বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

থাইলেণ্ডৰ ননথাবুৰিত অনুষ্ঠিত যুটীয়া বাণিজ্য সমিতিৰ ১৪সংখ্যক বৈঠকত ভাৰত আৰু থাইলেণ্ডৰ দ্বিপাক্ষিক বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ পৰ্যালোচনা

২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰত আৰু থাইলেণ্ডৰ মাজত দ্বিপাক্ষিক বাণিজ্য ১২.৬ শতাংশ বৃদ্ধি পাই ২১.৪৯ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত

ইউ পি আই সংযোগ, স্থানীয় মুদ্ৰাত লেনদেন আৰু ফিনটেক সহযোগিতাক লৈ ভাৰত আৰু থাইলেণ্ডৰ মাজত আলোচনা

পোষ্ট কৰা হৈছে: 16 NOV 2026 7:34PM by PIB Guwahati

ভাৰত আৰু থাইলেণ্ডৰ যুটীয়া বাণিজ্য সমিতি (JTC)ৰ ১৪সংখ্যক বৈঠক ১৬ নৱেম্বৰত থাইলেণ্ডৰ ননথাবুৰিত অৱস্থিত বাণিজ্য মন্ত্ৰালয়ত অনুষ্ঠিত হয়। এই বৈঠকত ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব শ্ৰী নীতিন কুমাৰ যাদৱ আৰু থাইলেণ্ডৰ বাণিজ্য মন্ত্ৰালয়ৰ বাণিজ্য আলোচনা বিভাগৰ সঞ্চালক প্ৰধান শ্ৰীমতী চোতিমা ইয়েমছাৱাছডিকুলে যুটীয়াভাৱে সভাপতিত্ব কৰে। দুয়োখন দেশৰ সংশ্লিষ্ট মন্ত্ৰালয়, বিভাগ আৰু সংস্থাসমূহৰ প্ৰতিনিধিসকলেও বৈঠকত অংশগ্ৰহণ কৰে।

 

দুয়োপক্ষই দ্বিপাক্ষিক বাণিজ্যৰ উৎসাহজনক অগ্ৰগতিৰ কথা উল্লেখ কৰে। ২০২৫-২৬ বিত্তীয় বৰ্ষত দুয়োখন দেশৰ মাজত বাণিজ্যৰ পৰিমাণ ২১.৪৯ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হয়, যিটো পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ১২.৬ শতাংশ বৃদ্ধি। আছিয়ানৰ সৈতে ভাৰতৰ মুঠ বাণিজ্যৰ ১৬.৭ শতাংশ থাইলেণ্ডৰ সৈতে সম্পন্ন হয়।

 

যুটীয়া সভাপতিসকলে বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাত যুটীয়া বাণিজ্য সমিতিৰ ভূমিকাক স্বীকাৰ কৰে। লগতে দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ সম্প্ৰসাৰণ তথা বজাৰত প্ৰৱেশৰ সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি  দোহাৰে।

 

ভাৰতে আন্তঃগাঁথনি আৰু পৰিবহণ তথা যোগান ব্যৱস্থা, অটোম’বাইল আৰু বৈদ্যুতিক বাহন, খাদ্য সংসাধন আৰু কৃষিভিত্তিক উদ্যোগ, ইলেক্ট্ৰনিকছ আৰু অৰ্ধপৰিবাহী, পৰ্যটন, আতিথ্য আৰু সুস্থতা সেৱাৰ ক্ষেত্ৰত বিনিয়োগৰ সুযোগসমূহৰ বিষয়ত আলোকপাত কৰে।

 

আনহাতে, থাইলেণ্ডে নিজৰ অৰ্থনৈতিক দৃষ্টিভংগী আৰু বিনিয়োগৰ সুবিধা প্ৰদানৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে অৱগত কৰাৰ লগতে ‘কো-ক্ৰিয়েচন কো-ইনভেষ্টমেণ্ট’ পদ্ধতি উপস্থাপন কৰে। ভাৰতে এই পদ্ধতিক আদৰণি জনায় আৰু সংশ্লিষ্ট মন্ত্ৰালয় তথা বিভাগসমূহৰ সৈতে আলোচনা কৰি ইয়াৰ বিষয়ে অধিক পৰীক্ষা-নিৰীক্ষা কৰিবলৈ সন্মতি প্ৰকাশ কৰে।

 

বৈঠকত আছিয়ান-ভাৰত সামগ্ৰী বাণিজ্য চুক্তি (AITIGA) আৰু ভাৰত-থাইলেণ্ডৰ প্ৰাৰম্ভিক লাভ আঁচনিৰ (Early Harvest Scheme) অধিক ব্যৱহাৰৰ বিষয়েও আলোচনা কৰা হয়।

 

দুয়োপক্ষই দ্বিপাক্ষিক বাণিজ্যৰ তথ্য আৰু অগ্ৰাধিকাৰমূলক বাণিজ্যিক সুবিধাৰ ব্যৱহাৰ সম্পৰ্কীয় তথ্যৰ বাৰ্ষিক আদান-প্ৰদানৰ বাবে এক ব্যৱস্থা গঢ়ি তোলাৰ সম্ভাৱনাও পৰ্যালোচনা কৰে। ইয়াৰ উদ্দেশ্য হৈছে অগ্ৰাধিকাৰমূলক বাণিজ্য বৃদ্ধিৰ ক্ষেত্ৰসমূহ চিনাক্ত কৰা আৰু ৰূপায়ণৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহৰ সমাধান কৰা। দুয়োপক্ষই আছিয়ান-ভাৰত সামগ্ৰী বাণিজ্য চুক্তিৰ পৰ্যালোচনা শীঘ্ৰে আৰু অৰ্থপূৰ্ণভাৱে সম্পূৰ্ণ কৰাৰ গুৰুত্বৰ ওপৰতো জোৰ দিয়ে।

 

আলোচনাত বজাৰত ফলপ্ৰসূ প্ৰৱেশৰ সুবিধা নিশ্চিত কৰা আৰু ব্যৱসায়ীসকলে সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। ইয়াৰ ভিতৰত কৃষিজাত সামগ্ৰী, পশুধন আৰু সামুদ্ৰিক সামগ্ৰীৰ বজাৰ প্ৰৱেশৰ সুবিধা, অনাময় আৰু উদ্ভিদ-স্বাস্থ্য সম্পৰ্কীয় ব্যৱস্থা (SPS), প্ৰমাণীকৰণ প্ৰক্ৰিয়া, গুণগত মান আৰু নিয়ন্ত্ৰণমূলক প্ৰয়োজনীয়তা তথা অশুল্ক বাধা আঁতৰোৱাৰ বিষয়সমূহ অন্তৰ্ভুক্ত আছিল।

 

দুয়োপক্ষই ঔষধ আৰু স্বাস্থ্যসেৱা, আয়ুষ আৰু পৰম্পৰাগত চিকিৎসা পদ্ধতি, বস্ত্ৰশিল্প, প্লাষ্টিক আৰু পেট্ৰ’কেমিকেল, ৰত্ন আৰু অলংকাৰ তথা সেৱা খণ্ডত সহযোগিতাৰ সম্ভাৱনাসমূহৰ বিষয়েও আলোচনা কৰে। বাণিজ্য প্ৰসাৰক সংস্থাসমূহৰ মাজত সহযোগিতাৰ বিষয়টোও আলোচনাত স্থান লাভ কৰে।

 

দুয়োখন দেশে পৰিশোধ ব্যৱস্থা আৰু বিত্তীয় সংযোগৰ বিষয়েও আলোচনা কৰে। ইয়াৰ ভিতৰত ভাৰতৰ ইউ পি আইৰ সৈতে থাইলেণ্ডৰ প্ৰম্পটপে সংযোগ, স্থানীয় মুদ্ৰাত লেনদেন আৰু ভাৰতীয় ৰিজাৰ্ভ বেংক তথা থাইলেণ্ডৰ বেংকৰ মাজত ফিনটেক সহযোগিতাৰ বিষয়সমূহ অন্তৰ্ভুক্ত আছিল।

 

এই বৈঠকত ভাৰত আৰু থাইলেণ্ডৰ মাজৰ অৰ্থনৈতিক অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে দুয়োপক্ষই নিজৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে। যুটীয়া সভাপতিসকলে বিষয়াসকলক আলোচনা অব্যাহত ৰাখিবলৈ আৰু পৰৱৰ্তী যুটীয়া বাণিজ্য সমিতিৰ বৈঠকৰ পূৰ্বে কৰ্মকুশল পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিবলৈ উৎসাহিত কৰে, যাতে সহযোগিতাৰ এই গতি অব্যাহত থাকে।

 

যুটীয়া বাণিজ্য সমিতিৰ পৰৱৰ্তী বৈঠক ভাৰতত অনুষ্ঠিত হ’ব।

 

*****

Abhishek Dayal/ Garima Singh/ Abhimanyu Panwar/PB


(ৰিলিজ আই ডি : 2337213) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Malayalam