প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতীয় বায়ুসেনাৰ ৰক্ষণাবেক্ষণ কমাণ্ডে পুনৰ দৃঢ় কৰিলে সাৰ্বভৌম স্থায়িত্বৰ প্ৰতি সংকল্প

১৩ বেছ ৰিপেয়াৰ ডিপ’ৰ সোণালী জয়ন্তী উদযাপন

পোষ্ট কৰা হৈছে: 15 NOV 2026 1:49PM by PIB Guwahati

ভাৰতীয় বায়ুসেনাৰ ১৩ বেছ ৰিপেয়াৰ ডিপ’ৱে নতুন দিল্লীৰ মানেকশ্ব চেণ্টাৰত  “বায়ু প্ৰতিৰক্ষা ২০৪০: সংবেদক, নেটৱৰ্ক আৰু সাৰ্বভৌম স্থায়িত্ব” শীৰ্ষক আলোচনাচক্ৰৰ সৈতে পঞ্চাশ বছৰৰ বিশিষ্ট সেৱা উদযাপন কৰে। আলোচনাচক্ৰত ৰক্ষণাবেক্ষণ কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং-ইন-চীফ এয়াৰ মাৰ্শ্বাল য়াল্লা উমেশ, ভি এছ এম, পি এইচ ডিয়ে অধ্যক্ষতা কৰে আৰু জ্যেষ্ঠ সামৰিক নেতৃত্ব, প্ৰাক্তন সৈনিক, ডি আৰ ডি অ’, শিক্ষানুষ্ঠান আৰু আগশাৰীৰ প্ৰতিৰক্ষা উদ্যোগৰ অংশীদাৰসকলে অংশগ্ৰহণ কৰে।

ভাৰতীয় বায়ুসেনাৰ ৰক্ষণাবেক্ষণ পৰিৱেশতন্ত্ৰৰ এটা মূল স্তম্ভ হিচাপে পৰিগণিত হৈ অহা তথা ১৯৭৬ চনত প্ৰতিষ্ঠিত  বেছ ৰিপেয়াৰ ডিপ’ৰ জৰিয়তে গুৰুত্বপূৰ্ণ ৰাডাৰ আৰু যোগাযোগ সঁজুলিৰ মেৰামতি, অভাৰহল আৰু জীৱনচক্ৰৰ ক্ষেত্ৰত অগ্ৰগতি ত্বৰান্বিত হৈছে। ৰাডাৰ আৰু যোগাযোগ প্ৰকল্প কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই ডিপ’ৱে যোৱা পাঁচ দশক ধৰি গুৰুত্বপূৰ্ণ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ কাৰ্যকৰী উপলব্ধতা আৰু নিৰ্ভৰযোগ্যতা নিশ্চিত কৰাত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। আদৰণী ভাষণত ডিপ’ৰ এয়াৰ অফিচাৰ কমাণ্ডিঙে ডিপ’ৰ যাত্ৰাৰ কথা উল্লেখ কৰাৰ লগতে ইয়াৰ প্ৰাক্তন সৈনিকসকলৰ অৱদানক স্বীকৃতি দিয়াৰ উপৰি এয়াৰ ডিফেন্স ২০৪০ৰ পৰিৱৰ্তিত প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ থলুৱা অভিযান্ত্ৰিক আৰু ঔদ্যোগিক সামৰ্থ্য গঢ়ি তোলাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।

সমাৱেশক সম্বোধন কৰি ৰক্ষণাবেক্ষণ কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং-ইন-চীফ এয়াৰ মাৰ্শ্বাল য়াল্লা উমেশে গুৰুত্ব আৰোপ কৰি কয় যে বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ প্ৰকৃত কাৰ্যকাৰিতা ইয়াৰ কাৰ্যকৰী উপলব্ধতাৰ মাজত নিহিত হৈ আছে। স্থায়ীত্ব, সঁজুলিৰ শৈলী আৰু অন্তৰ্ভুক্তিৰ অবিচ্ছেদ্য অংগ হ’ব লাগিব বুলি উল্লেখ কৰি তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে  সাৰ্বভৌম স্থায়িত্ব মানে দেশৰ ভিতৰতে অত্যাধুনিক প্ৰতিৰক্ষা ব্যৱস্থা নিৰ্ণয়, মেৰামতি আৰু পুনৰুদ্ধাৰ কৰাৰ ক্ষমতা। তেওঁ উদ্যোগৰ অংশীদাৰসকলক থলুৱা পৰীক্ষণ, মেৰামতি আৰু জীৱনচক্ৰ সহায় সামৰ্থ্যৰে সঁজুলি বিকাশ কৰিবলৈ আহ্বান জনোৱাৰ লগতে ইয়াৰ ফলত প্ৰতিৰক্ষাত আত্মনিৰ্ভৰশীলতাৰ দৃষ্টিভংগী শক্তিশালী হয় বুলি মত প্ৰকাশ কৰে।

আলোচনাচক্ৰত কোৱাণ্টাম ছেন্সিং, জীৱনচক্ৰ ব্যৱস্থাপনা আৰু বায়ু প্ৰতিৰক্ষা ৰাডাৰৰ আধুনিকীকৰণ তথা নেটৱৰ্ককেন্দ্ৰিক বায়ু প্ৰতিৰক্ষাকে ধৰি শেহতীয়া প্ৰযুক্তিৰ বিষয়ে বিশেষজ্ঞৰ আলোচনা অনুষ্ঠিত হয়।

আলোচনাচক্ৰত উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন মিছন আৰু এন টি পি চি-ৰ অংশীদাৰিত্বত ভাৰতীয় বায়ুসেনাৰ ৰাডাৰ চলাবলৈ হাইড্ৰ’জেন ফুৱেল চেল প্ৰযুক্তিৰ সফল প্ৰদৰ্শনৰ লগতে  বহনক্ষম ৰাডাৰ পৰিচালনাৰ ক্ষেত্ৰতো আলোকপাত কৰা হয়। এই পদক্ষেপে পৰিচালন স্থিতিস্থাপকতা, শক্তি স্বায়ত্তশাসন আৰু বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ বহনক্ষম নিয়োগ বৃদ্ধি কৰাত, বিশেষকৈ প্ৰত্যাহ্বানমূলক পৰিচালন পৰিৱেশত, পৰিষ্কাৰ শক্তি সমাধানৰ সম্ভাৱনাত গুৰুত্ব আৰোপ কৰে।

 

***

JS/PC/CV/DD


(ৰিলিজ আই ডি : 2336650) অতিথি কক্ষ : 7
ত এই ৰিলিজটো পঢ়ক: English , Urdu , Marathi , Gujarati , Tamil