পোষ্ট কৰা হৈছে:
10 NOV 2026 5:47PM by PIB Guwahati
দিল্লীত নদীকেন্দ্ৰিক পৰ্যটনৰ পৰিসৰ সম্প্ৰসাৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে। আজি ইয়াৰ ছোনিয়া বিহাৰত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ উপস্থিতিত যমুনা নদীৰ প্ৰথমটো বিনোদনমূলক ক্ৰূজ সেৱা উদ্বোধন কৰে। ছোনিয়া বিহাৰ–জগতপুৰ নদীপথৰ মাজৰ অংশত এই প্ৰকল্পটো গঢ়ি তোলা হৈছে। যমুনা নদীৰ পৰ্যটন আৰু বিনোদনমূলক সম্ভাৱনাক বিকশিত কৰাৰ লগতে দিল্লীৰ বাসিন্দা আৰু পৰ্যটকসকলক দেশৰ ৰাজধানীখনক নতুন ধৰণে উপভোগ কৰাৰ সুযোগ প্ৰদান কৰাই এই পদক্ষেপৰ মূল উদ্দেশ্য। এই প্ৰকল্পৰ উদ্বোধনে ভাৰতৰ নদীসমূহক পৰ্যটন, যাত্ৰী পৰিবহণ আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ প্ৰাণৱন্ত মাধ্যম হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ আন এক মাইলৰ খুঁটি হিচাপেও চিহ্নিত কৰিছে।
উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ ৰাজ্যমন্ত্ৰী শান্তনু ঠাকুৰ, পথ পৰিবহণ আৰু ঘাইপথ ৰাজ্য মন্ত্ৰী হৰ্ষ মালহোত্ৰা, দিল্লীৰ লোকনিৰ্মাণ বিভাগ তথা জলসিঞ্চন আৰু বান নিয়ন্ত্ৰণ বিভাগৰ মন্ত্ৰী পৰৱেশ চাহিব সিং, পৰ্যটন মন্ত্ৰী কপিল মিশ্ৰ, বন আৰু পৰিৱেশ তথা উদ্যোগ মন্ত্ৰী মনজিন্দৰ সিং ছিৰছা আৰু সাংসদ মনোজ তিৱাৰী উপস্থিত থাকে।
ইয়াৰ উপৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব বিজয় কুমাৰ, দিল্লী চৰকাৰৰ মুখ্য সচিব ৰাজীৱ বাৰ্মা আৰু ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ (IWAI) অধ্যক্ষ সুশীল কুমাৰ লোহানীকে ধৰি কেন্দ্ৰীয় আৰু দিল্লী চৰকাৰৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া অনুষ্ঠানত উপস্থিত থাকে।উদ্বোধনী অনুষ্ঠানত ভাষণ দি সৰ্বানন্দ সোণোৱালে কয় যে এই প্ৰকল্প প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ আভ্যন্তৰীণ জলপথৰ বিশাল সম্ভাৱনাক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ প্ৰতিফলন ঘটিছে ।
সোণোৱালে কয়, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ নদী আৰু আভ্যন্তৰীণ জলপথসমূহে অৰ্থনৈতিক বিকাশ, পৰ্যটন আৰু বহনক্ষম যোগাযোগ ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ চালিকাশক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে। যমুনা নদীত দিল্লীৰ প্ৰথমটো বিনোদনমূলক ক্ৰূজ সেৱা মুকলি কৰাটো নদীসমূহৰ সৈতে জনসাধাৰণৰ সম্পৰ্ক পুনৰ স্থাপন আৰু ইয়াৰ বিশাল সম্ভাৱনাক উন্মোচন কৰাৰ দিশত আন এক পদক্ষেপ। এই সেৱাৰ আৰম্ভণিয়ে দিল্লীত নদী পৰ্যটনৰ এক নতুন জাগৰণৰ সূচনা কৰিব। আমি জলপথসমূহক পৰ্যটন, বাণিজ্য আৰু জীৱিকাৰ মাধ্যম হিচাপে গঢ়ি তোলাৰ লগতে পৰিষ্কাৰ আৰু অধিক দক্ষ যাতায়াত ব্যৱস্থাৰ প্ৰতিশ্ৰুতি বাস্তৱায়িত কৰি আছোঁ। বিকশিত ভাৰত গঢ়াৰ আমাৰ দৃষ্টিভংগীৰ এয়া এক গুৰুত্বপূৰ্ণ অংশ।’’
এই প্ৰকল্পৰ অধীনত ৩০খন আসনযুক্ত এখন বৈদ্যুতিক ক্ৰূজ জাহাজৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ জৰিয়তে যাত্ৰীসকলে নদীৰ প্ৰায় ৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাত মনোমোহা প্ৰাকৃতিক দৃশ্য উপভোগ কৰাৰ সুযোগ লাভ কৰিব। বিদ্যুৎ শক্তিচালিত জাহাজৰ ব্যৱহাৰে পৰিষ্কাৰ আৰু বহনক্ষম যাতায়াত ব্যৱস্থা হিচাপে আভ্যন্তৰীণ জলপথৰ সম্ভাৱনীয়তাকো প্ৰতিফলিত কৰিছে।
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয় যে এই পদক্ষেপে দিল্লীৰ পৰ্যটন ক্ষেত্ৰখনত এক নতুন মাত্ৰা সংযোজন কৰাৰ লগতে যমুনা নদীৰ সৈতে জনসাধাৰণৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব। ৰেখা গুপ্তাই কয়, ‘‘যমুনা দিল্লীৰ ইতিহাস, সংস্কৃতি আৰু পৰিচয়ৰ এক অবিচ্ছেদ্য অংগ। এই বিনোদনমূলক ক্ৰুজ সেৱাই দিল্লীৰ বাসিন্দা আৰু পৰ্যটকসকলক নদীখনক নতুন ধৰণে উপভোগ কৰাৰ সুযোগ দিয়াৰ লগতে পৰ্যটন আৰু স্থানীয় অৰ্থনৈতিক কাৰ্যকলাপৰ বাবে নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত উন্নত সা-সুবিধা, বহনক্ষম আন্তঃগাঁথনি আৰু দিল্লীৰ ঐতিহ্যক প্ৰতিফলিত কৰা বিভিন্ন আকৰ্ষণীয় ব্যৱস্থাৰে নদীৰ পাৰছোৱাক এক আকৰ্ষণীয় ৰাজহুৱা পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।’’
এক বৃহত্তৰ পৰিৱেশ-অনুকূল পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰে যমুনা প্ৰকল্পত বিভিন্ন বিনোদনমূলক আকৰ্ষণৰ বিষয় আৰু পৰ্যটকৰ বাবে প্ৰয়োজনীয় সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ অন্যতম আকৰ্ষণ হৈছে সংগীত বাজি থকা পানীৰ ফোৱাৰা, য’ত সমন্বিত আলোক আৰু শব্দ প্ৰদৰ্শনীৰ জৰিয়তে যমুনাৰ ইতিহাস আৰু আধ্যাত্মিক গুৰুত্ব দাঙি ধৰা হ’ব।এই প্ৰদৰ্শনীত সূৰ্য দেৱতা, যম আৰু ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক লীলাৰ সৈতে যমুনাৰ সম্পৰ্ক বিশেষভাৱে প্ৰতিফলিত কৰা হ’ব। বিশেষকৈ পৌৰাণিক কালীয় দমন পৰ্বৰ দৃশ্য ইয়াত প্ৰদৰ্শন কৰা হ’ব।
এই পৰ্যটনস্থলীত খাদ্যৰ বিপণী, বজাৰ এলেকা, শিশুৰ খেলাৰ স্থান আৰু স্কেটিং তথা শিল বগোৱা খেলকে ধৰি দুঃসাহসিক ক্ৰীড়াৰ সুবিধাও থাকিব। ইয়াৰ উপৰি পৰ্যটকসকলৰ সুবিধাৰ্থে আধুনিক ভাসমান জেটি, পৃথক টিকট কাউণ্টাৰ, অনলাইন টিকট বুকিঙৰ ব্যৱস্থা, শৌচাগাৰ, অপেক্ষাগৃহ আৰু আলোকসজ্জিত প্ৰৱেশ পথ নিৰ্মাণ কৰা হৈছে।
২০১৬ চনৰ ৰাষ্ট্ৰীয় জলপথ আইন অনুসৰি যমুনা নদীক ৰাষ্ট্ৰীয় জলপথ–১১০ হিচাপে ঘোষণা কৰা হৈছে। ক্ৰূজ সেৱাৰ শুভাৰম্ভই দেশৰ ৰাজধানীত বিনোদনমূলক নৌ-পৰিবহণ আৰু নদীকেন্দ্ৰিক পৰ্যটনৰ বাবে এই জলপথটোক বিকশিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
এই পদক্ষেপ ভাৰতৰ আভ্যন্তৰীণ জলপথসমূহৰ বৃহত্তৰ ৰাষ্ট্ৰীয় পৰিৱৰ্তন প্ৰক্ৰিয়াৰো এক অংশ। ৰাষ্ট্ৰীয় জলপথসমূহৰ জৰিয়তে সামগ্ৰী পৰিবহণৰ পৰিমাণ ২০১৩–১৪ বিত্তীয় বৰ্ষত ১.৮ কোটি মেট্ৰিক টনৰ পৰা ২০২৫–২৬ বিত্তীয় বৰ্ষত ২১.৮ কোটি মেট্ৰিক টনলৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত দেশৰ পৰিবহণ আৰু যোগান ব্যৱস্থাত জলপথৰ ভূমিকা ক্ৰমাৎ বৃদ্ধি পোৱাৰ কথা প্ৰতিফলিত হৈছে।
জলপথেৰে প্ৰতি টন সামগ্ৰীৰ প্ৰতি কিলোমিটাৰ পৰিবহণৰ ব্যয় আনুমানিক ১.০৬ টকা। ইয়াৰ বিপৰীতে ৰে'লপথেৰে এই ব্যয় ১.৪১ টকা আৰু স্থলপথেৰে ২.২৮ টকা। সেয়েহে সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত আভ্যন্তৰীণ জলপথ এক মিতব্যয়ী বিকল্প হিচাপে বিবেচিত হৈছে।
নদীকেন্দ্ৰিক ক্ৰূজ পৰ্যটনো এই সম্প্ৰসাৰণৰ আন এক বিশেষ দিশ। নিশা কটাব পৰা সুবিধাসহ নদীত ভ্ৰমণৰ ব্যৱস্থা থকা ক্ৰূজ জাহাজৰ সংখ্যা ২০১৩–১৪ বিত্তীয় বৰ্ষত পাঁচখনৰ পৰা ২০২৫–২৬ বিত্তীয় বৰ্ষত ২৬লৈ বৃদ্ধি পাইছে।
এই ক্ষেত্ৰত এম ভি গংগা বিলাসৰ ঐতিহাসিক যাত্ৰা বিশেষভাৱে উল্লেখযোগ্য। ভাৰত আৰু বাংলাদেশৰ মাজেৰে ৩,২০০ কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰা এই যাত্ৰাক বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰূজ যাত্ৰা হিচাপে লিমকা বুক অৱ ৰেকৰ্ডছত স্বীকৃতি দিয়া হৈছে। এই যাত্ৰাই দুখন দেশ, পাঁচখন ৰাজ্য আৰু ২৭টা নদী প্ৰণালী অতিক্ৰম কৰি মুঠ ৫০টা পৰ্যটনস্থলীক সংযোগ কৰিছিল।
বিনোদনমূলক যমুনা নদী ক্ৰূজ সেৱা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে দিল্লী উন্নয়ন প্ৰাধিকৰণ, দিল্লী পৰ্যটন আৰু পৰিবহণ উন্নয়ন নিগম, দিল্লী জল ব’ৰ্ড আৰু দিল্লী চৰকাৰৰ জলসিঞ্চন তথা বান নিয়ন্ত্ৰণ বিভাগৰ সহযোগত নিৰ্মাণ কৰিছে।





***
MI/Indu/DM