নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

বিশাখাপট্টনম বন্দৰত ৫৬০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন সৰ্বানন্দ সোণোৱালৰ

সোণোৱালৰ বিশাখাপট্টনমৰ বন্দৰ প্ৰমোদস্থলী দেশবাসীৰ নামত উচৰ্গা , ৰাইজৰ বাবে মুকলি
প্ৰায় ৫০০ স্থানীয় লোকক নিযুক্তি দিয়াৰ বাবে নতুন চুক্তি

নাগৰিকসকলক উন্নয়নৰ সক্ৰিয় অংশীদাৰ হিচাপে পোষণ কৰা প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগীৰ সৈতে প্ৰকল্পসমূহক সংযুক্ত কৰিলে সোণোৱালে

ই চহৰখনৰ বাবে বন্দৰটো মুকলি কৰি দিব: নতুনকৈ উদ্বোধন কৰা প্ৰমোদ বন্দৰ সন্দৰ্ভত সোণোৱালৰ মন্তব্য

পোষ্ট কৰা হৈছে: 11 NOV 2026 8:38PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশাখাপট্টনমত বিশাখাপট্টনম বন্দৰৰ এক ৱাটাৰফ্ৰণ্ট প্ৰমোদস্থলী জনসাধাৰণৰ বাবে উচৰ্গা কৰে আৰু চাৰিটা নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ফলত বন্দৰৰ নতুন কামৰ পেকেজ প্ৰায় ৫৬০ কোটি টকালৈ বৃদ্ধি পায়।

১৯ কোটি টকাৰ এই বন্দৰ প্ৰমোদস্থলী ভেংকটেশ্বৰ মন্দিৰৰ পৰা আন্তৰ্জাতিক ক্ৰুজ টাৰ্মিনেললৈ পানীৰ কাষেৰে প্ৰায় ৭১০ মিটাৰ (২,৩৩০ ফুট) দীঘল আৰু প্ৰায় ৫.৫ একৰ আৱৰি আছে। ই বাসিন্দাসকলক প্ৰথমবাৰৰ বাবে জাহাজ আৰু বন্দৰৰ কাম-কাজ চাবলৈ এক নিয়ন্ত্ৰিত, সুৰক্ষিত স্থান প্ৰদান কৰে। ‘ই চহৰখনলৈ বন্দৰটো মুকলি কৰে,এই প্ৰকল্পটো বিশাখাপট্টনমৰ লোকসকলৰ বাবে উৎসৰ্গিত’, সোণোৱালে কয়।

প্ৰমোদস্থলীত এটা ৱাটাৰফ্ৰণ্ট ৱাকৱে' আৰু দুটা ভিউ ডেক আছে, এটা টাইটানিক শৈলীৰ ভিউপইণ্ট, লগতে এখন পাৰ্ক, এটা ৰাজহুৱা প্লাজা,  শিশুৰ খেলৰ স্থান, এখন ফুড ক'ৰ্ট আৰু দৰ্শনাৰ্থী পাৰ্কিং আছে। ইয়াক কাৰ্গো অপাৰেচনত প্ৰভাৱ নপৰাকৈ থকা বন্দৰৰ ভূমিত নিৰ্মাণ কৰা হৈছে। ক্ৰুজ টাৰ্মিনেলৰ কাষত ইয়াৰ অৱস্থানটোৱেও ক্ৰুজ যাত্ৰীসকলৰ বাবে টাৰ্মিনেলৰ আৱেদন বৃদ্ধি কৰিব।

সোণোৱালে প্ৰকল্পটোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সামগ্ৰিক বিকাশৰ দৃষ্টিভংগীৰ সৈতে জড়িত কৰে, য'ত নাগৰিকসকল কেৱল হিতাধিকাৰী নহয়, ৰাষ্ট্ৰ নিৰ্মাণত সক্ৰিয় অংশীদাৰ। তেওঁ কয় যে এসময়ত বাহিৰৰ লোকৰ বাবে বন্ধ হৈ থকা এটা বন্দৰে এতিয়া বাসিন্দাসকলক আমন্ত্ৰণ জনাইছে, আৰু নতুন টাৰ্মিনেল চুক্তিয়ে প্ৰায় ৫০০ স্থানীয় লোকক চাকৰি প্ৰদান কৰিব।

‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী হৈছে এনে এক বিকাশ য'ত প্ৰতিজন নাগৰিকৰ স্থান আৰু ভূমিকা আছে,’ সৰ্বানন্দ সোণোৱালে কয়। ‘এটা বন্দৰ যি জনসাধাৰণৰ বাবে ইয়াৰ দুৱাৰ মুকলি কৰে, আৰু স্থানীয় যুৱক-যুৱতীসকলক ইয়াত চাকৰি লাভ কৰে, সেয়াই হৈছে কাৰ্যকৰী দৃষ্টিভংগী’।

সোণোৱালে প্ৰায় ৫৮০ কোটি টকা মূল্যৰ  কাৰ্গো টাৰ্মিনেল পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ বাবে তিনিখন চুক্তিৰ বাবেও আধাৰশিলা স্থাপন কৰে। সেইবোৰে WQ-1 আৰু WQ-1RE বাৰ্থ ; WQ-2 আৰু WQ-3; আৰু EQ-3 সামৰি লয়। অপাৰেটৰসকলে পৰিৱেশ নিয়ন্ত্ৰণৰ সৈতে ক্ৰেন আৰু কনভেয়ৰৰ সৈতে বাৰ্থবোৰ যান্ত্ৰিক কৰিব লাগিব, আৰু প্ৰায় ৫০০ স্থানীয় লোকক নিয়োগ কৰিব। ‘এই প্ৰকল্পবোৰৰ জৰিয়তে, ভিপিএ-য়ে নিশ্চিত সামগ্ৰী পৰিৱহন  সুৰক্ষিত কৰিব আৰু এই বাৰ্থবোৰত সৰ্বোত্তম ক্ষমতা ব্যৱহাৰ  কৰিব পৰা যাব,’ সৰ্বানন্দ সোণোৱালে কয়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰায় ১১ কোটি টকাৰ আনুমানিক ব্যয়েৰে বন্দৰৰ নৰ্দমা শোধন প্ৰকল্পটো দৈনিক ১০ নিযুত লিটাৰৰ পৰা ১৫ নিযুত লিটাৰলৈ উন্নীত কৰাৰ প্ৰকল্পৰো  আধাৰশিলা স্থাপন কৰে। শোধিত পানী ধূলি কমোৱা, ৰাস্তা তিয়াবলৈ আৰু মজুত থকা ঠাইত ছটিয়াই দিয়াৰ বাবে ব্যৱহাৰ কৰা হয়, আৰু উন্নীতকৰণে মন্ত্ৰালয়ৰ হৰিৎ সাগৰ সেউজ বন্দৰ উদ্যোগক সমৰ্থন কৰে।

সোণোৱালে কয় যে বন্দৰটোৱে ২০২৫-২৬ বিত্তীয় বৰ্ষত অভিলেখ সংখ্যক ৯১.১৭ নিযুত মেট্ৰিক টন কাৰ্গো পৰিচালনা কৰিছে, যি এবছৰ আগৰ তুলনাত প্ৰায় ১০% অধিক আৰু ইয়াৰ একেৰাহে চতুৰ্থ বৰ্ষৰ বৃদ্ধি। ১ এপ্ৰিলৰ পৰা ৩১ অক্টোবৰলৈ, কাৰ্গো যোৱা বছৰৰ একে সময়ৰ তুলনাত ৪.৪৪ নিযুত মেট্ৰিক টন বা ৮.৮৮% বৃদ্ধি পাইছে। ‘আপোনালোকে যোৱা বছৰৰ ১০% বৃদ্ধিৰ লক্ষ্যক অতিক্ৰম কৰিব লাগিব,’ সোণোৱালে তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰি বন্দৰৰ কৰ্মচাৰীসকলক উৎসাহিত কৰে।

সোণোৱালে ৩১ সংখ্যক চি আই আই অংশীদাৰিত্ব সন্মিলন-২০২৬ (31st CII Partnership Summit–2026) ত ভাষণ দিবলৈ ওলোৱাৰ সময়তে এই উদ্যোগসমূহ লোৱা হৈছে।   অন্ধ্ৰ প্ৰদেশ চৰকাৰে ১২ আৰু ১৩ নৱেম্বৰত এই সন্মিলন আয়োজন কৰিছে। ইয়াৰ বিষয়বস্তু হৈছে— ‘নতুন বিশ্ব ব্যৱস্থাৰ দিশনিৰ্ণয়: বাণিজ্য, প্ৰযুক্তি, বিশ্বাস’(‘Navigating New World Order: Trade, Technology, Trust’)।

বন্দৰটোৱে প্ৰায় ৮০০ কোটি টকা ব্যয়সাপেক্ষে চাৰিটা ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (PPP) প্ৰকল্প হাতত লৈছে, যিবোৰ বৰ্তমান নিৰ্মীয়মান আৰু ২০২৭ চনৰ ভিতৰত কাৰ্যক্ষম হৈ উঠিব বুলি আশা কৰা হৈছে। ভাৰতৰ প্ৰধান বন্দৰসমূহৰ ভিতৰত ইয়াত অন্যতম গভীৰ কণ্টেইনাৰ টাৰ্মিনেল আছে, যাৰ অনুমোদিত গভীৰতা (permissible draft) হৈছে ১৬ মিটাৰ, আৰু জাহাজ অহা-যোৱাৰ সময় (vessel turnaround time) তথা লজিষ্টিক ব্যয় হ্ৰাস কৰিবলৈ ই 'লেণ্ডলৰ্ড-প’ৰ্ট' (landlord-port) আৰ্হিলৈ পৰিৱৰ্তিত হৈছে।

 

সোণোৱালে ২০৪৭ চনৰ ভিতৰত দেশখন এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ দিশত কাম কৰি থকাৰ সময়ত ভাৰতীয় বন্দৰসমূহক বিশ্বমানৰ সুবিধালৈ ৰূপান্তৰিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক কৃতিত্ব দিয়ে। তেওঁ দিনটোৰ প্ৰকল্পসমূহ, ৰাজহুৱা প্ৰমোদস্থলীৰ পৰা পৰিষ্কাৰ নৰ্দমাৰ ব্যৱস্থালৈকে, প্ৰধানমন্ত্ৰীৰ উন্নয়নৰ আহ্বানৰ উদাহৰণ বুলি বৰ্ণনা কৰে য'ত সমাজৰ প্ৰতিটো শ্ৰেণী অন্তৰ্ভুক্ত হৈ থাকে।

‘যেতিয়া নাগৰিকসকল অংশীদাৰ হয় আৰু দৰ্শক নহয়, তেতিয়া বিকাশ স্থায়ী হয়,’ সোণোৱালে কয়। এয়া হৈছে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াসৰ চেতনা আৰু ই হৈছে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ বাবে আটাইতকৈ নিশ্চিত পথ।

সোণোৱালে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু আৰু ৰাজ্য চৰকাৰক তেওঁলোকৰ সমৰ্থনৰ বাবে ধন্যবাদ জনায়।

এই অনুষ্ঠানত বিশাখাপট্টনম লোকসভাৰ সদস্য এম শ্ৰীভৰত, ৰাজ্যসভাৰ সদস্য গোল্লা বাবু ৰাও, অন্ধ্ৰ প্ৰদেশ বিজেপিৰ সভাপতি পি ভি এন মাধৱ, বিধায়ক চি এইচ বামচি কৃষ্ণ শ্ৰীনিবাস আৰু পি বিষ্ণু কুমাৰ ৰাজু আৰু বন্দৰৰ অধ্যক্ষ জছমিত সিং বিন্দ্ৰা তথা বন্দৰৰ অন্যান্য বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত আছিল।

***

MI/Indu/MK


(ৰিলিজ আই ডি : 2335339) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil