বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

ডিআৰআই-এ চেন্নাই বন্দৰত ৰঙা চন্দন সৰবৰাহকাৰী ছিণ্ডিকেট উৎখাত কৰে; ৭.৭২ কোটি টকা মূল্যৰ প্ৰায় ১৩,০০০ কিলোগ্ৰাম ৰঙা চন্দন জব্দ; তিনিজনক গ্ৰেপ্তাৰ

পোষ্ট কৰা হৈছে: 12 NOV 2026 6:03PM by PIB Guwahati

চেন্নাইস্থিত এটা ছিণ্ডিকেটে মালয়ছিয়ালৈ ৰঙা চন্দন কাঠৰ কুণ্ডা সৰবৰাহ কৰাৰ চেষ্টা চলোৱা সন্দৰ্ভত লাভ কৰা বিশেষ চোৰাংচোৱা তথ্যৰ ভিত্তিত ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডিআৰআই)-ৰ বিষয়াসকলে ২০২৬ চনৰ ৯–১১ নৱেম্বৰত চেন্নাই বন্দৰত জাহাজত বোজাই কৰাৰ পূৰ্বে এটা ৰপ্তানি কণ্টেইনাৰ জব্দ কৰে।

“পেপাৰ লেমিনেট ৰোল” থকা বুলি ঘোষণা কৰা কণ্টেইনাৰটো ৯–১০ নৱেম্বৰ, ২০২৬ তাৰিখে বিতংভাৱে পৰীক্ষা কৰা হয়। পৰীক্ষাৰ সময়ত ঘোষিত সামগ্ৰীৰ সামান্য পৰিমাণ আৰু শিলগুটিৰ সৈতে লুকুৱাই ৰখা প্ৰায়  ৭.৭২ কোটি টকা মূল্যৰ ১২.৮৭ মেট্ৰিক টন উন্নত মানৰ ৰঙা চন্দন কাঠৰ কুণ্ডা উদ্ধাৰ হয়। শুল্ক আইন, ১৯৬২-ৰ বিধান অনুসৰি ৰঙা চন্দন আৰু আৱৰণ হিচাপে ব্যৱহৃত সামগ্ৰীসমূহ জব্দ কৰা হয়।

প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে ছিণ্ডিকেটটোৱে এজন নিৰ্মাতা-ৰপ্তানিকাৰীৰৰ নামত  থকা নিজে ছীল কৰাৰ সুবিধাৰ অপব্যৱহাৰ কৰিছিল। ছিণ্ডিকেটটোৱে ৰপ্তানিকাৰীৰ জৰিয়তে এটা ৰপ্তানি সামগ্ৰীৰ চালান সাজু কৰি, কণ্টেইনাৰটো এটা ব্যক্তিগত গুদামলৈ লৈ গৈছিল আৰু ৰপ্তানিৰ বাবে পঠিওৱাৰ পূৰ্বে ঘোষিত পেপাৰ লেমিনেট ৰোলৰ সলনি তাত ৰঙা চন্দন কাঠৰ কুণ্ডা ভৰাই দিছিল।

পৰৱৰ্তী সময়ত গুদামটোত চলোৱা তালাচীত মূল ঘোষিত সামগ্ৰীখিনি, এটা ঔদ্যোগিক ওজন জোখা যন্ত্ৰ আৰু ৰঙা চন্দনৰ অৱশিষ্ট উদ্ধাৰ হয়, যিয়ে অপৰাধৰ কৌশল সন্দৰ্ভত অধিক প্ৰমাণ আগবঢ়ায়।

এই সৰবৰাহ কাৰ্যত জড়িত ছিণ্ডিকেটটোৰ তিনিজন মুখ্য সদস্যক শুল্ক আইন, ১৯৬২-ৰ বিধান অনুসৰি গ্ৰেপ্তাৰ কৰা হৈছে।

ৰঙা চন্দন (টেৰ’কাৰ্পাছ ছাণ্টালিনাছ) হৈছে কনভেনচন অন ইণ্টাৰনেশ্যনেল ট্ৰেড ইন এণ্ডেঞ্জাৰড্ স্পিচিছ অৱ ৱাইল্ড ফৌনা এণ্ড ফ্লোৰা(চিআইটিইএছ)-ৰ পৰিশিষ্ট ২ আৰু বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২-ৰ অনুসূচী ৪-ৰ অধীনত তালিকাভুক্ত এক সংৰক্ষিত প্ৰজাতি। বৈদেশিক বাণিজ্য নীতিৰ অধীনত ভাৰতৰ পৰা ইয়াৰ ৰপ্তানি নিষিদ্ধ কৰা হৈছে।

এই অভিযানে সংগঠিত বন্যপ্ৰাণী সৰবৰাহৰ বাবে বৈধ ৰপ্তানি পথ আৰু বাণিজ্যিক সুবিধাৰ অপব্যৱহাৰৰ দিশটো উদঙাই দিছে। চোৰাংচোৱা-ভিত্তিক আইন প্ৰণয়নৰ জৰিয়তে এনে সৰবৰাহকাৰী নেটৱৰ্কসমূহ ধ্বংস কৰা আৰু ভাৰতৰ চহকী জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰাৰ ক্ষেত্ৰত ডিআৰআই সদায় প্ৰতিশ্ৰুতিবদ্ধ।

****

KT/KMN/MM


(ৰিলিজ আই ডি : 2335633) অতিথি কক্ষ : 8
ত এই ৰিলিজটো পঢ়ক: English , Gujarati , Urdu , हिन्दी , Tamil , Telugu