বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
azadi ka amrit mahotsav

বিশাখাপট্টনমত অনুষ্ঠিত ৩১ সংখ্যক চিআইআই অংশীদাৰিত্ব সন্মিলন ২০২৬ত গোলকীয় নীতি নিৰ্ধাৰক, ব্যৱসায়িক নেতা আৰু বিনিয়োগকাৰীসকলৰ মিলন

গোলকীয় অংশীদাৰিত্ব শক্তিশালী কৰা, বিনিয়োগৰ বাবে আকৰ্ষণ কৰা আৰু ভাৰতক এক গোলকীয় উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তোলাত সন্মিলনৰ গুৰুত্ব আৰোপ

এনআইচিডিচি পেভিলিয়নত অন্ধ্ৰ প্ৰদেশৰ ঔদ্যোগিক সম্ভাৱনা, বিনিয়োগৰ সুযোগ আৰু গ্ৰীণফিল্ড ঔদ্যোগিক স্মাৰ্ট চিটীসমূহৰ প্ৰদৰ্শন

পোষ্ট কৰা হৈছে: 12 NOV 2026 7:59PM by PIB Guwahati

৩১ সংখ্যক চিআইআই অংশীদাৰিত্ব সন্মিলন ২০২৬  ১২–১৩ নৱেম্বৰ, ২০২৬ তাৰিখে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত “নতুন বিশ্ব ব্যৱস্থাৰ দিশনিৰ্ণয়: বাণিজ্য | প্ৰযুক্তি | বিশ্বাস | চিন্তন নেতৃত্ব” শীৰ্ষক বিষয়বস্তুৰে অনুষ্ঠিত হৈছে। ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগ (ডিপিআইআইটি)-ৰ সহযোগত তথা অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ উদ্যোগত ভাৰতীয় উদ্যোগ মহাসংঘ (চিআইআই)-এ আয়োজন কৰা এই সন্মিলনে বাণিজ্য, প্ৰযুক্তি আৰু অৰ্থনৈতিক সহযোগিতাৰ নতুন সুযোগসমূহৰ বিষয়ে আলোচনা কৰিবলৈ নীতি নিৰ্ধাৰক, আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি, গোলকীয় ব্যৱসায়িক নেতা আৰু বিনিয়োগকাৰীসকলক একত্ৰিত কৰিছে।

উদ্বোধনী অধিৱেশনত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী শ্ৰী কিঞ্জাৰাপু ৰাম মোহন নাইডু, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী এন চন্দ্ৰবাবু নাইডু আৰু অন্ধ্ৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী কোনিডালা পৱন কল্যাণে অংশগ্ৰহণ কৰে। অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ মানৱ সম্পদ উন্নয়ন আৰু তথ্য প্ৰযুক্তি, ইলেক্ট্ৰনিকছ আৰু যোগাযোগ মন্ত্ৰী শ্ৰী নাৰা লোকেশেও অধিৱেশনত ভাষণ দিয়ে।

 অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত কেন্দ্ৰীয় যোগাযোগ ৰাজ্য মন্ত্ৰী ড° চন্দ্ৰ শেখৰ পেম্মাছানি, কেন্দ্ৰীয় গুৰু উদ্যোগ ৰাজ্য মন্ত্ৰী শ্ৰী ভূপতি ৰাজু শ্ৰীনিবাস বৰ্মা, অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ উদ্যোগ আৰু খাদ্য সংসাধন মন্ত্ৰী শ্ৰী টি জি ভৰতৰ লগতে ভাৰত চৰকাৰ আৰু অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ জ্যেষ্ঠ প্ৰতিনিধিসকল উপস্থিত আছিল। এই অধিৱেশনত সাগৰ ডিফেঞ্চৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া কেপ্টেইন নিকুঞ্জ পৰাশৰ, আৰু চিআইআই-ৰ সভাপতি

 তথা টাটা কেমিকেলছ লিমিটেডৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া  শ্ৰী আৰ মুকুন্দনকে ধৰি উদ্যোগ জগতৰ আগশাৰীৰ নেতাসকলেও অংশগ্ৰহণ কৰে।

দুদিনীয়া এই সন্মিলনে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য, গোলকীয় মূল্য শৃংখল, স্থিতিস্থাপক যোগান শৃংখল, উন্নত উৎপাদন, প্ৰতিৰক্ষা প্ৰযুক্তি, গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম প্ৰযুক্তি, স্মাৰ্ট উৎপাদন, সেউজ শক্তি, ভৱিষ্যতৰ গতিশীলতা আৰু নতুন প্ৰযুক্তিৰ বিষয়ে আলোচনাৰ বাবে এখন মঞ্চ প্ৰদান কৰে। আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব শক্তিশালী কৰা, বিনিয়োগ আকৰ্ষণ কৰা আৰু ভাৰতক গোলকীয় উৎপাদন তথা উদ্ভাৱনৰ বাবে এক প্ৰতিযোগিতামূলক গন্তব্যস্থান হিচাপে গঢ়ি তোলাত  বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

সন্মিলনৰ সময়ছোৱাত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী এন চন্দ্ৰবাবু নাইডুৱে এনআইচিডিচি পেভিলিয়ন পৰিদৰ্শন কৰে। এনআইচিডিচি-ৰ মুখ্য কাৰ্যবাহী বিষয়া  তথা পৰিচালন সঞ্চালক, আই এ এছ বিষয়া শ্ৰী ৰজত কুমাৰ ছাইনীয়ে বিশিষ্ট ব্যক্তিসকলক অন্ধ্ৰ প্ৰদেশত থকা এনআইচিডিচি-ৰ তিনিটা গ্ৰীণফিল্ড ঔদ্যোগিক স্মাৰ্ট চিটী নোড—কৃষ্ণপট্টনম, অৰৱাকল আৰু কোপ্পাৰ্থীৰ বিকাশ আৰু অগ্ৰগতিৰ বিষয়ে অৱগত কৰে।

এনআইচিডিচি পেভিলিয়নত বিভিন্ন পদক্ষেপ আৰু ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে ভাৰতৰ বিকশিত ঔদ্যোগিক আন্তঃগাঁথনিৰ পৰিৱেশ আৰু বিনিয়োগৰ সুযোগসমূহ প্ৰদৰ্শন কৰা হয়। ইয়াৰ মুখ্য আকৰ্ষণসমূহৰ ভিতৰত গ্ৰীণফিল্ড ঔদ্যোগিক স্মাৰ্ট চিটীৰ বিকাশ, ভৱ্য (ভাৰত ঔদ্যোগিক বিকাশ যোজনা), ঔদ্যোগিক কৰিড’ৰ ভূমি প্লেটফৰ্ম (আইচিএলপি), কয়লা শক্তি—এক স্মাৰ্ট কয়লা বিশ্লেষণ ডেশ্বব’ৰ্ড, আৰু ঔদ্যোগিক কৰিড’ৰ ভূমি প্লেটফৰ্ম অন্তৰ্ভুক্ত আছিল, যিয়ে বিনিয়োগকাৰীসকলক সমগ্ৰ ভাৰততে প্ৰমাণিত ঔদ্যোগিক ভূমিৰ সুযোগসমূহ বিচাৰি উলিয়াবলৈ আৰু তুলনা কৰিবলৈ সক্ষম কৰে। পেভিলিয়নটোত ৩৬০ ডিগ্ৰী ভাৰ্চুৱেল ৰিয়েলিটী (ভিআৰ) ভ্ৰমণৰ ব্যৱস্থাও আছিল, যিয়ে দৰ্শনাৰ্থীসকলক এনআইচিডিচি-ৰ ঔদ্যোগিক কৰিড’ৰ প্ৰকল্পসমূহৰ এক আকৰ্ষণীয় আভাস প্ৰদান কৰিছিল।

মত-বিনিময়ৰ সময়ত শ্ৰী পীয়ুষ  গোৱেলে ‘ভৱ্য’ আঁচনিখনৰ ওপৰত আলোকপাত কৰে, আনহাতে শ্ৰী এন চন্দ্ৰবাবু নাইডুৱে অৰৱাকল ড্ৰোন চিটী আৰু অন্ধ্ৰ প্ৰদেশৰ উদীয়মান এৰ’স্পেচ তথা ড্ৰোন নিৰ্মাণ পৰিৱেশতন্ত্ৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত ইয়াৰ সম্ভাৱনাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে।

পেভিলিয়নটোত অন্ধ্ৰ প্ৰদেশৰ ঔদ্যোগিক সম্ভাৱনাও প্ৰদৰ্শন কৰা হয়, য’ত তিনিওটা নোডৰ মুঠ ৭,৭১৭ একৰ প্ৰকল্প এলেকা, ৩১,৩৬০ কোটি টকাৰ বিনিয়োগৰ সম্ভাৱনা আৰু ২ লাখ কৰ্মসংস্থাপনৰ সম্ভাৱনাৰ কথা তুলি ধৰা হয়। বিভিন্ন ঔদ্যোগিক কৰিড’ৰৰ অধীনত বিকশিত কৰি থকা এই তিনিওটা নোডক বিশ্বমানৰ আন্তঃগাঁথনি আৰু সংযোগ ব্যৱস্থাৰে সমৰ্থিত একত্ৰিত ঔদ্যোগিক পৰিৱেশতন্ত্ৰ হিচাপে পৰিকল্পনা কৰা হৈছে। ইয়াৰ বিকাশৰ লক্ষ্য হৈছে বৃহৎ পৰিমাণৰ বিনিয়োগৰ সুবিধা প্ৰদান কৰা, উৎপাদন ক্ষমতা শক্তিশালী কৰা, কৰ্মসংস্থাপন সৃষ্টি কৰা আৰু অন্ধ্ৰ প্ৰদেশত ঔদ্যোগিক বিকাশ ত্বৰান্বিত কৰা।

এই প্ৰদৰ্শনী আৰু মত-বিনিময়ৰ জৰিয়তে এনআইচিডিচিয়ে উৎপাদন আৰু উদীয়মান খণ্ডসমূহত থকা বিনিয়োগৰ সুযোগসমূহ দাঙি ধৰে, যাৰ দ্বাৰা অন্ধ্ৰ প্ৰদেশক ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীসকলৰ বাবে এক আকৰ্ষণীয় গন্তব্যস্থান হিচাপে উপস্থাপন কৰা হয়। বিনিয়োগকাৰীসকলৰ প্ৰতি বাৰ্তাটো স্পষ্ট আছিল: ভাৰতত বিনিয়োগ কৰক। অন্ধ্ৰ প্ৰদেশক আপোনাৰ নতুন ঠিকনা কৰি লওক।

ভাৰতত নিযুক্ত জাপানৰ ৰাষ্ট্ৰদূত মাননীয় শ্ৰী কেইচি অনোৱে ভাৰত-জাপানৰ বৰ্ধিত অৰ্থনৈতিক অংশীদাৰিত্বৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে অন্ধ্ৰ প্ৰদেশৰ তিনিখন চহৰত থকা ৩১টা জাপানী কোম্পানীয়ে ৮,০০০ৰো অধিক স্থানীয় নিযুক্তি সৃষ্টি কৰিছে। তেওঁ তীখা, ঔষধ, স্বচ্ছ শক্তি আৰু ছেমিকণ্ডাক্টৰ খণ্ডত সহযোগিতাৰ সুযোগসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য তথা খাদ্য সংসাধন মন্ত্ৰী শ্ৰী টি জি ভৰতে ৰাজ্যখনৰ ঔদ্যোগিক আন্তঃগাঁথনি, কৌশলগত বন্দৰ, খণ্ডভিত্তিক সুযোগসমূহ আৰু বিনিয়োগৰ প্ৰতিশ্ৰুতিসমূহক প্ৰকল্প ৰূপায়ণলৈ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত থকা গুৰুত্বৰ কথা উল্লেখ কৰে।

এনআইচিডিচিৰ চিইঅ’ তথা পৰিচালন সঞ্চালক আইএএছ শ্ৰী ৰজত কুমাৰ ছাইনীয়ে আদৰণি ভাষণ প্ৰদান কৰি গভীৰ সহযোগিতাৰ বাবে পাঁচটা মুখ্য ক্ষেত্ৰৰ ৰূপৰেখা দাঙি ধৰে: উৎপাদন আৰু ঔদ্যোগিক কৰিড’ৰ বিকাশ, স্থিতিস্থাপক যোগান শৃংখল, উন্নত প্ৰযুক্তি, বহনক্ষম ঔদ্যোগিক বিকাশ, আৰু এমএছএমই অংশীদাৰিত্ব তথা দক্ষতা বিকাশ। বিনিয়োগৰ সুযোগসমূহক কাৰ্যকৰী অংশীদাৰিত্বলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ আগন্তুক দশকত ভাৰতত ১০ ট্ৰিলিয়ন জাপানী য়েনৰ বিনিয়োগৰ সুবিধা প্ৰদান কৰিবলৈ জাপানে কৰা প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে।

শ্ৰী ছাইনীয়ে বিশিষ্ট ব্যক্তিসকলক তিনিওটা ঔদ্যোগিক নোডৰ বিকাশৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। কৃষ্ণপট্টনমৰ ৫০ শতাংশতকৈ অধিক কাম সম্পূৰ্ণ হৈছে, অৰৱাকলৰ প্ৰায় ৩০ শতাংশ কাম সম্পূৰ্ণ হৈছে, আনহাতে কোপ্পাৰ্থীৰ প্ৰায় ১২ শতাংশ কাম সম্পূৰ্ণ হৈছে। এই তথ্যসমূহে প্ৰকল্পসমূহৰ আন্তঃগাঁথনি বিকাশৰ অগ্ৰগতি আৰু ৰাজ্যখনত বিনিয়োগৰ বাবে সাজু ঔদ্যোগিক গন্তব্যস্থান গঢ়ি তোলাৰ দিশত এনআইচিডিচি-ৰ নিৰন্তৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে।

জেট্ৰ’ চেন্নাইৰ সঞ্চালক প্ৰধান শ্ৰী কিয়োটাকা ডোহোৱে ভাৰত আৰু অন্ধ্ৰ প্ৰদেশৰ প্ৰতি জাপানী কোম্পানীসমূহৰ বৰ্ধিত আগ্ৰহৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে জৰীপ কৰা কোম্পানীসমূহৰ ৮০ শতাংশতকৈও অধিক কোম্পানীয়ে তেওঁলোকৰ কাৰ্যকলাপ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে। ইছুজু মটৰ্ছ ইণ্ডিয়াৰ সভাপতি তথা পৰিচালন সঞ্চালক শ্ৰী ৰাজেশ মিট্টালে জাপানী উৎপাদন পদ্ধতি, গুণগত মান, দক্ষতা বিকাশ আৰু স্থানীয় যোগানকাৰী পৰিৱেশতন্ত্ৰৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

প্ৰ’টেৰিয়েল ইণ্ডিয়া আৰু নিট্টান ইণ্ডিয়াৰ উপস্থাপনসমূহেও ঔদ্যোগিক সহযোগিতাৰ সুযোগসমূহ অধিক স্পষ্টকৈ তুলি ধৰে।

বিভিন্ন ঔদ্যোগিক কৰিড’ৰত গ্ৰীণফিল্ড ঔদ্যোগিক স্মাৰ্ট চিটী বিকাশৰ জৰিয়তে এনআইচিডিচি-য়ে ভাৰতৰ উৎপাদন পৰিৱেশতন্ত্ৰ শক্তিশালী কৰা, লজিষ্টিক দক্ষতা বৃদ্ধি কৰা আৰু বিনিয়োগৰ বাবে সাজু ঔদ্যোগিক গন্তব্যস্থান গঢ়ি তোলাৰ দিশত কাম কৰি আছে। ইয়াৰ পদক্ষেপসমূহৰ লক্ষ্য হৈছে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ আকৰ্ষণ কৰা, কৰ্মসংস্থাপন সৃষ্টি কৰা আৰু গোলকীয় মূল্য শৃংখলৰ সৈতে ভাৰতীয় উদ্যোগসমূহৰ সংহতিৰ সুবিধা প্ৰদান কৰা।

৩১ সংখ্যক চিআইআই অংশীদাৰিত্ব সন্মিলন ২০২৬-ত এনআইচিডিচিৰ অংশগ্ৰহণে ইয়াৰ ঔদ্যোগিক কৰিড’ৰ প্ৰকল্পসমূহৰ অগ্ৰগতি প্ৰদৰ্শন কৰা, গোলকীয় অংশীদাৰসকলৰ সৈতে মত-বিনিময় কৰা আৰু অন্ধ্ৰ প্ৰদেশত থকা বিনিয়োগৰ সুযোগসমূহ তুলি ধৰাৰ এক সুযোগ প্ৰদান কৰে। এই প্ৰচেষ্টাসমূহে ঘৰুৱা উৎপাদন ক্ষমতা শক্তিশালী কৰা আৰু ‘বিকশিত ভাৰত @২০৪৭’ৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ দৃষ্টিভংগীলৈ অৰিহণা যোগাইছে।

ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনস্থ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগ (ডিপিআইআইটি)-ৰ তত্ত্বাৱধানত থকা ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিড’ৰ উন্নয়ন নিগম লিমিটেড (এনআইচিডিচি)-ক সমগ্ৰ দেশতে বিশ্বমানৰ গ্ৰীণফিল্ড ঔদ্যোগিক স্মাৰ্ট চিটী বিকশিত কৰাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। একত্ৰিত ঔদ্যোগিক আন্তঃগাঁথনি আৰু ডিজিটেল পদক্ষেপৰ জৰিয়তে এনআইচিডিচি-য়ে উৎপাদন প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰা, বিনিয়োগ আকৰ্ষণ কৰা আৰু বহনক্ষম অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ লক্ষ্য লৈছে।

 

***

Abhishek Dayal/ Shabbir Azad/ Ishita Biswas/MM


(ৰিলিজ আই ডি : 2335653) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Telugu