নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

বিশ্বৰ সামুদ্ৰিক ক্ষেত্ৰৰ শীৰ্য ব্যক্তিসকলৰ আগত ১০ বিলিয়ন ডলাৰৰ জাহাজ নিৰ্মাণৰ সুযোগৰ বিষয়ে প্ৰকাশ কৰিলে সৰ্বানন্দ সোণোৱালে

১৫০খনতকৈ অধিক জাহাজৰ বাবে ভাৰতৰ নিৰ্মাণাদেশৰ মূল্য ১.৭ বিলিয়ন ডলাৰৰো অধিক; ইয়াৰ ৮০ শতাংশতকৈ অধিক ৰপ্তানিৰ পৰা আহিছে

মন্ত্ৰীগৰাকীয়ে লগতে “নৌকোষ” পৰ্টেলো মুকলি কৰে আৰু ২০৩০ চনৰ ভিতৰত বিশ্বৰ শীৰ্ষ ১০খন জাহাজ নিৰ্মাণকাৰী দেশৰ তালিকাত ভাৰতক অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰ কথা উল্লেখ কৰে

কোচিন শ্বিপয়াৰ্ড আৰু ডেমেনৰ মাজত নতুন জাহাজ নিৰ্মাণৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

দক্ষিণ কোৰিয়াৰ তিনিটা বৃহৎ প্ৰতিষ্ঠানসহ ৩০টা বিদেশী জাহাজ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ আলোচনাত অংশগ্ৰহণ, বিভিন্ন স্থান ভ্ৰমণ কৰিব ১০টা প্ৰতিনিধি দলে

ভাৰতত নিৰ্মাণ কৰক, ভাৰতৰ বাবে আৰু বিশ্বৰ বাবে: সৰ্বানন্দ সোণোৱাল

অন্ধ্ৰ প্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰ, ওড়িশা আৰু তামিলনাডুত পাঁচটা নতুন জাহাজ নিৰ্মাণ কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা

পোষ্ট কৰা হৈছে: 16 NOV 2026 6:54PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ দপ্তৰৰ  মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশ্বৰ আগশাৰীৰ জাহাজ নিৰ্মাণকাৰী প্ৰতিষ্ঠান, জাহাজ পৰিবহণ কোম্পানী আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহক ভাৰতত বিনিয়োগৰ বাবে আহ্বান জনাইছে। পাঁচটা নতুন উপকূলীয় জাহাজ নিৰ্মাণ কেন্দ্ৰত প্ৰায় ১০ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে, ২০৩০ চনৰ ভিতৰত ভাৰতক বিশ্বৰ শীৰ্ষ ১০খন জাহাজ নিৰ্মাণকাৰী দেশৰ ভিতৰত স্থান দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ২০৪৭ চনৰ ভিতৰত ভাৰতক শীৰ্ষ পাঁচখন দেশৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰো লক্ষ্য লোৱা হৈছে।

সোমবাৰে নতুন দিল্লীত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে আয়োজন কৰা ‘ইণ্ডিয়া শ্বিপবিল্ডিং ইনভেষ্টমেণ্ট কনক্লেভ ২০২৬’ত ভাষণ দি সোণোৱালে এই আহ্বান জনায়। অনুষ্ঠানত তেওঁ জাহাজ নিৰ্মাণ আৰু মেৰামতি উদ্যোগৰ বাবে ‘নৌকোষ’ নামৰ এটা ডিজিটেল পৰ্টেল মুকলি কৰে। ইয়াৰ লগতে ডেমেন শ্বিপয়াৰ্ডছ আৰু কোচিন শ্বিপয়াৰ্ডৰ মাজত ভৱিষ্যতে জাহাজ নিৰ্মাণৰ বিভিন্ন প্ৰকল্পত সহযোগিতাৰ বাবে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

সোণোৱালে কয়, “ভাৰত বিশ্বৰ বাবে জাহাজ নিৰ্মাণ কৰিবলৈ সাজু। ভাৰতত নিৰ্মাণ কৰক, ভাৰতৰ বাবে নিৰ্মাণ কৰক আৰু সমগ্ৰ বিশ্বৰ বাবে নিৰ্মাণ কৰক।” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধীনত যোৱা বছৰ চৰকাৰে অনুমোদন জনোৱা ৮ বিলিয়ন মাৰ্কিন ডলাৰৰ জাহাজ নিৰ্মাণ বিত্তীয় পেকেজৰ আধাৰত এই বিনিয়োগ সন্মিলনৰ আয়োজন কৰা হৈছে।

বিনিয়োগৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, দেশৰ ভিতৰতে ৪০০খনতকৈ অধিক জাহাজৰ চাহিদা চিনাক্ত কৰা হৈছে। ইয়াৰ জৰিয়তে প্ৰায় ২৪ বিলিয়ন মাৰ্কিন ডলাৰৰ বিনিয়োগৰ সুযোগ সৃষ্টি হ’ব। বৰ্তমান ১৫০খনতকৈ অধিক জাহাজ নিৰ্মাণৰ বাবে নিৰ্দেশ আছে, যাৰ মূল্য ১.৭ বিলিয়ন মাৰ্কিন ডলাৰৰো অধিক। ইয়াৰ ভিতৰত ৮০ শতাংশতকৈ অধিক মূল্যৰ নিৰ্দেশ ৰপ্তানিৰ সৈতে জড়িত।

এই বিনিয়োগ পৰিকল্পনাৰ কেন্দ্ৰবিন্দু হৈছে পাঁচটা নতুন জাহাজ নিৰ্মাণ কেন্দ্ৰ। সেইকেইটা হ’ল—অন্ধ্ৰ প্ৰদেশৰ দুগাৰাজাপটনম, গুজৰাটৰ কুচ্ছাডি, মহাৰাষ্ট্ৰৰ দিঘী, ওড়িশাৰ কেন্দ্ৰাপাৰা আৰু তামিলনাডুৰ তূতুকুড়ি। এই কেন্দ্ৰসমূহত জাহাজ নিৰ্মাণৰ বাবে উপলব্ধ ভূমি, সহায়ক নীতি আৰু কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ যৌথ সহযোগিতাৰ বিষয়ে বিনিয়োগকাৰীসকলক অৱগত কৰা হয়। জাহাজ নিৰ্মাণৰ লগতে যন্ত্ৰাংশ উৎপাদন আৰু আনুষংগিক সামুদ্ৰিক উদ্যোগ স্থাপনৰ বাবেও এই অঞ্চলসমূহত সুযোগ সৃষ্টি হ’ব।

সোণোৱালে কয় যে, এই কেন্দ্ৰসমূহে উৎপাদন, প্ৰযুক্তি, কৰ্মসংস্থান আৰু ৰপ্তানিৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাই ‘মেক ইন ইণ্ডিয়া’ৰ পৰৱৰ্তী অধ্যায় শক্তিশালী কৰিছে। অন্ধ্ৰ প্ৰদেশ, গুজৰাট, মহাৰাষ্ট্ৰ, ওড়িশা আৰু তামিলনাডুৱে এই অভিযানত কেৱল আতিথ্য প্ৰদানকাৰী ৰাজ্য হিচাপেই নহয়, বৰং সক্ৰিয় অংশীদাৰ হিচাপেও ভূমিকা গ্ৰহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। বিনিয়োগকাৰীসকলে যাতে পলম নোহোৱাকৈ ভূমি, অনুমোদন আৰু নীতিগত সহায় লাভ কৰে, তাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে একেলগে কাম কৰিব বুলিও তেওঁ কয়।

এই সন্মিলনত ৩০টা আন্তঃৰাষ্ট্ৰীয় জাহাজ নিৰ্মাণ প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি জাহাজ পৰিবহণ কোম্পানী, সামগ্ৰী নিৰ্মাতা, বেংক, বিনিয়োগকাৰী, কূটনৈতিক প্ৰতিনিধি আৰু ভাৰতীয় উদ্যোগৰ প্ৰতিনিধিসকলো উপস্থিত থাকে। অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানসমূহৰ ভিতৰত আছিল এইচ ডি কোৰিয়া শ্বিপবিল্ডিং এণ্ড অফশ্ব’ৰ ইঞ্জিনিয়াৰিং, ছেমছাং হেভী ইণ্ডাষ্ট্ৰীজ, হানৱা অ’চেন, ফিনকান্তিয়েৰি, মায়াৰ ৱেৰফ্ট, ডেমেন, ৰয়েল আই এইচ চি, এভাৰলেন্স, মিৎসুই ইঞ্জিনছ, ৱাৰ্টছিলা, কংছবাৰ্গ, ড্ৰাইডকছ ৱৰ্ল্ড ডুবাই, মাৰ্স্ক, এম এছ চি, চি এম এ চি জি এম, এম অ’ এল আৰু ডি পি ৱৰ্ল্ড।

ভাৰতত নিযুক্ত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰদূতেও এটা বৃহৎ প্ৰতিনিধি দলৰ নেতৃত্ব দিছে। শেহতীয়াকৈ সৰ্বানন্দ সোণোৱালে দক্ষিণ কোৰিয়া ভ্ৰমণ কৰাৰ পিছতে এই অংশগ্ৰহণ বিশেষ তাৎপৰ্যপূৰ্ণ হৈ পৰিছে। দক্ষিণ কোৰিয়াৰ তিনিটা বৃহৎ জাহাজ নিৰ্মাণ প্ৰতিষ্ঠান—এইচ ডি কোৰিয়া শ্বিপবিল্ডিং এণ্ড অফশ্ব’ৰ ইঞ্জিনিয়াৰিং, ছেমছাং হেভী ইণ্ডাষ্ট্ৰীজ আৰু হানৱা অ’চেনৰ প্ৰতিনিধিও সন্মিলনত উপস্থিত থাকে। জাহাজ পৰিবহণ কোম্পানী এইচ এম এমেও অংশগ্ৰহণ কৰে।

এই অংশগ্ৰহণে ২০২৬ চনৰ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে মিয়ঙৰ মাজত স্বাক্ষৰিত ‘ভয়েজেছ’ (VOYAGES) সহযোগিতা উদ্যোগক অধিক শক্তিশালী কৰিব। এই উদ্যোগৰ লক্ষ্য হৈছে দক্ষিণ কোৰিয়াৰ জাহাজ নিৰ্মাণৰ অভিজ্ঞতাক ভাৰতৰ ‘মেৰিটাইম অমৃত কাল ভিজন ২০৪৭’ৰ সৈতে সংযুক্ত কৰা।

মন্ত্ৰালয়ৰ সামুদ্ৰিক প্ৰশাসনৰ সঞ্চালকালয়ে প্ৰস্তুত কৰা ‘নৌকোষ’ পৰ্টেলত জাহাজ নিৰ্মাণ আৰু মেৰামতি উদ্যোগৰ নীতি, অনুমোদন আৰু বিনিয়োগৰ সুযোগসমূহ একেটা ডিজিটেল মঞ্চত উপলব্ধ কৰা হৈছে। এই পৰ্টেলে স্বচ্ছতা বৃদ্ধি কৰাৰ লগতে ব্যৱসায় কৰাৰ প্ৰক্ৰিয়া সহজ কৰি তুলিব বুলি সোণোৱালে আশা প্ৰকাশ কৰে।

এই পৰ্টেলত জাহাজ নিৰ্মাণ প্ৰতিষ্ঠানৰ তালিকা, জাহাজ নিৰ্মাণৰ সক্ষমতাৰ তথ্য, সহযোগিতাৰ মঞ্চ, বিত্ত আৰু বীমা সম্পৰ্কীয় তথ্য, কাৰিকৰী পুথিভঁৰাল, উদ্ভাৱন কেন্দ্ৰ, প্ৰশিক্ষণ আৰু প্ৰমাণীকৰণৰ ব্যৱস্থা তথা নিয়ামক নিৰ্দেশনা সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ ৰাজহুৱা মুখ্য পৃষ্ঠাত জাহাজ নিৰ্মাণ প্ৰতিষ্ঠানৰ সংখ্যা আৰু উৎপাদন ক্ষমতা, নিৰ্মাণ সম্পূৰ্ণ হোৱা জাহাজ, নিৰ্মাণাধীন জাহাজ আৰু উদ্যোগটোৰ শেহতীয়া তথ্য প্ৰদৰ্শিত হ’ব।সন্মিলনৰ অংশ হিচাপে অনুষ্ঠিত বিশ্ব সামুদ্ৰিক ক্ষেত্ৰৰ শীৰ্ষ ব্যক্তিসকলৰ মুক্ত আলোচনাত বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে চৰকাৰী বিষয়াসকলৰ সন্মুখত নীতি আৰু দীৰ্ঘম্যাদী পৰিকল্পনা সন্দৰ্ভত নিজৰ মতামত দাঙি ধৰে। ইয়াৰ পিছত বিনিয়োগকাৰীসকলে ৰাজ্যিক জাহাজ নিৰ্মাণ কেন্দ্ৰৰ দল, কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হয়।

মঙলবাৰে, ১৭ নৱেম্বৰত ১০টা আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি দলে পাঁচটা প্ৰস্তাৱিত জাহাজ নিৰ্মাণ কেন্দ্ৰৰ স্থান পৰিদৰ্শন কৰিব। ইয়াৰ বাবে ৰাজ্য চৰকাৰসমূহে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

সোণোৱালে কয় যে, বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ অংশগ্ৰহণে ভাৰতক জাহাজ নিৰ্মাণৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় মহলৰ আস্থা বৃদ্ধি পোৱাৰ কথাকে প্ৰতিফলিত কৰিছে। নিশ্চিত চাহিদা, শক্তিশালী নীতিগত সহায়, নিৰ্দিষ্ট বিত্তীয় ব্যৱস্থা আৰু পাঁচটা প্ৰস্তুত উপকূলীয় কেন্দ্ৰৰ জৰিয়তে ভাৰতে দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে এক আকৰ্ষণীয় পৰিৱেশ সৃষ্টি কৰিছে। এতিয়া আলোচনাসমূহক বাস্তৱ প্ৰকল্পলৈ ৰূপান্তৰ কৰাই চৰকাৰৰ প্ৰধান লক্ষ্য বুলি তেওঁ কয়।

প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, জাহাজ নিৰ্মাণ উদ্যোগ আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হৈ পৰিছে। এই খণ্ডৰ বিকাশে ভাৰতীয় উদ্যোগ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু যুৱপ্ৰজন্মৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব।

অনুষ্ঠানত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব বিজয় কুমাৰেও অংশগ্ৰহণ কৰে। তেওঁ আলোচনাসমূহক ফলপ্ৰসূ আৰু বাস্তৱমুখী বুলি অভিহিত কৰে। প্ৰতিগৰাকী বিনিয়োগকাৰীৰ বাবে সংশ্লিষ্ট জাহাজ নিৰ্মাণ কেন্দ্ৰৰ বিশেষ উদ্দেশ্যপ্ৰণোদিত প্ৰতিষ্ঠান, ৰাজ্য চৰকাৰ আৰু মন্ত্ৰালয়ৰ সৈতে যোগাযোগৰ নিৰ্দিষ্ট ব্যৱস্থা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। আগন্তুক সপ্তাহকেইটাত প্ৰতিটো আলোচনাৰ অগ্ৰগতিৰ ওপৰত নজৰ ৰখা হ’ব বুলিও সচিবগৰাকীয়ে কয়।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে মন্ত্ৰালয়ৰ সচিবৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্য চৰকাৰ আৰু প্ৰধান বন্দৰসমূহৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image001_20261116185705_136582.jpg https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image002_20261116185712_d604eb.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image003_20261116185718_88b8a8.jpg https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image004_20261116185723_1217ea.jpg

***

MI/Indu/DM


(ৰিলিজ আই ডি : 2337219) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil , Telugu