গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন দিল্লীত অনুস্থিত দুদিনীয়া সন্ত্ৰাসবাদ বিৰোধী সন্মিলনৰ উদ্বোধনী অধিৱেশনত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ ভাষণ

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ‘শূন্য সহনশীলতা’ নীতি গ্ৰহণ কৰিছোঁ আৰু এই নীতিয়ে ইতিবাচক ফলাফল দিছে”: শ্ৰী অমিত শ্বাহ

“লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী লতিফ ভাটৰ নিধনৰ পিছত কাশ্মীৰত ভাৰতত জন্মগ্ৰহণ কৰা স্থানীয়ভাৱে নিযুক্ত সন্ত্ৰাসবাদী আৰু নাই। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজৰ ক্ষেত্ৰত এয়া এক বৃহৎ মাইলৰ খুঁটি” : শ্ৰী অমিত শ্বাহ

“দেশৰ সকলো আৰক্ষী থানাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক উমৈহতীয়া কৌশলৰে কাম কৰিব পৰাৰ ব্যৱস্থা গঢ়ি তুলিছে” : শ্ৰী অমিত শ্বাহ

“এটি সফল সংস্থাৰ পৰিচয় হ’ল সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পূৰ্বেই সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ সামৰ্থ্য। প্ৰতিখন ৰাজ্যৰ আৰক্ষী বাহিনীয়ে এই আৰ্হি অধ্যয়ন কৰি নিজ নিজ ক্ষেত্ৰত ৰূপায়ণ কৰিব লাগে” : শ্ৰী অমিত শ্বাহ

“সন্ত্ৰাসবাদ, সংগঠিত অপৰাধ আৰু নিচাজাতীয় দ্ৰব্যৰ সমস্যা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ বিদেশত আত্মগোপন কৰি থকা অপৰাধীসকলক ভাৰতলৈ ঘূৰাই অনাটো অত্যন্ত জৰুৰী। ২০১৯ চনৰ পৰা ৩৬খন দেশৰ পৰা ৩০৩জন পলাতক অপৰাধীক ভাৰতলৈ ঘূৰাই অনা হৈছে” : শ্ৰী অমিত শ্বাহ

“সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্যৰ নেটৱৰ্ক উৎখাত কৰাটো অত্যন্ত প্ৰয়োজনীয়। ইয়াৰ বাবে বিত্তীয় তদন্তৰ দায়িত্বত থকা সংস্থাসমূহৰ সৈতে উন্নত সমন্বয় স্থাপন কৰিব লাগিব” : শ্ৰী অমিত শ্বাহ

“সন্ত্ৰাসবাদী নেটৱৰ্কৰ সমগ্ৰ ব্যৱস্থাটোৰ বিৰুদ্ধে একেসময়তে অভিযান চলাব নোৱাৰিলে সফলতা অৰ্জন কৰাটো সম্ভৱ নহয়”: শ্ৰী অমিত শ্বাহ

পোষ্ট কৰা হৈছে: 19 NOV 2026 7:09PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত আয়োজিত দুদিনীয়া সন্ত্ৰাসবাদ বিৰোধী সন্মিলনৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰে। এই উপলক্ষ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এন আই এ)ৰ দ্বাৰা প্ৰকাশিত ‘ফেইল-ছেফ ইনভেষ্টিগেচন’ শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে। তেওঁ চণ্ডীগড়ত এন আই এৰ কাৰ্যালয় চৌহদৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দিল্লীৰ ময়দান গড়ীত নিৰ্মাণ কৰা এন আই এৰ আৱাসিক চৌহদ উদ্বোধন কৰে। ইয়াৰ উপৰি, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এন আই এৰ ‘পুষ্টি’ শীৰ্ষক পৰ্টেলটোৰ ই-উদ্বোধন কৰে তথা সংস্থাটোৰ সাতগৰাকী বিষয়া-কৰ্মচাৰীক বিশেষ সন্মানেৰে সন্মানিত কৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image001_20261119190005_6884fe.jpg

এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী বান্দি সঞ্জয় কুমাৰ, কেন্দ্ৰীয় গৃহ সচিব শ্ৰী গোবিন্দ মোহন, চোৰাংচোৱা ব্যুৰোৰ (আই বি) সঞ্চালক ড০ মহেশ দীক্ষিত, গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ আভ্যন্তৰীণ নিৰাপত্তা বিভাগৰ বিশেষ সচিব শ্ৰী আনন্দ স্বৰূপ আৰু ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ সঞ্চালক প্ৰধান শ্ৰী ৰাকেশ আগৰৱালৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। সন্মিলনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ জ্যেষ্ঠ আৰক্ষী বিষয়া, সন্ত্ৰাসবাদ বিৰোধী সংস্থাৰ বিষয়া আৰু আইন, ফৰেনছিক বিজ্ঞান তথা প্ৰযুক্তিৰ সৈতে জড়িত বিশেষজ্ঞসকলেও অংশগ্ৰহণ কৰিছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image002_20261119190015_e8f4b2.jpg

সন্মিলনত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ভাৰতে দীৰ্ঘদিন ধৰি সন্ত্ৰাসবাদৰ পৰা আক্ৰান্ত হৈ আহিছে আৰু দেশখনে ইয়াৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে। তেওঁ উল্লেখ কৰে যে বিভিন্ন ৰাজ্যৰ আৰক্ষী বাহিনীয়ে বিভিন্ন ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিছিল যদিও সমন্বিত পদক্ষেপৰ অভাৱ স্পষ্টভাৱে পৰিলক্ষিত হৈছিল। সময়ৰ লগে লগে পৰৱৰ্তী চৰকাৰসমূহৰ কাৰ্যকালত এই আসোঁৱাহসমূহ দূৰ কৰাৰ বাবে ক্ৰমান্বয়ে প্ৰচেষ্টা চলোৱা হৈছিল। “আজি আমি সন্তুষ্টিৰে ক’ব পাৰোঁ যে দেশৰ এই বিশাল ভূখণ্ডত—কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ আৰু দ্বাৰকাৰ পৰা কামাখ্যালৈ—এনে এক ব্যৱস্থা গঢ়ি তোলা হৈছে, যাৰ অধীনত প্ৰতিখন আৰক্ষী থানাৰ পৰ্যায়লৈকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক অভিন্ন কৌশল কাৰ্যকৰী হ’ব”, শ্ৰী অমিত শ্বাহে কয়।

শ্ৰী অমিত শ্বাহে কয় যে শেহতীয়াকৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে কেইবাটাও সফল অভিযান চলোৱা হৈছে, যাৰ ফলত দেশৰ আত্মবিশ্বাস বৃদ্ধি পাইছে। “ কালি আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছোঁ। লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী লতিফ ভাটক নিধন কৰাৰ ফলত সমগ্ৰ কাশ্মীৰ ভাৰতত জন্মগ্ৰহণ কৰা এনে এজন সন্ত্ৰাসবাদীৰ উপস্থিতিৰ পৰা মুক্ত হৈছে”, শ্ৰী অমিত শ্বাহে কয়। তেওঁ উল্লেখ কৰে যে ৩৫ বছৰৰ পিছত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে শ্বাহজাদ ভাট্টিৰ নেটৱৰ্কক বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউ এ পি এ)ৰ অধীনত সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰা হৈছে। দেশজুৰি ইয়াৰ ৪০টাতকৈ অধিক গোট নিষ্ক্ৰিয় কৰা হৈছে। এই নেটৱৰ্কৰ বিৰুদ্ধে চলোৱা অভিযানত ১০০টাতকৈ অধিক গোচৰ ৰুজু কৰা হৈছে আৰু ২৭১জনতকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে। শ্ৰী শ্বাহে কয় যে এটি সফল সংস্থাৰ পৰিচয় হ’ল সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ পূৰ্বেই সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ সামৰ্থ্য। প্ৰতিখন ৰাজ্যৰ আৰক্ষীয়ে এই আৰ্হি বিশ্লেষণ কৰি গ্ৰহণ কৰাৰ লগতে নিজ নিজ ক্ষেত্ৰত ৰূপায়ণ কৰিব লাগে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ২০১৯ চনৰ পৰা পলাতক অপৰাধীসকলক ভাৰতলৈ ঘূৰাই অনাৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰা হৈছে। এতিয়ালৈকে ৩৬খন দেশৰ পৰা ৩০৩জন পলাতক অপৰাধীক ভাৰতলৈ ঘূৰাই অনা হৈছে, যাৰ ফলত দেশৰ নিৰাপত্তা অধিক শক্তিশালী হৈছে। তেওঁ উল্লেখ কৰে যে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চি বি আই) আৰু গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ে এই ক্ষেত্ৰত বিশেষ প্ৰচেষ্টা গ্ৰহণ কৰিছে। আমাৰ চোৰাংচোৱা সংস্থাসমূহে  বিদেশত আত্মগোপন কৰি থকা পলাতক অপৰাধীসকলক ঘূৰাই অনাৰ ক্ষেত্ৰত উল্লেখযোগ্য প্ৰচেষ্টা চলাইছে। শ্ৰী শ্বাহে কয় যে সন্ত্ৰাসবাদ, সংগঠিত অপৰাধ আৰু নিচাজাতীয় দ্ৰব্যৰ এই তিনিটা বিপদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ বিদেশত আশ্ৰয় গ্ৰহণ কৰা অপৰাধী আৰু মূল পৰিকল্পনাকাৰীসকলক ভাৰতলৈ ঘূৰাই আনি ভাৰতীয় আদালতৰ সন্মুখত হাজিৰ কৰাটো অত্যন্ত প্ৰয়োজনীয়।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ‘শূন্য সহনশীলতা’ নীতি গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ ইতিবাচক ফলাফল লাভ কৰা হৈছে। তেওঁ কয় যে এই দিশত নিৰন্তৰ প্ৰচেষ্টাৰ অংশ হিচাপে ২০১৯ চনৰ ২ আগষ্টত প্ৰথমে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা আইন সংশোধন কৰা হৈছিল। ইয়াৰ জৰিয়তে এন আই এৰ তদন্তৰ অধীনলৈ নতুন অপৰাধসমূহ অনা হৈছিল আৰু সংস্থাটোক অতিৰিক্ত ক্ষমতা প্ৰদান কৰা হৈছিল। শ্ৰী শ্বাহে লগতে কয় যে ২০১৯ চনৰ ১৪ আগষ্টত ইউ এ পি এ সংশোধন কৰা হৈছিল। এই সংশোধনীৰ অধীনত এন আই এক সন্ত্ৰাসবাদীৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছিল আৰু ব্যক্তিক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ ব্যৱস্থা আৰম্ভ কৰা হৈছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে উল্লেখ কৰে যে ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত উগ্ৰপন্থাৰ প্ৰতিৰোধৰ বাবে এখন অভিন্ন কাৰ্যপৰিকল্পনা প্ৰস্তুত কৰা হৈছিল, যিখন বিভিন্ন মন্ত্ৰণালয়ৰ সৈতে আলোচনাৰ অন্তত ২০১৯ চনৰ ডিচেম্বৰ মাহত চূড়ান্ত কৰা হৈছিল। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত পি এফ আইৰ নেটৱৰ্ক উৎখাত কৰা হৈছিল। তেওঁ কয় যে পি এফ আইৰ নেটৱৰ্ক ধ্বংস কৰাটো ভাৰতীয় আৰক্ষীৰ এক সফল যৌথ অভিযানৰ উল্লেখযোগ্য উদাহৰণ। এটা নিশাৰ ভিতৰতে ১১খন ৰাজ্যত সমন্বিত অভিযান চলাই সমগ্ৰ পি এফ আইৰ নেটৱৰ্ক উৎখাত কৰা হৈছিল আৰু ইয়াৰ মেৰুদণ্ড ভাঙি পেলোৱা হৈছিল। পি এফ আইৰ নেটৱৰ্ক ধ্বংস কৰাৰ ফলত ভৱিষ্যতে দেশৰ সন্মুখীন হ’ব পৰা কেইবাটাও গুৰুতৰ সমস্যা আগতীয়াকৈ নিৰ্মূল কৰা সম্ভৱ হৈছে। তেওঁ লগতে কয় যে পি এফ আইৰ নেটৱৰ্ক উৎখাত কৰাটো ভৱিষ্যতে সংঘটিত হ’ব পৰা বহু সম্ভাৱ্য ঘটনা প্ৰতিৰোধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে বহু-সংস্থা কেন্দ্ৰৰ (এম এ চি) কাৰ্যপদ্ধতি পুনৰ সংগঠিত কৰা হৈছে। চাইবাৰ সুৰক্ষা, নিচাজাতীয় দ্ৰব্য, সংগঠিত অপৰাধৰ নেটৱৰ্ক আৰু নতুনকৈ সৃষ্টি হোৱা উগ্ৰপন্থাৰ কেন্দ্ৰসমূহক এম এ চিৰ আওতালৈ অনা হৈছে। ২০২৩ চনত অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত এম এ চিৰ কাৰ্যপদ্ধতি পুনৰ গঠন কৰা হৈছিল। এটি ৰাষ্ট্ৰীয় তথ্য ভঁৰাল স্থাপন কৰা হৈছে আৰু কেন্দ্ৰীভূত তথ্যভাণ্ডাৰ সৃষ্টি কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। তেওঁ লগতে  কয় যে এই সময়ছোৱাত এন আই এৰ আইনী ক্ষমতা বৃদ্ধিৰ লগতে দেশজুৰি ইয়াৰ উপস্থিতিও সম্প্ৰসাৰিত কৰা হৈছে। প্ৰায় একেসময়তে ১৬টা নতুন শাখা কাৰ্যালয় আৰু দুটা মণ্ডল কাৰ্যালয় স্থাপনৰ অনুমোদন দিয়া হৈছে। বিদেশত বসবাস কৰা ভাৰতীয়সকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে তদন্ত চলোৱাৰ ক্ষমতা এন আই এক প্ৰদান কৰা হৈছে। সন্ত্ৰাসবাদৰ মহিমামণ্ডন নিষিদ্ধ কৰা হৈছে। সন্ত্ৰাসবাদী সংগঠনসমূহৰ বিত্তীয় সাহায্য নিয়ন্ত্ৰণৰ বাবে ২৫ দফীয়া এক সংহত কাৰ্যপৰিকল্পনা প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ কাৰ্যকৰীকৰণৰ ওপৰত ফলপ্ৰসূভাৱে নজৰ ৰখা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে এন আই এৰ বিষয়াসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিজ্ঞতা লাভৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে আৰু দেশজুৰি ৭০খন নতুন এন আই এ বিশেষ আদালত স্থাপন কৰা হৈছে। তেওঁ কয় যে তিনিটা গুৰুত্বপূৰ্ণ অশান্ত অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰা হৈছে, পি এফ আই আৰু শ্বাহজাদ ভাট্টিৰ দৰে নেটৱৰ্ক উৎখাত কৰা হৈছে আৰু বিদেশৰ পৰা পলাতক অপৰাধীসকলক ঘূৰাই অনাৰ বাবে এক বৈজ্ঞানিক ব্যৱস্থা গঢ়ি তোলা হৈছে। তেওঁ সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত নতুন আৰু সামগ্ৰিক দৃষ্টিভংগী ৰূপায়ণ, সীমান্তৰ কাষৰ সকলো অবৈধ ধৰ্মীয় গাঁথনি সম্পূৰ্ণৰূপে আঁতৰোৱা আৰু অৰ্থনৈতিক নিৰাপত্তা শক্তিশালী কৰাৰ বাবে বিভিন্ন সংস্থাৰ মাজত সমন্বয় উন্নত কৰাৰ কথাও উল্লেখ কৰে। শ্ৰী শ্বাহে কয় যে চৰকাৰে এই সকলো দিশতে একেসময়তে আৰু ফলপ্ৰসূভাৱে কাম কৰিছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image003_20261119190027_ca2eb6.jpg

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সহযোগিতাৰ জৰিয়তে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আমি এক সামগ্ৰিক পৰিৱেশ-ব্যৱস্থাভিত্তিক দৃষ্টিভংগীৰে আগবাঢ়িছোঁ আৰু এই সহযোগিতা অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আছে। তেওঁ কয় যে আইনী ক্ষেত্ৰত বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ (ইউ এ পি এ) ব্যৱস্থাসমূহ অধিক শক্তিশালী কৰা হৈছে। প্ৰতিষ্ঠানিক পৰ্যায়ত তথ্যৰ আদান-প্ৰদান অধিক সহজ আৰু শক্তিশালী কৰিব লাগিব। এই যুঁজত জয়ী হ’বলৈ আমাৰ কৰ্মসংস্কৃতিও সলনি কৰিব লাগিব বুলি তেওঁ জোৰ দিয়ে। কাৰ্যকৰী ক্ষেত্ৰত সংস্থাসমূহে নিজৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে আধুনিকীকৰণ কৰিব লাগিব। সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্যৰ সমগ্ৰ শৃংখলটোক লক্ষ্য কৰি ল’ব লাগিব, যাৰ বাবে বিত্তীয় তদন্তকাৰী সংস্থাসমূহৰ সৈতে উন্নত সমন্বয়ৰ প্ৰয়োজন।

 

 

শ্ৰী অমিত শ্বাহে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত আমাৰ দৃষ্টিভংগী উমৈহতীয়া আৰু সামূহিক লক্ষ্যৰ ওপৰত আধাৰিত হ’ব লাগিব আৰু প্ৰতিটো পৰ্যায়ত দায়বদ্ধতা স্পষ্টভাৱে নিৰ্ধাৰণ কৰিব লাগিব। তেওঁ কয় যে যেতিয়ালৈকে আমাৰ লক্ষ্যসমূহ উমৈহতীয়া নহ’ব আৰু সেই লক্ষ্য পূৰণৰ দায়বদ্ধতা স্পষ্টভাৱে নিৰ্ধাৰণ কৰা নহ’ব, তেতিয়ালৈকে সফলতা অৰ্জন কৰাটো সম্ভৱ নহয়। তেওঁ লগতে কয় যে এই সন্মিলনখনক ফলাফলমুখী কৰি তুলিব লাগিব আৰু সকলো অংশগ্ৰহণকাৰীয়ে একেলগে প্ৰচেষ্টা চলালেহে সেয়া সম্ভৱ হ’ব।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image004_20261119190038_5da507.jpg

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে সন্ত্ৰাসবাদ বিৰোধী নীতিত সক্ৰিয় পদক্ষেপৰ ধাৰণাটোক অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আছে। ইয়াৰ বাবে গাঁথনিগত আৰু কাৰ্যকৰী সামৰ্থ্য বৃদ্ধিৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব। শ্ৰী অমিত শ্বাহে কয় যে সমগ্ৰ সন্ত্ৰাসবাদী নেটৱৰ্কৰ তদন্ত কৰি ইয়াৰ সামৰ্থ্য উৎখাত কৰিব লাগিব। সমগ্ৰ নেটৱৰ্কৰ তদন্তৰ জৰিয়তে বহু ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই প্ৰতিৰোধ কৰিব পৰা যাব। তেওঁ এনে এক ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ বিষয়ত  জোৰ দিয়ে, যাৰ জৰিয়তে আৰক্ষী থানাৰ পৰ্যায়ৰ চোৰাংচোৱা তথ্য বিভিন্ন পৰ্যায়ৰ মাজেৰে আৰক্ষী সঞ্চালক প্ৰধানৰ (ডি জি পি) ওচৰলৈ যাব পাৰে আৰু তাৰ পৰা কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব পৰা তথ্য আহৰণ কৰিব পাৰি। তেওঁ লগতে কয় যে প্ৰযুক্তিৰ ব্যৱহাৰ এনে অপৰাধত ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰতিখন ৰাজ্যৰ সন্ত্ৰাসবাদ বিৰোধী গোটে (এ টি এছ) নিজৰ চাইবাৰ বিশেষজ্ঞ শাখা শক্তিশালী কৰিব লাগিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সীমান্তৱৰ্তী ৰাজ্যসমূহত চতুৰ্ভুজ আঞ্চলিক নিৰাপত্তা গ্ৰীড স্থাপন কৰাটোও এক গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰ হ’ব লাগে বুলি উল্লেখ কৰে। সকলো ৰাজ্যৰ সন্ত্ৰাসবাদ বিৰোধী গোটৰ সামৰ্থ্য বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়তো তেওঁ গুৰুত্ব আৰোপ কৰে।

****

RK/RR/PR/PS/DM


(ৰিলিজ আই ডি : 2338753) অতিথি কক্ষ : 21