সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

'নিচা মুক্ত যুৱ, বিকশিত ভাৰত কুইজ'ত ২৫,৬০৭ জনতকৈও অধিক লোকে অংশগ্ৰহণ কৰিছে

২০২৬ চনৰ ২৫ নৱেম্বৰলৈকে এই কুইজত অংশগ্ৰহণৰ সুবিধা মুকলি থাকিব

এই অভিযানে ১৪.৩৩ কোটি যুৱক-যুৱতী আৰু ১১.৩২ কোটি মহিলাকে ধৰি ৩৫.৮৪ কোটিতকৈও অধিক লোকক স্পৰ্শ কৰিছে

শিক্ষানুষ্ঠানসমূহত ৩৩.৫৭ লাখতকৈও অধিক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে; ৩৯.৯১ লাখ লোকক চিকিৎসা আৰু পুনৰ্সংস্থাপন কৰা হৈছে; সমগ্ৰ দেশতে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ দ্বাৰা সমৰ্থিত ৭৫৫ টাতকৈও অধিক নিচা মুক্তি কেন্দ্ৰই কাম কৰি আছে

৪৬.৭৩ লাখতকৈও অধিক লোকে নিচা মুক্তিৰ সংকল্প লৈছে; ২ লাখতকৈও অধিক নিচা মুক্তি মিত্ৰ পঞ্জীয়ন কৰা হৈছে

পোষ্ট কৰা হৈছে: 10 NOV 2026 6:07PM by PIB Guwahati

অনলাইন ‘নিচা মুক্ত যুৱ, বিকশিত ভাৰত কুইজ’ত উৎসাহজনক সঁহাৰি পৰিলক্ষিত হৈছে। ২০২৬ চনৰ ১০ নৱেম্বৰলৈকে মুঠ অংশগ্ৰহণকাৰীৰ সংখ্যাই ২৫,৬০০ অতিক্ৰম কৰিছে। বৰ্ধিত অংশগ্ৰহণে বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছ মুক্ত ভাৰত গঢ়ি তোলাৰ সামূহিক প্ৰচেষ্টাত জনসাধাৰণৰ ক্ৰমবৰ্ধমান অংশগ্ৰহণক প্ৰতিফলিত কৰিছে।

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে নিচা মুক্ত ভাৰত অভিযানৰ অধীনত ২০২৬ চনৰ ২৬ অক্টোবৰত এই কুইজ আৰম্ভ কৰিছিল। এই পদক্ষেপৰ উদ্দেশ্য হৈছে ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্য ব্যৱহাৰৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু নাগৰিকসকলক, বিশেষকৈ যুৱ প্ৰজন্মক নিচা মুক্ত ভাৰত গঢ়ি তোলাত সক্ৰিয়ভাৱে অৰিহণা যোগাবলৈ উৎসাহিত কৰা।

মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, এই কুইজ ২৬ অক্টোবৰৰ পৰা ২৫ নৱেম্বৰ, ২০২৬ লৈ অনুষ্ঠিত হৈছে আৰু ই সকলো নাগৰিকৰ বাবে মুকলি। তেওঁ কয় যে আগ্ৰহী অংশগ্ৰহণকাৰীসকলে 'MY Bharat' পৰ্টেলৰ জৰিয়তে এই কুইজ খেলিব পাৰিব আৰু এই দেশজুৰি চলোৱা সজাগতা অভিযানত অংশ ল'ব পাৰিব।

অংশগ্ৰহণৰ লিংক: https://mybharat.gov.in/quizzes/yuva/detail/Url9dlIwCinQVSf8lwPB9w/

তেওঁ লগতে কয় যে ২০২০ চনৰ ১৫ আগষ্টত আৰম্ভ কৰা নিচা মুক্ত ভাৰত অভিযানৰ উদ্দেশ্য হৈছে প্ৰতিৰোধমূলক শিক্ষা, সজাগতা সৃষ্টি, চিকিৎসা, পুনৰ্সংস্থাপন আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণৰ জৰিয়তে ড্ৰাগছৰ চাহিদা হ্ৰাস কৰাৰ প্ৰচেষ্টাক শক্তিশালী কৰা। প্ৰথমতে ২৭২ খন অতি সংবেদনশীল জিলাত আৰম্ভ কৰা এই অভিযান এতিয়া সমগ্ৰ দেশৰ সকলো জিলালৈ সম্প্ৰসাৰণ কৰা হৈছে।

বিষয়াজনে কয় যে এই অভিযানে এতিয়ালৈকে ৩৫.৮৪ কোটিতকৈও অধিক লোকক স্পৰ্শ কৰিছে, যাৰ ভিতৰত ১৪.৩৩ কোটি যুৱক-যুৱতী আৰু ১১.৩২ কোটি মহিলা আছে। ই ইয়াৰ সজাগতা আৰু প্ৰসাৰ কাৰ্যসূচীৰ ব্যাপকতাক প্ৰতিফলিত কৰিছে।

অভিযানৰ অধীনত শিক্ষানুষ্ঠানসমূহত ৩৩.৫৭ লাখতকৈও অধিক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইফালে, সমগ্ৰ দেশতে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ (DoSJE)ৰ দ্বাৰা সমৰ্থিত ৭৫৫ টাতকৈও অধিক নিচা মুক্তি কেন্দ্ৰৰ জৰিয়তে ৩৯.৯১ লাখ লোকক চিকিৎসা আৰু পুনৰ্সংস্থাপনৰ দিহা কৰা হৈছে। নিচা মুক্তিৰ সংকল্প লোৱা লোকৰ মুঠ সংখ্যাই ৪৬.৭৩ লাখ অতিক্ৰম কৰিছে আৰু ২ লাখতকৈও অধিক 'নিচা মুক্তি মিত্ৰ' পঞ্জীয়ন কৰা হৈছে।

এই অভিযানে সপ্তম বছৰত ভৰি দিয়াৰ কথা উল্লেখ কৰি বিষয়াজনে কয় যে চলি থকা কুইজটোৱে ড্ৰাগছৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে জনসাধাৰণৰ ধাৰণা গভীৰ কৰিব বিচাৰে, সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব বিচাৰে আৰু যুৱ প্ৰজন্মক সজাগতা আৰু প্ৰতিৰোধৰ প্ৰয়াসত চামিল হ'বলৈ উৎসাহিত কৰিব বিচাৰে। এই পদক্ষেপে দেশৰ উন্নয়নত সুস্থ ব্যক্তি, পৰিয়াল আৰু সমাজৰ গুৰুত্বক স্বীকাৰ কৰি নিচা মুক্ত ভাৰত আৰু বিকশিত ভাৰতৰ সপোনক অধিক শক্তিশালী কৰে।

সবিশেষ তথ্য দি বিষয়াজনে জনায় যে এই কুইজটোত ২০ টা বহু বিকল্পভিত্তিক প্ৰশ্ন (MCQ) আছে, যাৰ উত্তৰ অংশগ্ৰহণকাৰীসকলে ১০ মিনিটৰ ভিতৰত দিব লাগিব। সফলতাৰে জমা দিয়া প্ৰতিজন অংশগ্ৰহণকাৰীক অংশগ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব। তেওঁ লগতে কয় যে অংশগ্ৰহণকাৰীসকলে কুইজ সম্পূৰ্ণ হোৱাৰ পিছত শুদ্ধ উত্তৰসমূহ চাব পাৰিব, যাৰ ফলত তেওঁলোকে ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্য প্ৰতিৰোধৰ বিষয়ে নিজৰ জ্ঞান বৃদ্ধি কৰিব পাৰিব।

এই ডিজিটেল পদক্ষেপৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি বিষয়াজনে কয় যে মন্ত্ৰালয়ৰ লক্ষ্য হৈছে সামূহিক অংশগ্ৰহণ শক্তিশালী কৰা, দায়িত্বশীল পদক্ষেপক উৎসাহিত কৰা আৰু ড্ৰাগছৰ বিৰুদ্ধে আন্দোলনত অৰিহণা যোগাবলৈ নাগৰিকসকলক, বিশেষকৈ যুৱ প্ৰজন্মক একত্ৰিত কৰা।

তেওঁ কয় যে মন্ত্ৰালয়ে সকলো নাগৰিককে, বিশেষকৈ যুৱ প্ৰজন্মক ২০২৬ চনৰ ২৫ নৱেম্বৰৰ আগতে ‘নিচা মুক্ত যুৱ, বিকশিত ভাৰত কুইজ’ত অংশগ্ৰহণ কৰিবলৈ আৰু ড্ৰাগছমুক্ত ভাৰতৰ সামূহিক লক্ষ্যত সক্ৰিয় অংশীদাৰ হ’বলৈ আহ্বান জনাইছে।

 

***

PR-218-TAR/KV/GA/RK


(ৰিলিজ আই ডি : 2334904) অতিথি কক্ষ : 3
ত এই ৰিলিজটো পঢ়ক: Telugu , English , हिन्दी , Marathi , Urdu , Tamil