উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

বিশাখাপট্টনমত ৩১সংখ্যক চি আই আই অংশীদাৰিত্ব সন্মিলনৰ সামৰণী অধিৱেশনত উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণৰ ভাষণ

বিনিয়োগৰ প্ৰতিশ্ৰুতিসমূহক বাস্তৱ ফলাফললৈ ৰূপান্তৰ কৰাৰ আহ্বান উপ-ৰাষ্ট্ৰপতিৰ; অন্ধ্ৰ প্ৰদেশৰ উন্নয়নৰ গতিক প্ৰশংসা

ভাৰতৰ বিশ্ব অৰ্থনৈতিক সম্পৰ্কৰ বাবে এক প্ৰধান প্ৰৱেশদ্বাৰ হিচাপে অগ্ৰসৰ হৈছে অন্ধ্ৰ প্ৰদেশঃ উপ-ৰাষ্ট্ৰপতি

ভাৰতে শেহতীয়া বিশ্ব অৰ্থনৈতিক ব্যৱস্থাত কেৱল অংশগ্ৰহণ কৰাই নহয়, ইয়াক গঢ় দিয়াত অগ্ৰণী ভূমিকা পালন কৰাৰ আকাংক্ষা কৰে: উপ-ৰাষ্ট্ৰপতি

পোষ্ট কৰা হৈছে: 13 NOV 2026 6:13PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণণে আজি অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ৩১সংখ্যক চি আই আই অংশীদাৰিত্ব সন্মিলনৰ সামৰণী অধিৱেশনত ভাষণ দিয়ে।

উপ-ৰাষ্ট্ৰপতিয়ে মুখ্যমন্ত্ৰী শ্ৰী এন চন্দ্ৰবাবু নাইডুৰ নেতৃত্বত অন্ধ্ৰ প্ৰদেশে লাভ কৰা উল্লেখনীয় উন্নয়নৰ প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে ২০২৪ চনৰ জুন মাহৰ পৰা ৰাজ্যখনে ২২ লাখ কোটি টকাৰো অধিক মূল্যৰ ৭১৪টা বিনিয়োগ প্ৰকল্প আকৰ্ষিত কৰাৰ জৰিয়তে শক্তিশালী বিনিয়োগকাৰীৰ আস্থা আৰু অৰ্থনৈতিক গতি প্ৰতিফলিত কৰে।

তেওঁ কয় যে ৰাজ্যখনৰ স্বৰ্ণ অন্ধ্ৰ ২০৪৭-ৰ দৃষ্টিভংগী প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত ২০৪৭-ৰ দৃষ্টিভংগীৰ সৈতে সংগতিপূৰ্ণ।  সেউজ শক্তি, কৃত্ৰিম বুদ্ধিমত্তা, অৰ্ধপৰিবাহী, কোৱাণ্টাম প্ৰযুক্তি, বন্দৰ, মহাকাশ আৰু উন্নত উৎপাদন ক্ষেত্ৰত বিনিয়োগে অন্ধ্ৰ প্ৰদেশক  উদীয়মান ঔদ্যোগিক আৰু উদ্ভাৱন কেন্দ্ৰ হিচাপে স্থান দিছে।

 

 

এই বছৰৰ সন্মিলনৰ বিষয়বস্তু ‘গোলকীয় নৱ শৃংখল অন্বেষণ– বাণিজ্য, প্ৰযুক্তি আৰু বিশ্বাস’ৰ কথা উল্লেখ কৰি উপ-ৰাষ্ট্ৰপতিয়ে লক্ষ্য কৰে যে ভূ-ৰাজনৈতিক অনিশ্চয়তা, প্ৰযুক্তিগত  প্ৰতিবন্ধকতা, জলবায়ু পৰিৱৰ্তন আৰু বিকশিত যোগান শৃংখলে বিশ্ব অৰ্থনীতিক পুনৰ গঢ় দিছে।অৱশ্যে, অনিশ্চয়তাৰ প্ৰতিটো সময়ে নতুন সুযোগ কঢ়িয়াই অনাৰ লগতে অভিযোজন ক্ষমতা, উদ্ভাৱন আৰু বিশ্বাসযোগ্য অংশীদাৰিত্ব প্ৰদৰ্শন কৰা ৰাষ্ট্ৰসমূহে ভৱিষ্যত গঢ় দিবলৈ সৰ্বোত্তম স্থানত থাকিব।

তেওঁ আত্মবিশ্বাস প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত ২০৪৭ চনৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ দিশত দৃঢ়ভাৱে আগবাঢ়িছে। ভাৰতৰ বৰ্ধিত অৰ্থনৈতিক শক্তি, যুৱ আৰু দক্ষ কৰ্মশক্তি, প্ৰাণৱন্ত উদ্যোগী পৰিৱেশতন্ত্ৰ তথা সম্প্ৰসাৰিত উৎপাদন আৰু সেৱা খণ্ডত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে ভাৰতে উদীয়মান বিশ্ব অৰ্থনৈতিক ব্যৱস্থাত কেৱল অংশগ্ৰহণ কৰাই নহয়, ইয়াক গঢ় দিয়াত অগ্ৰণী ভূমিকা পালন কৰাৰ আকাংক্ষাও কৰে।

উপ-ৰাষ্ট্ৰপতিয়ে কৃত্ৰিম বুদ্ধিমত্তা, অৰ্ধপৰিবাহী, কোৱাণ্টাম কম্পিউটিং, জৈৱ প্ৰযুক্তি, উন্নত উৎপাদন আৰু ডিজিটেল মঞ্চৰ ৰূপান্তৰকাৰী সম্ভাৱনাৰ কথা উল্লেখ কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে আত্মনিৰ্ভৰ ভাৰত মানে অন্তৰ্মুখী হোৱা নহয়, বৰঞ্চ ঘৰুৱা সামৰ্থ্য গঢ়ি তোলা, প্ৰতিযোগিতা বৃদ্ধি কৰা আৰু বিশ্ব বজাৰৰ সৈতে অধিক গভীৰভাৱে একত্ৰিত হোৱা।

বিকশিত ভাৰত ২০৪৭-ৰ বাবে সামূহিক ৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ বাবে  আহ্বান জনাই শ্ৰী চি পি ৰাধাকৃষ্ণণে উল্লেখ কৰে যে এখন উন্নত ভাৰত গঢ়াৰ দায়িত্ব কেৱল চৰকাৰৰ ওপৰতে থাকিব নোৱাৰে।ইয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ সবকা প্ৰয়াসৰ আহ্বানৰ সৈতে সংগতি ৰাখি উদ্যোগ, শিক্ষা, উদ্যোগী, যুৱক আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলৰ সক্ৰিয় অংশগ্ৰহণৰ প্ৰয়োজন।

ভাষণৰ সামৰণিত উপ-ৰাষ্ট্ৰপতিয়ে অংশীদাৰসকলক আলোচনাৰ পৰা কাৰ্যলৈ, সুযোগৰ পৰা সাফল্যলৈ আৰু অংশীদাৰিত্বৰ পৰা উমৈহতীয়া সমৃদ্ধিলৈ আগবাঢ়িবলৈ আহ্বান জনায়।তেওঁ সন্মিলনলৈ অৱদান আগবঢ়োৱাৰ বাবে সকলো অংশগ্ৰহণকাৰী দেশ, আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি, উদ্যোগ খণ্ডৰ কৰ্ণধাৰ আৰু প্ৰতিষ্ঠানক প্ৰশংসা কৰে।

এই অনুষ্ঠানত অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰী এছ আব্দুল নাজিৰ, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী এন চন্দ্ৰবাবু নাইডু, কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য শক্তি, উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা শিক্ষা মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশী, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী শ্ৰী কিঞ্জাৰাপু ৰাম মোহন নাইডু, অন্ধ্ৰ প্ৰদেশৰ মন্ত্ৰী শ্ৰী নাৰা লোকেশ আৰু শ্ৰী টি জি ভৰত, চি আই আই-ৰ সঞ্চালক প্ৰধান শ্ৰী চন্দ্ৰজিৎ বেনাৰ্জী আৰু চি আই আই-ৰ মনোনীত অধ্যক্ষ ড° সুচিত্ৰা এল্লাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

****

PR/ASM/VMJ/DD


(ৰিলিজ আই ডি : 2336140) অতিথি কক্ষ : 14
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil , Telugu , Malayalam