কেবিনেট
azadi ka amrit mahotsav

৫ টা ষ্টেচনৰ সৈতে ৮.৪৪৯ কিলোমিটাৰ পথ দৈৰ্ঘ্যৰ নয়ডা ছেক্টৰ-৫১ৰ পৰা গ্ৰেটাৰ নয়ডা ছেক্টৰ-০৪লৈ একুৱা লাইন মেট্ৰ’ ৰে’ল কৰিডৰ সম্প্ৰসাৰণত কেবিনেটৰ অনুমোদন

পোষ্ট কৰা হৈছে: 11 NOV 2026 3:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে নয়ডা মেট্ৰ’ ৰে’ল প্ৰকল্পৰ একুৱা লাইন মেট্ৰ’ ৰে’ল কৰিড’ৰৰ নয়ডা ছেক্টৰ-৫১ৰ পৰা গ্ৰেটাৰ নয়ডা ছেক্টৰ-০৪লৈ ৫ টা এলিভেটেড ষ্টেচনৰ সৈতে ৮.৪৪৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ কৰিড’ৰৰ সম্প্ৰসাৰণত অনুমোদন জনাইছে। এই কৰিড’ৰটো সক্ৰিয় হ’লে নয়ডা আৰু গ্ৰেটাৰ নয়ডা চহৰৰ মুঠ ৭১.৮৭৮ কিলোমিটাৰজুৰি সক্ৰিয় মেট্ৰ’ ৰে’ল নেটৱৰ্ক থাকিব।

সুবিধা আৰু সমৃদ্ধিৰ শক্তিশালীকৰণ:

নয়ডা ছেক্টৰ-৫১ৰ পৰা নয়ডা মেট্ৰ’ ৰে’ল প্ৰকল্পৰ গ্ৰেটাৰ নয়ডা ছেক্টৰ-০৪লৈ একুৱা লাইন মেট্ৰ’ ৰে’ল কৰিড’ৰৰ সম্প্ৰসাৰণে চহৰখনৰ আন্তঃগাঁথনি উন্নয়নৰ এক উল্লেখযোগ্য অগ্ৰগতি হিচাপে পৰিগণিত হ’ব। এই প্ৰকল্পই চহৰখনত মেট্ৰ’ ৰে’ল নেটৱৰ্কৰ এক বৃহৎ সম্প্ৰসাৰণ হিচাপে কাম কৰিব।

উন্নীত যোগাযোগ:

নয়ডা মেট্ৰ’ প্ৰকল্পৰ নয়ডা ছেক্টৰ-৫১ৰ পৰা গ্ৰেটাৰ নয়ডা ছেক্টৰ-০৪লৈ একুৱা লাইন মেট্ৰ’ ৰে’ল কৰিড’ৰ সম্প্ৰসাৰণে প্ৰায় ৮.৪৪৯ কিলোমিটাৰ নতুন মেট্ৰ’ লাইনৰ সূচনা কৰিব, যাৰ ফলত নয়ডা আৰু গ্ৰেটাৰ নয়ডা চহৰত ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ যথেষ্ট উন্নতি হ’ব, য’ত বৰ্তমান দক্ষ যোগাযোগৰ অভাৱ আছে আৰু লগতে ই নয়ডা ছেক্টৰ-৬১ ব্লু লাইনত অদল-বদলকে ধৰি উচ্চ চাহিদাৰ কৰিড’ৰৰ সৈতেও প্ৰত্যক্ষ যোগাযোগ প্ৰদান কৰিব।

এই পৰ্যায়ৰ লক্ষ্য হৈছে নয়ডাৰ মূল অঞ্চলসমূহক নিৰৱচ্ছিন্নভাৱে সংহত কৰা, য'ত অন্তৰ্ভুক্ত আছে:

  • গৌৰ চিটি মল, এইচ এণ্ড এছ মল আৰু কাৰ্যালয়, গ্ৰেটাৰ নয়ডা ছেক্টৰ-০৪ত ব্লু ছেফায়াৰ মল আৰু বাণিজ্যিক স্থান, নয়ডা ছেক্টৰ-৫১ত আই কে ই এ আৰু নয়ডা ছেক্টৰ-৭৩ত এন্থুৰিয়াম মলৰ দৰে বাণিজ্যিক কেন্দ্ৰ।
  • প্ৰধান এমএনচি আৰু তথ্য প্ৰযুক্তি কেন্দ্ৰ, যেনে- টেক মহিন্দ্ৰা কাৰ্যালয়, নয়ডা ছেক্টৰ-৬০ত টিচিএল টেক কাৰ্যালয়, নয়ডা ছেক্টৰ-৭৩ত তৈল উদ্যোগ উন্নয়ন ব’ৰ্ড আৰু গ্ৰেটাৰ নয়ডা ছেক্টৰ-০৪ত গোল্ডেন আই কাৰ্যালয় আৰু বাণিজ্যিক স্থান।
  • শিক্ষানুষ্ঠান, যেনে- নয়ডা ছেক্টৰ-১২২ত থকা দিল্লী পাব্লিক স্কুল ইত্যাদি।
  • জটিল স্বাস্থ্যসেৱা সম্পৰ্কীয় সুবিধা, বিশেষকৈ কৈলাস হাস্পতাল, নয়ডা ছেক্টৰ-৭০ৰ ৰামা হাস্পতাল, নয়ডা ছেক্টৰ-৫১ৰ ক্লাউড৯ হাস্পতাল আৰু নয়ডা ছেক্টৰ-৬২ৰ ৰামা হাস্পতাল।
  • প্ৰধান আবাসিক ছ’চাইটি, যেনে- ক্লিঅ’ কাউন্টি ৰেচিডেন্সিছাট নয়ডা ছেক্টৰ-১২২ আৰু গ্ৰেটাৰ নয়ডা ছেক্টৰ-০৪ত গৌৰ চিটি ১ আৰু ২।

এই গুৰুত্বপূৰ্ণ অঞ্চলসমূহক মেট্ৰ’ নেটৱৰ্কৰ সৈতে সংযোগ কৰি নয়ডা ছেক্টৰ-৫১ৰ পৰা গ্ৰেটাৰ নয়ডা ছেক্টৰ-০৪লৈ একুৱা লাইন মেট্ৰ’ ৰে’ল কৰিড’ৰৰ সম্প্ৰসাৰণে কেৱল সংযোগ বৃদ্ধি কৰাই নহয়, নিয়োগ, ব্যৱসায়, শিক্ষা আৰু সাধাৰণ পৰিবহণৰ সৈতে জড়িত বাসিন্দা আৰু যাতায়াতকাৰী উভয়ৰে বাবে অৰ্থনৈতিক কাম-কাজক উৎসাহ যোগাব আৰু নগৰীয়া যাতায়াত সূচল কৰি তুলিব।

  • যান-জঁট হ্ৰাস: মেট্ৰ’ ৰে’লে এক দক্ষ বিকল্প পথ পৰিবহণ হিচাপে তথা নয়ডা আৰু গ্ৰেটাৰ নয়ডা চহৰত মেট্ৰ’ ৰে’ল নেটৱৰ্কৰ সম্প্ৰসাৰণে নয়ডা ছেক্টৰ-৫১ৰ পৰা গ্ৰেটাৰ নয়ডা ছেক্টৰ-০৪লৈ একুৱা লাইন মেট্ৰ’ ৰে’ল কৰিড’ৰৰ সম্প্ৰসাৰণৰ দ্বাৰা যান-জঁট দূৰ হোৱাৰ সম্ভাৱনা আছে। পথত যাতায়াত হ্ৰাসৰ ফলত যান-বাহনৰ মসৃণ গতি, যাতায়াতৰ সময় হ্ৰাস, সামগ্ৰিকভাৱে পথ সুৰক্ষা বৃদ্ধি হ’ব ইত্যাদি।
  • পাৰিবেশিক সুবিধা: নয়ডা ছেক্টৰ-৫১ৰ পৰা গ্ৰেটাৰ নয়ডা ছেক্টৰ-০৪লৈ একুৱা লাইন মেট্ৰ’ ৰে’ল কৰিডৰ সম্প্ৰসাৰণ আৰু নয়ডা আৰু গ্ৰেটাৰ নয়ডা চহৰত সামগ্ৰিক মেট্ৰ’ ৰে’ল নেটৱৰ্কৰ সম্প্ৰসাৰণে পৰম্পৰাগত জীৱাশ্ম ইন্ধনভিত্তিক পৰিবহণৰ তুলনাত কাৰ্বন নিৰ্গমন যথেষ্ট হ্ৰাস কৰিব।
  • অৰ্থনৈতিক বৃদ্ধিঃ ভ্ৰমণৰ সময় হ্ৰাস আৰু চহৰৰ বিভিন্ন অংশ আৰু পৰিবহণ কেন্দ্ৰ, যেনে- দিল্লীৰ বিমানবন্দৰ, দিল্লীৰ ৰে’ল ষ্টেচন আৰু বিভিন্ন বাছ ডিপোলৈ উন্নত সংযোগে জনসাধাৰণক নিজৰ কৰ্মস্থলী আৰু গন্তব্যস্থানত অধিক সূচলভাৱে উপনীত হোৱাত সুবিধা প্ৰদান কৰি উৎপাদনশীলতা বৃদ্ধি কৰিব। লগতে বৰ্ধিত সংযোগে স্থানীয় ব্যৱসায়ীসকলক উৎসাহিত কৰিব, বিশেষকৈ নতুন মেট্ৰ’ ষ্টেচনৰ ওচৰৰ অঞ্চলসমূহৰ ব্যৱসায়ীসকলক যিয়ে পূৰ্বৰ কম সূচল অঞ্চলসমূহৰ প্ৰতিও বিনিয়োগ আৰু উন্নয়ন আকৰ্ষণ কৰিব।
  • সামাজিক প্ৰভাৱ: নয়ডাৰ নয়ডা ছেক্টৰ-৫১ৰ পৰা গ্ৰেটাৰ নয়ডা ছেক্টৰ-০৪লৈ একুৱা লাইন মেট্ৰ’ ৰে’ল কৰিড’ৰ সম্প্ৰসাৰণে ৰাজহুৱা পৰিবহণৰ অধিক ন্যায্য সুবিধা প্ৰদান কৰিব, বিভিন্ন আৰ্থ-সামাজিক গোটসমূহক উপকৃত কৰিব আৰু পৰিবহণৰ অসমতা হ্ৰাস কৰিব, যিয়ে যাতায়াতৰ সময় হ্ৰাস কৰাৰ লগতে অত্যাৱশ্যকীয় সেৱাসমূহৰ সুবিধা উন্নত কৰি জীৱন-যাপনৰ মান উন্নত কৰিব।
  • নয়ডা ছেক্টৰ-৫১ৰ পৰা নয়ডা মেট্ৰ’ ৰে’ল প্ৰকল্পৰ গ্ৰেটাৰ নয়ডা ছেক্টৰ-০৪লৈ একুৱা লাইন মেট্ৰ’ ৰে’ল কৰিড’ৰৰ সম্প্ৰসাৰণ চহৰখনৰ বাবে এক পৰিবৰ্তনশীল উন্নয়ন হ’ব। ই বৰ্ধিত সংযোগ, যান-জঁট হ্ৰাস, পাৰিবেশিক সুবিধা, অৰ্থনৈতিক সমৃদ্ধি আৰু জীৱন-যাপনৰ উন্নত মানৰ প্ৰতিশ্ৰুতি দিয়ে। মূল নগৰীয়া প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰি তথা ভৱিষ্যতৰ সম্প্ৰসাৰণৰ বাবে ভেটি প্ৰদান কৰি ই চহৰখনৰ উন্নয়নৰ ঊৰ্ধ্বমুখী গতি আৰু বহনক্ষমতা গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

****

MJPS/HS


(ৰিলিজ আই ডি : 2335061) অতিথি কক্ষ : 6
ত এই ৰিলিজটো পঢ়ক: Malayalam , English , Urdu , हिन्दी , Gujarati , Telugu , Kannada