স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
azadi ka amrit mahotsav

বাল্ক ড্ৰাগছ পাইকাৰী ব্যৱসায়ৰ বাবে পৃথক অনুজ্ঞাপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰস্তাৱ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ

বাল্ক ড্ৰাগছ বিতৰণত দায়বদ্ধতা আৰু নিয়ন্ত্ৰণ বৃদ্ধি তথা যোগান শৃংখলৰ তদাৰকী অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ঔষধ বিধি, ১৯৪৫-ত সংশোধনৰ প্ৰস্তাৱ

পোষ্ট কৰা হৈছে: 19 NOV 2026 10:29AM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ২ নৱেম্বৰ, ২০২৬ তাৰিখৰ খচৰা গেজেট অধিসূচনা জি এছ আৰ ৯৮৭ (ই)-ৰ জৰিয়তে ঔষধ বিধি, ১৯৪৫-ত সংশোধনৰ প্ৰস্তাৱ আগবঢ়াইছে। এই প্ৰস্তাৱ অনুসৰি, প্ৰস্তুত কৰা ঔষধৰ বাবে থকা বৰ্তমানৰ অনুজ্ঞাপত্ৰৰ ব্যৱস্থাতকৈ পৃথককৈ বৃহৎ পৰিমানৰ ঔষধ (সক্ৰিয় বা নিষ্ক্ৰিয় বাল্ক পদাৰ্থ) বিক্ৰীৰ বাবে এখন সুকীয়া আৱেদন পত্ৰ (প্ৰ-পত্ৰ ১৯-বি চি) আৰু অনুজ্ঞাপত্ৰৰ প্ৰ-পত্ৰ (প্ৰ-পত্ৰ ২০-বি চি) প্ৰৱৰ্তনৰ প্ৰস্তাৱ দিয়া হৈছে।

বৰ্তমান ব্যৱস্থাত ঔষধ প্ৰস্তুত সামগ্ৰী আৰু বাল্ক ড্ৰাগছ উভয়ৰে পাইকাৰী বিক্ৰীৰ বাবে একেখন উমৈহতীয়া অনুজ্ঞাপত্ৰ প্ৰযোজ্য। প্ৰস্তাৱিত সংশোধনীৰ জৰিয়তে বাল্ক ড্ৰাগছৰ বাবে এক সুকীয়া অনুজ্ঞাপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ লক্ষ্য লোৱা হৈছে, যাতে ইয়াৰ পাইকাৰী বিক্ৰীৰ ক্ষেত্ৰত অধিক নিৰ্দিষ্ট নিয়ন্ত্ৰণমূলক তদাৰকী নিশ্চিত কৰাৰ লগতে ঔষধৰ যোগান শৃংখলত দায়বদ্ধতা বৃদ্ধি কৰিব পৰা যায়।এই প্ৰস্তাৱটো ১৭ নৱেম্বৰ, ২০২৫ তাৰিখে অনুষ্ঠিত ড্ৰাগছ কনছালটেটিভ কমিটিৰ (ডি চি চি) ৬৭সংখ্যক বৈঠকত আৰু ১৬ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে অনুষ্ঠিত ড্ৰাগছ টেকনিকেল এডভাইজাৰী ব'ৰ্ডৰ (ডি টি এ বি) ৯৩সংখ্যক বৈঠকত অনুমোদিত হৈছিল।

প্ৰস্তাৱিত ব্যৱস্থাৰ অধীনত পাইকাৰী বিক্ৰেতাসকলে ব্যৱসায় কৰা বাল্ক ড্ৰাগছ্ৰ বিভিন্ন শ্ৰেণীৰ তথ্য অনুজ্ঞাপত্ৰত উল্লেখ থাকিব। ইয়াৰ ভিতৰত নিচাযুক্ত ঔষধ আৰু মনঃপ্ৰভাৱী পদাৰ্থ (এন ডি পি এছ) আইন, ১৯৮৫-ৰ অধীনত সামৰি লোৱা ঔষধসমূহো অন্তৰ্ভুক্ত হ’ব। তদুপৰি, বৃহৎ পৰিমানৰ ঔষধ বিক্ৰী এগৰাকী উপযুক্ত ব্যক্তিৰ প্ৰত্যক্ষ তত্ত্বাৱধানত সম্পন্ন কৰা হ’ব, যাৰ ফলত এই ঔষধসমূহৰ বিতৰণ আৰু পৰিচালনাৰ ক্ষেত্ৰত দায়বদ্ধতা অধিক শক্তিশালী হ’ব।

প্ৰস্তাৱিত সংশোধনী কাৰ্যকৰী হ’লে ইয়াৰ ফলত তলত উল্লেখ কৰা সুবিধাসমূহ লাভ কৰিব পৰা যাব:

•          বাল্ক ড্ৰাগছৰ পাইকাৰী বিক্ৰীৰ ক্ষেত্ৰত অধিক উন্নত নিয়ন্ত্ৰণ ব্যৱস্থা নিশ্চিত কৰিব।

•          এণ্টিমাইক্ৰ’বিয়েল প্ৰতিৰোধ আৰু এন ডি পি এছ ড্ৰাগছৰ সৰবৰাহৰ ক্ষেত্ৰত আইন বলৱৎকাৰী নিয়ন্ত্ৰণ ব্যৱস্থা অধিক শক্তিশালী কৰিব।

•          বৃহৎ পৰিমানৰ ঔষধৰ পাইকাৰী বিক্ৰীৰ বাবে পাইকাৰী বিক্ৰেতাসকলৰ পৃথক অনুজ্ঞাপত্ৰ গ্ৰহণ কৰাটো বাধ্যতামূলক কৰিব।

সংশোধিত অনুজ্ঞাপত্ৰৰ চৰ্তসমূহৰ সৈতে খাপ খুৱাই লোৱাৰ সুবিধাৰ্থে বৰ্তমানৰ অনুজ্ঞাপত্ৰধাৰীসকলক নতুন বিধানসমূহ মানি চলিবলৈ পৰ্যাপ্ত সময় প্ৰদান কৰা হ’ব। তেওঁলোকৰ ক্ষেত্ৰত এই নতুন চৰ্তসমূহ বৰ্তমানৰ অনুজ্ঞাপত্ৰৰ বৈধতা বাহাল ৰখাৰ নিৰ্ধাৰিত সময়সীমা উকলি যোৱাৰ পিছত অথবা সংশোধনীটো চূড়ান্তভাৱে প্ৰকাশ পোৱাৰ ১২ মাহৰ পিছত, এই দুয়োটাৰ ভিতৰত যিটো সময় পিছত আহিব, তেতিয়াৰ পৰা প্ৰযোজ্য হ’ব।

সংশ্লিষ্ট অংশীদাৰসকল আৰু সাধাৰণ ৰাইজক খচৰা বিধিসমূহৰ প্ৰতি কোনো আপত্তি বা পৰামৰ্শ থাকিলে, গেজেটৰ খচৰা বিধিসমূহ সন্নিৱিষ্ট প্ৰতিলিপি জনসাধাৰণৰ বাবে উপলব্ধ হোৱাৰ তাৰিখৰ পৰা ৩০ দিনৰ ভিতৰত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উপ-সচিব (ঔষধ)লৈ তলত উল্লেখ কৰা ঠিকনাত লিখিতভাৱে অথবা ই-মেইলযোগে প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে।

ঠিকনা:

অবৰ সচিব (ড্ৰাগছ), স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, ভাৰত চৰকাৰ

ইউ-৬, ৱৰ্ক হল-চি উইং, প্ৰথম মহলা

কৰ্তব্য ভৱন-১, লতুন দিল্লী-১১০০০১১

ই-মেইল: drugsdiv-mohfw[at]gov[dot]in

খচৰা গেজেট অধিসূচনাখন তলত উল্লেখ কৰা লিংকৰ জৰিয়তে উপলব্ধ:

খচৰা গেজেট অধিসূচনা:

https://egazette.gov.in/(S(v14ga5sxvesv0yfxhdm40iu0))/ViewPDF.aspx

*****

SR/US

HFW/MoHFW proposes separate licenses for bulk drug wholesale/19 November 2026/2


(ৰিলিজ আই ডি : 2338435) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Gujarati , Tamil