বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

বৈধ ডাক বাণিজ্য পথৰ অপব্যৱহাৰৰ বাবে ছিণ্ডিকেটৰ প্ৰচেষ্টা বিফল কৰি ডি আৰ আই-এ জব্দ কৰিলে ইউৰোপৰ পৰা অহা ডাক পাৰ্চেলত লুকুৱাই ৰখা ১০.৮ কিলোগ্ৰাম এম্ফেটামিন

পোষ্ট কৰা হৈছে: 14 NOV 2026 11:34AM by PIB Guwahati

বিভিন্ন বাণিজ্য পথত নিৰন্তৰ সতৰ্কতা অব্যাহত ৰাখি ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে (ডি আৰ আই) আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহৰ এটা প্ৰচেষ্টা সফলভাৱে ব্যৰ্থ কৰি ১০.৮ কিলোগ্ৰাম এম্ফেটামিন জব্দ কৰিছে। এই অভিযানে ভাৰতলৈ নিষিদ্ধ সামগ্ৰী সৰবৰাহ কৰিবলৈ বৈধ ডাক সেৱা ব্যৱহাৰ কৰাৰ বাবে এটা মাদক দ্ৰব্য ছিণ্ডিকেটৰ প্ৰচেষ্টাক বিফল কৰিছে।

নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত অভিযান চলাই ডি আৰ আই-ৰ বিষয়াসকলে নতুন দিল্লীৰ বৈদেশিক ডাকঘৰত ইউৰোপীয় দেশৰ পৰা অহা এটা সন্দেহজনক পাৰ্চেল জব্দ কৰি পৰীক্ষা কৰে। তাত "ক্লেৰেন" (কাপোৰ) থকা বুলি উল্লেখ কৰা হৈছিল। প্ৰাথমিক পৰীক্ষাত সৰবৰাহকাৰী কাৰ্টনৰ ভিতৰত সাধাৰণ ঘৰুৱা কাপোৰ ভৰাই থোৱা দেখা গৈছিল যদিও, পেকেজিঙৰ সূক্ষ্ম পৰীক্ষাত এটা জটিল লুকুৱাই ৰখা পদ্ধতি উন্মোচিত হোৱাৰ লগতে কাৰ্টনৰ চাৰিওফালে প্ৰতিটোতে দুটা প্লাষ্টিকৰ মোনা কৌশলেৰে লুকুৱাই ৰখা হৈছিল।

মুঠতে, বিষয়াসকলে গুলপীয়া ৰঙৰ গুড়ি পদাৰ্থ থকা আঠটা লুকুৱাই ৰখা পেকেট উদ্ধাৰ কৰে, আৰু সেয়া এম্ফেটামিন বুলি পৰীক্ষাত ধৰা পৰে। সন্দেহজনক নিষিদ্ধ সামগ্ৰীৰ আটাইকেইটা পেকেট মাদক দ্ৰব্য আৰু মনোৰোগজনক পদাৰ্থ (এন ডি পি এছ) আইন, ১৯৮৫ৰ প্ৰাসংগিক বিধানৰ অধীনত জব্দ কৰা হৈছে। এই অভিযানৰ আঁৰৰ বৃহত্তৰ নেটৱৰ্কক বিচাৰি উলিয়াবলৈ অধিক তদন্ত চলি আছে।

চোৰাংচোৱা-নেতৃত্বাধীন বলৱৎকৰণ আৰু সীমান্তৰ সিপাৰৰ  পৰা অহা ৰচদ-পাতিৰ  ওপৰত বৃদ্ধি পোৱা পৰ্যবেক্ষণৰ জৰিয়তে ডি আৰ আই বৈধ বাণিজ্যৰ আঁৰত চলি থকা অবৈধ সৰবৰাহ নেটৱৰ্কসমূহক চিনাক্ত কৰা, ব্যাহত কৰা আৰু ধ্বংস কৰাৰ বাবে দৃঢ়প্ৰতিজ্ঞ। ডি আৰ আই ভাৰতৰ অৰ্থনৈতিক সীমান্ত আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা দুয়োটাকে সুৰক্ষিত কৰাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ ।

****

KT/KMN/DD


(ৰিলিজ আই ডি : 2336356) অতিথি কক্ষ : 10