িক সহযোগিতাৰ সুবিধা প্ৰদানৰ মঞ্চৰূপে ৱেভছ(WAVES) ফিল্ম বজাৰে কেনেদৰে ক্ৰমবিকাশ লাভ কৰিছে, সেই যাত্ৰা প্ৰদৰ্শন কৰা হ’ব।
বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰৰে নদিনীয়া মহোৎসৱ
সমাদৃত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ পৰা আৰম্ভ কৰি নৱাগত চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৃষ্টিৰাজি আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ বৈচিত্ৰ্যপূৰ্ণ কাহিনীলৈকে, আই এফ এফ আই (IFFI) ২০২৬-এ দৰ্শকসকলক চলচ্চিত্ৰৰ এক বিস্তৃত অভিজ্ঞতা প্ৰদান কৰিব। এই মহোৎসৱত ৮৬খন দেশৰ ১৫০খনতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ জৰিয়তে বিভিন্ন দেশৰ কাহিনী কোৱাৰ পৰম্পৰা আৰু ভিন্ন দৃষ্টিভংগীৰ সমাহাৰ ঘটিব গোৱাত।
পোলেণ্ডৰ প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা পাৱেল পাৱলিকোৱস্কি পৰিচালিত ‘ফাদাৰলেণ্ড’ ছবিখনেৰে মহোৎসৱৰ শুভাৰম্ভ হ’ব। তেওঁৰ এই ছবিখনে ২০২৬ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল।
মহোৎসৱৰ মাজভাগৰ বিশেষ ছবি হিচাপে প্ৰদৰ্শিত হ’ব আলিনা শ্বেৰবানৰ পৰিচালনাৰ ‘আই মেটাৰ’। ৰোমানিয়া, জাৰ্মানী আৰু বেলজিয়ামৰ যৌথ প্ৰযোজনাত নিৰ্মিত ছবিখনত ৰোমানিয়ান আৰু ৰোমানি ভাষাৰ সংলাপ ব্যৱহাৰ কৰা হৈছে।
আনহাতে, ছিংগাপুৰৰ চলচ্চিত্ৰ নিৰ্মাতা এন্থনী চেনৰ ‘উই আৰ অল ষ্ট্ৰেঞ্জাৰ্ছ’ ছবিখনেৰে ২৮ নৱেম্বৰত নদিনীয়া বিশ্ব চলচ্চিত্ৰৰ এই বৰ্ণাঢ্য উৎসৱৰ সামৰণি পৰিব।
প্ৰতিযোগিতা, নিৰ্বাচিত চলচ্চিত্ৰৰ প্ৰদৰ্শনী আৰু দেশভিত্তিক বিশেষ উপস্থাপনৰ জৰিয়তেও মহোৎসৱত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰত বিশেষভাৱে আলোকপাত কৰা হ’ব। এইবাৰৰ মহোৎসৱত স্পেইনে সন্মানীয় অতিথি দেশ আৰু ৰাছিয়াই সহযোগী দেশৰ মৰ্যাদা লাভ কৰিছে।
ভাৰতীয় পেনোৰামা শাখাৰ জৰিয়তে ভাৰতীয় চলচ্চিত্ৰই মহোৎসৱত বিশেষ স্থান লাভ কৰিব। এই শাখাত ১৮টা ভাষাৰ ৭৬খন চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব।ত্দুপৰি ব্ৰিকছ (BRICS) দেশসমূহৰ চলচ্চিত্ৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। ইয়াৰ জৰিয়তে সদস্য আৰু সহযোগী দেশসমূহৰ চলচ্চিত্ৰও বিশেষভাৱে চৰ্চালৈ আহিব।
শ্ৰেষ্ঠ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ প্ৰতিযোগিতাৰ জৰিয়তে মহোৎসৱত নৱাগত চলচ্চিত্ৰ নিৰ্মাতাসকলৰ প্ৰতিভা উদযাপন কৰা হ’ব। ইয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আৰু আই চি এফ টি -ইউনেস্কো (ICFT-UNESCO) গান্ধী পদককে ধৰি অন্যান্য প্ৰতিযোগিতামূলক শাখাৰ আয়োজন কৰা হ’ব। এই শাখাসমূহৰ জৰিয়তে বিভিন্ন শ্ৰেণীৰ উৎকৃষ্ট চলচ্চিত্ৰক স্বীকৃতি প্ৰদান কৰা হ’ব।
আই এফ এফ আই (IFFI) ২০২৬-ত নতুনকৈ সংযোজিত শাখা
এইবাৰৰ মহোৎসৱত চলচ্চিত্ৰৰ পৰিসৰ বহল কৰা আৰু কাহিনী কোৱাৰ বিভিন্ন ধাৰাক উদযাপন কৰাৰ উদ্দেশ্যে দুটা নতুন শাখা সংযোজন কৰা হৈছে। প্ৰথমটো শাখা হৈছে এনিমেচন । এই শাখাত পাঁচখন উল্লেখযোগ্য চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ জৰিয়তে এনিমেচন চলচ্চিত্ৰৰ সৃষ্টিশীলতা আৰু উদ্ভাৱনীমূলক দিশসমূহ তুলি ধৰা হ’ব।
দ্বিতীয়টো শাখা হৈছে চলচ্চিত্ৰক লৈ নিৰ্মিত চলচ্চিত্ৰ। এই শাখাত পাঁচখন চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব। চলচ্চিত্ৰ নিৰ্মাণৰ কলা-কৌশল আৰু সৃষ্টিশীল দিশসমূহ বিশেষভাৱে চৰ্চালৈ অনাই এই শাখাৰ মূল উদ্দেশ্য।
স্বৰ্ণ ময়ূৰ আৰু ৰূপালী ময়ূৰ বঁটা
মহোৎসৱৰ প্ৰতিযোগিতামূলক শাখাসমূহত চলচ্চিত্ৰৰ উৎকৃষ্টতাক স্বীকৃতি জনোৱাৰ বাবে সন্মানীয় স্বৰ্ণ ময়ূৰ আৰু ৰূপালী ময়ূৰ বঁটা বঁটা প্ৰদান কৰা হ’ব। এই বঁটাসমূহৰ অধীনত মুঠ ছটা শিতান থাকিব।
শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে স্বৰ্ণ ময়ূৰ বঁটা প্ৰদান কৰা হ’ব। আনহাতে, ৰূপালী ময়ূৰ বঁটা প্ৰদান কৰা হ’ব শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা (পুৰুষ), শ্ৰেষ্ঠ অভিনেত্ৰী (মহিলা), বিচাৰকৰ বিশেষ বঁটা আৰু পৰিচালকৰ শ্ৰেষ্ঠ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ(Best Debut Feature Film of a Director)ৰ বাবে।
তদুপৰি, সহনশীলতা, আন্তঃসাংস্কৃতিক আলাপ-আলোচনা আৰু শান্তিৰ সংস্কৃতিৰ প্ৰসাৰ ঘটোৱা এখন চলচ্চিত্ৰক আই চি এফ টি -ইউনেস্কো (ICFT-UNESCO) গান্ধী পদক প্ৰদান কৰা হ’ব।
‘কাইলৈৰ সৃষ্টিশীল মন’ (Creative Minds of Tomorrow) পদক্ষেপৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাণৰ সপোন পুহি ৰখা যুৱক-যুৱতীসকলে উদ্যোগটোৰ অভিজ্ঞ পেছাদাৰী ব্যক্তিসকলৰ পৰা জ্ঞান আৰু অভিজ্ঞতা আহৰণ, পাৰস্পৰিক সহযোগিতা আৰু চলচ্চিত্ৰ নিৰ্মাণৰ জগতখনৰ সৈতে পৰিচিত হোৱাৰ সুযোগ লাভ কৰিব। এই উদ্দেশ্যে বিশেষ বক্তৃতানুষ্ঠান, কৰ্মশালা, মত-বিনিময়মূলক সত্ৰ আৰু ৪৮ ঘণ্টীয়া চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হ’ব।
চলচ্চিত্ৰ প্ৰদৰ্শনৰ উপৰি নিৰ্বাচিত মত-বিনিময় অনুষ্ঠান আৰু উদ্যোগটোৰ বিভিন্ন পদক্ষেপৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী, শিক্ষাৰ্থী আৰু উদ্যোগটোৰ পেছাদাৰী ব্যক্তিসকলৰ মাজত ব্যাপক সংযোগ আৰু পাৰস্পৰিক সহযোগিতাৰ পৰিৱেশ গঢ়ি তোলা হ’ব। আই এফ এফ আই (IFFI)-ৰ সমান্তৰালভাৱে অনুষ্ঠিত হ’বলগীয়া ৱেভছ(WAVES) ফিল্ম বজাৰে সৃষ্টিশীল আদান-প্ৰদান, সহযোগিতা আৰু চলচ্চিত্ৰ উদ্যোগৰ বিভিন্ন সুযোগৰ বাবে এক উমৈহতীয়া মঞ্চ প্ৰদান কৰিব। ইয়াৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰযোজকসকলৰ সৈতে ক্ৰেতা, বিতৰক আৰু উদ্যোগটোৰ অন্যান্য অংশীদাৰৰ সংযোগ স্থাপন কৰা হ’ব।
১৯৫২ চনত প্ৰতিষ্ঠা হোৱা আই এফ এফ আই (IFFI)-এ ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰদৰ্শনৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে নিজৰ ভূমিকা অব্যাহত ৰাখিছে। সাংস্কৃতিক আদান-প্ৰদানৰ প্ৰসাৰ ঘটোৱাৰ লগতে সমগ্ৰ বিশ্বৰ চলচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰ উদ্যোগৰ পেছাদাৰী ব্যক্তি আৰু দৰ্শকসকলক একত্ৰিত কৰাত এই মহোৎসৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
৫৭সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ৰ ২০ৰ পৰা ২৮ নৱেম্বৰ ২০২৬লৈকে কাৰ্যসূচী চাবলৈ ইয়াত ক্লিক কৰক।


* * *
PIB IFFI Team | Rajith Chandran/ Lekshmi Priya S S/ / Darshana Rane | IFFI 57 - 033