কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ ৰাজ্যমন্ত্ৰী শ্ৰী ৰামনাথ ঠাকুৰৰ আইচিএআৰ-চিআইএফইৰ কলকাতা কেন্দ্ৰ পৰিদৰ্শন

কৃষি উন্নয়ন আৰু কৃষকৰ কল্যাণৰ অগ্ৰগতিৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত অধিক শক্তিশালী সমন্বয়ৰ আহ্বান

প্ৰাকৃতিক কৃষি, বহনক্ষম কৃষি পদ্ধতি আৰু প্ৰযুক্তিৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ

পোষ্ট কৰা হৈছে: 10 NOV 2026 3:44PM by PIB Guwahati

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ ৰাজ্যমন্ত্ৰী শ্ৰী ৰামনাথ ঠাকুৰে আজি আইচিএআৰ-চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ফিছাৰিজ এডুকেচন (আইচিএআৰ-চিআইএফই)ৰ কলকাতা কেন্দ্ৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত শ্ৰী ঠাকুৰে কৃষি উন্নয়নৰ গতি ত্বৰান্বিত কৰা, বহনক্ষম কৃষি পদ্ধতিৰ প্ৰসাৰ আৰু কৃষকৰ কল্যাণৰ উন্নতিৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত অধিক শক্তিশালী সহযোগিতাৰ আহ্বান জনায়।

 

সভাত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৃষি উন্নয়নমূলক কাৰ্যসূচীসমূহৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, কৃষি গৱেষণা প্ৰতিষ্ঠান আৰু অন্যান্য অংশীদাৰসকলৰ মাজত সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কৃষি উৎপাদনশীলতা আৰু কৃষকৰ জীৱিকাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত সহযোগিতামূলক গৱেষণা, প্ৰযুক্তিৰ প্ৰসাৰ, দক্ষতা বিকাশ আৰু প্ৰতিষ্ঠানসমূহৰ মাজত সমন্বয়ৰ গুৰুত্বৰ কথাও উল্লেখ কৰে।

 

মন্ত্ৰীগৰাকীয়ে মাটিৰ স্বাস্থ্য বজাই ৰখা, প্ৰাকৃতিক সম্পদ সংৰক্ষণ, ৰাসায়নিক উপাদানৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু দীৰ্ঘম্যাদী পৰিৱেশগত বহনক্ষমতা নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰাকৃতিক কৃষি আৰু বহনক্ষম কৃষি পদ্ধতিৰ গুৰুত্বৰ কথা উল্লেখ কৰে। তেওঁ কৃষি বিজ্ঞানী আৰু প্ৰতিষ্ঠানসমূহক কৃষক-অনুকূল, অৰ্থনৈতিকভাৱে লাভজনক আৰু পৰিৱেশগতভাৱে বহনক্ষম প্ৰযুক্তি উদ্ভাৱন আৰু প্ৰসাৰৰ বাবেও উৎসাহিত কৰে।

 

এই কাৰ্যসূচীত পশ্চিমবংগ চৰকাৰৰ কৃষিমন্ত্ৰী শ্ৰী দুধ কুমাৰ মণ্ডলে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে।

 

ইয়াৰ পূৰ্বে আইচিএআৰ-চিআইএফইৰ কলকাতা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী তথা মুৰব্বী ড০ টি কে ঘোষালে বিশিষ্ট অতিথিসকলক আদৰণি জনায় আৰু কৃষি তথা আনুষংগিক খণ্ডসমূহৰ উন্নয়নৰ অগ্ৰগতিত প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

 

এই কাৰ্যসূচীত কেইবাখনো প্ৰকাশন উন্মোচন কৰাৰ লগতে মুখ্য অতিথি আৰু সন্মানীয় অতিথিক সম্বৰ্ধনা জনোৱা হয়।

 

ইয়াৰ উপৰি পশ্চিমবংগ চৰকাৰৰ কৃষি বিভাগ আৰু আইচিএআৰৰ অধীনস্থ প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকৰ আয়োজন কৰা হয়। এই বৈঠকত আইচিএআৰ-চিআইএফই, আইচিএআৰ-এনআইএনএফইটি, আইচিএআৰ-এটিএআৰআই আৰু আইচিএআৰ-এনবিএছএছ এণ্ড এলইউপিৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। বৈঠকত প্ৰতিষ্ঠানসমূহৰ কাৰ্যকলাপসমূহ পৰ্যালোচনা কৰাৰ লগতে সমন্বয় অধিক শক্তিশালী কৰাৰ সম্ভাৱনাসমূহৰ বিষয়ে আলোচনা কৰা হয়।

              **********

SSS/S Saha/Kol/PB


(ৰিলিজ আই ডি : 2334917) অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Bengali , Tamil