পোষ্ট কৰা হৈছে:
11 NOV 2026 5:05PM by PIB Guwahati
আঞ্চলিক স্বাস্থ্য সহযোগিতা শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত প্ৰথমখন বিমষ্টেক স্বাস্থ্য মন্ত্ৰীসকলৰ বৈঠকত সৰ্বসন্মতিক্ৰমে এখন যুটীয়া মন্ত্ৰী পৰ্যায়ৰ ঘোষণা-পত্ৰ গ্ৰহণ কৰা হয়। ইয়াৰ জৰিয়তে সদস্য ৰাষ্ট্ৰসমূহে সুলভ, ব্যয়সাধ্য আৰু গুণগত স্বাস্থ্যসেৱাৰ প্ৰসাৰ, আঞ্চলিক স্বাস্থ্য নিৰাপত্তা শক্তিশালী কৰা আৰু বংগোপসাগৰীয় অঞ্চলত স্থিতিস্থাপক ৰাজহুৱা স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত সামূহিক প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে।
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা ৰাসায়নিক আৰু সাৰ মন্ত্ৰী শ্ৰী জগত প্ৰকাশ নাড্ডাই এই ঐতিহাসিক বৈঠকত ভাৰতক প্ৰতিনিধিত্ব কৰে। জ্ঞানৰ আদান-প্ৰদান, ডিজিটেল উদ্ভাৱন, সামৰ্থ্য বিকাশ আৰু ৰাজহুৱা স্বাস্থ্যৰ উমৈহতীয়া প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হোৱাৰ বাবে সহযোগিতামূলক পদক্ষেপৰ জৰিয়তে আঞ্চলিক স্বাস্থ্য সহযোগিতা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত ভূমিকাৰ কথা তেওঁ উল্লেখ কৰে।
বৈঠকত ৰাজহুৱা স্বাস্থ্যৰ ক্ষেত্ৰত সংশোধিত বিমষ্টেক কাৰ্যপৰিকল্পনা (২০২৬–২০৩০) ও গ্ৰহণ কৰা হয়। এই পৰিকল্পনাই ৰোগ নিৰীক্ষণ, মহামাৰীৰ প্ৰস্তুতি, ডিজিটেল স্বাস্থ্য, পৰম্পৰাগত চিকিৎসা, এক স্বাস্থ্য (One Health) আৰু স্বাস্থ্যসেৱাৰ কৰ্মশক্তিৰ বিকাশৰ ক্ষেত্ৰত সহযোগিতাৰ এক সুসংগঠিত পথ-নিৰ্দেশনা প্ৰদান কৰিব।
বৈঠকত ভাৰতৰ অংশগ্ৰহণৰ আন এক উল্লেখযোগ্য দিশ আছিল শ্ৰীলংকাৰ সৈতে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক পদক্ষেপসমূহ। ইয়াৰ ভিতৰত অতিৰিক্ত ১০০খন সম্পূৰ্ণ সুসজ্জিত এম্বুলেন্স যোগানৰ বাবে বুজাবুজিৰ চুক্তি আৰু প্ৰাথমিক স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ বাবে ৫০টা চিকিৎসা কিয়স্ক/হেল্থ এটিএম স্থাপনৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ ঘোষণা অন্যতম। শ্ৰী নাড্ডাই নেপালৰ স্বাস্থ্য মন্ত্ৰীৰ সৈতেও দ্বিপাক্ষিক আলোচনা কৰে আৰু কলম্বোত ভাৰতীয় প্ৰবাসীসকলৰ সৈতে মত বিনিময় কৰি অঞ্চলটোত দীৰ্ঘদিনীয়া অংশীদাৰিত্ব শক্তিশালী কৰাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে।
বিমষ্টেকৰ স্বাস্থ্য মন্ত্ৰীসকলৰ সৰ্বসন্মতিক্ৰমে যুটীয়া মন্ত্ৰী পৰ্যায়ৰ ঘোষণা-পত্ৰ গ্ৰহণ
উদ্বোধনী বৈঠকত ভাষণ দি শ্ৰী নাড্ডাই এই অনুষ্ঠানক আঞ্চলিক সহযোগিতাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে অভিহিত কৰে। ২০২৫ চনৰ এপ্ৰিল মাহত বেংককত অনুষ্ঠিত ষষ্ঠ বিমষ্টেক শীৰ্ষ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহৰ স্বাস্থ্য মন্ত্ৰীসকলৰ মাজত সহযোগিতাৰ বাবে এক নিৰ্দিষ্ট ব্যৱস্থা গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। সেই সিদ্ধান্তৰ পিছত এই বৈঠক অনুষ্ঠিত হৈছে।
তেওঁ গুৰুত্ব আৰোপ কৰে যে বিমষ্টেকৰ সদস্য ৰাষ্ট্ৰসমূহৰ স্বাস্থ্যসেৱা ব্যৱস্থা শক্তিশালী কৰা, গুণগত স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰা আৰু নতুন নতুন স্বাস্থ্যজনিত প্ৰত্যাহ্বানসমূহৰে মোকাবিলাৰ বাবে প্ৰস্তুতি বৃদ্ধি কৰাৰ ক্ষেত্ৰত সামূহিক দায়িত্বৰ লগতে এক গুৰুত্বপূৰ্ণ সুযোগো আছে।
সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা যুটীয়া মন্ত্ৰী পৰ্যায়ৰ ঘোষণা-পত্ৰত সাৰ্বজনীন স্বাস্থ্য সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ লক্ষ্য ৩ৰ প্ৰতি সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰ লগতে সমন্বিত আঞ্চলিক পদক্ষেপৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰ ক্ষেত্ৰ চিনাক্ত কৰা হৈছে।
এই ঘোষণা-পত্ৰই ৰোগ নিৰীক্ষণ, জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলাৰ প্ৰস্তুতি, আগতীয়া সতৰ্কবাণী ব্যৱস্থা, জীৱাণু প্ৰতিৰোধী ক্ষমতা ব্যৱস্থাপনা, ডিজিটেল স্বাস্থ্যসেৱা, পৰম্পৰাগত চিকিৎসা, জলবায়ুজনিত স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ মোকাবিলা আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে এক ভৱিষ্যৎমুখী পৰিকাঠামো প্ৰদান কৰিছে।
টেলিমেডিচিন, পৰস্পৰৰ সৈতে সংযোগ স্থাপন কৰিব পৰা ইলেক্ট্ৰনিক স্বাস্থ্য ৰেকৰ্ড আৰু ৰোগ নিৰ্ণয় তথা ৰোগৰ আৰ্হি প্ৰস্তুতৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ প্ৰসাৰৰ বাবে বিমষ্টেকৰ এটা ডিজিটেল স্বাস্থ্য পৰিকাঠামো প্ৰস্তুত কৰাৰ সম্ভাৱনাও ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে।
বৈঠকত শ্ৰীলংকাত প্ৰস্তাৱিত বিমষ্টেক আঞ্চলিক ৰাজহুৱা স্বাস্থ্য উৎকৃষ্টতা কেন্দ্ৰ, থাইলেণ্ডত ক্ৰান্তীয় চিকিৎসা বিজ্ঞানৰ বিমষ্টেক উৎকৃষ্টতা কেন্দ্ৰ স্থাপন আৰু পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ বাবে ভাৰতৰ উৎকৃষ্টতা কেন্দ্ৰ স্থাপনৰ পদক্ষেপকে ধৰি আঞ্চলিক পদক্ষেপসমূহক আদৰণি জনোৱা হয়।
যুটীয়া মন্ত্ৰী পৰ্যায়ৰ ঘোষণা-পত্ৰত বাংলাদেশৰ আঞ্চলিক প্ৰাণীজনিত (Zoonotic) ৰোগ পৰ্যবেক্ষণ কেন্দ্ৰ আৰু আগতীয়া সতৰ্কবাণী ব্যৱস্থা স্থাপনৰ প্ৰস্তাৱকো আদৰণি জনোৱা হয়। লগতে সীমান্ত অতিক্ৰম কৰি বিয়পি পৰা স্বাস্থ্যজনিত ভাবুকিৰ সন্মুখীন হোৱাৰ বাবে সমন্বিত প্ৰস্তুতি শক্তিশালী কৰাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰা হয়।
বিমষ্টেকৰ দেশসমূহৰ সৈতে স্বাস্থ্যসেৱাৰ নৈপুণ্য বিনিময়ৰ প্ৰস্তাৱ ভাৰতৰ
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সাৰ্বজনীন স্বাস্থ্য সুৰক্ষাৰ দিশত ভাৰতে লাভ কৰা অগ্ৰগতিৰ কথা উল্লেখ কৰি শ্ৰী নাড্ডাই স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত দেশখনৰ সামগ্ৰিক দৃষ্টিভংগীৰ বিষয়ে অৱগত কৰে। এই দৃষ্টিভংগীত প্ৰাথমিক স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণ, আৰ্থিক সুৰক্ষা, আধুনিক ৰাজহুৱা স্বাস্থ্য আন্তঃগাঁথনি আৰু ডিজিটেল উদ্ভাৱনক একত্ৰিত কৰা হৈছে।
তেওঁ বৈঠকত অৱগত কৰে যে ভাৰতে সমগ্ৰ দেশতে ১.৮৫ লাখতকৈও অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন কৰিছে। ইয়াৰ জৰিয়তে প্ৰাথমিক স্বাস্থ্যসেৱাৰ সুবিধাসমূহ জনসাধাৰণৰ অধিক ওচৰলৈ লৈ যোৱাৰ লগতে প্ৰতিৰোধমূলক, উন্নয়নমূলক আৰু অত্যাৱশ্যকীয় স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰা হৈছে।
মন্ত্ৰীগৰাকীয়ে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (AB PM-JAY)ৰ বিষয়েও উল্লেখ কৰে। ই বিশ্বৰ অন্যতম বৃহৎ ৰাজহুৱা পুঁজিৰে পৰিচালিত স্বাস্থ্য সুৰক্ষা আঁচনি। এই আঁচনিৰ অধীনত প্ৰতিটো যোগ্য পৰিয়ালে বছৰি ৫ লাখ টকালৈকে নগদবিহীনভাৱে চিকিৎসালয়ত ভৰ্তি হৈ চিকিৎসাৰ সুবিধা লাভ কৰে আৰু ৬০ কোটিৰো অধিক লোক এই আঁচনিৰ আওতাত আছে।
প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান (PM-ABHIM)ৰ কথা উল্লেখ কৰি তেওঁ ৰাজহুৱা স্বাস্থ্য আন্তঃগাঁথনি, ৰোগ নিৰীক্ষণ, ৰোগ নিৰ্ণয়ৰ সক্ষমতা আৰু ভৱিষ্যতৰ স্বাস্থ্যজনিত জৰুৰীকালীন পৰিস্থিতিৰে মোকাবিলাৰ প্ৰস্তুতি শক্তিশালী কৰাৰ ক্ষেত্ৰত ভাৰতৰ বিনিয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
শ্ৰী নাড্ডাই স্বাস্থ্যসেৱাৰ সুবিধা সম্প্ৰসাৰণৰ ক্ষেত্ৰত প্ৰযুক্তিৰ পৰিৱৰ্তনশীল ভূমিকাৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে ভাৰতৰ ৰাষ্ট্ৰীয় টেলিমেডিচিন সেৱা ‘ই-সঞ্জীৱনী’ৰ জৰিয়তে ৫০ কোটিৰো অধিক টেলি-পৰামৰ্শ প্ৰদান কৰা হৈছে।
স্বাস্থ্যসেৱাৰ সুবিধা, দক্ষতা আৰু চিকিৎসাৰ ধাৰাবাহিকতা উন্নত কৰাৰ বাবে এক আন্তঃসংযোগী ডিজিটেল স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত আয়ুষ্মান ভাৰত ডিজিটেল অভিযানৰ (ABDM) অধীনত ভাৰতৰ অভিজ্ঞতাৰ বিষয়েও তেওঁ আলোকপাত কৰে।
আঞ্চলিক সহযোগিতাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰি শ্ৰী নাড্ডাই বিমষ্টেকৰ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে বিশেষকৈ প্ৰাথমিক স্বাস্থ্যসেৱা, ডিজিটেল স্বাস্থ্য ব্যৱস্থা আৰু ৰাজহুৱা স্বাস্থ্য আন্তঃগাঁথনিৰ ক্ষেত্ৰত দেশৰ অভিজ্ঞতা, কাৰিকৰী দক্ষতা আৰু উত্তম পদ্ধতিসমূহ বিনিময়ৰ প্ৰস্তাৱ আগবঢ়ায়।
জামনগৰত পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ বাবে বিমষ্টেকৰ উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰিব ভাৰতে
পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত আঞ্চলিক সহযোগিতা অধিক দৃঢ় কৰাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে শ্ৰী নাড্ডাই গুজৰাটৰ জামনগৰত অৱস্থিত আয়ুৰ্বেদৰ শিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান (ITRA)ত পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ বাবে বিমষ্টেকৰ উৎকৃষ্টতা কেন্দ্ৰ স্থাপনৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতৰ কথা ঘোষণা কৰে।
এই কেন্দ্ৰটোক সহযোগিতামূলক গৱেষণা, শৈক্ষিক আদান-প্ৰদান, প্ৰতিষ্ঠানিক অংশীদাৰিত্ব, সামৰ্থ্য বিকাশ আৰু পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় জ্ঞান তথা উত্তম পদ্ধতিসমূহৰ বিনিময়ৰ বাবে এক আঞ্চলিক মঞ্চ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে।
ইয়াৰ লগতে প্ৰমাণভিত্তিক পদ্ধতি, গুণগত আৰু সুৰক্ষাৰ মান তথা পৰম্পৰাগত জ্ঞানৰ দায়িত্বশীল সংৰক্ষণৰ ক্ষেত্ৰতো প্ৰসাৰ ঘটোৱা হ’ব।
যুটীয়া মন্ত্ৰী পৰ্যায়ৰ ঘোষণা-পত্ৰত পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত আঞ্চলিক সহযোগিতা শক্তিশালী কৰাৰ সম্ভাৱনাক স্বীকৃতি দি ভাৰতৰ এই পদক্ষেপক আদৰণি জনোৱা হয়।
পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ ওপৰত বিমষ্টেকৰ পৰৱৰ্তী কাৰ্যকৰী গোটৰ বৈঠক আয়োজন কৰাৰ বাবে ভাৰতৰ প্ৰস্তাৱকো আদৰণি জনোৱা হয়।
সামূহিক প্ৰস্তুতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি শ্ৰী নাড্ডাই ‘এক স্বাস্থ্য’ (One Health) দৃষ্টিভংগীৰ অধীনত অধিক আঞ্চলিক সহযোগিতাৰ আহ্বান জনায়। তেওঁ উল্লেখ কৰে যে এই দৃষ্টিভংগী প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ “এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যৎ” ৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ। এই দৃষ্টিভংগীৰ মূলতে আছে ভাৰতৰ প্ৰাচীন দৰ্শন বসুধৈৱ কুটুম্বকম, যিয়ে বিশ্বজনীন স্বাস্থ্য, বহনক্ষমতা আৰু সহযোগিতামূলক শাসন ব্যৱস্থাৰ প্ৰতি ভাৰতৰ দীৰ্ঘদিনীয়া সমন্বিত দৃষ্টিভংগীক প্ৰতিফলিত কৰে।
মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে যে ‘এক স্বাস্থ্য’ হৈছে এক সামূহিক দায়িত্ব। ৰোগৰ প্ৰাদুৰ্ভাৱ প্ৰতিৰোধ আৰু জনস্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে আগতীয়া চিনাক্তকৰণ, সময়মতে তথ্যৰ আদান-প্ৰদান আৰু সমন্বিত পদক্ষেপ অত্যন্ত জৰুৰী।
ভাৰত আৰু শ্ৰীলংকাৰ মাজত স্বাস্থ্যসেৱাৰ অংশীদাৰিত্ব অধিক শক্তিশালী; অতিৰিক্ত ১০০খন এম্বুলেন্সৰ বাবে বুজাবুজিৰ চুক্তি
বিমষ্টেকৰ বৈঠকৰ সমান্তৰালভাৱে শ্ৰী নাড্ডাই শ্ৰীলংকাৰ স্বাস্থ্য আৰু গণমাধ্যম মন্ত্ৰী ড০ নলিন্দা জয়তিছাৰ সৈতে এক উচ্চপৰ্যায়ৰ দ্বিপাক্ষিক বৈঠকত মিলিত হয়। দুয়োখন দেশৰ মাজত চলি থকা স্বাস্থ্য সম্পৰ্কীয় পদক্ষেপসমূহৰ পৰ্যালোচনা কৰাৰ লগতে সহযোগিতা অধিক শক্তিশালী কৰাৰ সম্ভাৱনাসমূহৰ বিষয়ে আলোচনা কৰা হয়।
এই বৈঠকৰ এক গুৰুত্বপূৰ্ণ ফলাফল হিচাপে শ্ৰীলংকাৰ ১৯৯০ চনৰ সুৱা চেৰিয়া জৰুৰীকালীন এম্বুলেন্স সেৱাৰ বাবে অতিৰিক্ত ১০০খন সম্পূৰ্ণ সজ্জিত এম্বুলেন্স যোগানৰ বাবে বুজাবুজিৰ চুক্তি কৰা হয়। দুয়োগৰাকী মন্ত্ৰীৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰ কৰা হয়।
ভাৰতৰ ১,৭২৫.৭৩ নিযুত শ্ৰীলংকান টকা (প্ৰায় ৫.২৮ নিযুত আমেৰিকান ডলাৰ) ৰ অনুদান সাহায্যৰ জৰিয়তে এই ক্ষেত্ৰত সহযোগিতা আগঢ়োৱা হ’ব। ইয়াৰ ফলত শ্ৰীলংকাৰ জৰুৰীকালীন চিকিৎসা সেৱা অধিক শক্তিশালী হ’ব, কাৰ্যকৰী দক্ষতা উন্নত হ’ব আৰু দেশখনৰ বিভিন্ন অঞ্চলত সময়মতে জৰুৰীকালীন স্বাস্থ্যসেৱা লাভ কৰাটো সহজ হ’ব বুলি আশা কৰা হৈছে।
সুৱা চেৰিয়া সেৱা প্ৰতিষ্ঠা আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত ভাৰতে দীৰ্ঘদিন ধৰি উন্নয়নৰ অংশীদাৰ হিচাপে সহযোগিতা আগবঢ়াই আহিছে। ইয়াৰ পূৰ্বে ভাৰতে ২০১৬ চনত ৭.৫ নিযুত আমেৰিকান ডলাৰ আৰু ২০১৮ চনত ১৫.০২ নিযুত আমেৰিকান ডলাৰৰ অনুদান আগবঢ়াইছিল।
এই পদক্ষেপসমূহৰ জৰিয়তে ২৯৭খন এম্বুলেন্সৰ ব্যৱস্থা কৰা হৈছিল। এই এম্বুলেন্সসমূহে ক’ভিড-১৯ মহামাৰী আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ছোৱাকে ধৰি জৰুৰীকালীন চিকিৎসা সাহায্য প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
অতিৰিক্ত ১০০খন এম্বুলেন্সে এই সফল অংশীদাৰিত্বক আৰু অধিক আগুৱাই নিয়াৰ লগতে শ্ৰীলংকাৰ জৰুৰীকালীন স্বাস্থ্যসেৱাক শক্তিশালী কৰিব।
শ্ৰীলংকাত ৫০টা চিকিৎসা কিয়স্ক/হেল্থ এটিএমৰ বাবে ভাৰতৰ সহযোগিতাৰ কথা ঘোষণা
দ্বিপাক্ষিক স্বাস্থ্যসেৱাৰ সহযোগিতা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে শ্ৰী নাড্ডাই শ্ৰীলংকাত প্ৰাথমিক স্বাস্থ্যসেৱা প্ৰদানৰ ব্যৱস্থা উন্নত কৰিবলৈ ৫০টা চিকিৎসা কিয়স্ক/হেল্থ এটিএম ক্ৰয়ৰ ক্ষেত্ৰত ভাৰতৰ সহযোগিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰে।
এই পদক্ষেপৰ বাবে ভাৰতৰ ২২৫ নিযুত শ্ৰীলংকান টকা পৰ্যন্ত অনুদান সাহায্য আগবঢ়োৱা হ’ব। ২০২৫ চনৰ নৱেম্বৰ-ডিচেম্বৰ মাহত শ্ৰীলংকাত প্ৰভাৱ পেলোৱা ঘূৰ্ণীবতাহ ‘ডিটৱাহ’ৰ পিছত ভাৰত চৰকাৰে ঘোষণা কৰা ৪৫০ নিযুত আমেৰিকান ডলাৰৰ সামগ্ৰিক পুনৰ সংস্থাপন সাহায্য পেকেজৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
এই চিকিৎসা কিয়স্কসমূহ শ্ৰীলংকাৰ ‘আৰোগ্য’ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহত স্থাপন কৰা হ’ব। ইয়াৰ জৰিয়তে টেলিমেডিচিন সুবিধাৰ সৈতে সংযুক্ত কৰি পোনপটীয়া ৰোগ নিৰ্ণয় সেৱা প্ৰদান কৰা হ’ব।
এই পদক্ষেপৰ ফলত অত্যাৱশ্যকীয় ৰোগ নিৰ্ণয় সেৱাৰ সুবিধা উন্নত হ’ব, সময়মতে চিকিৎসকৰ পৰামৰ্শ লাভ কৰাটো সম্ভৱ হ’ব আৰু প্ৰযুক্তিনিৰ্ভৰ প্ৰাথমিক স্বাস্থ্যসেৱা ব্যৱস্থা শক্তিশালী হ’ব বুলি আশা কৰা হৈছে। বিশেষকৈ সহজলভ্য আৰু দক্ষ স্বাস্থ্যসেৱাৰ প্ৰয়োজন হোৱা জনসাধাৰণৰ বাবে ই উপকাৰী হ’ব।
এই পদক্ষেপসমূহে শ্ৰীলংকাৰ স্বাস্থ্য ব্যৱস্থাক সহায় কৰাৰ লগতে জনসাধাৰণৰ বাবে বাস্তৱিক সুফল কঢ়িয়াই অনাৰ লক্ষ্যৰে উন্নয়নমূলক অংশীদাৰিত্ব আগবঢ়াই নিয়াৰ প্ৰতি ভাৰতৰ নিৰন্তৰ প্ৰতিশ্ৰুতিকে প্ৰতিফলিত কৰিছে।
নেপালৰ স্বাস্থ্য মন্ত্ৰীৰ সৈতে শ্ৰী নাড্ডাৰ বৈঠক; দ্বিপাক্ষিক আৰু আঞ্চলিক স্বাস্থ্য সহযোগিতা শক্তিশালী কৰাৰ বিষয়ে আলোচনা
প্ৰথমখন বিমষ্টেক স্বাস্থ্য মন্ত্ৰীসকলৰ বৈঠকৰ সমান্তৰালভাৱে শ্ৰী নাড্ডাই নেপালৰ স্বাস্থ্য আৰু খাদ্য সুৰক্ষা মন্ত্ৰী শ্ৰীমতী নিশা মেহতাৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয়।
দুয়োগৰাকী মন্ত্ৰীয়ে দ্বিপাক্ষিক আৰু আঞ্চলিক স্বাস্থ্য সহযোগিতা অধিক গভীৰ কৰা, অভিজ্ঞতা আৰু উত্তম পদ্ধতিসমূহৰ বিনিময় কৰা তথা সুলভ, সহজলভ্য আৰু গুণগত স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰাৰ বিষয়ে ফলপ্ৰসূ আলোচনা কৰে।
এই বৈঠকত ভাৰত আৰু নেপালৰ মাজত থকা গভীৰ ঐতিহাসিক, সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক পুনৰ নিশ্চিত কৰা হয়। এই সম্পৰ্কই স্বাস্থ্যসেৱা আৰু উন্নয়নৰ ক্ষেত্ৰত সহযোগিতাৰ এক শক্তিশালী ভেটি হিচাপে কাম কৰি আহিছে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ‘চুবুৰীয়া প্ৰথম’ নীতিৰ আধাৰত ভাৰতে স্বাস্থ্যসেৱাৰ অংশীদাৰিত্ব শক্তিশালী কৰা, উন্নত স্বাস্থ্য ফলাফলৰ প্ৰসাৰ আৰু উমৈহতীয়া আঞ্চলিক সমৃদ্ধি আগবঢ়াই নিয়াৰ বাবে নেপালৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি পুনৰ প্ৰকাশ কৰে।
কলম্বোত প্ৰবাসী ভাৰতীয়সকলৰ সৈতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ মত বিনিময়
ভ্ৰমণৰ সময়ছোৱাত শ্ৰী নাড্ডাই কলম্বোত বসবাস কৰা ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰে। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ দীৰ্ঘদিনীয়া বন্ধুত্ব আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অমূল্য অৱদানৰ কথা স্বীকাৰ কৰে।
সভাত ভাষণ দি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১২ বছৰত ভাৰতে বিশেষকৈ স্বাস্থ্যসেৱা, ডিজিটেল উদ্ভাৱন, ঔষধ, চিকিৎসা গৱেষণা আৰু প্ৰযুক্তিগত উন্নতিৰ ক্ষেত্ৰত লাভ কৰা উল্লেখযোগ্য অগ্ৰগতিৰ কথা উল্লেখ কৰে।
তেওঁ গুৰুত্ব আৰোপ কৰে যে ভাৰতৰ বৰ্ধিত সামৰ্থ্যই শ্ৰীলংকাৰ সৈতে স্বাস্থ্যসেৱা, শিক্ষা, ডিজিটেল ৰূপান্তৰ আৰু অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ যথেষ্ট সুযোগ প্ৰদান কৰিছে।
শ্ৰী নাড্ডাই উল্লেখ কৰে যে ভাৰতৰ ‘চুবুৰীয়া প্ৰথম’ আৰু ‘মহাসাগৰ’ নীতিয়ে শ্ৰীলংকাৰ সৈতে থকা দীৰ্ঘদিনীয়া অংশীদাৰিত্ব অধিক শক্তিশালী কৰিছে। ইয়াৰ জৰিয়তে আঞ্চলিক স্থিৰতা, উন্নয়ন আৰু সমৃদ্ধিৰ ক্ষেত্ৰত দুয়োখন দেশৰ উমৈহতীয়া প্ৰতিশ্ৰুতি প্ৰতিফলিত হৈছে।
তেওঁ পাৰস্পৰিক বুজাবুজি বৃদ্ধি, সাংস্কৃতিক সম্পৰ্ক শক্তিশালী আৰু দুয়োখন দেশৰ মাজত সেতু হিচাপে কাম কৰাৰ ক্ষেত্ৰত প্ৰবাসী ভাৰতীয়সকলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰশংসা কৰে।
আঞ্চলিক স্বাস্থ্য সহযোগিতাৰ এক নতুন অধ্যায়
প্ৰথমখন বিমষ্টেক স্বাস্থ্য মন্ত্ৰীসকলৰ বৈঠকত বাংলাদেশ, ভূটান, ভাৰত, ম্যানমাৰ, নেপাল, শ্ৰীলংকা আৰু থাইলেণ্ডৰ স্বাস্থ্য মন্ত্ৰী তথা জ্যেষ্ঠ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।
শ্ৰীলংকাৰ স্বাস্থ্য আৰু গণমাধ্যম মন্ত্ৰী ড০ নলিন্দা জয়তিছাই এই বৈঠকত সভাপতিত্ব কৰে।
সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা যুটীয়া মন্ত্ৰী পৰ্যায়ৰ ঘোষণা-পত্ৰত বিমষ্টেকৰ স্বাস্থ্য মন্ত্ৰীসকলৰ বৈঠক আৰু জ্যেষ্ঠ বিষয়াসকলৰ বৈঠক প্ৰতি দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত পুনৰ নিশ্চিত কৰা হয়। ইয়াৰ ফলত ধাৰাবাহিক যোগাযোগ আৰু সন্মত আঞ্চলিক অগ্ৰাধিকাৰসমূহৰ ওপৰত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰাটো নিশ্চিত হ’ব।
২০২৮ চনত দ্বিতীয়খন বিমষ্টেক স্বাস্থ্য মন্ত্ৰীসকলৰ বৈঠক আয়োজন কৰাৰ বাবে থাইলেণ্ডে আগবঢ়োৱা প্ৰস্তাৱকো আদৰণি জনোৱা হয়।
ভাষণৰ সামৰণিত শ্ৰী নাড্ডাই এই ঐতিহাসিক বৈঠক আয়োজন কৰাৰ বাবে শ্ৰীলংকা চৰকাৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে আৰু এখন সুস্থ, সুৰক্ষিত তথা অধিক স্থিতিস্থাপক বিমষ্টেক অঞ্চল গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে।
তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে “উন্নত স্বাস্থ্য ফলাফল লাভৰ প্ৰচেষ্টাত কোনো এখন দেশেই পিছ পৰি থাকিব নালাগে।”
যুটীয়া মন্ত্ৰী পৰ্যায়ৰ ঘোষণা-পত্ৰ সৰ্বসন্মতিক্ৰমে গ্ৰহণ, উমৈহতীয়া আঞ্চলিক ৰাজহুৱা স্বাস্থ্যৰ পথ-নিৰ্দেশনা আগবঢ়োৱা, পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ উৎকৃষ্টতা কেন্দ্ৰ স্থাপনৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতি আৰু শ্ৰীলংকা তথা নেপালৰ সৈতে গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক স্বাস্থ্যসেৱাৰ পদক্ষেপসমূহে আঞ্চলিক স্বাস্থ্য নিৰাপত্তা শক্তিশালী কৰা আৰু ভাৰতৰ স্বাস্থ্যসেৱাৰ অংশীদাৰিত্ব গভীৰ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে।
এই সকলোবোৰ পদক্ষেপে অন্তৰ্ভুক্তিমূলক উন্নয়ন, উমৈহতীয়া সমৃদ্ধি আৰু “এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যৎ”ৰ দৃষ্টিভংগীৰ আধাৰত আঞ্চলিক সহযোগিতাক জনসাধাৰণৰ বাবে অৰ্থপূৰ্ণ সুফললৈ ৰূপান্তৰিত কৰাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিক অধিক শক্তিশালী কৰিছে।


*********
SR/
HFW/Union Health Minister Addresses 1st BIMSTEC Health Minister’s Meeting/11 November 2026/2/PB