সাংস্কৃতিক মন্ত্ৰালয়
azadi ka amrit mahotsav

অৰুণাচল প্ৰদেশত শাক্যমুনি বুদ্ধৰ পৱিত্ৰ অৱশেষ(ধাতু)লৈ এইপৰ্যন্ত প্ৰায় ৫০,০০০ ভক্তৰ শ্ৰদ্ধা নিবেদন

বমডিলাৰ টি জি এল মঠত ১৩ নৱেম্বৰলৈকে আৰু নামচাইৰ গ’ল্ডেন পেগোডাত ১৪ৰ পৰা ২০ নৱেম্বৰ, ২০২৬লৈকে চলিব এই প্ৰদৰ্শনী

পোষ্ট কৰা হৈছে: 12 NOV 2026 11:42AM by PIB Guwahati

অৰুণাচল প্ৰদেশত শাক্যমুনি বুদ্ধৰ পৱিত্ৰ অৱশেষ (ধাতু)ৰ প্ৰদৰ্শনীয়ে গভীৰ ভক্তি আৰু ধৰ্মীয় শ্ৰদ্ধাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। পৱিত্ৰ অৱশেষসমূহৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ এইপৰ্যন্ত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৫০,০০০ ভক্তই এই প্ৰদৰ্শনী দৰ্শন কৰিছে। প্ৰদৰ্শনীখনে দ্বিতীয় সপ্তাহত প্ৰৱেশ কৰাৰ লগে লগে ই অৰুণাচল প্ৰদেশৰ বিভিন্ন অঞ্চলৰ ভক্তসকলক প্ৰাৰ্থনা জনোৱা, আশীৰ্বাদ গ্ৰহণ কৰা আৰু পৱিত্ৰ অৱশেষৰ আধ্যাত্মিক তাৎপৰ্য উপলব্ধি কৰাৰ সুযোগ প্ৰদান কৰিছে।

২০২৬ চনৰ ৩১ অক্টোবৰত গাদেন নামগ্যাল লাটছে মঠ (টাৱাং মঠ)ত এই প্ৰদৰ্শনীৰ শুভাৰম্ভ হৈছিল আৰু ৭ নৱেম্বৰত ইয়াৰ সামৰণি পৰে। এই সময়ছোৱাত টাৱাং আৰু কাষৰীয়া অঞ্চলৰ ৩১,০০০ৰো অধিক ভক্তই মঠৰ দৰ্শন কৰি প্ৰাৰ্থনা জনোৱাৰ লগতে পৱিত্ৰ অৱশেষৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

টাৱাঙত প্ৰদৰ্শনীৰ সামৰণি পৰাৰ পাছত ২০২৬ চনৰ ৮ নৱেম্বৰত পৱিত্ৰ অৱশেষসমূহ বমডিলাৰ থুবচগ গাটছেল লিং (ৰ্টি জি এল) মঠত উপস্থিত হয়, যাক ল'ৱাৰ গোম্পা নামেৰেও জনা যায়। স্থানীয় ৰাইজ আৰু কাষৰীয়া অঞ্চলৰ ভক্তসকলৰ পৰা এই প্ৰদৰ্শনীয়ে উৎসাহজনক সঁহাৰি লাভ কৰিছে। গভীৰ বিশ্বাস আৰু ভক্তিৰে পৱিত্ৰ অৱশেষৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ বহু সংখ্যক লোকে মঠলৈ আহিছে। স্থানীয় ৰাইজৰ এই অংশগ্ৰহণে অঞ্চলটোৰ সুদৃঢ় বৌদ্ধ পৰম্পৰা আৰু আধ্যাত্মিক ঐতিহ্যক প্ৰতিফলিত কৰিছে।

বমডিলাৰ টি জি এল মঠত পৱিত্ৰ অৱশেষৰ ৰাজহুৱা প্ৰদৰ্শনী ১৩ নৱেম্বৰ, ২০২৬লৈকে অব্যাহত থাকিব, যাৰ জৰিয়তে ভক্তসকলে পৱিত্ৰ অৱশেষ দৰ্শনৰ অধিক সুযোগ লাভ কৰিব। বমডিলাত প্ৰদৰ্শনীৰ সামৰণিৰ পাছত পৱিত্ৰ অৱশেষসমূহ নামচাইৰ গ’ল্ডেন পেগোডালৈ নিয়া হ'ব, য'ত ১৪ৰ পৰা ২০ নৱেম্বৰ, ২০২৬লৈকে ৰাইজে পৱিত্ৰ অৱশেষৰ দৰ্শন আৰু শ্ৰদ্ধা নিবেদন কৰিব পাৰিব।

ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়, অৰুণাচল প্ৰদেশ চৰকাৰ আৰু নতুন দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ মহাসংঘৰ  সহযোগত এই প্ৰদৰ্শনীৰ আয়োজন কৰিছে। এই পদক্ষেপে ভাৰতৰ সমৃদ্ধ বৌদ্ধ ঐতিহ্য সংৰক্ষণ আৰু প্ৰসাৰৰ লগতে বৌদ্ধ সম্প্ৰদায়সমূহৰ সৈতে দেশৰ সাংস্কৃতিক আৰু আধ্যাত্মিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ নিৰন্তৰ প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে ।

 

M Annadurai/KrDD


(ৰিলিজ আই ডি : 2335371) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil