প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতীয় নৌসেনাৰ দীৰ্ঘ-দূৰত্বৰ সামুদ্ৰিক পৰ্যবেক্ষণৰ ৫০ বছৰ সম্পূৰ্ণ

ছুপাৰ কনষ্টেলেচনৰ পৰা পি-৮আইলৈ — ভাৰত মহাসাগৰ আৰু ইয়াৰ পৰিসৰৰ বাহিৰতো পাঁচ দশকজোৰা আকাশী পহৰা

দীৰ্ঘ-দূৰত্বৰ সামুদ্ৰিক পৰ্যবেক্ষণ

পোষ্ট কৰা হৈছে: 18 NOV 2026 11:00AM by PIB Guwahati

ভাৰতীয় নৌসেনাই ২০২৬ চনৰ ১৮ নৱেম্বৰত দীৰ্ঘ দূৰত্বৰ সামুদ্ৰিক পৰ্যবেক্ষণ (এল আৰ এম আৰ) অভিযানৰ সোণালী জয়ন্তী উদযাপন কৰিছে। ভাৰতীয় নৌসেনাৰ বিমান স্কোৱাড্ৰন (আই এন এ এছ) ৩১২, ‘এলবাট্ৰছ’ৰ প্ৰতিষ্ঠাৰ ৫০ বছৰ পূৰ্তিৰ সৈতে সংগতি ৰাখি এই উদযাপনৰ আয়োজন কৰা হৈছে। ইয়াৰ জৰিয়তে দেশৰ সামুদ্ৰিক নিৰাপত্তাৰ স্বাৰ্থত পাঁচ দশক ধৰি চলি অহা আকাশী পৰ্যবেক্ষণৰ গৌৰৱোজ্জ্বল পৰিক্ৰমাক স্মৰণ কৰা হৈছে।

 

১৯৭১ চনৰ যুদ্ধৰ পিছত জাহাজ আৰু হেলিকপ্টাৰৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰিব পৰা স্থলভিত্তিক সামুদ্ৰিক টহলদাৰী বিমানৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত নৌসেনাই দীৰ্ঘ দূৰত্বৰ সামুদ্ৰিক পৰ্যবেক্ষণৰ দায়িত্ব গ্ৰহণ কৰে। ১৯৭৬ চনৰ ১৮ নৱেম্বৰত গোৱাৰ আই এন এছ হংস-ত আই এন এ এছ ৩১২ প্ৰতিষ্ঠা কৰা হয়। ভাৰতীয় বায়ুসেনাৰ পৰা হস্তান্তৰ কৰা পাঁচখন লকহিড ছুপাৰ কনষ্টেলেচন বিমানেৰে এই স্কোৱাড্ৰনৰ যাত্ৰা আৰম্ভ হৈছিল।

 

১৯৭৭ চনত ইলিউশ্বিন আই এল-৩৮ বিমান অন্তৰ্ভুক্ত কৰাৰ ফলত নৌসেনাৰ সামুদ্ৰিক পৰ্যবেক্ষণ  আৰু ছাবমেৰিনবিৰোধী যুদ্ধৰ সামৰ্থ্য অধিক শক্তিশালী হয়। ১৯৮৮ চনত আই এন এ এছ-৩১২-ত অন্তৰ্ভুক্ত হোৱা টুপোলেভ টি ইউ- ১৪২ এম বিমানে ভাৰত মহাসাগৰীয় অঞ্চলজুৰি নৌসেনাৰ টহলৰ পৰিসৰ সম্প্ৰসাৰিত কৰে। আনহাতে, ২০১৩ চনত আৰাক্কোনামৰ আই এন এছ ৰাজালি-ত ব’য়িং পি-৮ আই বিমান অন্তৰ্ভুক্ত কৰাটো আছিল এই সামৰ্থ্যৰ ক্ষেত্ৰত আন এটা উল্লেখযোগ্য অগ্ৰগতি। এই বিমানে বিস্তৃত অঞ্চলজুৰি চোৰাংচোৱা তথ্য সংগ্ৰহ, নিৰীক্ষণ আৰু অনুসন্ধান, ছাবমেৰিনবিৰোধী যুদ্ধ তথা সামুদ্ৰিক আক্ৰমণৰ ক্ষেত্ৰত উন্নত সামৰ্থ্য প্ৰদান কৰে।

 

যোৱা পাঁচটা দশকত নৌসেনাৰ দীৰ্ঘ দূৰত্বৰ সামুদ্ৰিক পৰ্যবেক্ষণকাৰী বিমানসমূহে অপাৰেচন কেকটাছ, বিজয়, পৰাক্ৰম আৰু সিন্দূৰকে ধৰি বিভিন্ন অভিযানত সহায় আগবঢ়াই আহিছে। ইয়াৰ উপৰি জলদস্যুবিৰোধী অভিযান আৰু অনুসন্ধান তথা উদ্ধাৰ অভিযানতো এই বিমানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বৰ্তমান আৰাক্কোনামৰ আই এন এছ ৰাজালি-ত অৱস্থিত আই এন এ এছ-৩১২ আৰু গোৱাৰ আই এন এছ হংস-ত অৱস্থিত আই এন এ এছ-৩১৬-ৰ পি-৮ আই বিমানসমূহে ভাৰত মহাসাগৰ আৰু ইয়াৰ পৰিসৰৰ বাহিৰতো নিৰন্তৰ পৰ্যবেক্ষণ অব্যাহত ৰাখি দেশৰ সামুদ্ৰিক স্বাৰ্থক সুৰক্ষিত কৰি আহিছে।

 

এই সোণালী জয়ন্তী উদযাপনে পাঁচ দশক ধৰি এই সামৰ্থ্য গঢ়ি তোলা আৰু অব্যাহত ৰখাত অৰিহণা যোগোৱা নৌসেনাৰ বিমানচালক, অভিযানৰ সৈতে জড়িত কৰ্মী, ৰক্ষণাবেক্ষণকাৰী আৰু সহায়ক কৰ্মচাৰীসকলৰ নিষ্ঠা, পেছাদাৰিত্ব আৰু অৱদানক সন্মান জনাইছে।

 

 

***

VM/SPS/UD


(ৰিলিজ আই ডি : 2337832) অতিথি কক্ষ : 10