পোষ্ট কৰা হৈছে:
11 NOV 2026 7:05PM by PIB Guwahati
কেন্দ্ৰীয় যোগাযোগ আৰু গ্ৰামোন্নয়ন ৰাজ্য মন্ত্ৰী ড° চন্দ্ৰ শেখৰ পেম্মাচানীয়ে ডোহাত অনুষ্ঠিত ইণ্টাৰনেশ্যনেল টেলিকমিউনিকেশ্যন ইউনিয়ন (আইটিইউ) প্লেনিপটেনচিয়েৰী কনফাৰেন্স (পিপি-২৬)ত ডিজিটেল সংযোগ, উদীয়মান প্ৰযুক্তি আৰু চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী দাঙি ধৰে।
উদীয়মান প্ৰযুক্তি সম্পৰ্কীয় এক উচ্চস্তৰীয় আলোচনাত ভাষণ দি তেওঁ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰযুক্তিক সকলোৰে বাবে সুলভ আৰু ব্যয়সাধ্য কৰি তোলাৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ ওপৰত তেওঁ আলোকপাত কৰে। বিশ্বজুৰি এতিয়াও ২.২ বিলিয়ন লোক ইণ্টাৰনেট সেৱাৰ পৰা বঞ্চিত হৈ থকাৰ কথা উল্লেখ কৰি তেওঁ গ্ৰামাঞ্চললৈ ব্ৰডবেণ্ড সংযোগ সম্প্ৰসাৰণৰ বাবে ভাৰতে 'ভাৰতনেট'ত প্ৰায় ১৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰাৰ কথা জানিবলৈ দিয়ে।
তেওঁ লগতে 'ডব্লিউএছআইএছ' বঁটা বিজয়ী 'সমৃদ্ধ গ্ৰাম কেন্দ্ৰ'সমূহৰ বিষয়েও উল্লেখ কৰে, যাৰ জৰিয়তে গাঁওবাসীয়ে স্বাস্থ্যসেৱা, কৃষি পৰামৰ্শ, বেংকিং আৰু চৰকাৰী প্ৰমাণপত্ৰ আদি সেৱাসমূহ লাভ কৰিবলৈ সক্ষম হৈছে। সুলভ এআই কম্পিউটিং, থলুৱা ভাষাৰ এআই মডেল, কোৱাণ্টাম গৱেষণা আৰু ১০০টা ৫জি ব্যৱহাৰিক পৰীক্ষাগাৰৰ ক্ষেত্ৰত ভাৰতে কৰা কাম-কাজৰ বিষয়েও তেওঁৰ ভাষণত স্থান পায়। বৈশ্বিক প্ৰযুক্তিগত মান আৰু স্পেকট্ৰাম নীতি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত উন্নয়নশীল দেশসমূহক অধিক ভূমিকা প্ৰদান কৰিবলৈ তেওঁ আহ্বান জনায়।
এই সন্মিলনৰ সমান্তৰালকৈ ড° পেম্মাচানীয়ে মালয়ছিয়া, ইৰাণ আৰু উজবেকিস্তানৰ প্ৰতিনিধি দলসমূহৰ সৈতে বৈঠকত মিলিত হয়। এই আলোচনাসমূহত সীমাৰ সিপাৰৰ পৰা হোৱা চাইবাৰ প্ৰৱঞ্চনা, ডিজিটেল আন্তঃগাঁথনিৰ সুৰক্ষা আৰু কোৱাণ্টাম প্ৰযুক্তিৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ বিষয়ে গুৰুত্ব আৰোপ কৰা হয়। ডিজিটেল প্ৰৱঞ্চনা ৰোধ কৰাৰ ক্ষেত্ৰত ভাৰতৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বেংকসমূহলৈ প্ৰেৰণ কৰা সতৰ্কবাণীৰ সহায়ত ৫,০০০ কোটি টকাতকৈও অধিক সম্ভাৱ্য বিত্তীয় লোকচান ৰোধ কৰিব পৰা গৈছে। তেওঁ কয়, "চাইবাৰ ভাবুকিয়ে কোনো সীমা নামানে, আৰু সেয়েহে আমাৰ সহযোগিতায়ো কোনো সীমা মানিব নালাগে। ইজনে সিজনৰ উত্তম পদ্ধতিসমূহৰ পৰা শিকিলে আমি সকলোৱে অধিক শক্তিশালী হৈ উঠিম।"

****
PSF/ARJ