পোষ্ট কৰা হৈছে:
11 NOV 2026 5:14PM by PIB Guwahati
প্ৰধানমন্ত্ৰীয়ে ১৩-১৪ নৱেম্বৰত কৰ্ণাটক আৰু গুজৰাট ভ্ৰমণ কৰিব। দিনৰ প্ৰায় ১০:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে প্ৰশান্তি কুটিৰামৰ সোণালী জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰিব। এই উপলক্ষে তেওঁ সমবেত ৰাইজক সম্বোধন কৰিব। দুপৰীয়া প্ৰায় ১২:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে টাবেৰেকেৰেৰ পৰা আইআইএম বাংগালোৰ মেট্ৰ' ষ্টেচনলৈ মেট্ৰ' যাত্ৰাৰ শুভাৰম্ভ কৰি যাত্ৰা আৰম্ভ কৰিব। দুপৰীয়া প্ৰায় ১:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে বেংগালুৰুত ১৫,৬০০ কোটি টকাৰো অধিক ব্যয়ৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব, উদ্বোধন কৰিব আৰু দেশবাসীলৈ উচৰ্গা কৰিব। তেওঁ এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰিব।
ইয়াৰ পাছত, প্ৰধানমন্ত্ৰীয়ে মাইচুৰুলৈ (মহীশূৰ) যাত্ৰা কৰিব, য'ত তেওঁ বিয়লি প্ৰায় ৩:৩০ বজাত ভাৰত বনত গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আবেলি প্ৰায় ৪ বজাত প্ৰধানমন্ত্ৰীয়ে কছমছ-মাইচুৰু তাৰকাগৃহ উদ্বোধন কৰিব। এই উপলক্ষে তেওঁ সমবেত ৰাইজক সম্বোধনো কৰিব।
১৪ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ বনাসকান্ঠাৰ অম্বাজী মন্দিৰ দৰ্শন কৰি পূজা আগবঢ়াব। অম্বাজী মন্দিৰ হৈছে ৫১টা পূজ্য শক্তিপীঠৰ অন্যতম।
বেংগালুৰুত প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে স্বামী বিবেকানন্দ যোগ অনুসন্ধান সংস্থান (এছ-ব্যাছা)ৰ মুখ্য কাৰ্যালয় চৌহদ প্ৰশান্তি কুটিৰামৰ সোণালী জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰিব। এই উপলক্ষে তেওঁ কেৰালাৰ তিৰুৱন্তপুৰমত সোণালী জয়ন্তী প্ৰশাসনিক খণ্ডৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এছ-ব্যাছাৰ অফ-কেম্পাচ মুকলি কৰিব।
২০২৬ চনৰ ১৩ ৰ পৰা ২৩ নৱেম্বৰলৈ 'বিকশিত ভাৰত ২০৪৭ৰ দিশত' শীৰ্ষক বিষয়বস্তুক লৈ অনুষ্ঠিত হ'বলগীয়া সোণালী জয়ন্তী উদযাপনে প্ৰতিষ্ঠান গঠন আৰু সেৱাৰ পাঁচটা দশক চিহ্নিত কৰে। ১৯৭৫ চনত প্ৰতিষ্ঠা কৰা, প্ৰশান্তি কুটিৰাম ভাৰতৰ আধ্যাত্মিক জ্ঞানৰ সৈতে আধুনিক বিজ্ঞানক একত্ৰিত কৰাৰ লক্ষ্যৰে প্ৰতিষ্ঠা কৰা হৈছিল আৰু ই যোগ শিক্ষা তথা গৱেষণাৰ বাবে উৎসৰ্গিত।
এই অনুষ্ঠানত ১৯২৬ চনত বেংগালুৰুত জন্মগ্ৰহণ কৰা এজন বিশিষ্ট চিন্তাবিদ, লেখক আৰু সংগঠক শ্ৰী হংগাচন্দ্ৰা ভেংকটৰামাইয়া শেষাদ্ৰী জীৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হ'ব। তেওঁ ১৯৪৬ চনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগদান কৰিছিল আৰু ১৯৮৭ চনৰ পৰা ২০০০ চনলৈ ইয়াৰ সৰকাৰ্যবাহ হিচাপে সেৱা আগবঢ়াইছিল। তেওঁ এছ-ব্যাসাৰ আঁৰৰ দূৰদৰ্শীসকলৰ ভিতৰত এজন আছিল আৰু তেওঁৰ অনুপ্ৰেৰণা তথা নিৰ্দেশনাই প্ৰশান্তি কুটিৰামৰ বিকাশ আৰু দশকজুৰি প্ৰতিষ্ঠানটোৰ অভিযানক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
প্ৰধানমন্ত্ৰীয়ে বেংগালুৰুত ১৫,৬০০ কোটি টকাতকৈও অধিক ব্যয়ৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, দেশবাসীৰ নামত উচৰ্গা কৰাৰ লগতে আধাৰশিলা স্থাপন আৰু মুকলি কৰিব। এই প্ৰকল্পবোৰ নগৰীয়া গতিশীলতা, শক্তি পৰিবহণ, নৱীকৰণযোগ্য শক্তি, পেট্ৰ'লিয়াম আন্তঃগাঁথনি, আৱৰ্জনা ব্যৱস্থাপনা আৰু ৰে'লৱেকে ধৰি মুখ্য খণ্ডসমূহত বিস্তৃত।
প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৩,৪৭০ কোটি টকা ব্যয়েৰে বিকশিত কালেনা অগ্ৰহাৰাৰ পৰা টাবেৰেকেৰেলৈ বেংগালুৰু মেট্ৰ'ৰ পিংক লাইন উদ্বোধন কৰিব। নতুন অংশটোৱে বেংগালুৰুত নগৰীয়া যোগাযোগ বৃদ্ধি কৰিব, দৈনিক যাতায়ত সূচল কৰিব, ভ্ৰমণৰ সময় হ্ৰাস কৰিব আৰু ৰাজহুৱা পৰিবহণ সুবিধা শক্তিশালী কৰিব।
প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৪,৪৫০ কোটি টকা বিনিয়োগেৰে বিকশিত কোপ্পাল-২ আৰু গাদাগ-২ত নৱীকৰণযোগ্য শক্তি মণ্ডলৰ একত্ৰীকৰণৰ বাবে ট্ৰেন্সমিচন আঁচনিও উদ্বোধন কৰিব। ট্ৰেন্সমিচন প্ৰণালীটোৱে কৰ্ণাটকৰ কোপ্পাল আৰু গাদাগ অঞ্চলৰ পৰা প্ৰায় ২ গিগাৱাট নৱীকৰণযোগ্য শক্তিৰ সম্ভাৱনীয়তা স্থানান্তৰ কৰাত সহায় কৰিব। তেওঁ প্ৰায় ১,৩৭০ কোটি টকা বিনিয়োগেৰে বিদাৰত বিকশিত সৌৰ শক্তি মণ্ডলৰ বাবে সঞ্চাৰণ আঁচনিও উদ্বোধন কৰিব। এই প্ৰকল্পত এটা বিদাৰ পুলিং ষ্টেচন স্থাপন কৰা হৈছে আৰু অঞ্চলটোৰ পৰা ২.৫ গিগাৱাট সৌৰ শক্তি স্থানান্তৰ কৰাত সহায় কৰিব।
প্ৰধানমন্ত্ৰীয়ে ৩,৪৫০ কোটি টকাতকৈও অধিক বিনিয়োগেৰে দাভানাগেৰে/চিত্ৰদুৰ্গা আৰু বল্লাৰী নৱীকৰণযোগ্য শক্তি অঞ্চলৰ একত্ৰীকৰণৰ বাবে ট্ৰেন্সমিচন আঁচনিৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে ১,১০০ কোটি টকাৰো অধিক বিনিয়োগেৰে দাভানাগেৰে আৰু বল্লাৰীত অতিৰিক্ত নৱীকৰণযোগ্য শক্তিৰ সম্ভাৱনীয়তাৰ একত্ৰীকৰণৰ বাবে ট্ৰেন্সমিচন ব্যৱস্থা শক্তিশালীকৰণ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব।
প্ৰধানমন্ত্ৰীয়ে ৮৫০ কোটি টকাতকৈও অধিক ব্যয়েৰে মাংগালুৰুত নিৰ্মিত ভাৰতৰ সৰ্ববৃহৎ ভূগৰ্ভস্থ এলপিজি ষ্টোৰেজ ভঁৰাল দেশবাসীৰ নামত উচৰ্গা কৰিব। ৮০,০০০ মেট্ৰিক টন সঞ্চয় ক্ষমতাৰ সৈতে, এই সুবিধাটোৱে ভাৰতৰ এলপিজি সঞ্চয় আন্তঃগাঁথনি যথেষ্ট শক্তিশালী কৰিব। প্ৰকল্পটোত নিউ মাংগালোৰ বন্দৰক মূল টাৰ্মিনেলৰ সৈতে সংযোগ কৰা ৯.৪ কিলোমিটাৰ এলপিজি পাইপলাইনো অন্তৰ্ভুক্ত আছে, যাৰ ফলত এলপিজিৰ দক্ষ পৰিবহন আৰু সংৰক্ষণৰ সুবিধা প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে বেংগালুৰুৰ মাংগালুৰু শোধনাগাৰ আৰু পেট্ৰ'কেমিকেল লিমিটেড (এমআৰপিএল)ৰ দেৱংগনথি বিপণন টাৰ্মিনেলটোও দেশবাসীৰ নামত উচৰ্গা কৰিব। ৩৩০ কোটি টকা বিনিয়োগত নিৰ্মিত এই অত্যাধুনিক সুবিধাটোৱে কৰ্ণাটকত পেট্ৰ'লিয়াম সামগ্ৰী সংৰক্ষণ আৰু বিতৰণ আন্তঃগাঁথনি শক্তিশালী কৰিব।
প্ৰধানমন্ত্ৰীয়ে বেংগালুৰুৰ হাৰালাকুণ্টেত গেইলৰ সংকুচিত জৈৱগেছ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰকল্পটোৱে ১২.৬ টন পৰিষ্কাৰ সংকুচিত জৈৱ গেছ (চিবিজি) উৎপাদন কৰিবলৈ দৈনিক প্ৰায় ৩০০ টন পৌৰসভাৰ গোটা আৱৰ্জনা সংসাধন কৰিব। এই প্ৰকল্পটোৱে বৈজ্ঞানিক আৱৰ্জনা ব্যৱস্থাপনাৰ প্ৰচাৰ কৰিব, পৰম্পৰাগত ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব আৰু এক পৰিষ্কাৰ আৰু অধিক বহনক্ষম পৰিৱেশত অৰিহণা যোগাব।
প্ৰধানমন্ত্ৰীয়ে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত চাৰিটা পুনৰ্নিৰ্মিত ৰে'ল ষ্টেচন উদ্বোধন কৰিব- চামৰাজনগৰ, চিক্কমগলুৰু, সক্লেশপুৰ আৰু সুব্ৰমণ্য ৰোড। পুনৰ বিকশিত এই ষ্টেচনবোৰে উন্নত যাত্ৰীৰ সুবিধা প্ৰদান কৰিব আৰু চহৰৰ কেন্দ্ৰ হিচাপে কাম কৰিব, অঞ্চলটোত স্থানীয় বাণিজ্যিক কাৰ্যকলাপ আৰু পৰ্যটনৰ প্ৰচাৰ কৰিব।
প্ৰধানমন্ত্ৰীয়ে ৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাগলকোট-ৱাণ্ডাল ৰে'লপথৰ দ্বৈত শাখাটো দেশবাসীৰ নামত উচৰ্গা কৰিব, যি ২৮৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গদাগ-হোটগী দ্বৈত প্ৰকল্পৰ অংশ হ'ব। এই অংশটোৱে যাত্ৰী আৰু মালবাহী চলাচল উন্নত কৰিব, স্থানীয় বাণিজ্যক সমৰ্থন কৰিব আৰু কুডগী এনটিপিচি প্ৰকল্পলৈ কয়লা যোগানৰ সুবিধা প্ৰদান কৰিব।
প্ৰধানমন্ত্ৰীয়ে ৫৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ সক্লেশপুৰ-সুব্ৰমণ্য ৰোড ঘাট ৰে'লৱে শাখাৰ বৈদ্যুতিকৰণ প্ৰকল্পও দেশবাসীৰ নামত উচৰ্গা কৰিব। ভাৰতৰ অন্যতম প্ৰত্যাহ্বানমূলক ৰে'ল ভূখণ্ডৰ মাজেৰে পাৰ হৈ যোৱা এই প্ৰকল্পটোৱে এক গুৰুত্বপূৰ্ণ অভিযান্ত্ৰিক সাফল্য চিহ্নিত কৰে। ইয়াৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে সমগ্ৰ বেংগালুৰু-মাংগালুৰু ৰে'ল পথটো এতিয়া সম্পূৰ্ণৰূপে বৈদ্যুতিকৰণ হৈ পৰিব।
প্ৰধানমন্ত্ৰীয়ে বেংগালুৰু-মাংগালুৰু-মাদগাঁও বন্দে ভাৰত এক্সপ্ৰেছ মুকলি কৰিব, যি বেংগালুৰু, উপকূলীয় কৰ্ণাটক আৰু গোৱাৰ মাজত দ্ৰুত আৰু আধুনিক ৰে'ল সংযোগ প্ৰদান কৰিব। এই সেৱাই মাদগাঁৱত উপস্থিত হোৱাৰ আগতে হাছান, চাক্লেশপুৰ, মাংগালুৰু, উড়ুপি, মুৰ্দেশ্বৰ, গোকৰ্ণ আৰু কাৰৱাৰকে ধৰি মুখ্য গন্তব্যস্থানসমূহক সংযোগ কৰিব, যাত্ৰীসকলক লাভান্বিত কৰাৰ লগতে অঞ্চলটোৰ পৰ্যটনৰ উন্নতি সাধন কৰিব।
মাইচুৰু(মহীশূৰ)ত প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে 'এক পেড় মা কে নাম' পদক্ষেপৰ অংশ হিচাপে ভাৰত বনত গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ভাৰত বন হৈছে জাপানী মিয়াৱাকি কৌশল ব্যৱহাৰ কৰি ঘন, স্ব-নিৰ্ভৰশীল থলুৱা অৰণ্য বিকশিত কৰাৰ লক্ষ্যৰে এক নগৰীয়া বননীকৰণ প্ৰচেষ্টা। ১৭.৬৩ একৰ জুৰি বিস্তৃত মাইচুৰু প্ৰকল্পৰ লক্ষ্য হৈছে ২ লাখৰো অধিক থলুৱা গছৰ সৈতে এক সেউজ সামূহিক সম্পদ সৃষ্টি কৰা। প্ৰকল্পটোত থলুৱা জোপোহা, কাঠ, ছাউনি, ফুল আৰু ফল ধৰা গছৰ বৃদ্ধিত সহায় কৰিবলৈ গৰুৰ গোবৰ, পচন সাৰ আৰু জীৱাম্ৰিতৰ দৰে প্ৰাকৃতিক মাটি সমৃদ্ধকৰণ সামগ্ৰী ব্যৱহাৰ কৰা হয়। বহু-স্তৰীয় অৰণ্যবোৰে জৈৱবৈচিত্ৰ্য বৃদ্ধি, ভূগৰ্ভস্থ পানী ৰিচাৰ্জ উন্নত কৰা, ধূলি আৰু বায়ু প্ৰদূষণ হ্ৰাস কৰা, স্থানীয় উষ্ণতা নিয়ন্ত্ৰণ কৰা, মাটি খহনীয়া প্ৰতিৰোধ কৰা আৰু কাৰ্বন পৃথকীকৰণক সমৰ্থন কৰাত সহায় কৰিব।
প্ৰধানমন্ত্ৰীয়ে কছমছ-মাইচুৰু তাৰকাগৃহ উদ্বোধন কৰিব, যি দেশত তাৰকাগৃহ প্ৰযুক্তি আৰু জ্যোতিৰ্বিজ্ঞানৰ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ অগ্ৰগতি চিহ্নিত কৰিব। ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰোফিজিক্স (আইআইএ)ৰ দ্বাৰা নিৰ্মিত, কছমছ-মাইচুৰু হৈছে ভাৰতৰ প্ৰথমটো এলইডি গম্বুজযুক্ত তাৰকাগৃহ। জ্যোতিৰ্বিজ্ঞান শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে পৰিকল্পিত ই চামুণ্ডি পাহাৰৰ পাদদেশত মাইচুৰু বিশ্ববিদ্যালয়ৰ চৌহদত অৱস্থিত।
অত্যাধুনিক সুবিধাটোত ৪.২ কোটি ব্যক্তিগত এলইডিৰ সৈতে ৬,১৫০ খন পেনেলেৰে গঠিত ১৫ মিটাৰ হেলনীয়া গম্বুজ আছে। পৰম্পৰাগত তাৰকাগৃহৰ বিপৰীতে যি নিষ্ক্ৰিয় গম্বুজত ছবি প্ৰদৰ্শন কৰিবলৈ প্ৰজেক্টৰ ব্যৱহাৰ কৰে, ইয়াৰ এলইডি পেনেলবোৰ বাস্তৱ সময়ত নিয়ন্ত্ৰণ কৰিব পাৰি, যি এক নিমজ্জিত দৃশ্য অভিজ্ঞতা আৰু জ্যোতিৰ্বিজ্ঞান শিক্ষাৰ বাবে নতুন সম্ভাৱনীয়তা প্ৰদান কৰে।
স্কাই থিয়েটাৰত পেছাদাৰীভাৱে নিৰ্মিত জ্যোতিৰ্বিজ্ঞানৰ কাৰ্যসূচী প্ৰদৰ্শন কৰা হ'ব, লগতে মাইচুৰুৰ ইতিহাস আৰু জ্যোতিৰ্বিজ্ঞানৰ মাজৰ সম্পৰ্ক অন্বেষণ কৰা এখন আভ্যন্তৰীণ চলচ্চিত্ৰ প্ৰদৰ্শন কৰিব। অনুষ্ঠানবোৰ কন্নড় ভাষা, ইংৰাজী আৰু হিন্দী ভাষাত উপলব্ধ হ'ব। কেন্দ্ৰটোত প্ৰদৰ্শনী হল, জ্যোতিৰ্বিজ্ঞানৰ আৰ্হি আৰু শিল্পকলাৰ সৈতে এটা সংগ্ৰহালয়, এটা বক্তৃতা কক্ষ, এটা প্ৰশিক্ষণ কেন্দ্ৰ আৰু ইণ্টাৰেক্টিভ প্ৰদৰ্শনী থাকিব।
কেন্দ্ৰটোৰ কাৰ্যকলাপ ইণ্ডিয়ান ইনষ্টিটিউট অৱ এষ্ট্ৰোফিজিক্সৰ গৱেষণা, সমগ্ৰ ভাৰত আৰু মহাকাশত বহু-তৰংগদৈৰ্ঘ্যৰ দূৰবীণ সুবিধাৰ পৰিচালনা, ভৱিষ্যতৰ জ্যোতিৰ্বিজ্ঞানৰ সুবিধাৰ বিকাশ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰচাৰ কাৰ্যসূচীৰ পৰিপূৰকৰূপে বিবেচিত হ'ব।
***
MJPS/SS/PRK/MK