প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

জাপানৰ য়োকোছুকাস্থিত মেৰিটাইম ছেল্ফ-ডিফেন্স ফ’ৰ্চৰ নৌঘাটি পৰিদৰ্শন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

ভাৰত আৰু জাপানৰ মাজৰ ক্ৰমবৰ্ধমান সামুদ্ৰিক সহযোগিতা মুক্ত, উন্মুক্ত আৰু নিয়মভিত্তিক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি উভয় দেশৰ গভীৰ আস্থা তথা উমৈহতীয়া দায়বদ্ধতাৰ প্ৰতিফলন : ৰাজনাথ সিং


“বিশ্বজোৰা প্ৰত্যাহ্বানৰ মাজতো ভাৰত অন্যতম দ্ৰুতগতিত বিকশিত বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে; প্ৰতিৰক্ষা খণ্ডতো অভূতপূৰ্ব বিকাশ পৰিলক্ষিত হৈছে”

পোষ্ট কৰা হৈছে: 18 NOV 2026 5:32PM by PIB Guwahati

"ভাৰত আৰু জাপানৰ মাজৰ ক্ৰমবৰ্ধমান সামুদ্ৰিক সহযোগিতাই মুক্ত, উন্মুক্ত আৰু নিয়মভিত্তিক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি উভয় দেশৰ গভীৰ আস্থা তথা উমৈহতীয়া দায়বদ্ধতাৰ প্ৰতিফলন ঘটাইছে।"

-জাপানৰ য়োকোছুকাস্থিত জাপান মেৰিটাইম ছেল্ফ-ডিফেন্স ফ’ৰ্চৰ (জে এম এছ ডি এফ) নৌঘাটি পৰিদৰ্শন কৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত দিয়া এটা প’ষ্টত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে আজি এইদৰে মত প্ৰকাশ কৰে। এই পৰিদৰ্শনৰ সময়ত তেওঁৰ সৈতে উপস্থিত আছিল জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী শিনজিৰো ক’ইজুমি। জাপানত উপস্থিত হোৱাৰ পাছতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তেওঁৰ জাপান ভ্ৰমণৰ কাৰ্যসূচী দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰালয় পৰিদৰ্শনেৰে আৰম্ভ কৰে। তাত তেওঁক জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আদৰণি জনায়।

 

শ্ৰী ৰাজনাথ সিঙক আনুষ্ঠানিকভাৱে গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়। ইয়াৰ পাছতে দুয়োগৰাকী মন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰালয়ত চমু আলোচনাত মিলিত হয়। পৰৱৰ্তী সময়ত তেওঁলোকে জাপান ছেল্ফ-ডিফেন্স ফ’ৰ্চৰ  এখন হেলিকপ্টাৰেৰে জে এম এছ ডি এফৰ নৌঘাটিলৈ যাত্ৰা কৰে। নৌঘাটিত দুয়োগৰাকী মন্ত্ৰীয়ে মোগামি শ্ৰেণীৰ বহুমুখী অভিযানৰ বাবে নিৰ্মিত যুদ্ধজাহাজ 'জে এছ নাটোৰি' পৰিদৰ্শন কৰে।

 

ইয়াৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ভাৰতীয় দূতাবাসৰ উদ্যোগত টকিঅ’ত আয়োজিত এটা অনুষ্ঠানত জাপানত বসবাস কৰা প্ৰবাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰে। অনুষ্ঠানত ভাষণ দি তেওঁ ভাৰতৰ উল্লেখযোগ্য অৰ্থনৈতিক ৰূপান্তৰৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পশ্চিম এছিয়াৰ পৰিস্থিতিৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বানৰ মাজতো ভাৰত বিশ্বৰ অন্যতম দ্ৰুতগতিত বিকশিত বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হোৱা বুলি তেওঁ মত প্ৰকাশ কৰে।

 

ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত হোৱা অভূতপূৰ্ব বিকাশৰ কথা উল্লেখ কৰি শ্ৰী ৰাজনাথ সিঙে কয় যে দেশৰ ঘৰুৱা প্ৰতিৰক্ষা উৎপাদনৰ পৰিমাণে ১ লাখ ৮০ হাজাৰ কোটি টকা অতিক্ৰম কৰি অভিলেখ সৃষ্টি কৰিছে। এয়া এক দশক পূৰ্বৰ ৪৮ হাজাৰ কোটি টকাৰ তুলনাত উল্লেখনীয় বৃদ্ধি বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে প্ৰতিৰক্ষা সামগ্ৰীৰ ৰপ্তানিৰ পৰিমাণ ৬০০ কোটি টকাৰ পৰা বৃদ্ধি পাই সৰ্বকালৰ সৰ্বোচ্চ ৩৮ হাজাৰ কোটি টকা হৈছেগৈ। ইয়াৰ জৰিয়তে দেশৰ ক্ৰমবৰ্ধমান থলুৱা উৎপাদন সক্ষমতা আৰু বিশ্বৰ প্ৰতিৰক্ষা সামগ্ৰীৰ বজাৰত ভাৰতৰ বৰ্ধিত উপস্থিতিৰ প্ৰতিফলন ঘটিছে।

 

দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীলতাৰ নীতিৰ কথা উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা ১২ বছৰত দেশত দুৰ্নীতি যথেষ্ট পৰিমাণে হ্ৰাস পাইছে আৰু চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ সুফল প্ৰকৃত হিতাধিকাৰীসকলৰ ওচৰলৈ গৈছে। তেওঁ লগতে কয়, “আমাৰ চৰকাৰৰ সততা আৰু নিকা ভাবমূৰ্তিক লৈ কোনেও প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে।” দৰিদ্ৰতা দূৰীকৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ লগতে দেশজুৰি অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত হোৱা উল্লেখযোগ্য উন্নতিৰ বিষয়েও তেওঁ আলোকপাত কৰে।

 

দুদিনীয়া ভ্ৰমণসূচীৰে জাপানলৈ যোৱা প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ১৯ নৱেম্বৰত চতুৰ্থ ভাৰত-জাপান বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰী পৰ্যায়ৰ আলোচনাত (২+২) অংশগ্ৰহণ কৰাৰ লগতে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। টকিঅ’ত হ’বলগীয়া এই ২+২ মন্ত্ৰী পৰ্যায়ৰ আলোচনাত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ লগতে জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী শিনজিৰো ক’ইজুমি আৰু দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী ট’শ্বিমিটছু ম’টেগিয়ে যুটীয়াভাৱে সভাপতিত্ব কৰিব। উল্লেখ্য যে এই বছৰতে শ্ৰী ৰাজনাথ সিং আৰু শ্ৰী শিনজিৰো ক’ইজুমিৰ মাজত হ’বলগীয়া এইখন হ'ব তৃতীয়খন বৈঠক।

 

VK/SR/Savvy/UD


(ৰিলিজ আই ডি : 2338362) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Gujarati , Tamil