সাংস্কৃতিক মন্ত্ৰালয়
azadi ka amrit mahotsav

অৰুণাচল প্ৰদেশস্থিত নামছাইৰ গোল্ডেন পেগোডাত প্ৰথম দুটা দিনতে ১২,০০০ৰো অধিক ভক্তই শাক্যমুনি বুদ্ধৰ পৱিত্ৰ অৱশিষ্টত শ্ৰদ্ধা নিবেদন কৰে

অৰুণাচল প্ৰদেশৰ পবিত্ৰ অৱশিষ্ট দৰ্শন কাৰ্যসূচীত মুঠ দৰ্শনাৰ্থীৰ সংখ্যা ৭৮,০০০ অতিক্ৰম কৰিছে

২০ নৱেম্বৰ, ২০২৬লৈকে পুৱা ৬ বজাৰ পৰা বিয়লি ৪ বজালৈ ৰাজহুৱা দৰ্শনৰ ব্যৱস্থা

সুচাৰুৰূপে দৰ্শনৰ সুবিধাৰ্থে জিলা প্ৰশাসনৰ তৰফৰ পৰা অঞ্চলভিত্তিক সময়সূচী ঘোষণা

পোষ্ট কৰা হৈছে: 17 NOV 2026 8:16AM by PIB Guwahati

নতুন দিল্লী, ১৭ নৱেম্বৰ, ২০২৬: অৰুণাচল প্ৰদেশৰ নামছাইস্থিত গোল্ডেন পেগোডা (কংমু খাম)ত অনুষ্ঠিত শাক্যমুনি বুদ্ধৰ পৱিত্ৰ অৱশিষ্ট দৰ্শন কাৰ্যসূচীয়ে ভক্তসকলৰ পৰা ব্যাপক সঁহাৰি লাভ কৰিছে। ২০২৬ চনৰ ১৪ আৰু ১৫ নৱেম্বৰ—প্ৰথম দুটা দিনতে ১২,০০০ৰো অধিক ভক্তই এই দৰ্শন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। তেওঁলোকে প্ৰাৰ্থনা জনোৱাৰ লগতে পৱিত্ৰ অৱশিষ্টখিনিত শ্ৰদ্ধা নিবেদন কৰি ভগৱান বুদ্ধৰ আশীৰ্বাদ গ্ৰহণ কৰে।

টাৱাঙত ৩১,০০০ৰো অধিক আৰু ব’মডিলাত ৩৫,০০০ৰো অধিক ভক্তৰ সমাগমৰ পিছত ১৫ নৱেম্বৰ, ২০২৬ৰ শেষলৈকে তিনিওটা স্থানত মুঠ দৰ্শনাৰ্থীৰ সংখ্যাই ৭৮,০০০ অতিক্ৰম কৰিছে।

প্ৰদৰ্শন কাৰ্য্যসূচী আৰম্ভ হোৱাৰ পৰাই নামছাই জিলা আৰু ইয়াৰ চুবুৰীয়া অঞ্চলসমূহৰ পৰা ভক্তসকল গোল্ডেন পেগোডাত সমবেত হৈছে। পৱিত্ৰ অৱশিষ্ট দৰ্শনৰ বাবে ভক্তসকলৰ দীঘলীয়া শাৰীয়ে ইয়াৰ প্ৰতি তেওঁলোকৰ গভীৰ বিশ্বাস আৰু শ্ৰদ্ধাৰ প্ৰতিফলন ঘটাইছে। ভক্তসকলৰ এই ব্যাপক সমাগমে অঞ্চলটোত বৌদ্ধ ধৰ্মৰ শিক্ষা আৰু পৰম্পৰাৰ সুদূৰপ্ৰসাৰী প্ৰভাৱো প্ৰতিফলিত কৰিছে।

অৰুণাচল প্ৰদেশত ৩১ অক্টোবৰৰ পৰা ২১ নৱেম্বৰ, ২০২৬লৈ অনুষ্ঠিত পৱিত্ৰ অৱশিষ্ট প্ৰদৰ্শনীৰ তৃতীয় তথা অন্তিম পৰ্যায় হৈছে নামছাইৰ এই কাৰ্যসূচী।

২০২৬ চনৰ ৩১ অক্টোবৰত ঐতিহাসিক গাডেন নামগিয়াল লাটছে (টাৱাং মঠ)ত এই প্ৰদৰ্শনীৰ শুভাৰম্ভ হয়। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডুৱে অংশগ্ৰহণ কৰে। অনুষ্ঠানত বিশিষ্ট বৌদ্ধ ভিক্ষুসকলৰ লগতে আন গণ্যমান্য ব্যক্তিসকলো উপস্থিত আছিল।

৭ নৱেম্বৰত টাৱাঙৰ প্ৰদৰ্শনীৰ সফল সামৰণিৰ পিছত পৱিত্ৰ অৱশিষ্টখিনি ব”মডিলাৰ থুবচোগ গাটছেল লিং (টি জি এল) মঠ, অৰ্থাৎ লোৱাৰ গোম্পালৈ নিয়া হয়। বমডিলাত ৮ৰ পৰা ১৩ নৱেম্বৰ, ২০২৬লৈ ছয়দিনীয়া দৰ্শন কাৰ্যসূচী অনুষ্ঠিত হয়।

২০২৬ চনৰ ১৪ নৱেম্বৰত পৱিত্ৰ অৱশিষ্টখিনি নামছাইত উপস্থিত হোৱাৰ পিছতেই তাত আনুষ্ঠানিকভাৱে আদৰণি জনাই গোল্ডেন পেগোডাত যথাযোগ্য ধৰ্মীয় ৰীতি-নীতিৰে স্থাপন কৰা হয়। অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল কৈৱল্য ত্ৰিবিক্ৰম পাৰনাইক (অৱসৰপ্ৰাপ্ত)য়ে উপ-মুখ্যমন্ত্ৰী শ্ৰী চৌনা মেইন আৰু আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘৰ (আই বি চি) সঞ্চালক প্ৰধান শ্ৰী ৰাঘৱ প্ৰসাদ ভাটনাগৰৰ উপস্থিতিত এই প্ৰদৰ্শনীৰ উদ্বোধন কৰে। অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী, জনপ্ৰতিনিধি, বৌদ্ধ ভিক্ষু আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

টাৱাং, বমডিলা আৰু নামছাইত অনুষ্ঠিত এই প্ৰদৰ্শনীয়ে অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলৰ বাবে পৱিত্ৰ অৱশিষ্ট দৰ্শনৰ সুযোগ সৃষ্টি কৰিছে। একে সময়তে ই বিভিন্ন বৌদ্ধ পৰম্পৰাৰ লোকসকলক এক উমৈহতীয়া বিশ্বাস আৰু ভক্তিৰ এনাজৰীৰে একত্ৰিত কৰিছে।

পূব অৰুণাচল প্ৰদেশৰ থেৰবাদ বৌদ্ধ ধৰ্মীয় বিশ্বাস আৰু ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হৈছে কংমু খাম নামেৰেও খ্যাত গোল্ডেন পেগোডা । অঞ্চলটোৰ টাই খামতি, চিংফৌ আৰু অন্যান্য জনগোষ্ঠীসমূহে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি তেওঁলোকৰ সমৃদ্ধ বৌদ্ধ পৰম্পৰা সংৰক্ষণ কৰি আহিছে। তেওঁলোকৰ মঠ, উৎসৱ, শিল্পকলা আৰু ধৰ্মীয় আচাৰ-অনুষ্ঠান ভাৰতৰ বৌদ্ধ ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ অংশ।

টাৱাং আৰু ব”মডিলা মহাযান আৰু বজ্ৰযান বৌদ্ধ পৰম্পৰাৰ বাবে পৰিচিত। আনহাতে, নামছাই থেৰবাদ বৌদ্ধ ঐতিহ্যৰ বাবে বিশেষভাৱে জনাজাত। এই তিনিওটা স্থানত অনুষ্ঠিত প্ৰদৰ্শনীয়ে অৰুণাচল প্ৰদেশৰ বৌদ্ধ পৰম্পৰাৰ সমৃদ্ধ বৈচিত্ৰ্য প্ৰতিফলিত কৰিছে।

নামছাইৰ এই প্ৰদৰ্শনীয়ে পূব অৰুণাচল প্ৰদেশ, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ ভক্তসকলক পৱিত্ৰ অৱশিষ্টত শ্ৰদ্ধা নিবেদনৰ এক বিশেষ সুযোগ প্ৰদান কৰিছে। লগতে, ই তেওঁলোকক ভগৱান বুদ্ধৰ জীৱন আৰু শিক্ষাৰ সৈতে অধিক নিবিড়ভাৱে সংযুক্ত হোৱাৰ সুযোগ দিছে।

ভক্তসকলৰ সুশৃংখল অংশগ্ৰহণ নিশ্চিত কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৱিত্ৰ অৱশিষ্ট দৰ্শনৰ সুবিধাৰ্থে অঞ্চলভিত্তিক এক সময়সূচী প্ৰস্তুত কৰা হৈছে।

ৰাজহুৱা দৰ্শনৰ সময়সূচী তলত উল্লেখ কৰা হ’ল:

তাৰিখ

 

 

নিৰ্ধাৰিত অঞ্চলৰ ভক্তসকল

১৬ নৱেম্বৰ, ২০২৬

 

লাথাও চক্ৰ আৰু নামছাই চক্ৰ

১৭ নৱেম্বৰ, ২০২৬

 

 

পিয়ং চক্ৰ আৰু লেকাং চক্ৰ

১৮ নৱেম্বৰ, ২০২৬

 

চাংলাং, জয়ৰামপুৰ, বৰডুমচা, মিয়াও, দিয়ুন, টিৰাপ আৰু লংডিং

১৯ নৱেম্বৰ, ২০২৬

 

মেচুকা, টুটিং, গেলিং, তেজু, অঞ্জাও (মেয়ৰ), নামনি দিবাং উপত্যকা আৰু প্ৰতিৰক্ষা বাহিনীৰ কৰ্মচাৰীসকল

২০ নৱেম্বৰ, ২০২৬

 

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ ভক্তসকলৰ লগতে পূৰ্বৰ দিনসমূহত দৰ্শন কৰিব নোৱৰা ভক্তসকল

 

ভক্তসকলক নিৰ্ধাৰিত সময়সূচী অনুসৰণ কৰিবলৈ আৰু জিলা প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে। এই ব্যৱস্থাই দৰ্শনাৰ্থীৰ অহা-যোৱা সুচাৰুৰূপে পৰিচালনা কৰাৰ লগতে সকলোৰে বাবে সুবিধাজনক ৰাজহুৱা দৰ্শন নিশ্চিত কৰাত সহায় কৰিব।

অৰুণাচল প্ৰদেশত প্ৰদৰ্শিত পৱিত্ৰ অৱশিষ্টখিনি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে। এই অৱশিষ্টখিনিৰ উৎস উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰ জিলাৰ পিপ্ৰাহৱা। এই স্থান প্ৰাচীন কপিলাবস্তু আৰু ভগৱান বুদ্ধৰ শাক্য পৰম্পৰাৰ সৈতে সম্পৰ্কিত। এই অৱশিষ্টখিনিৰ ঐতিহাসিক, প্ৰত্নতাত্ত্বিক আৰু আধ্যাত্মিক গুৰুত্ব অপৰিসীম। ই ভাৰতৰ বৌদ্ধ ঐতিহ্যৰ অন্যতম মূল্যৱান সম্পদ।

ভগৱান বুদ্ধৰ মহাপৰিনিৰ্বাণৰ পিছৰে পৰা পৱিত্ৰ অৱশিষ্টত পূজা-অৰ্চনা আৰু সংৰক্ষণৰ পৰম্পৰাৰ আৰম্ভণি হয়। তেওঁৰ পৱিত্ৰ অৱশিষ্টখিনি বিভিন্ন স্তূপত স্থাপন কৰা হৈছিল। পৰৱৰ্তী সময়ত এই স্তূপসমূহ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ তীৰ্থস্থান আৰু উপাসনাৰ কেন্দ্ৰত পৰিণত হয়।

সুদীৰ্ঘ ১৩ বছৰৰ বিৰতিৰ পিছত পৱিত্ৰ অৱশিষ্টখিনি পুনৰ অৰুণাচল প্ৰদেশলৈ অনা হৈছে। এই প্ৰদৰ্শনীয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলক ভগৱান বুদ্ধৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে নিজৰ আধ্যাত্মিক ঐতিহ্যৰ সৈতে পুনৰ সংযোগ স্থাপনৰ এক বিশেষ সুযোগ প্ৰদান কৰিছে।

গোল্ডেন পেগোডাৰ ধ্যান কেন্দ্ৰত দুখন বিশেষ প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় আৰু আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘৰ উদ্যোগত এই প্ৰদৰ্শনী দুখন অনুষ্ঠিত হৈছে।

আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘৰ উদ্যোগত আয়োজিত “পৱিত্ৰ পিপ্ৰাহৱাৰ আৱিষ্কাৰ: ভগৱান বুদ্ধৰ পৱিত্ৰ অৱশিষ্ট আৰু ইয়াৰ আৱিষ্কাৰৰ কাহিনী” শীৰ্ষক প্ৰদৰ্শনীখনত পিপ্ৰাহৱাৰ অৱশিষ্টৰ ইতিহাস আৰু গুৰুত্ব দাঙি ধৰা হৈছে। ইয়াত উত্তৰ প্ৰদেশৰ পিপ্ৰাহৱাত অৱশিষ্টখিনি আৱিষ্কাৰ হোৱাৰ পৰা পৰৱৰ্তী সময়ত চলোৱা প্ৰত্নতাত্ত্বিক খনন কাৰ্যলৈকে বিভিন্ন দিশ সামৰি লোৱা হৈছে। লগতে, বৌদ্ধ ধৰ্মত পৱিত্ৰ অৱশিষ্ট পূজাৰ পৰম্পৰা আৰু ইয়াৰ আধ্যাত্মিক তাৎপৰ্যও উপস্থাপন কৰা হৈছে।

প্ৰদৰ্শনীখনত পিপ্ৰাহৱাৰ ৰত্নসম্ভাৰৰ উল্লেখযোগ্য যাত্ৰাও দাঙি ধৰা হৈছে। এশ বছৰতকৈও অধিক সময়ৰ পিছত ২০২৫ চনত এই মূল্যৱান সম্পদসমূহ ভাৰতলৈ ঘূৰাই অনা হয়। ইয়াৰ প্ৰত্যাৱৰ্তন ভাৰতৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু পুনৰুদ্ধাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে বিবেচিত হৈছে।

নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ উদ্যোগত প্ৰস্তুত কৰা দ্বিতীয়খন প্ৰদৰ্শনীৰ শীৰ্ষক হৈছে “ধৰ্মৰ সংযোগস্থল: ধ্ৰুপদী ঐতিহ্য, জীৱন্ত শিল্পকলা আৰু নৃতাত্ত্বিক দৃষ্টিভংগী”। এই প্ৰদৰ্শনীত বৌদ্ধ ধৰ্মৰ সমৃদ্ধ কলাত্মক আৰু সাংস্কৃতিক ঐতিহ্য দাঙি ধৰা হৈছে। লগতে, বৌদ্ধ ধৰ্মৰ শিক্ষাই শিল্পকলা, সংস্কৃতি আৰু জীৱন্ত পৰম্পৰাৰ ওপৰত পেলোৱা প্ৰভাৱো উপস্থাপন কৰা হৈছে।

এই দুয়োখন প্ৰদৰ্শনীয়ে দৰ্শনাৰ্থীসকলক ভগৱান বুদ্ধৰ জীৱন আৰু শিক্ষাৰ বিষয়ে অধিক জানিবলৈ সুযোগ প্ৰদান কৰিছে। লগতে, ভৱিষ্যৎ প্ৰজন্মৰ বাবে ভাৰতৰ বৌদ্ধ ঐতিহ্য সংৰক্ষণ আৰু সুৰক্ষিত ৰখাৰ গুৰুত্ব সম্পৰ্কেও সজাগতা সৃষ্টি কৰিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে দেশৰ বৌদ্ধ ঐতিহ্য সংৰক্ষণ, সুৰক্ষা আৰু প্ৰচাৰৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

গুৰুত্বপূৰ্ণ বৌদ্ধ তীৰ্থস্থানসমূহত আন্তঃগাঁথনি, যাতায়াত ব্যৱস্থা আৰু অন্যান্য সা-সুবিধাৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। চৰকাৰে বৌদ্ধ ধৰ্ম সম্পৰ্কীয় গৱেষণা, আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু সাংস্কৃতিক বিনিময়ৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব আৰোপ কৰিছে।

২০২৪ চনত পালি ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাটো বৌদ্ধ জ্ঞান-চৰ্চা আৰু সাহিত্যিক পৰম্পৰা সংৰক্ষণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। একেদৰে, ২০২৫ চনত পিপ্ৰাহৱাৰ ৰত্নসম্ভাৰ ভাৰতলৈ ঘূৰাই অনাটো দেশৰ বৌদ্ধ ঐতিহ্য সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আন এক উল্লেখযোগ্য সাফল্য।

শেহতীয়া বছৰসমূহত ভাৰতে মংগোলিয়া, থাইলেণ্ড, ভিয়েটনাম, ৰাছিয়া, ভূটান আৰু শ্ৰীলংকাত পৱিত্ৰ বৌদ্ধ অৱশিষ্টৰ প্ৰদৰ্শনীৰ আয়োজন আৰু সহযোগিতা আগবঢ়াই আহিছে। এই প্ৰদৰ্শনীসমূহে বিশ্বৰ লাখ লাখ ভক্তক পৱিত্ৰ অৱশিষ্টত শ্ৰদ্ধা নিবেদনৰ সুযোগ প্ৰদান কৰিছে। লগতে, বিশ্বৰ বিভিন্ন প্ৰান্তৰ বৌদ্ধ ধৰ্মাৱলম্বী সম্প্ৰদায়ৰ সৈতে ভাৰতৰ সাংস্কৃতিক আৰু আধ্যাত্মিক সম্পৰ্ক অধিক সুদৃঢ় কৰিছে।

চলিত বৰ্ষৰ আৰম্ভণিতে লাডাখত ভগৱান বুদ্ধৰ পৱিত্ৰ অৱশিষ্টৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছিল। ইয়াৰ জৰিয়তে হিমালয় অঞ্চলৰ ভক্তসকলে ৰাজহুৱাভাৱে পৱিত্ৰ অৱশিষ্ট দৰ্শন আৰু শ্ৰদ্ধা নিবেদনৰ এক বিশেষ সুযোগ লাভ কৰিছিল।

অৰুণাচল প্ৰদেশত চলি থকা এই প্ৰদৰ্শনীয়ে এনে পদক্ষেপসমূহক আগুৱাই নিছে। ইয়াৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ হিমালয় অঞ্চলৰ সমৃদ্ধ বৌদ্ধ ঐতিহ্যৰ লগতে বৌদ্ধ পৰম্পৰা সংৰক্ষণত স্থানীয় সম্প্ৰদায়সমূহৰ গুৰুত্বপূৰ্ণ ভূমিকাও প্ৰতিফলিত হৈছে।

শাক্যমুনি বুদ্ধৰ পৱিত্ৰ অৱশিষ্টৰ এই প্ৰদৰ্শনী আধ্যাত্মিক আৰু সাংস্কৃতিক দৃষ্টিকোণৰ পৰা অতি তাৎপৰ্যপূৰ্ণ। হাজাৰ হাজাৰ ভক্তৰ অংশগ্ৰহণে ভগৱান বুদ্ধ আৰু তেওঁৰ শিক্ষাৰ প্ৰতি থকা মানুহৰ গভীৰ বিশ্বাস আৰু শ্ৰদ্ধাৰ প্ৰতিফলন ঘটাইছে।

দুই সহস্ৰাধিক বছৰ ধৰি ভগৱান বুদ্ধৰ শিক্ষাই মানৱ সমাজক শান্তি, কৰুণা, প্ৰজ্ঞা আৰু অহিংসাৰ পথ দেখুৱাই আহিছে। সমসাময়িক বিশ্বতো এই মূল্যবোধসমূহৰ প্ৰাসংগিকতা অপৰিসীম।

ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ে অৰুণাচল প্ৰদেশ চৰকাৰ, নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় আৰু নতুন দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘৰ (আই বি চি) সহযোগত এই প্ৰদৰ্শনীৰ আয়োজন কৰিছে।

নামছাইৰ গোল্ডেন পেগোডাত ২০ নৱেম্বৰ, ২০২৬লৈকে পৱিত্ৰ অৱশিষ্টখিনিৰ ৰাজহুৱা দৰ্শন অব্যাহত থাকিব। প্ৰদৰ্শনীৰ সামৰণিৰ পিছত ২১ নৱেম্বৰত পৱিত্ৰ অৱশিষ্টখিনি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়লৈ ঘূৰাই নিয়াৰ কথা আছে।

 

***                     

M Annadurai/MS


(ৰিলিজ আই ডি : 2337396) অতিথি কক্ষ : 19
ত এই ৰিলিজটো পঢ়ক: हिन्दी , English , Urdu , Bengali , Bengali-TR , Gujarati , Tamil