ৰেচম মন্ত্ৰালয়
azadi ka amrit mahotsav

ঔদ্যোগিক উন্নয়ন আৰু পৰিৱেশ সুৰক্ষাৰ মাজত সমন্বয়েই উন্নত ভাৰত গঢ়াৰ ভেটি: কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং

কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙৰ কচ্ছত ৱেলস্পান ৱৰ্ল্ডৰ অত্যাধুনিক উৎপাদন গোট পৰিদৰ্শন, গছপুলি ৰোপণ আৰু পৰিৱেশ সুৰক্ষাৰ বাৰ্তা প্ৰদান

পোষ্ট কৰা হৈছে: 14 NOV 2026 11:01AM by PIB Guwahati

কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে গুজৰাটৰ কচ্ছ জিলাৰ আঞ্জাৰত অৱস্থিত ৱেলস্পান ৱৰ্ল্ডৰ অত্যাধুনিক উৎপাদন কমপ্লেক্স পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীয়ে স্পিনিঙৰ পৰা টাৱেল আৰু  বিচনা চাদৰ উৎপাদনলৈকে সমগ্ৰ উৎপাদন প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰে। এটা চৌহদৰ ভিতৰতে গঢ় লৈ উঠা সম্পূৰ্ণ সংহত মূল্য শৃংখল, আধুনিক উৎপাদন প্ৰযুক্তি আৰু বিশ্ব পৰ্যায়ৰ গুণগত মানৰ সৈতে সংগতি ৰাখি নিৰ্মিত উৎপাদন সুবিধাসমূহ প্ৰত্যক্ষ কৰি তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।

কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰীয়ে কচ্ছৰ দৰে শুষ্ক অঞ্চলত সেউজ উৎপাদন, পানী পুনৰ ব্যৱহাৰ আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ প্ৰতি ৱেলস্পানৰ প্ৰতিশ্ৰুতিৰ প্ৰশংসা কৰে। তেওঁ কয় যে সেউজীয়াৰ মাজত গঢ় লৈ উঠা এই ঔদ্যোগিক কমপ্লেক্সে ‘বাগিচাৰ ভিতৰত উৎপাদন সুবিধা’ ধাৰণাটোক জীৱন্ত কৰি তুলিছে। ঔদ্যোগিক প্ৰগতি আৰু পৰিৱেশ সুৰক্ষা কেনেদৰে সমান্তৰালকৈ আগবাঢ়িব পাৰে তাৰ ই এটা উৎকৃষ্ট উদাহৰণ।

এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে চৌহদত এটা গছপুলিও ৰোপণ কৰে আৰু পৰিৱেশ সুৰক্ষা, প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু সেউজ ভৱিষ্যৎ গঢ়াৰ বাৰ্তা প্ৰদান কৰে। তেওঁ কয় যে গছ আমাৰ পৃথিৱীৰ অমূল্য সম্পদ। ইয়াৰ সুৰক্ষা আৰু সংৰক্ষণ আমাৰ সকলোৰে সামূহিক দায়িত্ব। সমাজৰ প্ৰতিটো শ্ৰেণীয়ে প্ৰকৃতি সুৰক্ষাত সক্ৰিয় ভূমিকা পালন কৰিব লাগে।

তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নত ভাৰতৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰিবলৈ আধুনিক ঔদ্যোগিক উন্নয়নৰ লগতে পৰিৱেশৰ ভাৰসাম্য, বহনক্ষম উৎপাদন আৰু প্ৰাকৃতিক সম্পদৰ বিচক্ষণ ব্যৱহাৰ সমানেই অত্যাৱশ্যকীয়। এই ৱেলস্পান কমপ্লেক্সে উদ্যোগ, উদ্ভাৱন আৰু পৰিৱেশগত দায়িত্বৰ মাজত ফলপ্ৰসূ সমন্বয়ৰ প্ৰেৰণাদায়ক উদাহৰণ দাঙি ধৰিছে।

কেন্দ্ৰীয় মন্ত্ৰীয়ে কয় যে ভাৰতৰ বস্ত্ৰ উদ্যোগে বহনক্ষম আৰু পৰিৱেশ অনুকূল উৎপাদন প্ৰক্ৰিয়া গ্ৰহণ কৰি উন্নয়নৰ নতুন মাপকাঠী স্থাপন কৰাৰ লগতে ইয়াৰ আন্তৰ্জাতিক পৰিচয় শক্তিশালী কৰি তুলিছে।

*****

RT/VN/DD


(ৰিলিজ আই ডি : 2336433) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: Gujarati , English , Urdu , Marathi , हिन्दी , Bengali , Tamil