বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

ৰপ্তানি প্ৰসাৰ অভিযানৰ অধীনৰ চাৰিটা পদক্ষেপৰ নিৰ্দেশনা সংশোধন বাণিজ্য বিভাগৰ: ৰপ্তানিকাৰীসকলৰ বাবে অধিক সহায়ৰ ব্যৱস্থা

পোষ্ট কৰা হৈছে: 18 NOV 2026 1:27PM by PIB Guwahati

ৰপ্তানিকাৰীসকলক অধিক সহায় আগবঢ়োৱা আৰু অধিক সংখ্যক ৰপ্তানিকাৰীক এই সুবিধাৰ আওতালৈ অনাৰ লক্ষ্যৰে বাণিজ্য বিভাগে ২০২৬ চনৰ ১৭ নৱেম্বৰত ৰপ্তানি প্ৰসাৰ অভিযানৰ ‘নিৰ্যাৎ দিশা’ উপ-আঁচনিৰ অধীনৰ চাৰিটা পদক্ষেপৰ নিৰ্দেশনা সংশোধন কৰিছে। এই পদক্ষেপকেইটা হৈছে—বজাৰ প্ৰৱেশত সহযোগিতা (এম এ এছ), বাণিজ্যিক বিধি-নিয়ম, স্বীকৃতি আৰু অনুপালন সক্ষমতা(‘ট্ৰেচ’) আৰু মালবাহী পৰিবহণ তথা যাতায়াতৰ বাবে লজিষ্টিক ব্যৱস্থা (‘লিফ্ট’)।

এম এ এছ পদক্ষেপৰ লক্ষ্য হৈছে ক্ৰেতা-বিক্ৰেতাৰ বৈঠক, বিপৰীত ক্ৰেতা-বিক্ৰেতাৰ বৈঠক, বাণিজ্য মেলা, প্ৰদৰ্শনী আৰু বজাৰ প্ৰৱেশৰ সৈতে জড়িত অন্যান্য পদক্ষেপৰ বাবে সুপৰিকল্পিত সহায় আগবঢ়াই ভাৰতৰ ৰপ্তানি বজাৰত প্ৰৱেশৰ সুবিধা শক্তিশালী কৰা।

সংশোধিত নিৰ্দেশনা অনুসৰি এই পদক্ষেপৰ অধীনত তলত উল্লেখ কৰা ধৰণে পৰিৱৰ্তন সাধন কৰা হৈছে—

● ক্ৰেতা-বিক্ৰেতাৰ বৈঠক, বাণিজ্য মেলা আৰু বাণিজ্যিক প্ৰতিনিধি দলত অংশগ্ৰহণৰ বাবে বিমান ভাড়াৰ পৰিশোধযোগ্য ৰেহাই লাভৰ ক্ষেত্ৰত পূৰ্বৰ বছৰৰ সৰ্বাধিক যোগ্য ৰপ্তানি লেনদেনৰ পৰিমাণ ৭৫ লাখ টকাৰ পৰা বৃদ্ধি কৰি ৫০ কোটি টকা কৰা হৈছে।

 

● ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ ৰপ্তানিকাৰীসকলৰ বাবে বিমান ভাড়াৰ ৯৫ শতাংশ পৰ্যন্ত আৰু আন যোগ্য ৰপ্তানিকাৰীসকলৰ বাবে ৮০ শতাংশ পৰ্যন্ত ধন ঘূৰাই দিয়াৰ ব্যৱস্থা কৰা হৈছে।

● ৰপ্তানি প্ৰসাৰ পৰিষদসমূহৰ সদস্য হিচাপে থকাৰ বাধ্যতামূলক সময়সীমা ছমাহৰ পৰা হ্ৰাস কৰি তিনিমাহ কৰা হৈছে।

‘ট্ৰেচ’ পদক্ষেপৰ অধীনত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহক বিদেশৰ বজাৰত প্ৰযোজ্য আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত গুণগত মান, সুৰক্ষা আৰু কাৰিকৰী প্ৰয়োজনীয়তাসমূহ পূৰণৰ বাবে সহায় আগবঢ়োৱা হয়। ইয়াৰ অধীনত অনুপালন আৰু গুণগত মান-সম্পৰ্কীয় প্ৰমাণপত্ৰৰ লগতে অন্যান্য বাধ্যতামূলক আৰু স্বেচ্ছামূলক অনুকূলতা মূল্যায়নৰ প্ৰয়োজনীয়তাসমূহ সামৰি লোৱা হয়।

সংশোধিত নিৰ্দেশনা অনুসৰি ধন ঘূৰাই পোৱাৰ যোগ্য প্ৰমাণপত্ৰৰ তালিকা ৪৬২খনৰ পৰা বৃদ্ধি কৰি ৬০০খন কৰা হৈছে। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় গুণগত মান, সুৰক্ষা আৰু কাৰিকৰী প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহে অধিক সুবিধা লাভ কৰিব।

‘লিফ্ট’ পদক্ষেপৰ লক্ষ্য হৈছে কম ৰপ্তানি-প্ৰৱণ অঞ্চলসমূহত অৱস্থিত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহ সন্মুখীন হোৱা ভৌগোলিক প্ৰতিকূলতা আৰু পৰিবহণ ব্যৱস্থাৰ সীমাবদ্ধতা দূৰ কৰা। এনে স্থানগত প্ৰত্যাহ্বানৰ ফলত উদ্ভৱ হোৱা মালবাহী পৰিবহণ আৰু যাতায়াতৰ ব্যয় হ্ৰাস কৰাৰ বাবে এই পদক্ষেপৰ অধীনত সহায় আগবঢ়োৱা হয়।

সংশোধিত নিৰ্দেশনা অনুসৰি এই পদক্ষেপৰ ক্ষেত্ৰত তলত উল্লেখ কৰা ধৰণে পৰিৱৰ্তন সাধন কৰা হৈছে —

● এই ব্যৱস্থাই সামৰি লোৱা কম ৰপ্তানি-প্ৰৱণ জিলাসমূহৰ পৰিসৰ ১৩খন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ পৰা বৃদ্ধি কৰি ৩৪খন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চললৈ সম্প্ৰসাৰিত কৰা হৈছে।

● যোগ্য বন্দৰৰ শ্ৰেণীত স্থল শুল্ক কেন্দ্ৰ আৰু সংহত তালাচী চকী অন্তৰ্ভুক্ত কৰা হৈছে।

● পথ, ৰে'ল আৰু আকাশী পথৰ লগতে জলপথকো পৰিবহণৰ বিদ্যমান মাধ্যমসমূহৰ সৈতে সংযোজন কৰা হৈছে।

● উত্তৰ-পূৰ্বাঞ্চলৰ লগতে জম্মু-কাশ্মীৰ আৰু লাডাখলৈকো ৰপ্তানি সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত বিমান ভাড়াৰ সহায়ৰ সুবিধা সম্প্ৰসাৰিত কৰা হৈছে।

● সামগ্ৰী প্ৰেৰণৰ স্থান আৰু গন্তব্য বন্দৰৰ মাজৰ ন্যূনতম দূৰত্বৰ যোগ্যতাৰ চৰ্ত ২০০ কিলোমিটাৰৰ পৰা হ্ৰাস কৰি ১০০ কিলোমিটাৰ কৰা হৈছে।

● ৰপ্তানিযোগ্য সামগ্ৰীৰ সকলো শ্ৰেণীকে এই সহায়ৰ আওতালৈ অনা হৈছে। অৱশ্যে ৰপ্তানিৰ ক্ষেত্ৰত নিষিদ্ধ ঘোষিত সামগ্ৰী বা ৰপ্তানিৰ নিষিদ্ধ শ্ৰেণীৰ তালিকাত উল্লেখ থকা সামগ্ৰীসমূহ ইয়াৰ বাহিৰত থাকিব।

উল্লেখযোগ্য যে কেন্দ্ৰীয় কেবিনেটে ২০২৫ চনৰ ১২ নৱেম্বৰত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পৰা ২০৩০-৩১ বিত্তীয় বৰ্ষলৈ কাৰ্যকৰী হোৱাকৈ ২৫,০৬০ কোটি টকাৰ পুঁজিৰে ৰপ্তানি প্ৰসাৰ অভিযানত অনুমোদন জনাইছিল। এই অভিযানৰ লক্ষ্য হৈছে লক্ষ্যভিত্তিক বিত্তীয় আৰু অবিত্তীয় সহায়ৰ জৰিয়তে ভাৰতৰ ৰপ্তানি প্ৰতিযোগিতামূলক সক্ষমতা শক্তিশালী কৰা। বিশেষকৈ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ, প্ৰথমবাৰৰ বাবে ৰপ্তানি কৰা উদ্যোগী আৰু পৰ্যাপ্ত প্ৰতিনিধিত্ব নথকা অঞ্চলসমূহৰ ওপৰত ইয়াত গুৰুত্ব আৰোপ কৰা হৈছে।

এই অভিযান দুটা সমন্বিত উপ-আঁচনিৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে। ইয়াৰে ‘নিৰ্যাৎ প্ৰোৎসাহনে’ বাণিজ্যিক বিত্তীয় সাহায্য লাভৰ সুবিধা প্ৰদান কৰে আৰু ‘নিৰ্যাৎ দিশা’ই বজাৰত প্ৰৱেশৰ সুবিধা আগবঢ়োৱাৰ লগতে ৰপ্তানিৰ ক্ষেত্ৰত থকা অবিত্তীয় বাধাসমূহ দূৰ কৰাত সহায় কৰে। এই দুয়োখন উপ-আঁচনিৰ অধীনত এতিয়ালৈকে মুঠ ১১টা পদক্ষেপ কাৰ্যকৰী কৰা হৈছে।

ৰপ্তানি প্ৰসাৰ অভিযানৰ অধীনত গ্ৰহণ কৰা এই পদক্ষেপসমূহৰ সংশোধনীয়ে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক অনুষ্ঠানত ৰপ্তানিকাৰকসকলৰ অংশগ্ৰহণৰ বাবে সমৰ্থন সম্প্ৰসাৰণ কৰা, প্ৰমাণপত্ৰ আৰু অনুপালন-সম্পৰ্কীয় সহায়ৰ অধিক সুবিধা প্ৰদান কৰা, আৰু বিশেষকৈ কম ৰপ্তানি-প্ৰৱণ অঞ্চলত অৱস্থিত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহ সন্মুখীন হোৱা মালবাহী পৰিবহণ আৰু লজিষ্টিক-সম্পৰ্কীয় সমস্যা দূৰ কৰাৰ জৰিয়তে ভাৰতৰ ৰপ্তানি প্ৰতিযোগিতামূলক সক্ষমতা শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ধাৰাবাহিক প্ৰতিশ্ৰুতিৰ প্ৰতিফলন ঘটাইছে।

***

Abhishek Dayal/ Shabbir Azad/ Ishita Biswas/UD


(ৰিলিজ আই ডি : 2337940) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil , Telugu