পোষ্ট কৰা হৈছে:
12 NOV 2026 2:04PM by PIB Guwahati
প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে প্ৰতিৰক্ষা বাহিনীক দ্ৰুত প্ৰযুক্তিগত উন্নতি আৰু আধুনিক যুদ্ধৰ পৰিৱৰ্তনশীল পৰিস্থিতিৰ পৰা উদ্ভৱ হোৱা গতানুগতিক আৰু ন ন ভাবুকিৰ বিৰুদ্ধে কাৰ্য্যকৰী প্ৰস্তুতি অক্ষুণ্ণ ৰাখিবলৈ ‘অগতানুগতিক তৎপৰতা’ৰ আক্ৰমণাত্মক আৰু প্ৰতিৰক্ষামূলক দুয়োটা দিশ শক্তিশালী কৰিবলৈ আহ্বান জনাইছে। ২০২৬ চনৰ ১২ নৱেম্বৰত নতুন দিল্লীত বায়ুসেনাৰ কমাণ্ডাৰ সন্মিলনত ভাষণ দি তেওঁ দ্ৰুত প্ৰযুক্তি আৰু আধুনিক যুদ্ধৰ পৰিস্থিতৰ পৰা উদ্ভৱ হোৱা ভাবুকিৰ বিৰুদ্ধে চোৰাংচোৱা আৰু নিৰীক্ষণ ক্ষমতাক শক্তিশালী কৰি ৰখা, ব্যৱস্থাসমূহৰ মাজত সংহতি বৃদ্ধি কৰা আৰু সম্ভাৱ্য ভাবুকিসমূহৰ সন্মুখীন হোৱা পূৰ্বেই সেইসমূহ চিনাক্ত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে আমাৰ প্ৰতিৰক্ষা বাহিনীয়ে এনে সামৰ্থ্য আৰু পদ্ধতি গঢ়ি তুলিব লাগিব যাতে বিৰোধীয়ে প্ৰত্যাক্ৰমণ কৰাৰ সময় নাপায়, একে সময়তে নিশ্চিত কৰিব লাগিব যে শত্ৰুৰ অপ্ৰত্যাশিত আক্ৰমণত যাতে আমাৰ কোনো ক্ষতি নহয়। সেয়াও নিশ্চিত কৰিব লাগিব। আমাৰ চোৰাংচোৱা আৰু নিৰীক্ষণ ব্যৱস্থাপনাসমূহ আৰু অধিক শক্তিশালী কৰিব লাগিব আৰু আমাৰ জোৱানসকলে যাতে সজাগ, সতৰ্ক হোৱাৰ লগতে যিকোনো ভাবুকিৰ ফলপ্ৰসূভাৱে প্ৰত্যাহ্বান জনাব পাৰে তাৰ বাবে কাৰ্যকৰী প্ৰস্তুতি বৃদ্ধি কৰিব লাগিব।
শ্ৰী ৰাজনাথ সিঙে দৃঢ়তাৰে কয় যে সমসাময়িক সংঘাতসমূহ পৰম্পৰাগত যুদ্ধ পদ্ধতিৰ ধাৰণা সলনি হৈছে, য’ত ক্ষেপণাস্ত্ৰ, ড্ৰোন আৰু উন্নত অস্ত্ৰ ব্যৱস্থাই উল্লেখযোগ্য ভূমিকা পালন কৰিছে। ৰাছিয়া-ইউক্ৰেইন আৰু ইজৰাইল-হামাছৰ সংঘাতৰ কথা উল্লেখ কৰি তেওঁ কয় যে ড্ৰোন আৰু বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আধুনিক যুদ্ধৰ জটিল উপাদান হিচাপে পৰিগণিত হৈছে। তেওঁ কামিকাজে ড্ৰোন, নিৰীক্ষণ আৰু ড্ৰোন প্ৰতিৰোধী অভিযানৰ দৰে প্ৰত্যাহ্বানসমূহৰ বাবে সাজু হৈ থাকিবলৈ কমাণ্ডাৰসকলক আহ্বান জনায়।
প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰতীয় বায়ুসেনা (আই এ এফ)ক ইলেক্ট্ৰনিক, চাইবাৰ আৰু মহাকাশকে ধৰি যুদ্ধৰ ন ন ক্ষেত্ৰসমূহৰ বাবে আধুনিক ব্যৱস্থাপনা বিকশাই তুলিবলৈ আহ্বান জনায়। তেওঁ এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি কয় যে এই দিশসমূহত প্ৰস্তুতি বৃদ্ধি কৰিলে ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ ক্ষমতা বৃদ্ধি হ’ব। তেওঁ কয় যে ভৱিষ্যতৰ সংঘাতত বিজয় কেৱল বিমানৰ সংখ্যাৰ ওপৰত নহয়, প্ৰযুক্তিগত কৌশল, সঁহাৰিৰ গতি আৰু প্ৰস্তুতিৰ নিখুঁততাৰ ওপৰতো নিৰ্ভৰ কৰিব। তেওঁ এই প্ৰত্যাহ্বানসমূহক অগ্ৰাধিকাৰ দি প্ৰতিষ্ঠানগত চিন্তা-চৰ্চা পৰিকল্পনা আৰু কাৰ্যকৰী প্ৰক্ৰিয়াত গুৰুত্ব দিবলৈ কমাণ্ডাৰসকলক আহ্বান জনায়।
শ্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰে যে প্ৰতিৰক্ষা বাহিনীসমূহ এক পৰিৱৰ্তনশীল পৰ্যায়ত আগবাঢ়িছে, য’ত সাংগঠনিক গাঁথনি, একতা আৰু সংহতি তথা কাৰ্য্যকৰী ধাৰণাকে ধৰি ব্যাপক ক্ষেত্ৰসমূহত সংস্কাৰ সাধন কৰা হৈছে। তেওঁ লগতে কয় যে পৰিৱৰ্তিত নিৰাপত্তা পৰিস্থিতিৰ বাবে নিৰন্তৰ অভিযোজন আৰু সামৰিক প্ৰস্তুতিৰ ক্ষেত্ৰত ভৱিষ্যত দৃষ্টিভংগীৰ প্ৰয়োজন।
প্ৰতিৰক্ষামন্ত্ৰীয়ে অপাৰেচন সিন্দূৰৰ সময়ত আৰু তাৰ পিছত নিজৰ মতবাদ আৰু কাৰ্য্যকৰী পদ্ধতি ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ বাবে আই এ এফৰ প্ৰশংসা কৰাৰ লগতে বায়ু সেনাৰ যুজাৰুসকলে নিজৰ নিৰ্ধাৰিত কাম সফলতাৰে সম্পন্ন কৰাত প্ৰদৰ্শন কৰা পেছাদাৰিত্ব, সংযম আৰু বিচাৰৰ শলাগ লয়। তেওঁ কয় যে অভিযানৰ সময়ত শিকি অহা শিক্ষাসমূহ আই এ এফৰ বিকশিত কাৰ্য্যকৰী পদ্ধতিত স্পষ্টভাৱে প্ৰতিফলিত হৈছে, বিশেষকৈ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে অতি প্ৰয়োজনীয় ড্ৰোন আৰু বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ ক্ষেত্ৰত। এই শিক্ষাসমূহে প্ৰতিৰক্ষা বাহিনীৰ পৰিৱৰ্তনশীল পৰিৱৰ্তনৰ গতি আৰু দিশ গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলিও তেওঁ লগতে প্ৰকাশ কৰে।
অপাৰেচন সিন্দূৰৰ সময়ত তিনিওটা সেৱাৰ সমন্বিত আৰু পৰিপূৰক সেৱাৰ ওপৰত আলোকপাত কৰি শ্ৰী ৰাজনাথ সিঙে প্ৰতিৰক্ষা বাহিনীক সহযোগিতা আৰু সংহতিৰ বাবে অভিনন্দন জনায়। তেওঁ কয় যে একতা আৰু সংহত প্ৰচেষ্টাৰ জৰিয়তে সামৰিক পৰিকল্পনা আৰু কাৰ্য্যকৰী ৰূপায়ণৰ ধাৰা অব্যাহত ৰাখিব লাগিব।
দ্ৰুত প্ৰযুক্তিগত উন্নতিৰ লগত খাপ খুৱাই নিজৰ জোৱানসকলৰ দক্ষতা আৰু সামৰ্থ্য বৃদ্ধি কৰাৰ বাবে আই এ এফৰ প্ৰশংসা কৰি প্ৰতিৰক্ষা মন্ত্ৰীয়ে কমাণ্ডাৰসকলক আধুনিক প্ৰযুক্তিৰ জৰিয়তে বিমান যোদ্ধাসকলক প্ৰশিক্ষণ দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনায়। তেওঁ নতুনকৈ নিযুক্তি পোৱা বায়ুসেনাৰ বিষয়াসকলৰ প্ৰযুক্তিগত জ্ঞান আৰু বিশেষ ক্ষেত্ৰত তেওঁলোকৰ পাৰদৰ্শিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে তেওঁলোকৰ সামৰ্থ্যই শক্তিশালী সিদ্ধান্ত গ্ৰহণ আৰু সাংগঠনিক বিকাশত যথেষ্ট অৰিহণা যোগাব পাৰে।
অগ্নিবীৰসকলৰ বাবে দ্বিতীয় কাৰ্যকাল সন্দৰ্ভত শ্ৰী ৰাজনাথ সিঙে কয় যে প্ৰতিৰক্ষা বাহিনীৰ পৰা লাভ কৰা মতামতৰৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে । বাহিনীসমূহৰ পৰামৰ্শ চৰকাৰে নীতি গ্ৰহনৰ সিদ্ধান্তত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ তেওঁ উল্লেখ কৰে। ‘দ্বিতীয় কাৰ্যকাল’ৰ পদক্ষেপে তিনিটা সেৱাক অধিক শক্তিশালী কৰাত অৰিহণা যোগাব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।
এই সন্মিলনৰ অংশ হিচাপে প্ৰতিৰক্ষা মন্ত্ৰীয়ে ইউনিট ফৰ ডিজিটাইজেচন, অটোমেচন, কৃত্ৰিম বুদ্ধিমত্তা আৰু এপ্লিকেচন নেটৱৰ্কিং (UDAAN)ৰ বাবে আই এ এফৰ এআই চেণ্টাৰ অৱ এক্সেলেন্সে ঘৰতে বিকশিত কৰা কৃত্ৰিম বুদ্ধিমত্তা (Al) এপ্লিকেচনৰ এটা সংহতি(suite) মুকলি কৰে। এই এপ্লিকেচনসমূহ অভিযান, প্ৰশাসন আৰু মহাকাশ সুৰক্ষাৰ ক্ষেত্ৰৰ কামসমূহ স্বয়ংক্ৰিয় আৰু ক্ষিপ্ৰ কৰিবলৈ ব্যৱহাৰ কৰা হ’ব আৰু আই এ এফৰ সুৰক্ষিত নেটৱৰ্কত ব্যৱহাৰ কৰা হ’ব। এই পদক্ষেপ আই এ এফৰ প্ৰযুক্তি-চালিত ৰূপান্তৰ আৰু বৰ্ধিত কাৰ্য্যকৰী ক্ষমতাৰ সন্ধানত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।
উদ্বোধনী অধিৱেশনত প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী শ্ৰী সঞ্জয় শেঠ, এয়াৰ ষ্টাফৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বাল আশুতোষ দীক্ষিত, প্ৰতিৰক্ষা সচিব শ্ৰী ৰাজেশ কুমাৰ সিং, সম্পাদক (প্ৰতিৰক্ষা উৎপাদন) শ্ৰী সঞ্জীৱ কুমাৰ, আৰু সচিব (প্ৰতিৰক্ষা বিত্ত) শ্ৰী বিশ্বজিৎ সহায়ো উপস্থিত থাকে। আই এ এফৰ সকলো কমাণ্ডৰ কমাণ্ডিং-ইন-চিফ এয়াৰ অফিচাৰ, সকলো প্ৰধান ষ্টাফ অফিচাৰ আৰু সকলো সঞ্চালক প্ৰধান দুদিনীয়া এই সন্মিলনত উপস্থিত থাকে।
‘সৱলীকৰণৰ বছৰ: বিকেন্দ্ৰীকৰণৰ জৰিয়তে দক্ষতা সৰ্বাধিক কৰা’ সন্মিলনৰ মূল বিষয়বস্তু। এই সন্মিলনে আই এ এফৰ জ্যেষ্ঠ নেতৃত্বক পৰিচালনা, ৰক্ষণাবেক্ষণ আৰু প্ৰশাসনৰ সৈতে জড়িত জটিল বিষয়সমূহৰ বিষয়ে আলোচনা কৰিবলৈ এক মঞ্চ প্ৰদান কৰে।

*******
SR/JS/Savvy/BC