পোষ্ট কৰা হৈছে:
12 NOV 2026 5:07PM by PIB Guwahati
প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় শেঠে আজি ১২ নৱেম্বৰ, ২০২৬ তাৰিখে নতুন দিল্লীত নৱৰূপত সজোৱা বীৰত্ব বঁটা প’ৰ্টেল (https://gallantryawards.gov.in) মুকলি কৰে। বীৰত্ব বঁটা প্ৰাপকসকলৰ সাহস আৰু সৰ্বোচ্চ ত্যাগক সন্মান জনোৱা তথা ভৱিষ্যত প্ৰজন্মৰ বাবে তেওঁলোকৰ ঐতিহ্য সংৰক্ষণ কৰাৰ উদ্দেশ্যে এই প’ৰ্টেলটো এক সমৰ্পিত ডিজিটেল পদক্ষেপ হিচাপে গঢ়ি তোলা হৈছে।
পুনৰ বিকশিত কৰা এই প’ৰ্টেলটোত সহজ নেভিগেচন, ৰেছপন্সিভ ডিজাইন আৰু উন্নত সুলভতাৰ সৈতে এক উন্নত তথা নাগৰিককেন্দ্ৰিক ইউজাৰ ইন্টাৰফেচ আৰু ব্যৱহাৰকাৰী অভিজ্ঞতাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহৰ ভিতৰত ইভেণ্টছ (Events), স্মাৰক আৰু সংগ্ৰহালয় (Memorials and Museums), ৱাৰপেডিয়া (Warpedia), বঁটাপ্ৰাপক (Awardees), গেলান্ট্ৰিপেডিয়া প্ৰবন্ধ (Gallantrypedia - Articles), মিডিয়া আৰু দেশৰ সামৰিক ইতিহাস অন্বেষণ কৰিবলৈ তথা বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাবলৈ এক আন্তঃক্ৰিয়াশীল শ্ৰদ্ধাঞ্জলি শিতান (Tribute Section) অন্তৰ্ভুক্ত কৰা হৈছে।
বীৰত্ব বঁটা প’ৰ্টেলত ‘বীৰ গাথা’ৰ বাবেও এক সমৰ্পিত ডিজিটেল স্থান ৰখা হৈছে, য’ত প্ৰতিটো সংস্কৰণৰ বাবে থকা সুকীয়া পৃষ্ঠাত ইয়াৰ পৰিচয়, বিষয়বস্তু, সময়ৰেখা, মূল্যায়নৰ মাপকাঠী, পুৰস্কাৰ, সমল, ফলাফল, সম্বৰ্ধনা অনুষ্ঠান, মিডিয়া গেলেৰী আৰু ছাত্ৰ-ছাত্ৰীৰ কাৰ্যকলাপসমূহ একেটা স্থানতে একত্ৰিত কৰা হৈছে। ইয়াৰ জৰিয়তে বীৰ গাথাই ছাত্ৰ-ছাত্ৰীসকলক বীৰত্ব বঁটা প্ৰাপকসকলৰ কাহিনীৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰে। ছাত্ৰ-ছাত্ৰীসকলে এই বীৰসকলৰ সাহস আৰু ত্যাগৰ বিষয়ে জানিব পাৰে আৰু নিজৰ সৃষ্টিশীল প্ৰৱেশপত্ৰৰ জৰিয়তে তেওঁলোকে শিকা কথাবোৰ প্ৰকাশ কৰে।
এই কাৰ্যসূচী প্ৰথম সংস্কৰণৰ প্ৰায় ৮ লাখ ছাত্ৰ-ছাত্ৰী আৰু ৪,৭৮৮খন বিদ্যালয়ৰ পৰা বৃদ্ধি পাই পঞ্চম সংস্কৰণত ১.৯২ কোটিৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু ১.৯ লাখ বিদ্যালয়ত উপনীত হৈছে। ইয়াত ১৮খন দেশৰ ৯১খন চিবিএছই-অনুমোদিত বিদ্যালয়ৰ ২৮,০০৫ গৰাকী ছাত্ৰ-ছাত্ৰীও অন্তৰ্ভুক্ত হৈছে।
এই পদক্ষেপৰ লক্ষ্য হৈছে স্বাধীনতাৰ পাছৰে পৰা প্ৰদান কৰা বীৰত্ব বঁটা, বঁটাপ্ৰাপক, যুদ্ধ আৰু সামৰিক অভিযানসমূহৰ তথ্যৰ এক সামগ্ৰিক আৰু বিশ্বাসযোগ্য ডিজিটেল ভঁৰাল গঢ়ি তোলা, লগতে বিশেষকৈ যুৱপ্ৰজন্মৰ মাজত দেশপ্ৰেমৰ ভাৱনা জাগ্ৰত কৰা আৰু চহকী সামৰিক ঐতিহ্যৰ বিষয়ে সজাগতা বৃদ্ধি কৰা।
এই অনুষ্ঠানত প্ৰতিৰক্ষা সচিব শ্ৰী ৰাজেশ কুমাৰ সিং আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।
********
SR/Savvy/Kamlesh/MM