পোষ্ট কৰা হৈছে:
16 NOV 2026 7:53AM by PIB Guwahati
আজি মই ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড আৰ মাৰ্কোছ জুনিয়ৰৰ আমন্ত্ৰণত ২০২৬ চনৰ ১৭ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ২৩ সংখ্যক আছিয়ান-ভাৰত শীৰ্ষ সন্মিলন আৰু ২১ সংখ্যক পূব এছিয়া সন্মিলনত অংশগ্ৰহণ কৰিবলৈ মেনিলা ভ্ৰমণলৈ ওলাইছো।
আছিয়ান দেশসমূহৰ সৈতে আমাৰ সম্পৰ্ক ভাৰতৰ এক্ট ইষ্ট নীতিৰ কেন্দ্ৰবিন্দু আৰু ই আমাৰ ‘মহাসাগৰ’ দৃষ্টিভংগীৰ এক কেন্দ্ৰীয় স্থান দখল কৰিছে। বহু শতিকাজোৰা সভ্যতাৰ আদান-প্ৰদানৰ জৰিয়তে আমাৰ বন্ধুত্ব বাণিজ্য, সংযোগ, সামুদ্ৰিক সুৰক্ষা, প্ৰযুক্তি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ এক গতিশীল অংশীদাৰিত্বলৈ বিকশিত হৈছে।
আছিয়ান-ভাৰত সন্মিলনত আমাৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ হকে কাম কৰিবলৈ তথা বিকাশ, সংযোগ আৰু সমৃদ্ধিৰ বাবে আমাৰ অংশীদাৰী আকাংক্ষাক অধিক গতি প্ৰদান কৰিবলৈ সহযোগী নেতাসকলৰ সৈতে কাম কৰিবলৈ মই আগ্ৰহী।
পূব এছিয়া সন্মিলনে আঞ্চলিক আৰু গোলকীয় প্ৰত্যাহ্বানৰ বিষয়ে আলোচনাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰে। মই ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, সুস্থিৰতা আৰু সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত অংশগ্ৰহণকাৰী নেতাসকলৰ সৈতে মত বিনিময় কৰিবলৈ আগ্ৰহী।
মই ফিলিপাইনছৰ উজ্জ্বীৱিত ভাৰতীয় সম্প্ৰদায়ৰ সৈতে মত বিনিময় কৰিবলৈও আগ্ৰহী, যাৰ অৱদানে আমাৰ দুয়োখন দেশৰ মাজত বন্ধুত্বৰ বান্ধোন শক্তিশালী কৰিছে।
মই আত্মবিশ্বাসী যে এই ভ্ৰমণে আছিয়ানৰ সৈতে ভাৰতৰ অংশীদাৰিত্বক নতুন শক্তি প্ৰদান কৰিব আৰু এক শান্তিপূৰ্ণ, সমৃদ্ধিশালী তথা সহনশীল ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি আমাৰ সামূহিক দায়বদ্ধতাক শক্তিশালী কৰিব।
****
MJPS/SS/PRK/HS