পোষ্ট কৰা হৈছে:
18 NOV 2026 12:30PM by PIB Guwahati
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আই চি এম আৰ)-এ ১০০টা সফল প্ৰযুক্তি হস্তান্তৰ চুক্তিৰ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। থলুৱা স্বাস্থ্য গৱেষণাক জনসাধাৰণৰ ব্যৱহাৰৰ উপযোগী প্ৰযুক্তি আৰু সমাধানলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত এয়া উল্লেখযোগ্য সাফল্য। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি সামৰণি পৰা তৃতীয় স্বাস্থ্য গৱেষণা বিভাগ (ডি এইচ আৰ)–আই চি এম আৰ স্বাস্থ্য গৱেষণা উৎকৰ্ষ শীৰ্ষ সন্মিলনত এই সাফল্যৰ কথা ঘোষণা কৰা হয়।
ডি এইচ আৰ আৰু আই চি এম আৰৰ উদ্যোগত চলিত বৰ্ষৰ ১৬ আৰু ১৭ নৱেম্বৰত অনুষ্ঠিত এই সন্মিলনত আই চি এম আৰৰ প্ৰতিষ্ঠান, সহযোগী সংস্থা, চৰকাৰী সংগঠন আৰু শিক্ষানুষ্ঠানৰ ৬০০ৰো অধিক বিজ্ঞানী, গৱেষক, উদ্ভাৱক, প্ৰশাসক আৰু নীতি নিৰ্ধাৰণকাৰীয়ে অংশগ্ৰহণ কৰে। এই শীৰ্ষ সন্মিলনখনত দেশৰ জৈৱ চিকিৎসা আৰু স্বাস্থ্য গৱেষণাৰ ক্ষেত্ৰলৈ আই চি এম আৰৰ ১১৫ বছৰীয়া অৱদানৰ কথাও স্মৰণ কৰা হয়।
স্বাস্থ্য গৱেষণাৰ ক্ষেত্ৰত উৎকৰ্ষক স্বীকৃতি প্ৰদান আৰু বৈজ্ঞানিক গৱেষণালব্ধ তথ্যৰ ব্যৱহাৰিক ফলাফল নিশ্চিত কৰাৰ উদ্দেশ্যে এই শীৰ্ষ সন্মিলনে এখন ৰাষ্ট্ৰীয় মঞ্চ হিচাপে কাম কৰে। গৱেষণাপত্ৰ, প্ৰযুক্তি, পেটেণ্ট আৰু গৱেষণা পৰিচালনাৰ ক্ষেত্ৰত আই চি এম আৰৰ প্ৰতিষ্ঠান আৰু বহিঃপ্ৰতিষ্ঠানৰ সহযোগী সংস্থাসমূহৰ উল্লেখযোগ্য অৱদান ইয়াত প্ৰদৰ্শন কৰা হয়। ইয়াৰ লগতে গৱেষক, উদ্যোগ আৰু নীতি নিৰ্ধাৰণকাৰীসকলৰ মাজত সহযোগিতাৰ পথো প্ৰশস্ত কৰা হয়।
প্ৰযুক্তি হস্তান্তৰ অনুষ্ঠানত আই চি এম আৰে ৯টা ভাৰতীয় প্ৰতিষ্ঠানৰ সৈতে আঠবিধ প্ৰযুক্তিক সামৰি ২০খন অনুজ্ঞাপত্ৰ চুক্তি বিনিময় কৰে। ইয়াৰ ফলত আই চি এম আৰৰ ‘মেডিকেল ইন’ভেচনছ পেটেণ্ট মিত্ৰ’ শীৰ্ষক বিশেষ পদক্ষেপ আৰম্ভ হোৱাৰ দুবছৰতকৈও কম সময়ৰ ভিতৰত মুঠ সফল প্ৰযুক্তি হস্তান্তৰ চুক্তিৰ সংখ্যা ১০০লৈ বৃদ্ধি পায়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী শ্ৰী জে পি নাড্ডাই ২০২৫ চনৰ মাৰ্চ মাহত এই পদক্ষেপৰ শুভাৰম্ভণি কৰিছিল। এই সাফল্য উদ্যোগ প্ৰতিষ্ঠানসমূহৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে গৱেষণা আৰু থলুৱা উদ্ভাৱনক ব্যৱহাৰিক প্ৰয়োগৰ উপযোগী কৰি তোলাৰ ক্ষেত্ৰত আই চি এম আৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰতিফলন হিচাপে পৰিগণিত হৈছে ।
আই চি এম আৰৰ প্ৰতিষ্ঠান আৰু বহিঃপ্ৰতিষ্ঠানৰ সহযোগী সংস্থাসমূহে বিকশিত কৰা ১৭বিধ প্ৰযুক্তি উদ্ভাৱনী প্ৰদৰ্শনীত উপস্থাপন কৰা হয়। ইয়াৰ উপৰি প্ৰযুক্তি আৰু পেটেণ্ট সম্পৰ্কীয় এখন বিশেষ অধিৱেশনত ১০বিধ প্ৰযুক্তি আৰু আঠটা পেটেণ্টৰ বিষয়ে উপস্থাপন কৰা হয়। ইয়াৰ জৰিয়তে দেশৰ স্বাস্থ্য গৱেষণা ব্যৱস্থাত উদ্ভৱ হোৱা উদ্ভাৱনৰ ব্যাপকতা প্ৰতিফলিত হয়।
শীৰ্ষ সন্মিলনখনত তিনিটা নতুন পদক্ষেপৰ শুভাৰম্ভণি ঘটোৱা হয়। ডি এইচ আৰৰ নতুন ‘ৰিছাৰ্চ টু একচন ভাৰ্টিকেল’ৰ জৰিয়তে গৱেষণাৰ পৰা লাভ কৰা তথ্যক নীতি আৰু আঁচনি প্ৰস্তুতকৰণৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ উপযোগী সমললৈ ৰূপান্তৰ কৰা হ’ব। ডি এইচ আৰৰ ভাইৰাছ গৱেষণা আৰু ৰোগ নিৰ্ণয় পৰীক্ষাগাৰ (ভি আৰ ডি এল) আঁচনিৰ অধীনত ‘ছিণ্ড্ৰমিক ছাৰ্ভেইলেঞ্চ’ ব্যৱস্থাই ৭০টা ভি আৰ ডি এল আৰু সংক্ৰামক ৰোগ গৱেষণা আৰু ৰোগ নিৰ্ণয় পৰীক্ষাগাৰ (আই আৰ ডি এল)ক সামৰি ৰোগৰ প্ৰাদুৰ্ভাৱৰ আগতীয়া সতৰ্কীকৰণ ব্যৱস্থা গঢ়ি তুলিব। আনহাতে, আজি মুকলি কৰা ‘ড০ এম কে ভান যুৱ চিকিৎসক পি এইচ ডি প’ৰ্টেল’ সম্ভাৱ্য আবেদনকাৰীসকলৰ বাবে তথ্যৰ যোগান ধৰা এখন কেন্দ্ৰীভূত ডিজিটেল মঞ্চ হিচাপে পৰিগণিত হ’ব।
আই চি এম আৰে এণ্টিমাইক্ৰ’বিয়েল ৰেজিষ্টেন্স (এ এম আৰ) সম্পৰ্কীয় বাৰ্ষিক প্ৰতিবেদন আৰু মানসম্পন্ন কাৰ্যপদ্ধতি (ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰছ) প্ৰকাশ কৰে। ইয়াত এণ্টিমাইক্ৰ’বিয়েল প্ৰতিৰোধ ক্ষমতা সম্পৰ্কীয় ৰাষ্ট্ৰীয় তথ্য-প্ৰমাণ আৰু পৰীক্ষাগাৰৰ মানসম্পন্ন পদ্ধতিসমূহ একত্ৰিত কৰা হৈছে। ইয়াৰ লগতে জনসাধাৰণৰ বাবে গৱেষণাৰ ফলাফললৈ ৰূপান্তৰিত হোৱা ২৫টা কাহিনী সন্নিৱিষ্ট কৰি ‘আই চি এম আৰ কম্পেণ্ডিয়ামো’ প্ৰকাশ কৰা হয়।
গৱেষণা উৎকৰ্ষ প্ৰদৰ্শনীত বাছনি কৰা গৱেষণাপত্ৰসমূহ উপস্থাপন কৰা হয়। আনহাতে, উদ্ভাৱন উৎকৰ্ষ প্ৰদৰ্শনীত বাছনি কৰা প্ৰযুক্তি আৰু পেটেণ্টসমূহ প্ৰদৰ্শন কৰা হয়। গৱেষণা প্ৰশাসন আৰু বিত্ত সম্পৰ্কীয় বিশেষ অধিৱেশনত অনুদান পৰিচালনা, ক্ৰয় আৰু বিত্তীয় প্ৰক্ৰিয়া সৰলীকৰণৰ বিভিন্ন উপায় সন্দৰ্ভত আলোচনা কৰা হয়। ইয়াৰ উপৰি আই চি এম আৰ–ৰাষ্ট্ৰীয় মেলেৰিয়া গৱেষণা প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী উপলক্ষে অনুষ্ঠিত বিশেষ অধিৱেশনত মেলেৰিয়া গৱেষণাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ ৫০ বছৰীয়া অৱদানৰ স্মৰণ কৰা হয়।
শীৰ্ষ সন্মিলনখনত স্বাস্থ্য গৱেষণা ব্যৱস্থাৰ বিভিন্ন ক্ষেত্ৰলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহক গৱেষণা, উদ্ভাৱন আৰু প্ৰতিষ্ঠানিক উৎকৰ্ষ স্বীকৃতিৰ জৰিয়তে সন্মানিত কৰা হয়। গৱেষণাপত্ৰ, প্ৰযুক্তি, পেটেণ্ট আৰু প্ৰতিষ্ঠানিক পাৰদৰ্শিতাৰ ক্ষেত্ৰত সাফল্যৰ বাবে নটা শিতানত গৱেষক আৰু প্ৰতিষ্ঠানসমূহক স্বীকৃতি প্ৰদান কৰা হয়। গৱেষণা পৰিচালনাৰ উৎকৰ্ষৰ ক্ষেত্ৰত প্ৰকল্প নিৰ্বাচন, ‘ইণ্ডিয়ান জাৰ্নেল অৱ মেডিকেল ৰিছাৰ্চ’, বৈজ্ঞানিক বিভাগ, বৈজ্ঞানিক সহায়ক গোট আৰু প্ৰশাসন তথা বিত্তীয় দলৰ সৈতে জড়িত পৰ্যালোচকসকলৰ অৱদানকো স্বীকৃতি জনোৱা হয়। উচ্চ মানৰ গৱেষণাক শক্তিশালী কৰি তোলা আৰু গৱেষণা ব্যৱস্থাটোক সহায় কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ স্বীকৃতিস্বৰূপে এই সন্মান প্ৰদান কৰা হয়।
সন্মিলনখনত ‘শ্বাইন’ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ জৰিয়তে বাছনি কৰা শীৰ্ষ ১০০গৰাকী বিদ্যালয়ৰ শিক্ষাৰ্থীকো তেওঁলোকৰ অৱদান আৰু বৈজ্ঞানিক চিন্তাধাৰাৰ বাবে স্বীকৃতি প্ৰদান কৰা হয়। ‘শ্বাইন’ (ছায়েন্স এণ্ড হেল্থ ইন’ভেচন ফৰ দ্যা নেক্সটজেন এক্সপ্ল’ৰাৰ্ছ) হৈছে আই চি এম আৰৰ এটা ৰাষ্ট্ৰীয় পদক্ষেপ। দেশৰ চৰকাৰী, চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। শিক্ষাৰ্থীসকলৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলা, অনুসন্ধিৎসা বৃদ্ধি কৰা আৰু জৈৱ চিকিৎসা তথা স্বাস্থ্য গৱেষণাৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ তেওঁলোকক উৎসাহিত কৰাই এই পদক্ষেপৰ উদ্দেশ্য।
শীৰ্ষ সন্মিলনখনে ৰাষ্ট্ৰীয় স্বাস্থ্যৰ অগ্ৰাধিকাৰসমূহ পূৰণ আৰু সুলভ, ব্যয়সাধ্য তথা মানসম্পন্ন স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ দিশত ভাৰতৰ প্ৰচেষ্টাক আগুৱাই নিয়াৰ বাবে শক্তিশালী, সহযোগিতামূলক আৰু উদ্ভাৱনমুখী স্বাস্থ্য গৱেষণা ব্যৱস্থাৰ গুৰুত্ব পুনৰবাৰ প্ৰতিপন্ন কৰে।
নতুন দিল্লীত মুখ্য কাৰ্যালয় থকা ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আই চি এম আৰ) হৈছে দেশত জৈৱ চিকিৎসা গৱেষণাৰ পৰিকল্পনা, সমন্বয় আৰু প্ৰসাৰৰ দিশত কাম কৰা শীৰ্ষস্থানীয় সংস্থা। ১৯১১ চনত প্ৰতিষ্ঠা হোৱা আই চি এম আৰ বিশ্বৰ অন্যতম পুৰণি চিকিৎসা গৱেষণা সংস্থা। ই কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ স্বাস্থ্য গৱেষণা বিভাগৰ অধীনত কাৰ্যনিৰ্বাহ কৰে।

***
SR/GS/UD