পোষ্ট কৰা হৈছে:
17 NOV 2026 6:55PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ–ৰাষ্ট্ৰীয় মেলেৰিয়া গৱেষণা প্ৰতিষ্ঠান (আইচিএমআৰ–এনআইএমআৰ)-ৰ সোণালী জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰে। প্ৰতিষ্ঠানটোৰ সৈতে জড়িত পূৰ্বৰ আৰু বৰ্তমানৰ বিজ্ঞানী, গৱেষক তথা স্বাস্থ্যকৰ্মীসকলক অভিনন্দন জনাই ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে মেলেৰিয়া ঐতিহাসিকভাৱে ভাৰতৰ অন্যতম গুৰুতৰ জনস্বাস্থ্য প্ৰত্যাহ্বান আছিল, যিয়ে বিশেষকৈ গ্ৰাম্য আৰু জনজাতীয় সম্প্ৰদায়সমূহক প্ৰভাৱিত কৰিছিল। গাঁওসমূহত মেলেৰিয়াৰ প্ৰভাৱ প্ৰত্যক্ষ কৰাৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ কথা উল্লেখ কৰি তেওঁ এই ৰোগে কেনেকৈ মানুহৰ জীৱিকা, শিক্ষা আৰু ভৱিষ্যতক প্ৰভাৱিত কৰিছিল, সেই বিষয়ে আলোকপাত কৰে। ফলপ্ৰসূ চিকিৎসা নিশ্চিত কৰিবলৈ আৰু ৰোগটো পুনৰ হোৱাটো প্ৰতিৰোধ কৰিবলৈ চিকিৎসকে নিৰ্ধাৰণ কৰি দিয়া ঔষধৰ সম্পূৰ্ণ পালি গ্ৰহণ কৰাৰ ক্ষেত্ৰত জনসজাগতা সৃষ্টিৰ গুৰুত্বৰ ওপৰত তেওঁ জোৰ দিয়ে।
মেলেৰিয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ২০১৫ৰ পৰা ২০২৫ চনৰ ভিতৰত দেশত মেলেৰিয়া ৰোগী আৰু মৃত্যুৰ হাৰ প্ৰায় ৮০ শতাংশ হ্ৰাস পোৱাৰ লগতে অধিক প্ৰাদুৰ্ভাৱ থকা জিলাৰ সংখ্যা ১৫৫খনৰ পৰা ৩৩খনলৈ হ্ৰাস পাইছে। তেওঁ লগতে উল্লেখ কৰে যে ২০২২–২০২৫ চনৰ ভিতৰত ১৬০খন জিলাত থলুৱাভাৱে সংক্ৰমিত হোৱা মেলেৰিয়া ৰোগীৰ সংখ্যা শূন্য আছিল। ২০২৪ চনত বিশ্ব স্বাস্থ্য সংস্থা (ডব্লিউএইচঅ’)-ৰ ‘হাই বাৰ্ডেন টু হাই ইম্পেক্ট’ (এইচবিএইচআই) গোটৰ পৰা ভাৰত বাহিৰ হোৱা কাৰ্যক প্ৰশংসা কৰি তেওঁ বিজ্ঞানী, স্বাস্থ্যকৰ্মী আৰু নাগৰিকসকলৰ সামূহিক প্ৰচেষ্টাৰ শলাগ লয়। মেলেৰিয়াৰ পৰজীৱী, মহৰ বাহক, বাহক নিয়ন্ত্ৰণ, কীটনাশক প্ৰতিৰোধ ক্ষমতা আৰু সামূহিক নিৰীক্ষণৰ ক্ষেত্ৰত যোৱা পাঁচটা দশক ধৰি আইচিএমআৰ–এনআইএমআৰে আগবঢ়োৱা অৱদানক তেওঁ স্বীকাৰ কৰে।
নিৰন্তৰ সতৰ্কতা আৰু ফলপ্ৰসূ পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে মেলেৰিয়া ৰোগ চিনাক্তকৰণ, চিকিৎসা আৰু নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰা, মহ নিয়ন্ত্ৰণ, নতুন ঔষধ আৰু প্ৰতিষেধকৰ উদ্ভাৱন তথা অধিক জনসচেতনতা আৰু সমূহীয়া অংশগ্ৰহণৰ বাবে আহ্বান জনায়। বৈজ্ঞানিক গৱেষণা আৰু ইয়াৰ সুফলসমূহ যাতে আটাইতকৈ বেছি প্ৰয়োজন হোৱা গাঁও আৰু সম্প্ৰদায়সমূহৰ কাষ পায়গৈ, তাৰ ওপৰত তেওঁ গুৰুত্ৱ আৰোপ কৰে। জলবায়ু পৰিৱৰ্তন, অপৰিকল্পিত নগৰীকৰণ আৰু মহৰ মাজত কীটনাশক প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ দৰে নতুন প্ৰত্যাহ্বানসমূহৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি তেওঁ পানী জমা হোৱা প্ৰতিৰোধ কৰা, মহৰ প্ৰজনন স্থলী ধ্বংস কৰা আৰু পাৰিপাৰ্শ্বিক ব্যৱস্থাপনা শক্তিশালী কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। ভুৱনেশ্বৰত বিকশিত হৈ থকা থলুৱা মেলেৰিয়া প্ৰতিষেধকৰ ক্ষেত্ৰত আই চি এম আৰ–এন আই এম আৰ (ICMR–NIMR)-ৰ অৱদানক লৈও তেওঁ সন্তুষ্টি প্ৰকাশ কৰে আৰু বিশ্বাস ব্যক্ত কৰে যে ই ভাৰতৰ মেলেৰিয়া নিৰ্মূলকৰণ প্ৰচেষ্টাত সহায় কৰিব।
ৰাষ্ট্ৰপতিগৰাকীয়ে যক্ষ্মা, কুষ্ঠ, ক’লাজ্বৰ আৰু ক’ভিড-১৯ ৰ বিৰুদ্ধে গৱেষণাৰ ক্ষেত্ৰত আইচিএমআৰৰ অৱদানৰ কথাও উল্লেখ কৰে, যাৰ ভিতৰত দেশজুৰি পৰীক্ষণ কাৰ্য্যতন্ত্ৰ স্থাপন আৰু ভাৰতৰ প্ৰথমটো থলুৱা ক’ভিড-১৯ ভেকচিন বিকাশত সংস্থাটোৰ অংশীদাৰিত্ব অন্যতম হিচাপ বিবেচিত হৈছে। ডেংগুক এক উদীয়মান জনস্বাস্থ্য প্ৰত্যাহ্বান হিচাপে উল্লেখ কৰি তেওঁ ফলপ্ৰসূ গৱেষণা আৰু ৰোগ নিৰ্ণয়ৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। মানৱ-প্ৰাণী-পৰিৱেশৰ সংযোগস্থলত উদ্ভৱ হোৱা স্বাস্থ্যজনিত বিপদসমূহ চিনাক্ত আৰু মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থ্য শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰীয় ‘ৱান হেল্থ মিছন’ৰ ভূমিকাৰো তেওঁ শলাগ লয়। থলুৱা চিকিৎসা প্ৰযুক্তি আৰু সুলভ তথা গুণগত স্বাস্থ্যসেৱাৰ গুৰুত্বৰ ওপৰত জোৰ দি তেওঁ ২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ৰ সপোন বাস্তৱায়িত কৰিবলৈ গৱেষণা প্ৰতিষ্ঠান, কাৰিকৰী আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠান তথা উদ্যোগ খণ্ডৰ মাজত অধিক শক্তিশালী সহযোগিতাৰ আহ্বান জনায়।
সমাৱেশত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী জগত প্ৰকাশ নাড্ডাই ৫০ বছৰীয়া নিষ্ঠাপূৰ্ণ বৈজ্ঞানিক সেৱা সম্পূৰ্ণ কৰাৰ বাবে আইচিএমআৰ–এনআইএমআৰক অভিনন্দন জনায়। প্ৰতিষ্ঠানটোৰ অৱদানক মানৱ জাতিৰ প্ৰতি এক গুৰুত্বপূৰ্ণ সেৱা বুলি অভিহিত কৰি তেওঁ গৱেষণা আৰু মেলেৰিয়া প্ৰতিৰোধৰ প্ৰতি ইয়াৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ শলাগ লয়। তেওঁ কয় যে বিগত দশকত মেলেৰিয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি মহৰ আচৰণ আৰু মেলেৰিয়াৰ পৰজীৱীৰ ওপৰত গৱেষণা, সামূহিক অংশগ্ৰহণ, ফলপ্ৰসূ প্ৰতিৰোধ, আগতীয়া ৰোগ নিৰ্ণয় আৰু সঠিক চিকিৎসাৰে গঠিত এক সামগ্ৰিক দৃষ্টিভংগীৰ ফলশ্ৰুতি। ২০১৫ চনৰ পৰা ২০২৫–২৬ চনৰ ভিতৰত মেলেৰিয়া ৰোগীৰ সংখ্যা প্ৰায় ৮০ শতাংশ হ্ৰাস পোৱা আৰু অধিক প্ৰাদুৰ্ভাৱ থকা জিলাৰ সংখ্যা ১৫৫খনৰ পৰা ৩৩খনলৈ হ্ৰাস পোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ১৬ শতাংশ লোক বাস কৰা ভাৰতত বিশ্বৰ মুঠ মেলেৰিয়া ৰোগীৰ মাত্ৰ ০.৭ শতাংশ আৰু মেলেৰিয়াজনিত মৃত্যুৰ ০.৬ শতাংশহে সংঘটিত হয়।
তেওঁ বিশ্ব স্বাস্থ্য সংস্থা (ডব্লিউএইচঅ’)-ৰ ‘হাই বাৰ্ডেন টু হাই ইম্পেক্ট’ পদক্ষেপৰ পৰা ভাৰত বাহিৰ হোৱা কাৰ্যক প্ৰশংসা কৰে আৰু ২০৩০ চনৰ ভিতৰত মেলেৰিয়া নিৰ্মূলৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আত্মবিশ্বাস ব্যক্ত কৰে। আইচিএমআৰ–এনআইএমআৰক নৱীকৃত প্ৰতিশ্ৰুতিবদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনাই তেওঁ কয়, “আমি আমাৰ কৌশল আৰু নীতিসমূহত প্ৰয়োজনীয় পৰিৱৰ্তন সাধন কৰি ২০৩০ চনৰ ভিতৰত মেলেৰিয়া নিৰ্মূল কৰিম।”
মন্ত্ৰীগৰাকীয়ে ‘মেডটেক মিত্ৰ’, ‘পেটেণ্ট মিত্ৰ’ আৰু ডেংগু, চিকুনগুনীয়া, জাপানীজ এনকেফেলাইটিছ তথা অন্যান্য সংক্ৰামক ৰোগৰ বাবে ইলাইজা (ELISA)-ভিত্তিক আণৱিক ৰোগ নিৰ্ণয় ব্যৱস্থাকে ধৰি চিকিৎসা উদ্ভাৱনৰ ক্ষেত্ৰত আইচিএমআৰৰ অৱদানৰো শলাগ লয়। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ ওপৰত আলোকপাত কৰি তেওঁ চিকিৎসাৰ ক্ষেত্ৰত নাগৰিকৰ নিজা পকেটৰ পৰা হোৱা ব্যয় ৬৩ শতাংশৰ পৰা ৪২ শতাংশলৈ হ্ৰাস পোৱা আৰু চৰকাৰী স্বাস্থ্য ব্যয় ৬ শতাংশৰ পৰা ২৩ শতাংশলৈ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে। ভাৰতক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এক অগ্ৰণী দেশ হিচাপে গঢ়ি তোলাৰ দিশত নিজৰ প্ৰচেষ্টা তীব্ৰতৰ কৰিবলৈ আৰু অৰিহণা যোগাবলৈ তেওঁ বৈজ্ঞানিক তথা স্বাস্থ্যসেৱা সমাজক আহ্বান জনায়।
স্বাস্থ্য গৱেষণা বিভাগ (ডিএইচআৰ)-ৰ সচিব তথা আইচিএমআৰৰ সঞ্চালক প্ৰধান ড° ৰাজীৱ বাহলে ১৯৭৭ চনত স্থাপন হোৱাৰে পৰা আইচিএমআৰ–এনআইএমআৰৰ ৫০ বছৰীয়া যাত্ৰাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে এই প্ৰতিষ্ঠানটো মেলেৰিয়া আৰু বাহকজনিত ৰোগ গৱেষণাৰ ক্ষেত্ৰত ভাৰতৰ অন্যতম শীৰ্ষ প্ৰতিষ্ঠান হিচাপে বিকশিত হৈছে আৰু ই মেলেৰিয়াৰ বাহক, পৰজীৱীৰ জীৱবিজ্ঞান, কীটনাশক প্ৰতিৰোধ ক্ষমতা, চিকিৎসা আৰু ৰোগ নিৰ্ণয়ৰ গৱেষণাত অৱদান আগবঢ়াই আহিছে। তেওঁ ওড়িশা চৰকাৰৰ সহযোগত ৰূপায়ণ কৰা 'ব্যাপক ৰোগী ব্যৱস্থাপনা প্ৰকল্প'ৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰে, যিয়ে পৰীক্ষণৰ সৰ্বজনীন সুবিধা, সম্পূৰ্ণ চিকিৎসা আৰু শক্তিশালী নিৰীক্ষণ ব্যৱস্থাই কেনেকৈ দুৰ্গম অঞ্চলসমূহতো মেলেৰিয়াৰ সংক্ৰমণ যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পাৰে, সেয়া প্ৰমাণ কৰি তেওঁ ২০২৭ চনৰ ভিতৰত থলুৱা মেলেৰিয়া ৰোগীৰ সংখ্যা শূন্য কৰা আৰু ২০৩০ চনৰ ভিতৰত মেলেৰিয়া নিৰ্মূল কৰাৰ লক্ষ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে, লগতে জলবায়ু পৰিৱৰ্তন, পৰিৱৰ্তিত বাহক আৰু ঔষধৰ প্ৰতিৰোধ ক্ষমতাৰ দৰে নতুন প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ অধিক শক্তিশালী নিৰীক্ষণ, আন্তঃশাখা গৱেষণা আৰু অংশীদাৰিত্বৰ প্ৰয়োজনীয়তাত গুৰুত্ৱ আৰোপ কৰে। মৌলিক বৈজ্ঞানিক আৱিষ্কাৰ আৰু প্ৰাৰম্ভিক পৰ্যায়ৰ বিকাশৰ পৰা আৰম্ভ কৰি স্বাস্থ্য প্ৰযুক্তি তথা পদক্ষেপসমূহৰ নিদানিক মূল্যায়নলৈকে গৱেষণাত সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত আইচিএমআৰৰ প্ৰতিশ্ৰুতিবদ্ধতা তেওঁ পুনৰ ব্যক্ত কৰে।
এই উপলক্ষে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ডাক সেৱা পৰিষদৰ সদস্যা শ্ৰীমতী মাৰিয়াম্মা থমাছৰ দ্বাৰা উন্মোচনৰ পিচত আই চি এম আৰ–ৰাষ্ট্ৰীয় মেলেৰিয়া গৱেষণা প্ৰতিষ্ঠানৰ সোণালী জয়ন্তী উপলক্ষে এটি স্মাৰক ডাকটিকট শ্বীট মুকলি কৰে।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীয়ে ‘আইচিএমআৰ–এনআইএমআৰ কফি টেবুল বুক’ আৰু ‘আইচিএমআৰ–এনআইএমআৰ ৰিছাৰ্চ জাৰ্নি: ফাইভ ডিকেডছ অব্ ছায়েন্স, ছাৰ্ভিচ এণ্ড ইম্পেক্ট’ শীৰ্ষক গ্ৰন্থ দুখন উন্মোচন কৰে। গ্ৰন্থ দুখনৰ প্ৰথম দুটা কপি ভাৰতৰ ৰাষ্ট্ৰপতিক প্ৰদান কৰা হয়।
এই অনুষ্ঠানত আইচিএমআৰ–এনআইএমআৰৰ সঞ্চালক ড° অনুপ আনভিকাৰে মেলেৰিয়া নিৰ্মূলকৰণ প্ৰচেষ্টাত প্ৰতিষ্ঠানটোৰ অৱদান প্ৰদৰ্শন কৰা এক ভিডিঅ’ ছবিৰ জৰিয়তে বিগত ৫০ বছৰত এনআইএমআৰৰ যাত্ৰাৰ বিষয়ে আলোকপাত কৰে।
এই সোণালী জয়ন্তী উদযাপনে ভাৰতত মেলেৰিয়া গৱেষণা আৰু জনস্বাস্থ্যৰ ক্ষেত্ৰত আইচিএমআৰ–এনআইএমআৰৰ পাঁচটা দশকৰ অৱদানক চিহ্নিত কৰিছে।

***
SR/GS/MM