পোষ্ট কৰা হৈছে:
12 NOV 2026 6:11PM by PIB Guwahati
পুডুচেৰীৰ অনাময় কৰ্মী শ্ৰীযুত মুথুভেলৰ (নাম সলনি কৰা হৈছে) জীৱন যাত্ৰাই 'নমস্তে' আঁচনিয়ে কেনেদৰে কৰ্মক্ষেত্ৰৰ সুৰক্ষা, জীৱিকাৰ নিৰাপত্তা আৰু সামাজিক স্বীকৃতি বৃদ্ধিত অৰিহণা যোগাইছে সেয়া প্ৰতিফলিত কৰিছে।
নমস্তেৰ দৰে পদক্ষেপৰ জৰিয়তে ভাৰত চৰকাৰে সমগ্ৰ দেশতে জনস্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাত অপৰিহাৰ্য ভূমিকা পালন কৰা অনাময় কৰ্মীসকলক সুৰক্ষা, সন্মান আৰু সবলীকৰণৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতা পুনৰ দোহাৰিছে।
ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ নেচনেল একচন ফৰ মেকানাইজড ছেনিটেচন ইক’ছিষ্টেম আঁচনিয়ে সমগ্ৰ দেশৰ অনাময় কৰ্মীসকলৰ বাবে বৃত্তিগত সুৰক্ষা, মৰ্যাদা আৰু জীৱিকাৰ সুযোগ শক্তিশালী কৰি আহিছে।
আঁচনিখনৰ ইতিবাচক প্ৰভাৱ প্ৰদৰ্শন কৰি পুডুচেৰীৰ উলগাৰেট পৌৰসভাৰ ৫৮ বছৰীয়া অনাময় কৰ্মী শ্ৰীযুত মুথুভেলে এই পদক্ষেপৰ অধীনত ব্যক্তিগত সুৰক্ষা সঁজুলি আৰু বৃত্তিগত সুৰক্ষাৰ প্ৰশিক্ষণ লাভ কৰাৰ পিছত তেওঁৰ কৰ্ম পৰিৱেশ, স্বাস্থ্য আৰু আৰ্থিক স্থিতিশীলতাৰ যথেষ্ট উন্নতি সাধন হৈছে।
অন্যান্য পিছপৰা শ্ৰেণী সম্প্ৰদায়ৰ এইগৰাকী হিতাধিকাৰীয়ে বিগত দহ বছৰতকৈও অধিক সময় ধৰি নৰ্দমা চাফা কৰা কামত নিয়োজিত হৈ আছে। পঞ্চম শ্ৰেণীলৈকে অধ্যয়ন কৰা মুথুভেলে মাহে প্ৰায় ৯,০০০–১০,০০০ টকা উপাৰ্জন কৰি এই বৃত্তিৰ ওপৰতে নিৰ্ভৰ কৰি চাৰিজনীয়া পৰিয়ালটো পোহপাল দিছিল।
অত্যাৱশ্যকীয় অনাময় সেৱা আগবঢ়োৱাৰ প্ৰতি থকা নিষ্ঠাৰ পাছতো পৰ্যাপ্ত সুৰক্ষা সঁজুলিৰ অভাৱত তেওঁ বিপজ্জনক আৱৰ্জনা, ক্ষতিকাৰক গেছ আৰু অন্যান্য বৃত্তিগত স্বাস্থ্যজনিত বিপদৰ সন্মুখীন হ’বলগীয়া হৈছিল। সঘনাই হোৱা স্বাস্থ্যজনিত জটিলতা আৰু চিকিৎসা ব্যয়ে তেওঁৰ নিয়মীয়া কৰ্মসংস্থাপন আৰু আৰ্থিক স্থিতিশীলতা বজাই ৰখাৰ ক্ষেত্ৰত অধিক প্ৰভাৱ পেলাইছিল।
তেওঁৰ প্ৰত্যাহ্বানসমূহ কেৱল বৃত্তিগত বিপদ আৰু অৰ্থনৈতিক অসুবিধাতেই সীমাবদ্ধ নাছিল। অনাময় কামৰ সৈতে জড়িত সামাজিক কলংকই তেওঁৰ বৃত্তিগত স্বীকৃতি আৰু আত্মসন্মানবোধতো আঘাত হানিছিল। অত্যাৱশ্যকীয় সুৰক্ষা সম্পদৰ সীমিত সুবিধাৰ মাজতো তেওঁ স্বাস্থ্যকৰ কৰ্ম পৰিৱেশ গঢ়ি তোলা, বৃত্তিগত বিপদ হ্ৰাস কৰা আৰু পৰিয়ালৰ বাবে অধিক আৰ্থিক সুৰক্ষা নিশ্চিত কৰাৰ আশা কৰিছিল।
২০২৫ চনত তেওঁৰ জীৱনলৈ এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহে, যেতিয়া তেওঁক 'নেচনেল একচন ফৰ মেকানাইজড ছেনিটেচন ইক’ছিষ্টেম' আঁচনিৰ অধীনত এজন হিতাধিকাৰী হিচাপে চিনাক্ত কৰা হয়। এই পদক্ষেপৰ জৰিয়তে তেওঁ সুৰক্ষামূলক হাতমোজা, গামবুট, সম্পূৰ্ণ দেহ ঢকা পোছাক, ফেচ মাস্ক আৰু সুৰক্ষা হেলমেট সম্বলিত এটা সম্পূৰ্ণ ব্যক্তিগত সুৰক্ষা সঁজুলিৰ কিট লাভ কৰে। ইয়াৰ উপৰি তেওঁক সুৰক্ষিত অনাময় পদ্ধতি, সুৰক্ষা সঁজুলিৰ সঠিক ব্যৱহাৰ আৰু বৃত্তিগত বিপদ প্ৰতিৰোধৰ উপায়সমূহৰ বিষয়ে প্ৰশিক্ষণ দিয়া হয়।
এই সাহায্যই তেওঁৰ দৈনন্দিন কৰ্ম পৰিৱেশত অৰ্থপূৰ্ণ উন্নতি আনে। সুৰক্ষা সঁজুলিৰ সুবিধা আৰু কৰ্মক্ষেত্ৰৰ সুৰক্ষাৰ বিষয়ে বৃদ্ধি পোৱা সজাগতাৰ ফলত তেওঁ বিপজ্জনক পদাৰ্থৰ প্ৰত্যক্ষ সংস্পৰ্শ হ্ৰাস কৰি নিজৰ দায়িত্ব পালন কৰিবলৈ অধিক সক্ষম হৈ উঠে। সুৰক্ষিত কৰ্মপদ্ধতি গ্ৰহণ কৰাৰ ফলত স্বাস্থ্যজনিত জটিলতা হ্ৰাস পায়, কৰ্মক্ষেত্ৰত উপস্থিতি বৃদ্ধি পায় আৰু বৃত্তিগত দায়িত্বৰ ক্ষেত্ৰত অধিক ধাৰাবাহিকতা আহে।
এই পদক্ষেপৰ ইতিবাচক প্ৰভাৱ তেওঁৰ আৰ্থিক অৱস্থাতো প্ৰতিফলিত হয়। তেওঁৰ মাহিলি উপাৰ্জন, যি পূৰ্বে ৯,০০০ৰ পৰা ১০,০০০ টকাৰ ভিতৰত আছিল, সেয়া বৃদ্ধি পাই প্ৰায় ১৩,০০০–১৪,০০০ টকা হয়। উন্নত স্বাস্থ্য আৰু অধিক নিয়মীয়া উপস্থিতিয়ে তেওঁক কামৰ ধাৰাবাহিকতা বজাই ৰাখিবলৈ আৰু পৰিয়ালৰ আৰ্থিক প্ৰয়োজনীয়তাসমূহত অধিক নিয়মিতভাৱে অৰিহণা যোগাবলৈ সক্ষম কৰি তোলে। উপাৰ্জন বৃদ্ধিয়ে পৰিয়ালৰ আৰ্থিক স্থিতিশীলতা শক্তিশালী কৰাত সহায় কৰাৰ লগতে সঘনাই হোৱা চিকিৎসা ব্যয়ৰ বোজাও হ্ৰাস কৰে।
বৃত্তিগত সুৰক্ষা আৰু আয় বৃদ্ধিৰ উপৰি এই পদক্ষেপে তেওঁৰ আত্মবিশ্বাস আৰু বৃত্তিগত মৰ্যাদা শক্তিশালী কৰাত অৰিহণা যোগায়। সুৰক্ষা সঁজুলি আৰু প্ৰাতিষ্ঠানিক সমৰ্থনৰ সুবিধাই অনাময় কৰ্মীসকলক জনস্বাস্থ্য আৰু সমাজ কল্যাণৰ অপৰিহাৰ্য অংশীদাৰ হিচাপে স্বীকৃতি দিয়াৰ গুৰুত্বক অধিক দৃঢ় কৰে। হিতাধিকাৰীগৰাকীয়ে সমাজত নিজৰ কামৰ বাবে অধিক স্বীকৃতিও লাভ কৰে, যিয়ে সুৰক্ষিত আৰু মৰ্যাদাপূৰ্ণ অনাময় পদ্ধতিৰ দিশত ইতিবাচক পৰিৱৰ্তনৰ ইংগিত দিয়ে।
হিতাধিকাৰীগৰাকীৰ বাবে এই পিপিই কিট কেৱল সুৰক্ষা সঁজুলিয়েই নাছিল। ই তেওঁক নিজৰ দায়িত্ব পালন কৰাত অধিক আত্মবিশ্বাস প্ৰদান কৰিছিল, বৃত্তিগত সুৰক্ষাৰ বিষয়ে তেওঁৰ জ্ঞান বৃদ্ধি কৰিছিল আৰু তেওঁৰ স্বাস্থ্য, কল্যাণ তথা সমাজলৈ আগবঢ়োৱা অৱদানক যে মূল্য দিয়া হয়, সেই আশ্বাসক অধিক দৃঢ় কৰিছিল।
নমস্তে আঁচনিয়ে বৃত্তিগত বিপদ হ্ৰাস কৰা, যান্ত্ৰিক অনাময় পদ্ধতিক উৎসাহিত কৰা আৰু উপযুক্ত সুৰক্ষা ব্যৱস্থা তথা প্ৰতিষ্ঠানিক সমৰ্থনৰ সুবিধা শক্তিশালী কৰাৰ লক্ষ্যৰে লোৱা পদক্ষেপৰ জৰিয়তে অনাময় কৰ্মীসকলৰ সুৰক্ষা আৰু মৰ্যাদা বৃদ্ধি কৰিবলৈ বিচাৰে। সুৰক্ষা সঁজুলি আৰু সুৰক্ষা প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰি এই পদক্ষেপে অনাময় কৰ্মীসকলৰ বাবে স্বাস্থ্যকৰ কৰ্ম পৰিৱেশ আৰু উন্নত আৰ্থ-সামাজিক সুযোগ সৃষ্টিত অৰিহণা যোগাই আহিছে।

*****
SS-180-TAR/KV/GA/RK