যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

৪জি ছেচুৰেচন প্ৰকল্পৰ জৰিয়তে চৰকাৰে গ্ৰামীণ এলেকাত ৪জি সংযোগ ব্যৱস্থা শক্তিশালী কৰি তুলিছে

চাৰি বছৰত ৪জি সংযোগ নথকা গাঁৱৰ সংখ্যা প্ৰায় ৭৫% হ্ৰাস পাইছে

বিএছএনএল-ৰ ১৮,০০০তকৈও অধিক ৪জি ছেচুৰেচন ছাইটে গ্ৰামীণ ভাৰতক সবল কৰি তুলিছে; ২০২৬ চনৰ অক্টোবৰত ১.৮৬ কোটি জিবি ডে’টা ব্যৱহাৰ

সমগ্ৰ ভাৰতৰ সেৱাবিহীন আৰু দূৰৱৰ্তী গাঁওসমূহত ৪জি সংযোগ নিশ্চিত কৰিবলৈ দূৰসংযোগ বিভাগৰ প্ৰচেষ্টা তীব্ৰতৰ

পোষ্ট কৰা হৈছে: 11 NOV 2026 6:25PM by PIB Guwahati

দূৰসংযোগ বিভাগে দেশৰ গ্ৰামীণ, দুৰ্গম তথা সেৱাবিহীন অঞ্চলসমূহত ডিজিটেল বৈষম্য দূৰ কৰিবলৈ আৰু দূৰসংযোগ আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলাই আছে। এই প্ৰচেষ্টাসমূহৰ ফলস্বৰূপে ৪জি সংযোগ নথকা গাঁৱৰ সংখ্যা ২০২২ চনৰ ৪৫,১৮০ খনৰ পৰা ২০২৬ চনত ১১,৩৭২ খনলৈ প্ৰায় ৭৫% হ্ৰাস পাইছে, যিয়ে গ্ৰাম্য ভাৰতত ডিজিটেল সংযোগ সম্প্ৰসাৰণৰ দিশত এক উল্লেখযোগ্য অগ্ৰগতিৰ ইংগিত দিয়ে।

এই সম্প্ৰসাৰণত দূৰসংযোগ বিভাগৰ ‘৪জি ছেচুৰেচন প্ৰকল্প’ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। পূৰ্বতে সংযোগ নথকা ২৪,৬৮০ খন গাঁৱক ৪জি সংযোগ প্ৰদান কৰাৰ উদ্দেশ্যে এই প্ৰকল্পটো গ্ৰহন কৰা হৈছিল, যাতে দূৰৱৰ্তী আৰু সেৱাবিহীন অঞ্চলৰ লোকসকলে নিৰ্ভৰযোগ্য ম’বাইল যোগাযোগ সেৱা আৰু ডিজিটেল সংযোগৰ সুবিধাসমূহ লাভ কৰিব পাৰে। ব্যক্তিগত খণ্ডৰ দূৰসংযোগ সেৱা প্ৰদানকাৰীসকলেও নিজৰ নেটৱৰ্ক সম্প্ৰসাৰণ পদক্ষেপৰ জৰিয়তে গ্ৰাম্য ৪জি কভাৰেজ বৃদ্ধি কৰাত অৰিহণা যোগাইছে।

২৪,৬৮০টা ছাইটৰ ৪জি ছেচুৰেচন পৰিকল্পনাৰ অধীনত আৰম্ভ কৰা বিএছএনএলৰ ১৮,২৯১ টা ছাইটে গ্ৰাম্য অঞ্চলত যথেষ্ট পৰিমাণৰ ডে’টা ট্ৰেফিক বহন কৰিছে। ২০২৬ চনৰ অক্টোবৰ মাহত এই ছাইটসমূহে এদিনত সৰ্বাধিক ১০,২১,০৪৮ গৰাকী সক্ৰিয় ব্যৱহাৰকাৰীক সেৱা আগবঢ়াইছিল, যিসকলে একেলগে ১.৮৬ কোটি জিবি-তকৈও অধিক (১৮,৬৫৯,১৭০ জিবি) ডে’টা ব্যৱহাৰ কৰিছিল—যাৰ মাহিলী গড় প্ৰতিগৰাকী ব্যৱহাৰকাৰীৰ বাবে ১৮.৩ জিবি। প্ৰতিটো ছাইটত গড়ে প্ৰায় ৫৬ গৰাকী সক্ৰিয় ব্যৱহাৰকাৰী থকাৰ লগে লগে, ই পূৰ্বে ৪জি সেৱাৰ বাহিৰত থকা সিঁচৰতি গ্ৰাম্য জনগোষ্ঠীসমূহক সেৱা আগবঢ়াই আছে। চৰকাৰে বাকী থকা সংযোগৰ ব্যৱধানসমূহ দূৰ কৰিবলৈ পৰৱৰ্তী পৰ্যায়ৰ সম্প্ৰসাৰণৰ বাবে অতিৰিক্ত ২৬,০০০ ম’বাইল নেটৱৰ্ক ছাইটতো অনুমোদন জনাইছে।

দুৰ্গম আৰু ভৌগোলিকভাৱে প্ৰতিকূল অঞ্চলসমূহলৈ সংযোগ সম্প্ৰসাৰণ কৰাটো এতিয়াও এক ডাঙৰ প্ৰত্যাহ্বান, ইয়াৰ কাৰণসমূহৰ ভিতৰত আছে দুৰ্গম ভূখণ্ড, আন্তঃগাঁথনি নিৰ্মাণৰ উচ্চ ব্যয়, বিক্ষিপ্ত জনবসতি আৰু প্ৰত্যন্ত অঞ্চলত জনজাতীয় বসতিস্থলৰ উপস্থিতি।বিভাগে বিএছএনএল আৰু অন্যান্য দূৰসংযোগ সেৱা প্ৰদানকাৰীসকলৰ সৈতে সমন্বিত পদক্ষেপৰ জৰিয়তে এই প্ৰত্যাহ্বানসমূহ সমাধান কৰিবলৈ নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

 

ভৱিষ্যত কৰ্মপন্থা

আগন্তুক সময়ত দূৰসংযোগ বিভাগে বিশেষকৈ দূৰৱৰ্তী, জনজাতীয় আৰু অনগ্ৰসৰ অঞ্চলসমূহত সংযোগবিহীন হৈ থকা বাকী গাঁওসমূহক সামৰি লোৱাত অগ্ৰাধিকাৰ দি যাব। অধিক গ্ৰাম্য সংযোগ লাভ কৰাৰ ক্ষেত্ৰত অতিৰিক্ত ম’বাইল নেটৱৰ্ক ছাইট স্থাপন, নেটৱৰ্ক-শ্বেয়াৰিং ব্যৱস্থাৰ সম্প্ৰসাৰণ আৰু বৰ্তমানৰ দূৰসংযোগ আন্তঃগাঁথনিৰ উন্নত ব্যৱহাৰ গুৰুত্বপূৰ্ণ কৌশল হৈ থাকিব। দূৰসংযোগ সেৱা প্ৰদানকাৰীসকলৰ সৈতে অধিক সমন্বয় আৰু ভৌগোলিকভাৱে প্ৰত্যাহ্বানমূলক অঞ্চলসমূহত লক্ষ্য নিৰ্ধাৰিত পদক্ষেপে নেটৱৰ্ক সম্প্ৰসাৰণক অধিক ত্বৰান্বিত কৰিব। এই প্ৰচেষ্টাসমূহৰ লক্ষ্য হৈছে সৰ্বাংগীণ ডিজিটেল প্ৰৱেশাধিকাৰ নিশ্চিত কৰা আৰু গ্ৰাম্য জনগোষ্ঠীসমূহক ডিজিটেল শাসন ব্যৱস্থা, শিক্ষা, স্বাস্থ্যসেৱা, বিত্তীয় সেৱা আৰু অন্যান্য অত্যাৱশ্যকীয় ডিজিটেল প্লেটফৰ্মসমূহৰ পৰা উপকৃত হ’বলৈ সক্ষম কৰা।

দূৰসংযোগ বিভাগ এক ডিজিটেলভাৱে সংযুক্ত ভাৰতৰ দৃষ্টিভংগীৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ, যাতে নিৰ্ভৰযোগ্য ম’বাইল সংযোগৰ সুবিধাসমূহ দেশৰ প্ৰতিটো কোণত উপনীত হয় আৰু ভাৰতৰ ডিজিটেল পৰিৱৰ্তনত কোনো এখন গাঁও যাতে পিছ পৰি নাথাকে।

অধিক তথ্যৰ বাবে ডিঅ’টিৰ ছ’চিয়েল মিডিয়া হেণ্ডেলসমূহ অনুসৰণ কৰক:

  • X (টুইটাৰ): https://x.com/DoT_India
  • ইনষ্টাগ্ৰাম: https://www.instagram.com/department_of_telecom?igsh=MXUxbHFjd3llZTU0YQ==
  • ফেচবুক: https://www.facebook.com/DoTIndia
  • ইউটিউব: https://youtube.com/@departmentoftelecom?si=DALnhYkt89U5jAaa

 

****

PSF/ARJ/KG


(ৰিলিজ আই ডি : 2335318) অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil