উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

উপ-ৰাষ্ট্ৰপতিয়ে তেওঁৰ শিক্ষানুষ্ঠান তূতুকুড়িৰ ভি. অ’. চিদাম্বৰম মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে

জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে আন্দোলনত অংশগ্ৰহণ আৰু কাৰাবন্দীসকলৰ পৰিয়ালক সহায় কৰাৰ প্ৰচেষ্টাকে ধৰি মহাবিদ্যালয়ৰ দিনবোৰৰ স্মৃতি ৰোমন্থন উপ-ৰাষ্ট্ৰপতিৰ

শিক্ষাৰ্থীসকলে প্ৰযুক্তিক আদৰি ল’ব লাগিব, জ্ঞান আহৰণ কৰিব লাগিব আৰু নিচাযুক্ত দ্ৰব্য তথা ক্ষতিকাৰক অভ্যাসৰ পৰা আঁতৰি থাকিব লাগিব:উপ-ৰাষ্ট্ৰপতি

পোষ্ট কৰা হৈছে: 11 NOV 2026 3:54PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনে আজি তূতুকুড়িৰ ভি. অ’. চিদাম্বৰম মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন আৰু প্ৰাক্তন শিক্ষাৰ্থীৰ সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই মহাবিদ্যালয়খন তেওঁৰো শিক্ষানুষ্ঠান। তেওঁ ১৯৭৫ চনৰ পৰা ১৯৭৮ চনলৈ ইয়াত অধ্যয়ন কৰিছিল।

তেওঁ মহাবিদ্যালয় চৌহদত স্বাধীনতা সংগ্ৰামী ভি. অ’. চিদাম্বৰম পিল্লাইৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে আৰু প্ৰতিষ্ঠানখনৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে নিৰ্মাণ কৰা স্মাৰক তোৰণ উদ্বোধন কৰে। তেওঁ নিজৰ পূৰ্বৰ শ্ৰেণীকোঠাটোও পৰিদৰ্শন কৰে আৰু ১৯৭৫-৭৮ বৰ্ষৰ সহপাঠীসকলৰ সৈতে মত বিনিময় কৰি মহাবিদ্যালয়ৰ দিনবোৰৰ স্মৃতি ৰোমন্থন কৰে।

 

সমবেত লোকসকলক সম্বোধন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে মহাবিদ্যালয়খন, ইয়াৰ শিক্ষকসকল আৰু ইয়াত লগ পোৱা ব্যক্তিসকলে তেওঁৰ চিন্তাধাৰা গঢ় দিয়াৰ লগতে অধিক গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণৰ বাবে তেওঁক প্ৰস্তুত কৰি তুলিছিল। তেওঁ নিজৰ শিক্ষাগুৰুসকলৰ শিক্ষা, মহাবিদ্যালয়ৰ জীৱন আৰু ছাত্ৰ অৱস্থাত আহৰণ কৰা মূল্যবোধসমূহৰ কথা সস্নেহে স্মৰণ কৰে।

 

জৰুৰীকালীন অৱস্থাৰ কথা স্মৰণ কৰি তেওঁ মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা সময়তে ইয়াৰ বিৰুদ্ধে চলা আন্দোলনত অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। সেই সময়ছোৱাত কাৰাবন্দী হোৱা লোকসকলৰ পৰিয়ালক সহায় কৰিবলৈ পুঁজি সংগ্ৰহ কৰাৰ প্ৰচেষ্টাৰ কথাও তেওঁ স্মৰণ কৰে।

 

ভি. অ’. চিদাম্বৰম পিল্লাইক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁ স্বাধীনতা সংগ্ৰামীগৰাকীৰ অপৰিসীম ত্যাগ, শ্ৰমিকৰ কল্যাণৰ প্ৰতি থকা দায়বদ্ধতা আৰু স্বাধীনতা সংগ্ৰামলৈ আগবঢ়োৱা চিৰস্মৰণীয় অৱদানৰ কথা উল্লেখ কৰে।

 

ৰাষ্ট্ৰীয় ঐক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এখন ঐক্যবদ্ধ ৰাষ্ট্ৰ হিচাপে ভাৰতৰ শক্তিয়ে তামিল সংস্কৃতিকে ধৰি ইয়াৰ বিভিন্ন সম্প্ৰদায়ৰ ভাষা, সংস্কৃতি আৰু পৰিচয় সুৰক্ষিত কৰে। তেওঁ শিক্ষাৰ্থীসকলক নিজৰ মাতৃভাষাৰ প্ৰতি গৌৰৱ অনুভৱ কৰাৰ লগতে ৰাষ্ট্ৰীয় চেতনাক শক্তিশালী কৰিবলৈ আহ্বান জনায়। তেওঁ শিক্ষাৰ্থীসকলক একাধিক ভাষা শিকিবলৈ আৰু তামিল ভাষাক বিশ্বমঞ্চলৈ লৈ যাবলৈও উৎসাহিত কৰে।

 

ৰাষ্ট্ৰ নিৰ্মাণত শিক্ষাৰ গুৰুত্বৰ কথা উল্লেখ কৰি তেওঁ দেশজুৰি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ সম্প্ৰসাৰণৰ প্ৰসংগ উল্লেখ কৰে। লগতে গুণগত শিক্ষা সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সুলভ কৰি তোলাৰ উদ্দেশ্যে নতুন প্ৰযুক্তি, বৈজ্ঞানিক গৱেষণা আৰু উদীয়মান বিষয়সমূহক আদৰি লোৱাৰ লগতে মহাবিদ্যালয়খনৰ গৌৰৱোজ্জ্বল ঐতিহ্য সংৰক্ষণ কৰিবলৈ আহ্বান জনায়।

 

তেওঁ যুৱ প্ৰজন্মক আত্ম-অনুশাসন গঢ়ি তুলিবলৈ, নিচাযুক্ত দ্ৰব্য আৰু অন্যান্য ক্ষতিকাৰক অভ্যাসৰ পৰা আঁতৰি থাকিবলৈ আৰু ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য বাস্তৱায়নত অৰিহণা যোগাবলৈ আহ্বান জনায়।

 

নিজৰ শিক্ষানুষ্ঠানখনৰ বিকাশ প্ৰত্যক্ষ কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে আৰু কয় যে মহাৰজত জয়ন্তীয়ে অধিক বৃহৎ সাফল্যৰ দিশে এক নতুন আৰম্ভণিৰ সূচনা কৰিব লাগে।

 

এই অনুষ্ঠানত তামিলনাডুৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ, মহাবিদ্যালয়খনৰ সচিব শ্ৰী এ পি চি ভি চোক্কলিংগম, অধ্যক্ষ ড০ চি বীৰাবাগু, প্ৰাক্তন শিক্ষাৰ্থী সন্থাৰ সভাপতি শ্ৰী এ ভি মুৰুগেছন, মহাবিদ্যালয়ৰ প্ৰশাসকসকল, শিক্ষক-শিক্ষয়িত্ৰী, প্ৰাক্তন শিক্ষাৰ্থী আৰু বৰ্তমানৰ শিক্ষাৰ্থীসকল উপস্থিত থাকে।

 

*******

 

PR/ASM/VM/PB


(ৰিলিজ আই ডি : 2335216) অতিথি কক্ষ : 25
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Gujarati , Tamil , Malayalam