পোষ্ট কৰা হৈছে:
19 NOV 2026 5:08PM by PIB Guwahati
আয়ুষ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ) তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাদৱে আজি নতুন দিল্লীত চিকিৎসালয় আৰু উৎপাদনকাৰী প্ৰতিষ্ঠানসমূহক 'আয়ুষ কোৱালিটী মাৰ্ক' প্ৰমাণপত্ৰ বিতৰণ কৰে। এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে আয়ুষ সামগ্ৰী আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত গুণগত মান নিশ্চিতকৰণ, মানকীকৰণ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশ্বাসযোগ্যতা অধিক শক্তিশালী কৰা।
প্ৰমাণপত্ৰ লাভ কৰা প্ৰতিষ্ঠানসমূহক অভিনন্দন জনাই শ্ৰী প্ৰতাপৰাও যাদৱে কয় যে 'আয়ুষ কোৱালিটী মাৰ্ক'-এ আয়ুষ সামগ্ৰী আৰু সেৱাৰ সুৰক্ষা, বিশুদ্ধতা তথা প্ৰামাণিকতাৰ প্ৰতি জনসাধাৰণৰ আস্থা আৰু বিশ্বাসক প্ৰতিনিধিত্ব কৰে। স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত গুণগত মান বজাই ৰখাটো এটা নৈতিক দায়িত্ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কেঁচামাল সংগ্ৰহ, উৎপাদন, পৰীক্ষণ আৰু লেবেলিঙকে ধৰি প্ৰতিটো পৰ্যায়তে কঠোৰ মানদণ্ড মানি চলাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
শ্ৰী যাদৱে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আয়ুষে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ সমৃদ্ধ ঐতিহ্যক বিশ্বজুৰি অধিক গ্ৰহণযোগ্য কৰি তুলিবলৈ বৈজ্ঞানিক প্ৰমাণীকৰণ, সামঞ্জস্যপূৰ্ণ গুণগত মান আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত মানদণ্ডৰ সমৰ্থন অপৰিহাৰ্য বুলিও তেওঁ উল্লেখ কৰে।
মন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে আয়ুষ মন্ত্ৰালয়ে আয়ুষ ঔষধি গুণবত্তা ইৱাম উত্তাপন সম্বৰ্ধন যোজনা 'ৰ অধীনত 'আয়ুষ কোৱালিটী মাৰ্ক' (গুণগত মান চিহ্ন) ৰূপায়ণ কৰিবলৈ আয়ুষেক্সিলক নীতিগত অনুমোদন প্ৰদান কৰিছে। এই পদক্ষেপে গুণগত মান নিশ্চিতকৰণৰ বাবে এটা প্ৰতিষ্ঠানিক ব্যৱস্থা গঢ়ি তোলাৰ লগতে দেশীয় গ্ৰাহক আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাসকলৰ মাজত আস্থা বৃদ্ধিত সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে।
পৰম্পৰাগত আৰু ভেষজ স্বাস্থ্যসেৱা সামগ্ৰীৰ প্ৰতি বিশ্বজুৰি ক্ৰমবৰ্ধমান চাহিদাৰ কথা উল্লেখ কৰি শ্ৰী যাদৱে কয় যে বিশ্ব স্বাস্থ্য সংস্থাৰ গুড মেনুফেকচাৰিং প্ৰেক্টিছ চ্চেনিৰ্দেশাৱলী, ফাৰ্মাক'পিয়েল মানদণ্ড, গুণগত মান পৰীক্ষণ আৰু স্বচ্ছ লেবেলিং ব্যৱস্থা মানি চলিলে আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় আয়ুষ উৎপাদনকাৰীসকলৰ প্ৰতিযোগিতামূলক স্থিতি অধিক শক্তিশালী হ'ব । বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক কাৰিকৰী পৰামৰ্শ, উদ্যোগখণ্ডৰ সৈতে সহযোগিতা আৰু সামৰ্থ্য বিকাশৰ পদক্ষেপৰ জৰিয়তে সহায়-সহযোগিতা আগবঢ়াবলৈ তেওঁ আয়ুষেক্সিলক আহ্বান জনায়।
অনুষ্ঠানত আয়ুৰ্বেদ উপদেষ্টা ড° ৰঘু, আয়ুষেক্সিলৰ প্ৰতিনিধি আৰু বিষয়াসকলৰ লগতে আয়ুষ উদ্যোগখণ্ডৰ প্ৰতিনিধি, উৎপাদনকাৰী, ৰপ্তানিকাৰক, বিজ্ঞানী আৰু আয়ুষ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।
তলত উল্লেখ কৰা চিকিৎসালয় আৰু প্ৰতিষ্ঠানসমূহক 'আয়ুষ কোৱালিটী মাৰ্ক' প্ৰমাণপত্ৰ প্ৰদান কৰা হয় :
১. সত কৰতাৰ সঞ্জীৱন - আয়ুষ চিকিৎসালয়
২. শ্ৰী শ্ৰী ৱেলবিং - আয়ুষ চিকিৎসালয়
৩. এছ এন এ আয়ুৰ্বেদিক নাৰ্ছিং হোম - আয়ুষ চিকিৎসালয়
৪. নেশ্যনেল কলেজ অৱ আয়ুৰ্বেদ, হিছাৰ - আয়ুষ চিকিৎসালয়
৫. এপ'ল' আয়ুৰ্বেদ হাস্পতাল - চিকিৎসালয় (২টা গোট)
৬. এডভেন বায়'টেক প্ৰাইভেট লিমিটেড - ঔষধজাত সামগ্ৰী
৭. মহৰ্ষি আয়ুৰ্বেদ লিমিটেড - ঔষধজাত সামগ্ৰী
SR/AK/SG/KrDD