পোষ্ট কৰা হৈছে:
11 NOV 2026 3:51PM by PIB Guwahati
চেণ্ট্ৰেল ব্যুৰো অব নাৰ্ক’টিকছ (CBN)-এ আন্তঃৰাজ্যিক কৃত্ৰিম নিচাজাতীয় দ্ৰব্যৰ নেটৱৰ্কৰ বিৰুদ্ধে এক বৃহৎ অভিযান চলাই উত্তৰ প্ৰদেশৰ মৌ জিলাৰ তাজোপুৰ ঔদ্যোগিক এলেকাত মেফেড্ৰ’ন (MD) প্ৰস্তুত কৰা এটা গোপন পৰীক্ষাগাৰ উৎখাত কৰে। ব্যুৰোৱে ‘অপাৰেচন বজ্ৰ ৩.০’ৰ অধীনত এই অভিযান চলায়।
চিবিএনৰ মধ্যপ্ৰদেশ গোটে লাভ কৰা নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত ০৮.১১.২০২৬ তাৰিখে চিবিএনৰ মধ্যপ্ৰদেশ গোট আৰু উত্তৰ প্ৰদেশ গোটৰ এটা যৌথ দলে সমন্বিত অভিযান চলায়। অভিযানত কৃত্ৰিম নিচাজাতীয় দ্ৰব্য প্ৰস্তুত কৰা এটা সক্ৰিয় গোপন কেন্দ্ৰ চিনাক্ত কৰি সফলতাৰে উৎখাত কৰা হয়।
এই অভিযানত প্ৰস্তুতকৰণৰ বিভিন্ন পৰ্যায়ত থকা ১১.৭ কিলোগ্ৰাম মেফেড্ৰ’ন (MD) উদ্ধাৰ কৰা হয়। ইয়াৰ উপৰি মেফেড্ৰ’ন প্ৰস্তুতকৰণত ব্যৱহৃত এক গুৰুত্বপূৰ্ণ পূৰ্বসূৰী ৰাসায়নিক পদাৰ্থ ২০.৯ কিলোগ্ৰাম ২-ব্ৰোমো-৪-মিথাইলপ্ৰপিঅ’ফেনন জব্দ কৰা হয়। লগতে ৩.৫ কিলোগ্ৰাম এছিটিক এনহাইড্ৰাইড আৰু প্ৰায় ১১৯.৯ কিলোগ্ৰাম/লিটাৰ বিভিন্ন ৰাসায়নিক পদাৰ্থ, দ্ৰাৱক আৰু প্ৰক্ৰিয়াকৰণত ব্যৱহৃত ৰাসায়নিক সামগ্ৰী জব্দ কৰা হয়। ইয়াৰ ভিতৰত ডাইক্ল’ৰ’মিথেন, হাইড্ৰ’ক্ল’ৰিক এচিড, ছ’ডিয়াম বাইকাৰ্বনেট, ছ’ডিয়াম ক্ল’ৰাইড আৰু জৈৱিক এমিন আদি অন্তৰ্ভুক্ত।
উৎপাদনৰ বিভিন্ন পৰ্যায়ত জব্দ কৰা মেফেড্ৰ’ন
এই অভিযানত অবৈধভাৱে কৃত্ৰিম নিচাজাতীয় দ্ৰব্য প্ৰস্তুত কৰাত ব্যৱহৃত সম্পূৰ্ণ গোপন পৰীক্ষাগাৰৰ আন্তঃগাঁথনি জব্দ কৰাৰ লগতে ভাঙি পেলোৱা হয়। ইয়াৰ ভিতৰত ঔদ্যোগিক গ্ৰাইণ্ডাৰ আৰু মিক্সাৰ, তীখাৰ টেংক আৰু পাত্ৰ, উত্তাপ প্ৰদানৰ সঁজুলি, কাঁচৰ বিক্ৰিয়া আৰু পাতন যন্ত্ৰ, উষ্ণতা জোখা যন্ত্ৰ, ভল্টেজ নিয়ন্ত্ৰক আৰু কৃত্ৰিম নিচাজাতীয় দ্ৰব্য অবৈধভাৱে প্ৰস্তুত কৰাত ব্যৱহৃত অন্যান্য সঁজুলিৰ লগতে ব্যক্তিগত সুৰক্ষা সামগ্ৰীও আছিল।
গোপন নিচাজাতীয় দ্ৰব্য প্ৰস্তুতকৰণৰ পৰীক্ষাগাৰ উৎখাত
অভিযানৰ সময়ছোৱাত অবৈধ উৎপাদন নেটৱৰ্কৰ সৈতে জড়িত দুজন লোকক ১৯৮৫ চনৰ নিচাজাতীয় দ্ৰব্য আৰু মনঃপ্ৰভাৱিত পদাৰ্থ আইন (NDPS Act)ৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়। এই অবৈধ কাৰ্যকলাপৰ বৃহত্তৰ আন্তঃৰাজ্যিক নেটৱৰ্ক, পূৰ্বসূৰী ৰাসায়নিক পদাৰ্থৰ উৎস, বিত্তীয় লেনদেনৰ সংযোগ আৰু নিচাজাতীয় দ্ৰব্য বিতৰণৰ নিৰ্ধাৰিত পথসমূহৰ বিষয়ে জানিবলৈ অধিক তদন্ত অব্যাহত আছে।
সমগ্ৰ জব্দকৰণ আৰু পৰৱৰ্তী আইনী প্ৰক্ৰিয়া ১৯৮৫ চনৰ নিচাজাতীয় দ্ৰব্য আৰু মনঃপ্ৰভাৱিত পদাৰ্থ আইনৰ বিধান অনুসৰি নিৰ্ধাৰিত আইনী পদ্ধতিৰে সম্পন্ন কৰা হয়।
এই গোপন পৰীক্ষাগাৰটো উৎখাত কৰাৰ ফলত বৃহৎ পৰিমাণৰ অবৈধ মেফেড্ৰ’নৰ অধিক উৎপাদন আৰু বিতৰণ প্ৰতিৰোধ কৰা সম্ভৱ হৈছে। লগতে আন্তঃৰাজ্যিক কৃত্ৰিম নিচাজাতীয় দ্ৰব্যৰ নেটৱৰ্কটোৰ ওপৰত এক বৃহৎ আঘাত হানিবলৈ সক্ষম হৈছে।
২০২৬ চনত বৰ্তমানলৈকে চেণ্ট্ৰেল ব্যুৰো অব নাৰ্ক’টিকছে ছটা গোপন পৰীক্ষাগাৰ উৎখাত কৰিছে। এই অভিযানসমূহত ১৩০.২ কিলোগ্ৰাম মেফেড্ৰ’ন (MD) আৰু ১,৪৬৫.৪ কিলোগ্ৰাম/লিটাৰ পূৰ্বসূৰী ৰাসায়নিক পদাৰ্থ জব্দ কৰা হৈছে। এই গোচৰসমূহৰ সৈতে জড়িত ২০জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
এই অভিযানৰ জৰিয়তে অবৈধ নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ আৰু গোপন উৎপাদন প্ৰতিৰোধৰ ক্ষেত্ৰত চেণ্ট্ৰেল ব্যুৰো অব নাৰ্ক’টিকছ (CBN)-এ অব্যাহত ৰখা সতৰ্কতা, নিষ্ঠা আৰু দায়বদ্ধতাৰ প্ৰতিফলন ঘটিছে।
গোপন নিচাজাতীয় দ্ৰব্য প্ৰস্তুতকৰণৰ নেটৱৰ্ক উৎখাত কৰা, পূৰ্বসূৰী ৰাসায়নিক পদাৰ্থৰ অপব্যৱহাৰ প্ৰতিৰোধ কৰা, আন্তঃৰাজ্যিক সৰবৰাহকাৰী চক্ৰসমূহ চিনাক্ত কৰি উৎখাত কৰা, ১৯৮৫ চনৰ নিচাজাতীয় দ্ৰব্য আৰু মনঃপ্ৰভাৱিত পদাৰ্থ আইনৰ বিধান বলৱৎ কৰা আৰু ‘নিচামুক্ত ভাৰত, বিকশিত ভাৰত’ৰ ৰাষ্ট্ৰীয় অভিযানত অৰিহণা যোগোৱাৰ ক্ষেত্ৰত চেণ্ট্ৰেল ব্যুৰো অব নাৰ্ক’টিকছ দৃঢ়প্ৰতিজ্ঞ হৈ আছে।
*********
KT/KMN/PB