পোষ্ট কৰা হৈছে:
16 NOV 2026 5:43PM by PIB Guwahati
কেন্দ্ৰীয় ৰে’ল, তথ্য আৰু সম্প্ৰচাৰ তথা ইলেক্ট্ৰনিকছ আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ আৰু সাংসদ শ্ৰী ৰমেশ অৱস্থীয়ে আজি নতুন কানপুৰ এক্সপ্ৰেছৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। এই ৰে’লখন কানপুৰ চেণ্ট্ৰেল আৰু আনন্দ বিহাৰ টাৰ্মিনেলৰ মাজত উভয় দিশতে চলাচল কৰিব আৰু দুয়োটা স্থানৰ মাজত ৰে’ল সংযোগ প্ৰদান কৰিব।
এই অনুষ্ঠানত কানপুৰ নগৰ নিগমৰ মেয়ৰ শ্ৰীমতী প্ৰমিলা পাণ্ডে আৰু আকবৰপুৰৰ সাংসদ শ্ৰী দেৱেন্দ্ৰ সিং ভোলেৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তি আৰু ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
নতুন দৈনিক ৰে’ল সেৱাই উত্তৰ প্ৰদেশ আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ (NCR) মাজত ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰিব। ইয়াৰ ফলত কানপুৰ আৰু দিল্লীৰ মাজত যাত্ৰা কৰা যাত্ৰীসকলে অতিৰিক্ত যাতায়াতৰ সুবিধা লাভ কৰিব।
প্ৰধান ঔদ্যোগিক আৰু বাণিজ্যিক কেন্দ্ৰসমূহৰ মাজত যোগাযোগ ব্যৱস্থা উন্নত কৰিব নতুন ৰে’ল সেৱাই
৪২৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলগীয়া এই ৰে’লখনত ২২টা আধুনিক এল এইচ বি দবা থাকিব। যাত্ৰাপথৰ কেইবাটাও গুৰুত্বপূৰ্ণ চহৰ আৰু অৰ্থনৈতিক কেন্দ্ৰক এই ৰে’লখনে সংযোগ কৰিব।
এই ৰে’ল সেৱাৰ জৰিয়তে ঔদ্যোগিক এলেকা যেনে এন টি পি চি ঔৰাইয়া আৰু গেইল পাটা অঞ্চলক সেৱা আগবঢ়োৱা ফফুন্দৰ যাত্ৰীসকল উপকৃত হ’ব। কৃষিভিত্তিক গুৰুত্বপূৰ্ণ কেন্দ্ৰ ইটাৱা আৰু কাঁচ উদ্যোগৰ বাবে বিখ্যাত ফিৰোজাবাদ অঞ্চলৰ সৈতে যোগাযোগ স্থাপন কৰা টুণ্ডলাৰ যাত্ৰীসকলেও এই সেৱাৰ সুবিধা লাভ কৰিব।
ইয়াৰ উপৰি, হিং প্ৰক্ৰিয়াকৰণ, পিতলৰ সামগ্ৰী আৰু কৃষিভিত্তিক উদ্যোগৰ বাবে পৰিচিত হাথৰস আৰু তলা উদ্যোগৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ তথা আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ অৱস্থিতিস্থল আলিগড়কো এই ৰে’লখনে সংযোগ কৰিব। একেদৰে, মৃৎশিল্প আৰু চেৰামিক উদ্যোগৰ বাবে বিখ্যাত খুৰ্জাৰ সৈতেও ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী হ’ব।
ইয়াৰ পিছত ৰে’লখনে গুৰুত্বপূৰ্ণ পৰিবহণ আৰু ঔদ্যোগিক কেন্দ্ৰ দাদ্ৰীক সংযোগ কৰাৰ লগতে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ অন্যতম প্ৰধান ঔদ্যোগিক কেন্দ্ৰ গাজিয়াবাদৰ মাজেৰে যাত্ৰা কৰি দিল্লীৰ গুৰুত্বপূৰ্ণ বহুমুখী পৰিবহণ কেন্দ্ৰ আনন্দ বিহাৰ টাৰ্মিনেলত উপস্থিত হ’ব।
আঞ্চলিক উন্নয়ন আৰু যাত্ৰীসকলৰ সুবিধা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা
নতুন ৰে’ল সেৱাই উত্তৰ প্ৰদেশৰ অন্যতম প্ৰধান ঔদ্যোগিক, চামৰা উদ্যোগ আৰু শৈক্ষিক কেন্দ্ৰ কানপুৰৰ সৈতে দিল্লীৰ আনন্দ বিহাৰ টাৰ্মিনেলৰ পোনপটীয়া ৰে’ল সংযোগ স্থাপন কৰিব। আনন্দ বিহাৰ টাৰ্মিনেল হৈছে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বিভিন্ন স্থানলৈ যাত্ৰীসকলক যাতায়াতৰ সুবিধা প্ৰদান কৰা এক গুৰুত্বপূৰ্ণ বহুমুখী পৰিবহণ কেন্দ্ৰ।
এই সংযোগে দুয়োটা গুৰুত্বপূৰ্ণ নগৰ কেন্দ্ৰৰ মাজত যাত্ৰা কৰা ব্যৱসায়িক পেছাদাৰী ব্যক্তি, শিক্ষাৰ্থী, শ্ৰমিক আৰু অন্যান্য যাত্ৰীসকলৰ যাত্ৰা অধিক সুচল কৰি তুলিব।
শ্ৰী অশ্বিনী বৈষ্ণৱে নতুন ৰে’ল সেৱা আৰম্ভ কৰাৰ বাবে কানপুৰবাসীক অভিনন্দন জনায়। তেওঁ কয় যে মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথেও নতুন ৰে’ল সেৱাৰ বাবে কানপুৰবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।
আগন্তুক গুৰুত্বপূৰ্ণ ৰে’লৱে প্ৰকল্পসমূহ
চহৰখনত ৰূপায়ণ হ’বলগীয়া আগন্তুক ৰে’লৱে আন্তঃগাঁথনি প্ৰকল্পসমূহৰ বিষয়ে উল্লেখ কৰি ৰে’লমন্ত্ৰীগৰাকীয়ে কয় যে অনৱৰগঞ্জ আৰু মান্ধানাৰ মাজত ১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ ৰে’লপথ নিৰ্মাণে ৰে’লৱে ক্ৰছিঙত দশকজুৰি চলি অহা যান-জঁটৰ সমস্যাৰ স্থায়ী সমাধান কৰিব।
তেওঁ লগতে জানিবলৈ দিয়ে যে এই প্ৰকল্পৰ বিস্তৃত প্ৰকল্প প্ৰতিবেদন (DPR) সম্পূৰ্ণ কৰা হৈছে আৰু প্ৰয়োজনীয় অনুমোদনো লাভ কৰা হৈছে। অতি সোনকালেই নিৰ্মাণকাৰ্য আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।
প্ৰস্তাৱিত বুলেট ট্ৰেইন প্ৰকল্পৰ বিষয়ে উল্লেখ কৰি ৰে’লমন্ত্ৰীগৰাকীয়ে কয় যে বুলেট ট্ৰেইনৰ উত্তৰ কৰিডৰে কানপুৰৰ উন্নয়নৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিব। প্ৰস্তাৱিত এই কৰিডৰে দিল্লী, আগ্ৰা, কানপুৰ, বাৰাণসী, লক্ষ্ণৌ আৰু অযোধ্যাক সংযোগ কৰিব। পৰৱৰ্তী সময়ত এই কৰিডৰ পাটনা, শিলিগুৰি আৰু গুৱাহাটীলৈ সম্প্ৰসাৰিত হ’ব।
বুলেট ট্ৰেইন সেৱা আৰম্ভ হোৱাৰ পিছত দিল্লী আৰু কানপুৰৰ মাজৰ যাত্ৰাৰ সময় হ্ৰাস পাই প্ৰায় ১ ঘণ্টা ৪৫ মিনিট হ’ব। লক্ষ্ণৌ আৰু কানপুৰৰ মাজৰ যাত্ৰাৰ সময় প্ৰায় ২৭ মিনিট হোৱাৰ বিপৰীতে কানপুৰ আৰু প্ৰয়াগৰাজৰ মাজত যাত্ৰাৰ সময় প্ৰায় ১ ঘণ্টা ১৫ মিনিট হ’ব।
তেওঁ লগতে উল্লেখ কৰে যে দ্ৰুতবেগী ৰে’ল যোগাযোগ ব্যৱস্থাই কানপুৰৰ সৈতে দেশৰ প্ৰধান চহৰসমূহৰ সংযোগ অধিক শক্তিশালী কৰাৰ লগতে আঞ্চলিক আৰু অৰ্থনৈতিক উন্নয়নতো গতি প্ৰদান কৰিব।
কানপুৰ চেণ্ট্ৰেল ৰে’ল ষ্টেচনৰ পুনৰ উন্নয়ন সন্দৰ্ভত বৈষ্ণৱে কয় যে এই কাম দ্ৰুতগতিত আগবাঢ়িছে। তেওঁ চলি থকা পুনৰ উন্নয়নমূলক কামসমূহৰ বিষয়ে উল্লেখ কৰি কয় যে আগন্তুক সময়ত কানপুৰত ৰে’লৱেৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কেইবাটাও অতিৰিক্ত পদক্ষেপ গ্ৰহণ কৰা হ’ব।
অনুষ্ঠানত ভাষণ দি সাংসদ শ্ৰী ৰমেশ অৱস্থীয়ে কয় যে কানপুৰৰ হেৰাই যোৱা গৌৰৱ পুনৰুদ্ধাৰৰ সংকল্পই এতিয়া বাস্তৱ ক্ষেত্ৰত ৰূপ ল’বলৈ আৰম্ভ কৰিছে। তেওঁ কয় যে কানপুৰত বুলেট ট্ৰেইন ৰখোৱাৰ ব্যৱস্থা কৰাৰ ঘোষণাই চহৰখনৰ জনসাধাৰণৰ মাজত অপৰিসীম আনন্দৰ সৃষ্টি কৰিছে।
তেওঁ লগতে কয় যে অনৱৰগঞ্জ-মান্ধানা ৰে’লপথত উৰণ কৰিডৰ নিৰ্মাণৰ বাবে কানপুৰবাসীয়ে দীৰ্ঘদিন ধৰি জনাই অহা দাবী ৰে’লৱেই অনুমোদন জনাইছে (২০১৭-১৮)। কানপুৰ চেণ্ট্ৰেল ৰে’ল ষ্টেচনৰ পুনৰ উন্নয়ন আৰু কানপুৰৰ নামেৰে নামকৰণ কৰা নতুন ৰে’ল সেৱা আৰম্ভ হোৱাত তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।
এই ৰে’ল সেৱাৰ প্ৰৱৰ্তনে যাত্ৰীসকলৰ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰা আৰু আধুনিক, আৰামদায়ক তথা নিৰ্ভৰযোগ্য ৰে’ল যাত্ৰাৰ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত ভাৰতীয় ৰে’লৱেৰ অব্যাহত প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে।
Dharmendra Tewari/ Dr. Nayan Solanki/ Manik Sharma/ Vanshita Jaiswal/PB